ফটাঢোল

দ্যা বাৰ্ণিং চাইকেল – হেমন্ত কাকতি

লাইট-কেমেৰা_একচন!!!

চিন ১:-

নদীৰ ঘাটত কাষত কলহ এটা লৈ হালি-জালি নাচি-বাগি গৈ আছে হিৰোইন কাজল প্ৰিয়া৷ বেকগ্ৰাউণ্ডত বাজি আছে-

“মনমা ইমো’চন জাগে ৰে মনমা ইমো’চন জাগে!

মেৰা দেচী টিপিকেল চৈয়া,-

পিপ’ল কী ঠণ্ডী ছায়া…নাচে তা তা থৈয়া”

এইবাৰ কেমেৰাৰ এংগোল বদলি হয়!

স্থান:-হিৰ’ ৰিতুপৰ্ণ বৰাৰ শোৱা-শেতেলি! প্ৰায় তিনিদিন মান নুখুৰোৱা দাঢ়ি, উখহি যোৱা চকুৰে আন্ধাৰৰ পৰা পোহৰ হ’বলৈ ধৰে ক্ৰমাৎ হিৰ’ৰ মুখাৱয়ব! বেকগ্ৰাউণ্ডত তেতিয়াও আৱহ সংগীতটো বাজি থাকে যদিও সুৰযন্ত্ৰ সলনি হয়৷ মাজে মাজে ভায়োলিনে ডি মাইনৰত নতুন ধুন এটা লৈ আহে – দৰ্শকে গম পায়, গান একেটাই মাথোঁ সুৰটো বদলিছে৷ তাৰ পিছত ৰিতুপৰ্ণৰ মুখত লিৰিকচ্-

“দিলকী ফচী হেই নৈয়া মঝধাৰ মে,

চুন লে বিস্তাৰ মে, হো লুট গয়া প্যাৰ মে

য়ে তো বতা দে মেৰে জজবাত কা

ইটনা কম ৰেট কিউ হেই তেৰে বাজাৰ মে……”

(অলপ চৰ্টকাট মাৰিছোঁ৷ মাজত বহুত চিন আছে৷ দৰ্শকে গম পাই যায় যে দুয়োৰে পীৰিতি তুংগত৷)

*****

চিন ২৬:

স্থানঃ ভিলেইন ঝুমদাৰৰ শোৱনি কোঠা৷ বগা চ্যুট টাই আৰু এটা মসৃন বগা কাউবয় হেট পৰিহিত ঝুমদাৰ৷ সাইলাখ আগৰ জমানাৰ অজিত৷ ওচৰত ম’না ডাৰ্লিং৷

(ডায়লগ)

ঝুমদাৰঃ “ম’না ডাৰ্লিং, বিজয় এতিয়াও কিয় আহি পোৱা নাই বাৰু?”

ম’না ডাৰ্লিং: “অহ ডাৰ্লিং, ‘চৰাই’ পিঞ্জৰাত আহি গ’ল! বিজয়ে অলপ আগতে লৈ আনি সুমুৱাই থ’লে৷”

ঝুমদাৰঃ “অহ্ লিলি, ডন্ট বি চিলি! বিজয় ইজ এ স্মাৰ্ট বয়৷”

তাৰ পিছত দুয়োৰে অট্টহাস্য৷

চিন ২৭:

ৰিতুপৰ্ণই মোবাইলত কাৰোবাৰ ফটো এখন লিৰিকি বিদাৰি চাই আছে, এনেতে ফোনটো বাজি উঠে৷ ফোনটোৰ প্ৰফাইল পিকখন পৰ্দাত দৃশ্যমান হয়৷ আচলতে এটা ভিদিঅ’ কল আছিল৷ পূৰা ভিদিঅ’টো পৰ্দাত আহিব ধৰে৷

হিৰোইন কাজলপ্ৰিয়া ঝুমদাৰৰ কৱলত৷ ঝুমদাৰৰ আলু-পিঁয়াজৰ গুদামৰ এটা খুটাত কাজলক হাতে-ভৰিয়ে বন্ধা অৱস্থাত দেখুৱা হয়৷ ওচৰত বন্দুক এটা হাতত লৈ বিজয়ে চাধা মলি আছে, অন্য চাইদে ঝুমদাৰে ফোনত কাৰোবাক দম দি কিবা কৈ আছে৷ হিৰোইনে ৰচীবোৰ জোৰ কৰি খুলিব বিচাৰি আছে আৰু অন্য টাপৰি টাইপ গুণ্ডা কেইজনমানে বহি তাচ খেলি আছে৷ ওচৰত শাৰী শাৰীকৈ সজাই থোৱা আছে অসংখ্য কাগজৰ কাৰ্টন ,প্লাষ্টিকৰ ড্ৰাম আৰু মাটিৰ কলহ টাইপৰ বস্তু৷ দৰ্শকে দেখিয়েই অনুমান কৰি লৈছে যে তাত ফাইট এখন হ’ব৷ আৰু সেইবোৰ ছেদেলি ভেদেলি হ’ব৷

চিন ২৮:

হিৰ’ৰ গাঁৱৰ ঘৰখন৷ চিনটো দেখুওৱাৰ পিছত কেমেৰা লাহে লাহে হিৰ’ৰ ফালে নিবদ্ধ হয়৷ হিৰ’য়ে নিজৰ গাৰ কাপোৰবোৰ ফালি-ছিৰি লয়৷ বেৰৰ পৰা বাটলুগুটীটো লৈ নিজৰ চাইকেলখন লৈ তীব্ৰ গতিত ধাৱমান হয় ভিলেইনৰ কেম্পৰ ফালে৷ অলপ দূৰ গৈ মনত পৰে কিবা এটা পাহৰিলে৷ পকেটলৈ খেপিয়াই চাই, আকৌ তীব্ৰ গতিত আগুৱাই যায়৷ গৈ গৈ আলু-পিঁয়াজৰ গুডামৰ সন্মুখ পাই দূৰতে চাইকেলখন ষ্টেণ্ড কৰি ৰেহৰূপ চায়৷ গুডামৰ সন্মুখতে নাৰিকল গছ এজোপাৰ তলত ভিলেইন গেঙৰ দুটা গুণ্ডা তহল দি থকা দেখে৷ হাতত এ কে 47৷ হিৰ’ গছ এজোপাৰ আঁৰ হৈ পকেটৰ পৰা মিনি যন্ত্ৰটো উলিয়াই লৈ কিবা এটা কেলকুলেচন কৰে৷ লাহে লাহে আঁঠুকাঢ়ি চুঁচৰি গৈ ঘাঁহ বনৰ আঁৰ লৈ এঠাইত স্থিৰ হয়৷ অন্যটো পকেটৰ পৰা বাটলু গুটিটো উলিয়াই এইম কৰে৷ দৰ্শকে দেখে যে হিৰ’য়ে গুণ্ডা দুজনৰ ফালে এইম নকৰি বেলেগ ক’ৰবালৈহে বাটলুগুটি টোঁৱাইছে৷

ধাৰাম ধাম!!!! এটা বিকট শব্দ হয় আৰু প্ৰায় চাৰিটা নাৰিকল সৰি পৰি দুজন গুণ্ডা থিতাতে চেটেপ৷ হিৰ’  লাহে লাহে আগুৱাই গৈ এ কে 47 দুটা উঠাই দুয়ো কান্ধত লয় আৰু গেটৰ ভিতৰত প্ৰবেশ কৰি চুক এটাৰ আঁৰত মেগাজিনটো খুলি চেক কৰে৷ কিন্তু দুইটা মেগাজিনতে এটাও গুলী নেপাই নিৰাশ হয়৷ অলপ দেৰি ভাবি-গুণি নিশাৰ অন্ধকাৰলৈ কাজল প্ৰিয়াৰ উদ্ধাৰ অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত লৈ চুকটোত লুকাই থাকে৷

চিন ২৯:

সময়ঃ সন্ধিয়া আঠ বাজিছে৷ (গুডামৰ ৱালত ঘড়ীটো দেখুওৱা হয়)

স্থান: ভিলেইন ঝুমদাৰৰ আলু-পিঁয়াজৰ গুডাম৷ আচলতে এইটো এটা চিপচ্ বনোৱা ফেক্টৰী যেনহে অনুমান হ’ল৷ কেমেৰা ৰোল কৰি কৰি এটা বিশেষ ঠাইত নিবদ্ধ হ’ল৷ হয় এটা কোঠা, য’ত ৰঙ-বিৰঙী লাইট জ্বলি আছে৷ কোঠা নহয় যেন এখন ষ্টেজহে৷ ষ্টেজৰ একোণত ডিভান এখনত ঝুমদাৰ বিৰাজমান, ওচৰত মাটিত বহি আছে বিজয়৷ বিজয়ৰ সিটো চাইদে মুখত পাণ ভৰাই ভাস্কো’ মহাজন৷ ঝুমদাৰৰ পিছফালে ম’না ডাৰ্লিং৷ ষ্টেজৰ আগফালে অগনন সুৰামত্ত শ্ৰমিক বনুৱা আৰু ভাৰাতীয়া গুণ্ডা বাহিনী৷ ষ্টেজত ৰঙানীলা লাইটবোৰ জ্বলা নুমোৱা বেছিকৈ হ’বলৈ ল’লে৷ এটা ভোজপুৰী ধুন বাজি উঠিল৷ দৰ্শকৰ মাজত মৃদু কোলাহল৷ ঝুমদাৰৰ ইংগিতত অল্পবস্ত্ৰা নৰ্তকী এজনীয়ে ভোজপুৰী গীতৰ তালে তালে নৃত্য আৰম্ভ কৰিলে- “আৰা হিলে চপ্ৰা হিলে, পাটনা হিলে লা,  হৌ ৰামা,  কে তোহৰি লচকে জব কমৰীয়া, চাৰা ডিষ্টিক হিলেলা……”

লগে লগে উপস্থিত দৰ্শকৰ কিৰিলি আৰু হাই উৰুমি,  নোট দলিওৱা আৰম্ভ হয়৷ বিজয়ে মদিৰাৰ গিলাচ দুটা ভাস্কো মহাজন আৰু ঝুমদাৰলৈ আগবঢ়াই দি নিজেও চাধা মলাত বিজি হয়৷ প্ৰায় তিনি মিনিট নৃত্য গীতৰ পিছত নেক্স্ট চিন আৰম্ভ৷

চিন ৩০:

ঝুমদাৰৰ বন্দীগৃহত কাজল বিছনা এখনত বহি আঁঠুৰ ওপৰত মূৰ গুঁজি কান্দি আছে৷ বেকগ্ৰাউণ্ডত কৰুণ সুৰত “দিলবাৰ”  গানটোৰ টিউনটো বাজি আছে-“হোচ না খবৰ হেই,  য়ে কেইচা অচৰ হেই,  তুমচে মিলনে কে বাদ দিলবাৰ!” ওচৰত কোনো নাই৷

চিন ৩১:

একচন!

ধপ!! ধাৰাম!!!!

নৰ্তকীৰ ষ্টেজৰ ওপৰত ওলমি থকা চেণ্ডেলিয়াৰ লাইটটো ধাৰাম শব্দ এটা কৰি খহি পৰে৷ সৰু সৰু বাল্ববোৰ ইফালে সিফালে ছিটিকি পৰে৷ সকলো সন্ত্ৰস্ত হয়৷ ভিলেইন গেং আৰু দৰ্শকে উৱাদিহ পোৱাৰ আগতেই সমস্ত ফেক্টৰীটো অন্ধকাৰাচ্ছন্ন হৈ পৰে৷ ঠিক লগে লগেই পিছফালৰ পৰা গুলীবৰ্ষণৰ শব্দ শুনা যায়৷

ধিচ্-ধিচ্- ধিচ্-ধিচ্- ধিচ্-ধিচ্!!!

মানুহবোৰ ইফালে-সিফালে ফৰিং ছিটিকা দিয়ে৷ ঝুমদাৰ, বিজয় আৰু ভাস্কো’ মহাজন কাজল থকা ৰূমটোৰ ফালে দৌৰে৷ তেনেতে পিছফালৰ গুডামত জুই লাগে৷ জুইয়ে লাহে লাহে সমগ্ৰ গুডামঘৰটোক আগুৰি ধৰাৰ সময়তে ঝুমদাৰ আৰু বিশ্বস্ত সহযোগী সকলে কাজলক লৈ নিজৰ বলেৰ’  জীপ এখনৰ ফালে আগুৱায় আৰু ড্ৰাইভাৰক ইংগিত দিয়ে চলাবলৈ৷

হিৰ’  ৰিতুপৰ্ণই জীপখনৰ ওচৰ পাই মানে জীপখনে তীব্ৰ গতিত চহৰ অভিমুখে ৰাওনা হয়৷ উপায়ান্তৰ হৈ হিৰ’য়ে নিজৰ চাইকেল লৈ খেদাত লাগে৷ টায়াৰত হাৱা কমাৰ ফলত চকাত জুই লাগি উঠে আৰু জ্বলন্ত চাইকেলেৰেই আগুৱাই গৈ থাকে হিৰ’৷ এখন হাতেৰে চাইকেল চলাই আৰু অন্যখন হাতেৰে গুলী চলাই যায়৷ প্ৰত্যুত্তৰত ঝুমদাৰ বাহিনীয়েও গুলীৰে উত্তৰ দি থাকে৷

এইখিনিতে কাহানী মে টুইষ্ট হয়৷

চিন ৩২:

জীপ আৰু চাইকেলৰ খেদা-খেদিৰ অন্ত পৰে যেতিয়া কেইবাগাড়ীও পুলিচ লৈ চাও খুন চিব ডেকা আৰু কাজলৰ মাক-দেউতাক আহি ঝুমদাৰ বাহিনীক বাট ভেঁটি আগচি ধৰে৷

পুলিচ আহি ঝুমদাৰ গেঙক চাৰেণ্ডাৰ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তেনেতে হিৰ’ আহি হিৰোইন কাজল প্ৰিয়াক কিবা ইংগিত দিয়ে৷ হিৰোইন আহি হিৰ’ৰ চাইকেলত বহি লয়৷ সমগ্ৰ ঘটনাটো চাও খুন চিব ডেকাই সকৰুণ নেত্ৰৰে চাই ৰয়৷ পুলিচে ভিলেইন গেঙক সকলোকে হেণ্ডকাফ্ লগায়৷

চাইকেলৰ জ্বলা অংশবোৰৰ পৰা অলপ অলপ ধোঁৱা ওলাই থাকে৷

অন্তিম চিনঃ

হিৰো’-হিৰোইন ধোঁৱা ওলাই থকা চাইকেলৰ ওপৰত উঠি গান গাই গাই লাহে লাহে আগুৱাই গৈ থাকে৷

গানটো-

হিৰোঃ  “তুনে ইংলিচ মে জৱ হমকো দাটা, তৌ আচিক চাৰেণ্ডাৰ হুৱা!”

হিৰোইনঃ “তুনে প্যাৰ সে গালোঁ পে মাৰা ছাতা, তৌ আচিক চাৰেণ্ডাৰ হুই!”

দ্যা এণ্ড

☆★☆★☆

3 Comments

  • গীতিকা শইকীয়া

    ফটাঢোলৰ হিৰো হিৰোইন, ভিলেইনেৰে খুউৱ সুন্দৰ চিনেমা। লিখাৰ বাবে অশেষ ধন্যবাদ।

    Reply
  • এইখন চিনেমা মজ্জা

    Reply
  • Manash Saikia

    বলেতো ফটাফাটি৷
    ধাৰাম ধুচ্‌ ব্লক ব্লাষ্টাৰ হ’ব৷

    Reply

Leave a Reply to Manash Saikia Cancel reply

Your email address will not be published. Required fields are marked *