ফটাঢোল

চুপা ৰুস্তম-প্ৰণীতা গোস্বামী বৰঠাকুৰ

: বাইদেউ ‘চাৰ্প’ দিমনে?

বিমলাই তুলিকাক উদ্দেশ্যি কথাষাৰ সুধিলে।

: দে, অলপ। টানি টানি মচিবি কিন্তু। পেনপেনীয়া নকৰিবি ঘৰটো। ভালকৈ চেপি ল’বি কাপোৰখন।

তুলিকায়ো সদায় দিয়া পৰামৰ্শকেইটা আজিও দোহাৰিলে। ঘৰখন আজি অলপ উখল-মাখল লাগি আছে। এনেয়ো দেওবাৰৰ দিনটো তুলিকাৰ পাকঘৰতে বেছি সময় লাগে। সপ্তাহৰ মূৰত মনোজ ঘৰলৈ আহে, থকা দুদিন জুতি লগাই খুৱাবলৈ পালে ভাল পায় তাই। অহাৰ পাছতে মোনা ভৰাই বজাৰখন কৰাত মনোজো ওস্তাদ, তাই ৰান্ধি-বাঢ়ি নুখুৱালে হ’বনে! ল’ৰা-ছোৱালীহালৰো ফৰমাইছ বাঢ়ে এই দুদিনত। তায়ো বেয়া নাপাই জুতি লগাই সকলোৰে মন ভৰাই খুৱাবলৈ। ৰন্ধাত অলপ নিচাও নথকা নহয়। ভাল ভাল আৰু সহজ ৰেচিপি দেখিলে তাই এবাৰ ট্ৰাই কৰি ভাল পায়। বিয়াৰ পাছৰপৰাই তাইৰ হাতৰ জুতি পায়েই হয়তো মনোজৰো খোৱাত ৰাপ বাঢ়িল।
আজি পিচে ব্যস্ততা সদায়তকৈ অলপ বেলেগ। তুলিকাৰ বাল্য বন্ধু এগৰাকী আজি পৰিয়ালৰ লগত ভাত খোৱাকৈ আহিব। বহুদিনৰ মূৰত ফেইচবুকৰ জৰিয়তে লগ পোৱা মানসী আজি পৰিয়ালৰ লগত তাইৰ চহৰখনলৈ আহিছে। সেয়ে তাই দুপৰীয়াৰ সাঁজ তাইৰ ঘৰতে খাই যাবলৈ নিমন্ত্ৰণ জনালে। সেই উদ্দেশ্যে আজি পুৱাৰেপৰাই তাই ব্যস্ত হৈ আছে। সকলোফালে চকু দিছে, আগফালৰ বহা ৰূমৰপৰা শোৱনি কোঠা, পাকঘৰ, ডাইনিং ৰূম সৱতে তাই হাত ফুৰাইছে। বেলকণিৰ টাবকেইটাও অলপ চুই থৈ আহিছে। যাতে যিফালেই চকু দিয়ে, সেইফালেই চিজিল দেখে মানসীয়ে। সিহঁত দিল্লীত থাকে। বছৰত এবাৰ অসমলৈ আহে। তেতিয়াই মিটিৰৰ ঘৰবোৰ ফুৰে। সেইসূত্ৰেই সিহঁত আজি ইয়ালৈ আহিছে, থকাকৈ। তাইৰ স্বামীৰফালৰ কোনোবা আছে ইয়াত। স্কুলৰেপৰাই তাই বেচ ৰাংঢালী আৰু চঞ্চল। এতিয়া বা কেনে হৈ আছে তাই….

স্কুল এৰাৰপৰা আজি ত্ৰিছটা বছৰে সিহঁতৰ দেখা-দেখি হোৱা নাই। ৰিম্লী মানে তাইৰ ছোৱালীয়ে তাইক ফেইচবুক আৰু ৱাটচ এপটো খুলি দিয়াৰ পাছৰপৰাহে পুৰণি বন্ধু-বান্ধবীবোৰৰ মুখবোৰ দেখিছে। কেইজনীমানক প্ৰথম দেখি চিনিবই পৰা নাছিল, পাছত নামবোৰ জনোৱাতহে চিনি পাইছিল। ৰিম্লী আৰু ৰাজকো সোনকালে গা-পা ধুই ভালকৈ থাকিবলৈ কৈছে। মনোজৰ বাবেও কুৰ্টা পাঞ্জাৱী এযোৰ উলিয়াই থৈ আহিছে। নহ’লে সদায় থকাৰ দৰে হাফ পেণ্ট আৰু গেঞ্জীটো পিন্ধি ওলালে বৰ লাজ লাগিব! তয়ো আবেলি পিন্ধা চুইদাৰযোৰ গাত সুমুৱাই এপ্ৰণখন পিন্ধি পাকঘৰত সোমাল। ইউ টিউব চাই লিখি থোৱা ৰেচিপি দুটামান বনাবলৈ তাই সাজু হ’ল। বিমলাক আগতেই ৰন্ধা বস্তুবোৰ কটাই-ধোৱাই যোগাৰ কৰি ৰখাইছিল, যাতে সোনকালেই সকলো কাম সময়ত হয়গৈ।

ৰন্ধাৰ মাজতে এবাৰ মানসীলৈ ফ’ন এটাও কৰি ল’লে, কোনখিনি পাইছহি বুলি। সময়টো বুজি তাই বিমলাক ঘৰখন মচিবলৈ পঠিয়ালে, যাতে কাৰো ভৰিৰ খোজ নপৰে মচা ঘৰটোত। নহ’লে মচাৰ পাছতে মনোজৰ সেইফালে ‘বৰ জৰুৰী’ কাম ওলায় আৰু মচাঘৰটোত চপক চপককৈ খোজ পেলাই খচি ফুৰে, যিটো তাইৰ মুঠেও সহ্য নহয়। আজি সেইটো নহ’ব, সৱ চিজিল হৈ থাকিব লাগিব। তাইৰ বান্ধবীৰ চকুত সকলো ক্লিন হৈ দেখা দিব লাগিব। তাইৰোতো সন্মানৰ কথা আছে!

যথাসময়ত মানসীহঁত পালেহি। তাই আৰু মনোজে গেটৰ ওচৰৰপৰা আগবঢ়াই আনিলেগৈ। এটি কন্যা সন্তানেৰে সিহঁতৰ সৰু সংসাৰ। তাই মনোজক মানসীক চিনাকি কৰাই দিলে। মানসীয়ে অলপসময় মনোজলৈ চাই ৰ’ল। মনোজেও….

: এয়া, বিপ্লৱ, মাই হাচবেণ্ড আৰু এই ৰিদ্ধি মাই ডটি, মাষ্টাৰ্চ কৰি আছে ছচিঅ’লজিত খ্ৰাইষ্টত, বাংগালোৰত।

মানসীয়ে নিজৰ পৰিয়ালটোক চিনাকি কৰাই দিলে৷ সকলোৰে চিনা পৰিচয়ৰ পাছতে তুলিকাই সিহঁতলৈ বুলি ঠাণ্ডা পানীয়ৰ জোগাৰ কৰিবলৈ ভিতৰলৈ গ’ল। ৰিম্লীৰ হাতত চৰবতৰ ট্ৰেখন দি ৰাজক লৈ তায়ো ওলাই আহি সিহঁতক মানসীৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিলে। সকলোৱে কথাপাতি চৰবত আৰু ষ্টাৰটাৰ্চ খোৱাত লাগিল। ৰিম্লীয়ে ৰিদ্ধিৰ লগত কথা পাতিবলৈ আগফালৰ বাৰান্দালৈ ওলাই গ’ল।

: আপুনি বাৰু ডিমৌলৈ আগতে কেতিয়াবা গৈছিল নেকি?

মানসীয়ে হঠাতে মনোজলৈ চাই সুধিলে।

: হয়, মোৰ পেহীক বিয়া দিছে ডিমৌলৈ। বহুবাৰ গৈছোঁ পেহীৰ ঘৰলৈ। বিশেষকৈ ডিব্ৰুগড়ত পঢ়ি থাকোঁতে বন্ধ পালেই ডিমৌলৈ গৈছিলোঁ। কিয় সুধিলে?

: মোৰ মামাৰ ঘৰ ডিমৌত। গৰমৰ বন্ধত আগতে প্ৰায়ে গৈছিলোঁ তালৈ। মই আপোনাক লগ পাইছোঁ আগতে….

মানসীয়ে সকলোকে আচৰিত কৰি ক’লে,

: হয় নেকি, মনতপৰা নাই দেখোন৷

মনোজে অলপ থতমত খাই ক’লে।

মনোজলৈ চাই তুলিকাই এটা প্ৰশ্নবোধক চাৱনি দিলে। মনোজে বোধকৰো তুলিকাৰ চাৱনিৰ অৰ্থ বুজিব পাৰিলে। বিপ্লবলৈ চাই মনোজে কথা সলাবলৈ বেলেগ কথা উলিয়ালে।

: আপুনি মোক পাহৰিছে ন, মোক ঘৰত মাইনু বুলি মাতে।

আপোনাৰ পেহীৰ ঘৰৰ কাষৰ ৰামনাথ দত্তৰ ঘৰখনেই মোৰ মামাৰ ঘৰ। ৰমেন দত্ত, ৰাজেন দত্ত মোৰ মামা। তাতে লগ পাইছোঁ বহুতবাৰ আপোনাক। এইবাৰ মনোজে মানসীলৈ চাই অলপ অপ্ৰস্তুত হ’ল। মনত অতীতৰ স্মৃতিয়ে দোলা দি গ’ল।

তুলিকাই ভাতৰ যোগাৰ কৰোঁগৈ বুলি ভিতৰলৈ সোমাই গ’ল। মানসীৰ কথাবোৰত অলপ খঙো উঠিল। তাইক ইমানদিনৰ মূৰত লগ পাই যিমান আগ্ৰহ দেখুৱাব লাগিছিল, তাতকৈ মনোজক লৈ ব্যস্ত হৈ পৰাত খং এটাহে উঠিল তাইলৈ। বিয়াৰ পাছতে মনোজৰ যৌৱনৰ দুই এটা ঘটনা কাণত পৰিছিল। তাই ইমান গুৰুত্ব দিয়া নাছিল সেইবোৰ। পিচে মানসীৰ পেনপেনীয়া কথাকেইটাই তাইক ভবাই তুলিলে। গৰমে গৰমে পৰিবেশন কৰিব বুলি গোটাই থোৱা প্ৰ’ণচ, সৰু মাছ, বেবীকৰ্ণ আৰু বেঙেনাকেইডোখৰলৈ তাই চাই ৰ’ল অলপ সময়।

: বাইদেউ, তেল গৰম কৰা আছে, ভাজোঁ নেকি?

বিমলাই তুলিকালৈ চাই সুধিলে।

: নালাগে থ, সৰুমাছ আৰু বেঙেনাখিনিকে ভাজ। বাকীবোৰ ফ্ৰিজত থৈ আহ।

অলপ খঙেৰেই ক’লে কথাখিনি তাই।

সিহঁত অহাৰ আগ্ৰহটো যেন তাইৰ নোহোৱা হৈ গ’ল হঠাতে। সোনকালে কিবা-কিবি খুৱাই পঠাব পাৰিলেই যেন তাই তত পায়৷ লৰালৰিকৈ তাই ডাইনিং টেবুলখন ঠিক কৰিলে। সিহঁত তিনিটাৰ লগতে ৰিম্লী, ৰাজ আৰু মনোজৰ ভাতৰ থাল যোগাৰ কৰিলে। সিহঁতৰ লগতে তাইৰ খাবলৈ মন নগ’ল। ভাত বাঢ়ি তাই সকলোকে টেবুললৈ মাতি নিলে। সকলো বহিল। “তয়ো আমাৰ লগতে বহ” বুলি মানসীয়ে তাইক এবাৰো নক’লে। মনোজে তাইৰ চকুলৈ চালে যদিও মুখ ফুটাই ক’বলৈ সাহ নকৰিলে। আটায়ে তুলিকাৰ হাতৰ প্ৰশংসা কৰি তৃপ্তিৰে ভাতসাঁজ খালে। তাই সকলো মনে মনে শুনি থাকিল।

: ইমানবোৰ তই অকলেই ৰান্ধিছনে! মই যে ৰান্ধি একদম বেয়া পাওঁ জান,

খোৱাৰ মাজতে মানসীয়ে তাইক প্ৰশংসা কৰিলে।

তাই একো উত্তৰ নিদিলে। কথা কৈ ব্যতিব্যস্ত কৰা তাইৰ এই পৰিবৰ্তনত মনোজে যেন কিবা গোন্ধ পালে। তেঁৱো বিপ্লৱক খাদ্যৰ যোগান ধৰি পৰিবেশ পাতলাবলৈ বিচাৰিলে। খোৱাৰ শেষত চুইট ডিচৰ ট্ৰেখন লৈ তাই বহাকোঠালৈ সোমাই আহিল। মানসীয়ে বিপ্লৱৰ গাতে গা লগাই বহি মনোজলৈ চাই মিচমিচাই আছে। তাইৰ চকুৱে মনোজক নিৰীক্ষণ কৰি থাকিল। সকলোৱে আকৌ কথাৰ মহলা মেলিলে।

অলপ পাছত সিহঁত যাবলৈ উঠিল, তাই চাহ খাব নেকি সুধিলে। বিপ্লৱে না ক’লত মানসীয়ে টেপেককৈ কৈ উঠিল-

: চাহ খাবলৈ আকৌ এদিন আহিম দে বহাকৈ, মনোজ দা আহিলে।

তুলিকাৰ গা চেকচেকাই গ’ল। মুখত ভদ্ৰতা দেখুৱাই তাই সিহঁতক বিদায় দিলে। গেটলৈকে তাই আগবঢ়াবলৈ বুলি ওলাই গ’ল। ৰাজক গেটখন মাৰিবলৈ বুলি মাতি লৈ গ’ল। মনোজে বাৰান্দাৰপৰাই বিদায় জনালে, গেটলৈ যাবলৈ সাহ নহ’ল এতিয়া।

: তুমি ভাতকেইটা খাই লোৱাগৈ, ইমান ভাল হৈছিল আজি সৱ।

মনোজে গেটৰপৰা উভতি অহা তুলিকালৈ চাই ক’লে।

: হ’ব, মোৰ পেট এনেই ভৰি আছে। বিমলাকে খাবলে দিওঁগৈ।
তোমাৰ চাগে মন-পেট দুয়োটাই পুৰাকৈ ভৰি আছে, নহয়নে?

যোৱাৰ সময়ত তুলিকাই মনোজক খোঁচটো মাৰি গ’ল।
বিমলাক ভাত দি তাই ফ’নটো তুলি ল’লে। মানসীক ফেইচবুক আৰু ৱাটচ এপত ব্লক কৰি দিলে। কনটেক্ট নম্বৰটো দিলিট কৰি নিজলৈ বাঢ়ি অনা ভাতকেইটা মুখলৈ নি টিভিৰ চুইছটো অন কৰি দিলে। চনী মেক্সত পুৰণি হিন্দী চিনেমা এখন দি আছে, “ঘৰ ৱালী, বাহৰ ৱালী”।

☆ ★ ☆ ★ ☆

10 Comments

  • পঙ্কজ বৰুৱা

    সুন্দৰ, বহুদিনৰ পাছত আজি গল্প পঢ়িলোঁ মানে বহু বছৰেই হ’ল গল্প পঢ়া ৷

    Reply
    • Pranita Goswami

      পঢ়ি চোৱা বাবে ধন্যবাদ জনালোঁ। আমি ন শিকাৰুহে। পঢ়ি মন্তব্য দিলে উৎসাহ পাওঁ।

      Reply
  • ডলী

    বঢ়িয়া লাগিল

    Reply
  • Anonymous

    ভাল লাগিল বা

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল প্ৰনীতা

    Reply
  • মানসী

    মোৰ নামটোৰে চৰিত্ৰটো সাংঘাতিক…বৰ ভাল লিখিলে বা..লিখি থাকিব

    Reply
  • জিতু

    ভাল লাগিল।

    Reply

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *