ফটাঢোল

ষ্টে অৰ্ডাৰ – অনিল গগৈ

“ষ্টে অৰ্দাৰ ! কিহৰ ষ্টে অৰ্দাৰ ? যমৰাজ গৰজি উঠিল । কান্ধত লৈ থকা গদাটো মজিয়াত থেকেচা মাৰি যমৰাজ পোন হৈ বহিলে। বাঁও হাতৰ চাবুক ডাল আচাৰ মাৰি শূন্যতে এপাক ঘূৰালে । ভ্ৰুকুটি কৰি, মস্ত মোচঁ খিনিত আঙুলি দিলে ।

চকুত হাই পাৰ্ৱাৰ চশমা , মূৰত পাগুৰি, প্ৰকাণ্ড খাটা মেলি কামত ব্যস্ত থকা চিত্ৰগুপ্তই তেওঁৰ বিত চকুযোৰৰ তলেদি যমৰাজলৈ চালে। আন দিনৰ দৰে হোৱা হ’লে যমৰাজৰ এই ৰ্নিবুদ্ধিতাৰ বাবে হয়তো তেওঁ মোচৰ তলতে সচৰাচৰ মৰা নন্ ষ্টপ চাইলেঞ্চাৰযুক্ত হাঁহিটো সৰকাই দিলেহেঁতেন । আজি কিন্তু নোৱাৰিলে। আজি কিছু দিনৰ আগৰ পৰা যমৰাজৰ মুড বেয়া । বেয়া মানে সঁচাকৈয়ে বেয়া । ধৰ্মৰ লগতে গৃহ দপ্তৰৰ দৰে দুটা গুৰুত্বপূৰ্ণ বিভাগ চম্ভালি আছে যদিও তেওঁ বদ মেজাজি, খিংখিঙিয়া হৈ পৰিছে। আনকি তেওঁৰ চকীখন লৈয়ো সংকট আহি পৰিছে। অৱশ্যে যমৰাজৰ অৱস্থাটোৰ ব্যাখ্যা তেনেই সাধাৰণ নহয় । পৃথিৱীত দিনে দিনে বাঢ়ি অহা মানৱ নাম প্ৰাণীবিধৰ যোগান কমাবৰ বাবে আই বসুমতীয়ে নাৰায়নৰ ওচৰত বহুত দিনৰ পৰাই আবেদন -নিবেদন জনাই আহিছিল । কাৰণ এইবিধ প্ৰাণীৰ অধিক চাপ্লাইৰ ফলত প্ৰাণীবিধৰ (ডিমাণ্ড) চাহিদা নাইকীয়াৰ দৰে হৈ পৰিছিল। দীৰ্ঘদিনৰ এই গোহাৰিৰ প্ৰতি নাৰায়নে ‘মাহী আই দৃষ্টি ‘ দিয়াৰ ফলত আই বসুমতীয়ে আমৰণ অনশন কাৰ্য্যসুচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। অনশনতে আই বসুমতীৰ মৃত্যু হ’লে পাব্লিক ক্ৰিটিচিজিম’ৰ মুখামুখি হ’ব লগাৰ ভয়ত যমৰাজক কঠোৰ নিৰ্দেশ দিলে- যিকোনো ব্যৱস্হাৰে মৰ্ত্যত মানুহৰ সংখ্যা কমাব লাগে। এইকেইদিন তাকে লৈ যমৰাজ অতি ব্যস্ত ,ফোনৰ ওপৰত ফোন ! ফোনটো বাজিলেই যমৰ ভয় । আকৌ বা কি গালি খাব লাগে ! কি জবাব দিব……ইত্যাদি । এইবোৰ ডিউটিৰ বাবে আজি কিছুদিনৰ পৰা তেওঁ খাৱন -শোৱন নাই । পাৰ্টি মেৰেজ চেৰিমানি আদি সকলো এটেণ্ড বাতিল।

দিনে ৰাতিয়ে মেজাজ গৰম৷ কাম কৰিবলৈ গৈয়ো ওপৱালাক সন্তুষ্ট কৰিব পৰা নাই। সফল হ’বনো কেনেকৈ ? তেঁওৰ গৃহ দপ্তৰ বিভাগত মানুহনো কেইজন ? আজি অ’ত বছৰে নতুন নিযুক্তি নাই । সেই তাহানিৰ পৰা যি কেইজন আছে সেই কেইজনেই কোনো ৰকম চম্ভালি আছে । মৰ্ত্যলোকত বাঢ়ি অহা ৰঙা পানীৰ পয়োভৰ বৃদ্ধি পোৱাত , তাক সেৱন কৰি গাড়ী মটৰ চলোৱা চেঙেলীয়া সোপাৰ কাৰণে প্ৰায়ে পেট্ৰলিং ডিউটিৰ বাবে চিপাহী পঠাব লগীয়া হয়৷ ছেক্ৰেটাৰী হিচাবে এই সকলো কাম চিত্ৰগুপ্তই চম্ভালি আছে । তাৰোপৰি মানৱৰ পাপ পুৰ্ণ্যৰ হিচাব নিকাচৰ একাউন্ট তেওঁ নিজেই চাব লাগে। কেতিয়াবা চিত্ৰগুপ্তই নিজকে ধিক্কাৰ দিয়ে ” কি পাপৰ ফলত আনৰ এই ব্যক্তিগত সচিব চাকৰিটো পালো।”

“চিত্ৰগুপ্ত , তোমাৰ খাটাৰ হিছাব মতে আজি মোৰ সভাত হাজিৰ কৰিব লগীয়া মানৱ জনৰ আয়ুস কালিয়েই শেষ । তেওঁক আনিবলৈ দুজনকৈ চিপাহী পঠিওৱা পাছতো বিমুখ হৈ আহিব লগীয়া হ’ল কিয়? যমৰাজে মাতটো টান কৰিলে।

“যমৰাজ মই কৈছোৱে , তেওঁৰ ষ্টে অৰ্ডাৰ আছে “প্ৰেছ মেকাৰ ” নামৰ এটা তাবিজ কালি কিনি তেওঁ বুকুত লগাই লৈছে ৷এই তাবিজে যিমান দিনলৈকে কাম কৰি থাকিব, তেতিয়ালৈকে আমাৰ চিপাহী নালাগে স্বয়ং আপুনিও তেওঁৰ কাষ চাপিব নোৱাৰে” _চিত্ৰগুপ্তই কলে “হু ! বুজিলো কিন্তু আমাৰ চিপাহী সকলে কিবা কামত গ’লে ইমান পলম কৰে কিয়? তেওঁলোকে নিজৰ ডিউটিৰ সময়তো মদৰ ঘাটিত সোমাই থাকে নেকি ?”

“নহয় যমৰাজে , তেওঁলোকে মৰ্ত্যৰ চিপাহী সকলৰ দৰ দৰমহা নাপায় নহয় ; বাহিৰা পইচাও নাই । দৰমহাৰ নামত যি পাই ঘৰখনেই নচলে । মদ খাবলৈ ধাবাত সোমাই ফুৰ্ত্তি কৰিবলৈ টকা ক’ত পাব ?” চিত্ৰগুপ্তৰ উত্তৰ “তেন্তে কিয় এই বিলম্ব ?”

“যমৰাজে জানেই দেখুন মৰ্ত্য লোকত যান -বাহন কিমান, আপোনাৰ দৰে তেওঁলোক ম’হৰ পিঠিত নাযায় । ইন্দ্ৰৰ দৰে ৰথ , ব্ৰক্ষ্মাৰ দৰে ৰাজহংসত নাযায়। গতিকে কেতিয়াবা ট্ৰেফিক জামত ফচিব লগীয়া হয়, কেতিয়াবা অাই.চি.ইউ.ৰুমৰ সন্মুখত ৱেটিং কৰি বোন্দাপৰ দিব লগীয়া হয়। ভোকে লঘোনে থকাৰ ওপৰিও টোপনি খতি আছেই।

চিত্ৰগুপ্তৰ কথাত যমৰাজে বিচূৰ্ত্তি খালে । তেওঁৰ চিপাহীয়ে ভোকে লঘোনে থাকি মৰ্ত্যৰ মানৱক আনিবলৈ ৱেটিং কৰিব লাগে এইটো আকৌ কেনে কথা ………! আচলতে যমৰাজৰ নিজৰ দোষ । মৰ্ত্যলোকলৈ তেওঁ নাহেই। সত্যবানক নিবলৈ আহি সাবিত্ৰীৰ ওচৰত কথাত লাগি যি ফচিলে __তেতিয়াৰ পৰা মৰ্ত্যলৈ নাহো বুলি কাণত ধৰিছিল। মৰ্ত্যৰ যি খা-খবৰ চিত্ৰগুপ্তৰ পৰাই লয়। ইফালে মৰ্ত্যত মানুহ বৃদ্ধিৰ বাবে চিত্ৰগুপ্তৰ খাটাখনো ডাঙৰ হৈছে ।পাপ-পূৰ্ণ্যৰ হিছাব বাঢ়িছে ।গতিকে তেওঁৰ ব্যস্ততা বাঢ়িছে। সকলো কথা জনাই থাকিবলৈ সময়ৰ অভাৱ । আজি সুবিধা পাই ক’লে “মৰ্ত্যত বেমাৰৰ চিকিৎসা কৰিবৰ বাবে কিছুমান লোকে ‘নাৰ্ছিংহোম’ নামেৰে ডাঙৰ ডাঙৰ দোকান খুলিছে তাতে আই. চি. ইউ. নামৰ এটা চেম্বাৰ আছে ইয়াত ৰোগী ভৰাই দিলে , ইয়াৰ দৰ-দাম নিমিলালৈকে আমাৰ চিপাহীয়ে ভিতৰলৈ সোমাই মানৱজনক যমালয়লৈ আনিব নোৱাৰে। এনে অৱস্থাত আমাৰ চিপাহীয়ে বাহিৰত অপেক্ষা কৰা বাদে উপায় নাই।”

ইফালে ওপৰৱালাৰ নিৰ্দেশ , আনফালে তেওঁ সন্মুখীন হোৱা সমস্যা , প্ৰয়োজনীয় চিপাহী টেকেলাৰ অভাৱ __এই গোটেই সমস্যাই জৰ্জৰিত হৈ যমে সম্পূৰ্ণ এটা ৰাতি নিদ্ৰাহীন ভাবে কটালে। ভাবি ভাবি তেওঁ এটাই উপায় বিচাৰি পালে –তেওঁ নাৰায়নক সাক্ষাৎ কৰিব ।তেওঁক ক’ব যমালয়ত নতুন নিয়োগ নোহোৱাৰ বাবে হোৱা সমস্যা ।

“তুমি বলীয়া হৈছা নেকি যমৰাজ ?” যমৰাজৰ প্ৰস্তাৱত নাৰায়নে আচৰিত হৈ কৈ উঠিল৷ “মৰ্ত্যলোকত ৰাম-ৰহিম ৰাধেমাহঁতেও মোৰ এই গাদীখনলৈ চকু দি থকা দেখা নাই ? নতুন নিযুক্তি দি লৈ কালিলৈ যদি দৰমহা দিব নোৱাৰো , এই সকল বিৰোধীয়ে সুবিধা নল’বনে ? তাতকৈ এটা কাম কৰা , মৰ্ত্যলোকত অস্ত্ৰ সজ্জিত বহুতো এন জি অ আছে। তেঁওলোক মানুহ মৰাত যিমান পাকৈত নিজে মৰিবলৈ সদা প্ৰস্তুত। এনেবোৰ এন.জি. অ.’ কে কন্টেক্ট দিব পৰা৷

যমৰাজৰ মুখলৈ তেতিয়াহে পানী আহিল এইটো আইডিয়া তেওঁৰ মনলৈ অহাই নাছিল। প্ৰফুল্ল মনেৰে তেওঁ যমালয়লৈ আহিল আহিয়েই চিত্ৰগুপ্তক মৰ্ত্যলোকত মানুহ মৰা NGO বিলাকৰ ফোন নম্বৰবোৰ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিলে।

☆★☆★☆

2 Comments

Leave a Reply to জীমণি Cancel reply

Your email address will not be published. Required fields are marked *