ফটাঢোল

প্ৰাণহৰিৰ লকডাউন-উচ্চজিৎ দশগিৰি

প্ৰাণহৰিয়ে ৰিক্সাৰপৰা নামি শাক-পাচলি, আলু-পিয়াঁজ আদি ভৰি থকা মোনা দুখন নমাই জপনাখনতে আঁউজাই থৈ ৰিক্সাৱালাজনক জেপৰপৰা বিশ টকা উলিয়াই দিলে।

: দাদা, আৰু দহ টকা দিয়ক।

: উৱা, সদায় বিশ টকা দিওঁ, আজি তোমাক দহ টকা বেছিকৈ কিয় লাগেহে?

: দাদা, এক বাজিলেই; আৰু এতিয়া ৰিক্সা সামৰি দিনটো ঘৰত সোমাই থকাহে হ’ব। উপাৰ্জন দেখোন নায়েই। সেয়ে কৈছিলোঁ।

প্ৰাণহৰিয়ে ৰিক্সাৱালাজনক যোৱা তিনি বছৰ ধৰি চিনি পায়; তেওঁ কোৱাটো নোহোৱা নহয়; উপাৰ্জন দেখোন নায়েই। প্ৰাণহৰিয়ে কিবা এটা ভাবি দুশটকীয়া এখন উলিয়াই ৰিক্সাৱালাজনক দিলে।

: কিন্তু দাদা, মোৰ হাতত খুচুৰা নাই।

: নাই, খুচুৰা নালাগে, গোটেইখিনি ৰাখা, দাইল-চেনি অলপ কিনি ল’বা।

: ধন্যবাদ দাদা, মই পিছৰ মাহত আপোনাৰ হিচাপত মিলাই দিম।

: হ’ব হ’ব, হিচাপত মিলাব নালাগে, এতিয়া সোনকালে যোৱা আৰু বলিয়া-পানীসোপা কিনি লৈ নাযাবা।

: নাই দাদা, বহুত কমাইছোঁ। এই বেমাৰৰ কালততো সিবিধ হাতেৰেই চুৱা নাই।

: বাৰু, এনেকৈ লাহে লাহে এৰি সম্পূৰ্ণকৈ ত্যাগ কৰিব পাৰিলে ভাল। আৰু এইযে মুখাখন, তোমাৰ মুখাখন ভালকৈ পিন্ধি লোৱা।

ৰিক্সাৱালাজনে মূৰ দুপিয়াই সন্মতিসূচক হাঁহি এটা মাৰি ৰিক্সাখন ঘূৰাই ল’লে। উভতি যোৱা ৰিক্সাৱালাজনলৈ চাই চাই প্ৰাণহৰিয়ে মনতে ভাবিলে, “দুশ টকাৰে আধা লিটাৰ মিঠাতেল, আধা কিলো দাইল আৰু আধা কিলোমান চেনিহে পোৱা যায়। মানুহবোৰ বাৰু কেনেকৈ চলিব !” মইনো কি কৰিব পাৰোঁ বুলি নিজকে প্ৰবোধ দি প্ৰাণহৰিয়ে কলিংবেলৰ চুইচ্ছটো টিপি দিলে। তেওঁৰ চৈধ্য বছৰীয়া দুহিতা ঋতিকাই দুৱাৰ খুলিলে।

: দেউতা আহিলা!

: ওঁ মাজনী, আহি পালোঁ দিয়া; মোলৈ আঢ়ৈহতীয়াখন আনাচোন।

এইবুলি মোনা দুটা বাৰাণ্ডাত নমাই থ’লে। বাৰাণ্ডাৰ এচুকৰ তাঁৰ এডালত পিন্ধি থকা কাপোৰজোৰ সোলোকাই থৈ আঢ়ৈহতীয়াখন পিন্ধি হাতদুখনত বীজাণুনাশক দুটোপাল মোহাৰি লৈ প্ৰাণহৰি মুখাৰে সৈতে পোনে পোনে স্নানকক্ষ পালেগৈ। এক বাজি সাতাইশ মিনিট গৈছে; ভাত খাওঁতে তিনিমান বাজিব। গা-পা ধুই প্ৰাণহৰিৰ চাহ এঢোক খাবলৈ মন গৈছে।  সিটো কোঠালিত দহ বছৰীয়া অৰিহণে গীটাৰ বজাই আছে; সাত বছৰ বয়সৰ পৰাই ল’ৰাটোৱে শ্ৰুতিমালা বোলা বিদ্যালয়খনত গীটাৰ শিকি আছে। যোৱা এবছৰে শ্ৰুতিমালা বন্ধ; বৰুৱা বোলা সঙ্গীতৰ শিক্ষকজনে মাজে মাজে ম’বাইলেৰে কিবা-কিবি পাঠ পঢ়ায়।

: মাজনী, মাৰাই ভাত ৰান্ধি আছে চাগৈ?

: হয় দেউতা, তোমাক কিবা লাগে নেকি?

: চাহ একাপ বাকি আনিব পাৰিবা?

: ৰ’বা, এতিয়াই আনিছোঁ।

“বৰ সাদৰী মোৰ ছোৱালীজনী”, ভাবিয়ে প্ৰাণহৰিৰ মনটো ভাল লাগি যায়। দহ মিনিটমান পিছত ঋতিকাই এপিয়লা চাহ আৰু দুখন নিমকি আনি দেউতাকক দিলে।

: নিমকি নাখাওঁ দিয়া মাজনী। আৰু তোমাৰ দবাৰ শিক্ষা কেনে চলিছে?

: ভালেই চলি আছে দেউতা। আজি চাইমী মে’মৰ দবা ক্লাছ আছিল; কিন্তু স্কুলত গৈ শিকোঁতে বেছি ভালকৈ বুজি পাইছিলোঁ।

: এৰা মাজনী, স্কুলবিলাক বা কেতিয়ালৈকে খুলিব পৰা হ’ব।

চাহ খাই খাই প্ৰাণহৰিয়ে টিভিটো অন কৰিলে। হাৰে, এয়া কি! কাইলৈৰ পৰা দিনৰ এঘাৰ বজাতে সকলো বন্ধ কৰিব লাগিব, বাৰ বজাৰ পৰা সান্ধ্য আইন। আজি কোনোমতে পুৱা চাৰে সাত বজাত অ’ফিচ পাইছিলগৈহে, তথাপি কাম-কাজবোৰ শেষ নহ’ল। কাইলৈ বা কেতিয়া যাব লাগে, ভাবি ভাবি প্ৰাণহৰিৰ পেটটো বিষোৱা যেন লাগিল। পেটত বিষ বিষ ভাব এটা লৈয়ে প্ৰাণহৰিয়ে দুপৰীয়াৰ ভাতসাঁজ খালে আৰু ভাত খাই এঘুমটি মাৰি লোৱা যাওক বুলি শেতেলিত দীঘল দিলে।

: এতিয়া শুইছা শোৱা, কাইলৈ কিন্তু ৰাতিপুৱাই মোক এইকেইটা বস্তু আনি দিবা।

শ্ৰীমতী পূৰ্ণিমাৰ মাতত চিলমিলকৈ টোপনি আহিবলৈ ধৰা প্ৰাণহৰিয়ে চক খাই উঠাৰ দৰে উঠি বহিল।

: ভয় খুৱাই মাৰিবাহে, ইমান চিঞৰাৰ দৰে কথা কয়নে? আৰু, মই দুপৰীয়া ভাত খাইহে শুইছোঁ, নিশাৰ আহাৰ খাই শোৱা নাই নহয়। ৰাতিপুৱা কি লাগে এতিয়াই কৈছা যে?

: দুপৰীয়া-ৰাতি বাদ দিয়া, চোপ সলাইছে, কিবা দেশ-ৰাজ্যৰ খবৰ গম পোৱানে নোপোৱা? কালি এঘাৰ বজাতে সৱ বন্ধ। বস্তুৰ দাম হুৰাহুৰে বাঢ়িব, তাৰ পিছত তুমি ইটো আনিব নোৱাৰোঁ, সিটোৰ দাম ইমান বুলি আপত্তি দিবলৈ ধৰিবা। সেই কাৰণে এতিয়াই কৈছোঁ। অথনিতে মই তালিকাখন লিখি থৈছোঁ, লোৱা। 

শ্ৰীমতীয়ে একে উশাহতে ভাষণ দিয়াৰ দৰে কিবা-কিবি কৈ প্ৰাণহৰিক ৫৩টা বস্তুৰ নাম লিখা তালিকা এখন দিলে।

: কি চোপ সলাইছে, কি বস্তুৰ দাম, এইবোৰ কি কৈছাহে?

: এহ, অলপ আগতে দেখোন বাতৰি চালা; গমেই পোৱা নাইনে চোপ সলোৱা; কালি যে দিনৰ দুই বজাৰপৰা সান্ধ্য আইন হ’ব বুলি এখন চোপ ওলাইছিল, সেইখন আজি সলাইছে। কাইলৈৰপৰা দিনৰ বাৰ বজাৰপৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন। বাহিৰত যি কৰা সকলো দিনৰ এঘাৰ বজাৰ আগতে কৰিব লাগিব।

প্ৰাণহৰিয়ে তেতিয়াহে বুজিলে চোপ মানে শ্ৰীমতীয়ে এস-অ’-পি মানে ক’ৰোনাকালীন ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰছিডিউৰ অৰ্থাৎ আদৰ্শ প্ৰচালন বিধিৰ বিষয়ে কৈছে। 

বুজি পায়, প্ৰাণহৰিয়ে বুজি পায়; পূৰ্ণিমাই অলপ কেটেৰা-জেঙেৰা মাৰি কথা কয় যদিও তেওঁ প্ৰাণহৰিৰ কষ্ট আৰু উপাৰ্জনৰ অনুপাতলৈ চায়েই তেনেকুৱাখন কৰে। অলপ কমতে বস্তুবোৰ কিনিবলৈ পালে কিছু হ’লেও ৰাহি হ’ব বুলি সাধাৰণ সকলো নিম্ন-মধ্যবিত্তীয় ঘৰৰ গৃহিণীয়ে ভবাৰ দৰে পূৰ্ণিমায়ো ভাবে। মুখত হাঁহিৰ আভাস এটা লৈ প্ৰাণহৰিয়ে তালিকাখন আওৰাবলৈ ধৰিলে।

“মিঠাতেল ৩ লিটাৰ, ৰিফাইন তেল ৫ লিটাৰ, মগু দাইল ২ কিলো, মচুৰ দাইল ৩ কিলো….আ আ আ মম ৰৰ বব চচ দদ হহ ভভ কক চচচ….” এইদৰে গৈ গৈ শেষত পাঁচটকীয়া বাচন ধোৱা চাবোন ২০ টুকুৰা।

: হেৰা, ইমানসোপা বস্তুৰ নাম লিখিছা যে আৰু ইমান ইমান পৰিমাণে কিয় লিখিছা? এয়া দেখোন তিনিমাহমানৰ বজাৰৰ তালিকা দিলাহে।

: এহ, থোৱা তোমাৰ তিনিমাহ। পিছলৈ ৰৈ থাকিলে অহা এসপ্তাহতে প্ৰতিটো বস্তুৰ দাম ডেৰগুণ-দুগুণ হ’ব; সেইকাৰণে বস্তুবোৰৰ পৰিমাণ সৰহকৈ লিখিছোঁ। আনি দিবা কাইলৈ। মই তোমাৰ ধন ৰাহি হওক বুলিয়েই বেছিকৈ আনি দিবলৈ কৈছোঁ; মইহে জানো জোৰা-টাপলি মাৰি ঘৰখন কেনেকৈ চলাওঁ৷

: এইদৰে মাহটোৰ মাজত অহা তিনিমাহৰ কাৰণে বজাৰ কৰিবলৈ মই ভৱিষ্য নিধিৰপৰা ঋণ ল’লেহে হ’ব। কিমান আৰু কালিয়নে কিনিমহে, নিৰঞ্জন দোকানিক আগৰ দুমাহৰে পাওনা গোটেইখিনি শোধাব পৰা নাই।

: যেনেকৈ নহওক কাইলৈ বস্তুখিনি আনিবা। কিবাকৈ নিমখখিনি যে সৰহকৈ নিকিনিলেও হ’ব, সেয়ে বহুত৷

: হা, কি ক’লা? অ’ হয়তো, ইয়াত তুমি নিমখৰ কথা লিখা নাই দেখোনহে। নিমখৰ দাম নাবাঢ়ে নেকি?

: দাদাই নিমখৰ ৰিস্ক ল’ম বুলি কৈছে, শুনা নাই নেকি? বাকীবোৰ বস্তুৰ ৰিস্ক দাদাই এনেই নলওঁ বুলি কোৱা নাই নহয়, কিবা ভাবিহে কৈছে। সেইকাৰণে নিমখ লিখা নাই, বাকীবোৰ লিখিছোঁ।

: দাদা, ৰিস্ক, নিমখ, কি তাৰ মানে? মই একো বুজা নাই।

: বুজিবানো কেনেকৈ, দিনৰ দিনটো ৰঙৰ টেমা গণোতে বাকী ভাৰস্তৰ খবৰ কিবা লোৱা নেকি? কিয়, আমাৰ সৰুকুছিৰ দাদা এইবাৰ যোগান বিভাগৰ মন্ত্ৰী হোৱা নাই জানো। পৰহি তেখেতে কৈছে যে ৰাজ্যত নিমখৰ দামৰ ৰিস্কহে তেওঁ ল’ব, তাৰ বাদে অন্য যিকোনো সামগ্ৰীৰে মূল্যবৃদ্ধি হ’লে তেওঁক আমনি কৰিবলৈ হাক দিছে। সভাপতিৰ দৰে পদত থকা দাদাই তেনেকৈ কৈছে মানে এই বেমাৰৰ কালত বাকীবোৰ বস্তুৰ মূল্যই আকাশ যে চুব সেয়া খাটাং আৰু দাম বঢ়াৰ পিছত তোমাক মুখত ঘঁহা ক্ৰীম এটা আনিবলৈ ক’লেও আকাশৰ জোনটো আনি দিবলৈ কোৱাৰ দৰে চাৱনি দিবা।

প্ৰাণহৰিৰ তেতিয়াহে মনত পৰিল যে তেওঁৰ শহুৰেকৰ ঘৰ সৰুকুছি সমষ্টিত। সেই সমষ্টিৰে নেতা শ্ৰীযুত গহীন দাস ভেঁটফুল দলৰ সভাপতি। চৰকাৰত নতুনকৈ যোগান বিভাগৰ মন্ত্ৰিত্ব পাইছে। পিচে শ্ৰীযুত দাস আকৌ শ্ৰীমতীৰ ককায়েক কেতিয়াৰ পৰা হ’ল?

: ৰ’বাচোন ৰ’বা, তুমি গহীন দাসৰ কথা কৈছা নেকিহে? তেওঁ কেতিয়াৰ পৰা তোমাৰ ককায়েৰা হ’লহে? আৰু তেওঁচোন এইবাৰ নিজৰ সমষ্টি সৰুকুছিত নিৰ্ঘাট হাৰিব বুলি জানিয়ে আমাৰ গৃহসমষ্টি পাটাৰভোগৰ পৰাহে নিৰ্বাচন খেলি জিকিছে।

: তাতে কি হ’ল, য’ৰপৰা জিকিব পাৰে তাৰপৰাহে খেলিব। আৰু তোমালৈ বিয়া হৈছোঁ যেতিয়া পাটাৰভোগ সমষ্টিও মোৰেই সমষ্টি।

: বাৰু, বাৰু, তোমাৰেই সমষ্টি দিয়া। নিৰ্বাচনৰ আগদিনাখন দাসক ভোট দিবলৈ তুমি মাহঁতক কমখন বুজাইছিলানে।

: বুজাবলগীয়া কথায়েই, মই নক’লে তোমাৰ ঘৰৰ মানুহে সেই যুগে যুগে দি অহাৰ দৰে কেঞা আঙুলিৰ ছবিতে ভোট দি আহিলহেঁতেন।

: ওঁ দিবতো, আমাৰ ককাদেউতাই সেই দলৰ ছত্ৰছায়াতে থাকি মোহন বাপুৰ লগত একেলগে বিয়াল্লিছৰ আন্দোলন কৰা মানুহ।

: হ’ব হ’ব, মোৰ ককাও মোহন বাপু আমাৰ ৰাজ্যলৈ আহোঁতে সেই দলৰে স্বয়ংসেৱক আছিল, সভাত মানুহ বহিবলৈ খেৰ পাৰি দিয়াৰ পৰা মানুহক পানী বিলোৱা আদি সকলো কামেই কৰিছিল হেনো কিন্তু মোহন বাপুক সেই দলে এতিয়া আৰু মনত ৰখা নাই। দলৰ প্ৰতীক যঁতৰ গুচি এনেয়ে কেঞা আঙুলি হৈছিল নেকি? তাতে যোৱা পঁচিশ বছৰমানত সেইটো শ্ৰীযুতা ইটালিকা খুড়ীৰ দলতহে পৰিণত হৈছে, মোহন বাপুৰ আত্মাও তাত নাই।

: বাৰু হ’ব দিয়া, গহীন দাস জিকিলতো। পিচে তেওঁ তোমাৰ দাদা কেতিয়াৰ পৰা হ’ল?

: ক’লোঁৱেই দেখোন। সৰুকুছি সমষ্টিত আমাৰ গাঁৱৰ পৰা তিনিখন গাঁও এৰি তাৰে পিছৰখন গাঁৱতে দাদাৰ ঘৰ। আমাৰ ককাদেউতাই যে মোহন বাপুৰ সভাত স্বেচ্ছাই খেৰ পৰা, পানী বিলোৱা বুলি ক’লোঁ, দাদাৰ ককাকেও আমাৰ ককাৰ লগত একেলগে সেইবোৰ কাম কৰিছিল হেনো। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত মিনতি জেঠাইৰ লগত ফোনত কথা পাতোঁতেহে মই কথাবোৰ গম পালোঁ। গতিকে ককাহঁতৰ সম্পৰ্ক সূত্ৰে তেওঁ মোৰ ককাইদেৱে হয়।

: বাপৰে, এইভাগ কম নিকট সম্পৰ্ক উলিয়ালানে। মুখত ঘঁহা ক্ৰীম যোগান বিভাগৰ এক্তিয়াৰত নপৰে, সেইকাৰণে দাদাৰে তাৰ ৰিস্ক যে নলয় সেয়া বুজিলোঁ বাৰু। পিচে ভেঁটফুল দলৰ সভাপতি হৈয়ো যে তেওঁ ৰাইজক তেওঁৰ ওচৰত অন্য বস্তুৰ মূল্যবৃদ্ধিৰ বাবে আপত্তি দৰ্শাবলৈ বাৰণ কৰিছে, তাতেই বুজিছোঁ তোমাৰ দাদা কিমান পানীৰ মাছ।

: যিমান পানীৰ মাছেই হওক বা ভেকুলীয়ে হওক, মুঠতে কাইলৈ দিনৰ এঘাৰ বজাৰ আগতে গোটেই কেইপদ বস্তু আনি দিবা। মোক ইমান পেংলাই কৰি থাকিব নালাগে, তোমাৰ ফোনটো শব্দ নোহোৱাকৈ বাজি আছে, উঠোৱা।

প্ৰাণহৰিয়ে ফোনটো হাতত ল’লে। শ্ৰীমান অমিত মহন্তই ফোন কৰি আছে। পূৰ্ণিমাক আঙুলিৰ ঠাঁৰেৰে মনে মনে থাকিবলৈ কৈ প্ৰাণহৰিয়ে ফোনটো উঠাই কাণৰ কাষলৈ নিলে।

: অ’, শ্ৰীমান মহন্ত, কওকচোন।

: ———-

: নাই, এনেয়ে শেতেলিত পৰি কাইলৈৰ হিচাপ-নিকাচৰ কথাকে গুণাগঁথা কৰি আছিলোঁ।

: ———————-

: গম পালোঁ, টিভিত চালোঁ। কি কৰা যায়?

: ———————————–

: মহন্ত, ৰাতিপুৱা ছয়বজাত কেনেকৈ গৈ পামহে। মই য’ত থাকোঁ তাৰপৰা দহ মিনিট খোজ কাঢ়ি মূল ৰাস্তালৈ গ’লেহে অ’টো বা মেজিক কিবা পাম। তাৰপৰা বশিষ্ঠ চাৰিআলি পাবলৈ কমেও বিশ মিনিট লাগে, তাৰপৰা পুনৰ তিনি মিনিট খোজ কাঢ়ি গৈ চিড়ি বগাওঁতে আৰু ছয় মিনিট লাগে; অৰ্থাৎ সৰ্বমুঠ ঊনচল্লিশ মিনিট যাত্ৰাকালসহ পুৱা ছয় বজাত অ’ফিচ পাবলৈ মই দেখোন ধলপুৱা সান্ধ্য আইন খুলাৰ লগে লগে যাত্ৰা আৰম্ভ কৰিব লাগিবহে।

: ——————————-

: জানো, আপুনিও আহিব। মোৰ স্কুটিখন যোৱা পোন্ধৰ দিনে বেটাৰী বিকল হৈ পৰি আছে, ভাল কৰিবলৈ মেকানিকৰ ওচৰলৈকে নিব পৰা নাই।

: ————————

: কিবাকৈ সাত বজাত গৈ পাম আৰু; মোৰ অন্য এটা সমস্যাও আছে, আপুনি দেখোন জানেই।

ইতিমধ্যে শ্ৰীমান অমিত মহন্তই ফোনটো কাটি দিলে।

ফোনটো থৈ প্ৰাণহৰিয়ে চিন্তাক্লিষ্টভাৱে বিছনাৰ পৰা উঠি আহি চকী এখনত ধমহকৈ বহিল। শ্ৰীমতী পূৰ্ণিমা ওচৰলৈ আহিল।

: কি ক’লে অমিতে? পুৱা আৰু বেছি সোনকালে অ’ফিচলৈ যাবলৈ কৈছে, হয়নে? যেতিয়া যোৱা যাবা, কিন্তু কাইলৈ এঘাৰ বজাৰ আগতে বস্তুবোৰ আনি দিবা।

“থোৱাহে তোমাৰ বস্তু” বুলি প্ৰচণ্ড খঙত কৈ পেটটো পিহি পিহি প্ৰাণহৰি বাহিৰ ফুৰা কক্ষত সোমাল।  

“মানুহটোৰ আপদে নুগুচে” বুলি মুখৰ ভিতৰতে ভোৰভোৰাই পূৰ্ণিমায়ো বাহিৰলৈ গৈ পুৱাই ৰ’দত মেলি দিয়া কাপোৰবোৰ সামৰিবলৈ ধৰিলে। 

ৰাতি শোৱাৰ পৰলৈ প্ৰাণহৰিয়ে কাৰো লগত বৰ বেছি কথা নাপাতিলে। মাত্ৰ টোপনি অহাৰ আগতে পূৰ্ণিমাক ক’লে, “কাইলৈ ৰাতিপুৱা ছয়মান বজাতে যাব লাগিব, কাইলৈ পিন্ধিবলগীয়া মোৰ সুমথিৰা ৰঙৰ চোলাটোৰ জেপত তোমাৰ বজাৰৰ তালিকাখন সুমুৱাই থ’বা।” 

পূৰ্ণিমাৰ মুখখন উজ্জ্বল হৈ পৰে। ষোল বছৰ আগতে পূৰ্ণিমাই ন-কইনাৰ হাতৰ মাহ-হালধি ভালকৈ শুকোৱাৰ আগতেই কোনোবা এদিন এক কোমল উমাল মুহূৰ্তত চেনেহতে নিৰ্দ্ধাৰণ কৰি দিছিল যে প্ৰাণহৰিয়ে কামলৈ যাওঁতে কোন দিনা কি ৰঙৰ চোলা পিন্ধি যাব। প্ৰাণহৰিয়ে আজিও সেই কথা মানি চলে। 

***

ৰাতি পুৱাল। দৌৰাদৌৰিকৈ সাজু হৈ এপিয়লা লাল চাহৰ লগত জেলী লগোৱা পাওৰুটি দুখন কাণে-নাকে ভৰাই প্ৰাণহৰিয়ে কোনোমতে গৈ ছয় বাজিবলৈ আঠ মিনিট থাকোঁতে অ’টো এখন পালে। প্ৰাণহৰিক পেটটোৱে অশান্তি দিছে। ছয় বাজি বত্ৰিশ মিনিটত ফোঁপাই-জোপাই নিজৰ কৰ্মমেজৰ ওচৰ পায়ে প্ৰাণহৰিয়ে পৰিকলক মানে কম্পিউটাৰটো খুলি আগদিনাৰ এক্সেল নথিবোৰ উলিয়াই ল’লে। বহুত হিচাপ মিলাবলগীয়া হৈ আছে। ইতিমধ্যে শ্ৰীমান অমিত মহন্ত আহি পাইছে। শ্ৰীমান মহন্ত “ব্ৰাইট পেইণ্ট” বোলা ৰং প্ৰস্তুত তথা বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ গুৱাহাটীস্থিত অসম শাখাৰ শাখা প্ৰবন্ধক অৰ্থাৎ ব্ৰান্স মেনেজাৰ। যোৱা সাত বছৰে সুকলমে আৰু দক্ষতাৰে কাম-কাজ চলাই আছে। প্ৰাণহৰি কলিতা এই কাৰ্য্যালয়ৰে যোগান সৰবৰাহ বিভাগৰ তত্ত্বাৱধায়ক। প্ৰাণহৰি মহন্ততকৈয়ো পুৰণি, পোন্ধৰ বছৰে ইয়াতে কাম কৰি আছে। নিজৰ কৰ্মোদ্যম আৰু দক্ষতাৰে কলিতাই আহি আজিৰ পদবীত উপনীত হৈছে।

প্ৰাণহৰি অমিত মহন্তৰ বাবে শাখাটোৰ অম্লজান। যদিও উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্যতো “ব্ৰাইট পেইণ্ট”ৰ বিতৰণ কাৰ্য্যালয় আছে তথাপি গোটেই অঞ্চলটোৰ মূল কাম-কাজ গুৱাহাটীৰ কাৰ্য্যালয়ৰ পৰাই চলে। সেয়েহে প্ৰাণহৰিৰ কাম বহুত। দৈনিক ক’ত কিমান মাল যোগান ধৰা হৈছে, কোন বিতৰকে কিমান নতুন মালৰ বাবে চুক্তি কৰিছে, কিমান মাল কলিকতাৰপৰা অনাব লাগিব, ক’ৰবাত কোনোবা বিতৰকৰ কিবা ওজৰ-আপত্তি আছে নেকি, দেনা-পাওনা সকলোবোৰতে প্ৰাণহৰিয়ে চকু দিব লাগে। বহুদিনীয়া পুৰণি কৰ্মচাৰী কাৰণে অমিতে প্ৰাণহৰিৰ ওপৰত প্ৰায় চকু মুদি ভৰষা কৰে। প্ৰাণহৰি অমিততকৈ আঠ বছৰে ডাঙৰ; তেওঁ প্ৰাণহৰিক কলিতাদা বুলিয়েই মাতে। প্ৰাণহৰিয়ে অমিতক শ্ৰীমান মহন্ত বুলি মাতে; দুয়োৰে মাজত অগাধ সন্মান আৰু বিশ্বাস আছে।

আজি পিচে কথাটো যেন অলপ বেলেগ। কোনোদিনে দৈনিক প্ৰতিবেদন দিয়াত পলম নকৰা প্ৰাণহৰিয়ে কালিৰ আদান-প্ৰদান-বিতৰণ-চাহিদাৰ প্ৰতিবেদনখনেই এতিয়ালৈ পঠোৱা নাই, আজিৰখনো দিনৰ চাৰে-দহ মান বজাতে সম্পূৰ্ণ কৰিব পাৰিব লাগিব কাৰণ এঘাৰ বজাত তলা বন্ধ কৰি যাব লাগিব। শ্ৰীমান মহন্ত অলপ অস্বস্তিত পৰিছে। তেওঁ কাৰ্য্যালয় সহায়ক গণেশক মাতি পঠিয়ালে। তেতিয়া সাত বাজি পঞ্চল্লিশ মিনিট হৈছে।

: ছাৰ, চাহ খাব নেকি?

: ওঁ গণেশ, চাহ আনা বাৰু, মূৰটো টিংটিঙাই আছে। কলিতাদাই কি কৰিছে?

: কলিতাদাই এঘণ্টামান ধৰি বহি কাম কৰি আছিল, এতিয়া দেখা নাই, বাথৰূমলৈ গৈছে কিজানি।

: বাৰু, আহিলে মই মতা বুলি ক’বা।

প্ৰাণহৰিৰ যৌৱন কালৰে স্বভাৱ এয়া, স্বভাৱ বুলি নকৈ জীৱন শৈলীত পৰা এক গভীৰ প্ৰভাৱ বুলিহে ক’ব লাগিব। তেওঁক ৰাতিপুৱা পেট খোলোচা হওঁতে প্ৰায় এঘণ্টামান লাগে আৰু সময়ো প্ৰায় ধৰা-বন্ধা। পুৱা সাত-চাৰে সাত বজাৰ আশে-পাশে কামফেৰাৰ তাগিদা আহে। চাৰে আঠ বাজিছে। চাহ খাই, আগদিনাৰ কেইবাখনো জৰুৰী ই-মেইলৰ উত্তৰ পঠিয়াই অমিত মহন্তই আহি প্ৰাণহৰি কলিতাৰ কৰ্মমেজৰ ওচৰ পালে। নাই, প্ৰাণহৰি নাই। মহন্ত গৈ শৌচালয়ৰ ওচৰ পালে। প্ৰাণহৰিয়ে হাত ধোৱা বেচিনটোত হাত ধুই উঠি মুখাখন ভালকৈ পিন্ধি আছে।

: কলিতাদা, কালিৰ দৈনিক প্ৰতিবেদনখন ক’ত? আপুনিতো আগে-পাছে দেৰি নকৰে। তাতে আজিৰখনো চাৰে-দহ বজাত লাগিব।

: মহন্ত, দি আছোঁ। মই আপোনাক বহুদিন আগতেই  কৈছোঁ যে পেট খোলোচা নহ’লে মোৰ মাথাই কাম নকৰা হয়। কালিৰখন সম্পূৰ্ণ হৈছে। আজিৰখনত বেছি সময় নালাগে, মাত্ৰ আজি ক’ত কি পঠোৱা হৈছে বা হ’ব সেইখিনিহে জনাব লগীয়া আছে। বিতৰকসকলৰ পৰা আনবোৰ তথ্য আবেলি পাঁচ বজাতহে আহে।

: দি আছোঁ, দি আছোঁ বুলি কৈ আছেযে আপুনি গম পাইছেনে যে কলিকতাৰ আঞ্চলিক অ’ফিচৰপৰা এতিয়ালৈকে মোলৈ ছয়বাৰ ফোন আহিছে। সোনকালে যাওক। ….এনেয়ে সময় নাই, তাতে আকৌ সবৰে নিজৰ হগা-মূতাৰহে চিন্তা…বা….কে….।

শেষৰ বাক্যটো অমিতে মুখখন আনফালে ঘূৰাই লাহে লাহে নিজক কোৱাদি কৈছিল কিন্তু প্ৰাণহৰিয়ে গোটেহিখিনি শুনিলে; শুনি কিবা এটা যেন ভাল নাপালে। আজি ইমান বছৰে মহন্তই তেওঁক টানকৈয়ে কথা কৈ পোৱা নাই, আজি চিধাই অশ্লীল। প্ৰাণহৰিৰ কাণ দুখন ৰঙা হৈ উঠিল আৰু তেওঁ কৰ্মমেজৰ কাষ পাই একপ্ৰকাৰ জপিয়াই পৰাদি চকীখনত বহি পৰিল আৰু খৰখেদাকৈ আগদিনাৰ প্ৰতিবেদনখন অমিতলৈ ই-মেইলত পঠিয়াই দিলে।

প্ৰাণহৰিয়ে অশ্লীল শব্দ দুটা শুনিছে বুলি অমিতে ভবা নাছিল আৰু ইতিমধ্যে কলিতাৰ পৰা আহৰি পোৱা কাৰ্য্যালয় প্ৰাঙ্গণত একমাত্ৰ শৌচালয়টোৰ ভিতৰলৈ সোমাই হুকটো মাৰি দিছিল; আচলতে অমিতৰ পেটটো তেতিয়ালৈ প্ৰায় ওফন্দি উঠিছিল। দহ বাজি পোন্ধৰ মিনিটত আজিৰ প্ৰতিবেদনখনো অমিতলৈ ই-মেইল কৰি পঠিয়াই দি কৰ্মমেজ সামৰি প্ৰাণহৰিয়ে কাকো একো মাতবোল নকৰাকৈ চিড়িৰে নামি তলৰ ৰাস্তা পালেগৈ। এনেয়ো দিনটোৰ কাম-কাজ সম্পূৰ্ণকৈ শেষ কৰি কোনোবাই আধাঘণ্টা আগতে অ’ফিচ এৰিলেও অমিত মহন্তই একো নকয়, সিমানখিনি স্বাধীনতা তেওঁ কৰ্মচাৰীসকলক দিছে। ঘৰলৈ গৈ থাকোঁতে গোটেই বাটছোৱাত প্ৰাণহৰিৰ কাণত দুটা শব্দই বাজি থাকিল ……বা….কে……। অ’টোখন কেতিয়ানো আহি প্ৰাণহৰিহঁত থকা গলিটো পালে তেওঁ মনেই কৰা নাছিল। “দাদা, পালোঁহি” বুলি অ’টোচালকে কোৱাতহে সম্বিৎ ঘূৰি আহিল। অ’টোখন বিদায় দি এঘাৰ বাজিবলৈ দুই মিনিট থাকোঁতে প্ৰাণহৰি ঘৰত সোমাল। আজি পূৰ্ণিমায়ে দুৱাৰ খুলি দিলে। “আজি তোমাৰ তালিকাৰ বজাৰবোৰ কৰা নহ’ল। অ’ফিচৰ পৰা ইয়াতকৈ সোনকালে আহিব নোৱাৰি। কাইলৈ বজাৰখিনি কৰিম”, কাপোৰ সলাই আঢ়ৈহতীয়াখন কঁকালত মেৰিয়াই মেৰিয়াই প্ৰাণহৰিয়ে ক’লে। “কাইলৈ কেনেকৈ সময় হ’ব, অ’ফিচ নাই নেকি?” পূৰ্ণিমাই অলপ অভিযোগ তোলাৰ সুৰতে সুধিলে। “কাইলৈ কামলৈ নাযাওঁ”, গোমোঠা মুখেৰে উত্তৰ দি প্ৰাণহৰিয়ে হাতত দুটোপাল বীজাণুনাশক মোহাৰি স্নানকক্ষ পালেগৈ। খোৱা-বোৱা সময়খিনিৰ বাদে প্ৰায় গোটেই দিনটো প্ৰাণহৰিয়ে কিবা-কিবি হিচাপ কৰি কটালে আৰু ৰাতি এঘাৰ বজাত শেতেলিত পৰিল।

**

আকৌ ৰাতি পুৱাল; সান্ধ্য আইনে হওক, ক’ৰোনাকালেই হওক, ৰাতিতো পুৱাবই। সাত বাজি চল্লিছ মিনিট গৈছে; স্নানকক্ষৰপৰা ওলাই গামোছাখনত হাতখন মোহাৰি প্ৰাণহৰিয়ে বাজি থকা ফোনটো উঠালে।

: হয় মহন্ত, কওক।

: কি হ’ল কলিতাদা, এতিয়ালৈকে অ’ফিচ পোৱাহি নাইযে।

: অ’ফিচলৈ নাযাওঁ।

: নাহে, কি কৈছে এইবোৰ, গা-চা বেয়া নেকি?

: গা-মন সকলো বেয়া। এই ৰাতিপুৱাই মোৰ পেট খোলোচা নহয় আৰু পেট খোলোচা নহ’লে মোৰ মাথাই কাম নকৰে, মই আপোনাক আগতেও কৈছোঁ।

: ধেই, সেইটো কিবা ইমান ডাঙৰ কথা নেকি? ইয়াততো ব্যৱস্থা আছেই, চাফ-চিকুণ হৈয়ে থাকে দেখোন।

: নাই মহন্ত, অ’ফিচত সেইবোৰ প্ৰাকৃতিক কৰ্ম কৰিবলৈ গৈ অশ্লীল গালি খাব নোৱাৰোঁ।

অমিতে গম পালে যে প্ৰাণহৰিয়ে কালিৰ অশ্লীল শব্দ দুটা শুনিছিল।

: কলিতাদা, মই আপোনাক তেনেকৈ কোৱা নাছিলোঁ নহয়। এনেয়ে এই বেমাৰটোৰ চিন্তা, তাতে সেই চোপডাল বাৰে বাৰে সলাই থকাৰ কাৰণে কাম-কাজবোৰ একো ভালকৈ পৰিকল্পনা কৰিব পৰা নাছিলোঁ। সেয়েহে নিজৰ লগতে পৰিস্থিতিৰ প্ৰতি ওপজা বিৰক্তিতহে মুখেৰে তেনেকৈ ওলাইছিল।

: যিয়ে নহওক মহন্ত, মই লকডাউনত অ’ফিচলৈ নাযাওঁ।

: লকডাউন ক’ত দিছেহে, সান্ধ্য আইনহে। আৰু মই কলিকতালৈ কি বুলি কৈ পঠিয়াম।

: হ’ব, আপুনি কলিকতালৈ ই-মেইল কৰে, ফোন কৰে যি কৰে কৰিব আৰু ক’ব যে চৰকাৰে সান্ধ্য আইন দিছে, কিন্তু প্ৰাণহৰিয়ে নিজে নিজক লকডাউন দিছে। যেতিয়ালৈকে পুৱা চাৰে ন বজাত আগৰ দৰে অ’ফিচলৈ যোৱাটো সম্ভৱ হৈ নুঠে, তেতিয়ালৈকে প্ৰাণহৰিৰ লকডাউন চলি থাকিব।

এইবুলি কৈ প্ৰাণহৰি কলিতাই ফোনটো কাটি দিলে।

অমিতে দুবাৰমান আকৌ ফোন কৰিলে, কিন্তু প্ৰাণহৰিয়ে নুঠালে। খঙতে অমিত মহন্তই ফোনটোকে দলিয়াই দিব খুজিলে, কিন্তু কিবা এটা ভাবি নিজকে শান্ত কৰিলে আৰু গণেশক মাতি এপিয়লা ক’ফী আনিবলৈ ক’লে। ফোনৰ “ৱাটছ্ য়ু” এপটো খুলি অমিতে দেখিলে যে বায়েকৰ ফোনৰ পৰা সপ্তম শ্ৰেণীত পঢ়া ভাগিনীয়েক ব্যাপ্তিয়ে এটা বাৰ্তা পঠিয়াইছে।  

“মামা, আমাৰ সমাজ অধ্যয়নৰ ছাৰে আমাৰ প্ৰত্যককে ভাৰতবৰ্ষৰ ইতিহাসৰ একোগৰাকী বিখ্যাত ৰজা, সম্ৰাট বা চুলতানৰ জীৱন আৰু কৰ্মৰ বিষয়ে চাৰি পৃষ্ঠাৰ ৰচনা এখন হাতেৰে লিখি ফটো তুলি “ৱাটছ্ য়ু”ত পঠিয়াবলৈ কৈছে। মোৰ ভাগত পৰিছে মহম্মদ-বিন-টোগলক। মই কিতাপ আৰু ৱিকিপিডিয়াৰপৰা বিভিন্ন তথ্য গোটাই ৰচনাখন লিখিছোঁ। তুমি ইণ্টাৰনেটৰপৰা টোগলকৰ ভাল ছবি এখন বিচাৰি তোমাৰ অ’ফিচতে তাৰ প্ৰিণ্ট আউট উলিয়াই ঘূৰি আহোঁতে আমাৰ ঘৰত সোমাই দি যাবা দেই। ছাৰে ৰচনাৰ লগত এখন ছবিও আঠা লগাই দিবলৈ কৈছে। আমাৰ ওচৰত ক’তো প্ৰিণ্ট আউট ল’ব পৰা দোকান নাই।” বায়েক-ভিনিহিয়েকৰ ঘৰ অমিতহঁতৰ ঘৰৰপৰা এক কিলোমিটাৰ মান আঁতৰত। অ’ফিচৰ কাম-কাজ এৰি (এই পুৱাই পুৱাই কিনো কাম হয়, তাতে প্ৰাণহৰিও নাই) অন্য কিবা এটা কৰিবলৈ পাই অমিতে ভালেই পালে। গুগলত মহম্মদ-বিন-টোগলক বুলি লিখি ছবি সন্ধান কৰোঁতে বহুকেইখন ছবি আহিল। কোনোবা এখনত টোগলকৰ ডাঢ়ি কিচকিচিয়া ক’লা, কোনোবা এখনত আধা পকা-আধা ক’লা, এখনত আকৌ সম্পূৰ্ণ বগা ডাঢ়িৰেও ওলাইছে; বগা ডাঢ়িত ওলোৱাখনৰ মুখখনো অলপ বেলেগ। 

অমিত বিপাঙত পৰিল; টোগলকৰ আচল ছবি বা কোনখন!

“এহ, ইমান মগজু খটাই কি লাভ; গোটেইবোৰ নমুনাৰে একোখনকৈ ছবি উলিয়াই লৈ যোৱা যাওক, ব্যাপ্তিৰ যিখন ভাল লাগে, সেইখনে আঠা লগাই ল’ব”- এইদৰে ভাবি অমিতে এখন কিচকিচিয়া ক’লা ডাঢ়িযুক্ত, এখন আধা পকা-আধা ক’লা ডাঢ়ি থকা আৰু এখন সম্পূৰ্ণ বগাডঢ়ীয়া, মুঠ তিনি ধৰণৰ মহম্মদ-বিন-টোগলকৰ ছবিৰ প্ৰতিলিপি উলিয়াই ল’লে। “গণেশ, মই যাওঁ। বাকী বিলাককো সোনকালে ঘৰলৈ যাবলৈ কোৱা আৰু তুমি দুৱাৰৰ তলা ভালকৈ বন্ধ কৰিবা”- অমিতে কাৰ্য্যালয় সহায়ক গণেশক ক’লে।

: ছাৰ, দহেই বজা নাই, ইমান সোনকালে অ’ফিচ বন্ধ কৰিমনে?

: যোৱা, সোনকালে যোৱা, দিন-কাল বেয়া। আৰু অহা এসপ্তাহ অ’ফিচলৈ আহিব নালাগে, সকলোকে কৈ দিবা। মই জাননী এখনত চহী কৰি জাননী-ফলকত আঁৰি থৈ আহিছোঁ।

: ছাৰ, লকডাউন নেকি?

: অঁ, প্ৰাণহৰিৰ লকডাউন

এইবুলি কৈ “ব্ৰাইট পেইণ্ট”ৰ গুৱাহাটীস্থিত অসম শাখাৰ শাখা প্ৰবন্ধক শ্ৰীমান অমিত মহন্তই টোগলকৰ তিনিখন ছবি হাতত লৈ চিড়িৰে দুপদুপাই নামি গুচি গ’ল। গণেশে ভাবিবলৈ ধৰিলে যে মহন্ত ছাৰে এইবাৰৰ লকডাউনটোৰ নাম কলিতাদাৰ নামেৰে “প্ৰাণহৰিৰ লকডাউন” কিয় ৰাখিলে

☆ ★ ☆ ★ ☆

4 Comments

  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, খুব ভাল লাগিল উচ্চজিৎ

    Reply
  • Anonymous

    মজা ককাই

    Reply
  • যাযাবৰ

    সাংঘা বুলি কলো

    Reply
  • Anonymous

    পঢ়ি চোৱাৰ বাবে ধন্যবাদ।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *