ফটাঢোল

খলা-বমাৰ মাজেৰে – গায়ত্ৰী গোস্বামী অধ্যাপক

বেমাৰ এটাৰ নাম লাগিছিল।বিছাৰি ফুৰিছোঁ, নামটো পালেই হ’ল, ইণ্টাৰনেটত খুচৰি তাৰ আঁতিগুৰি মাৰি সবিশেষ উলিয়াই ল’ব পৰা যাব৷ কাৰণ, বিস্তাৰ, দৰব সকলো গুগলে জনাই দিব, আপোনাৰ সেইটো বেমাৰ হোৱা নাই যদিও এনেকুৱা কিছুমান লক্ষণৰ কথা ক’ব যে আপুনি মানি ল’বলৈ বাধ্য হৈ পৰিব সেইটোৱেই হৈছে আৰু চাৰ্চ শেষ হ’বগৈ একেবাৰে……!

নতুন স্কুটাৰ এখন কিনিবৰ মানসেৰে ডীলাৰ পালোঁগৈ, মনে মনে এখনৰ কথা ভাবিয়ে থৈছোঁ, তথাপি স্বভাৱজাত উৎসুকতাৰে তাৰে ল’ৰাজনক সুধি আছো, ভাল হ’বনে, পাৰিমনে, মাইলেজ কিমান দিব ইত্যাদি।গৃহস্থই তেওঁক ক’লে, “ঠিকে ঠাকে চলিবনে এইখন?”

সৰল মুখীয়া ল’ৰাজনৰ সহজ উত্তৰ, “চিন্তাই নকৰিব, খুব ভাল, তাতে বাইদেৱেহে চলাব, একোৱেই নহয়।”

গৃহস্থই তাৰ কথাৰ মাজতে ক’লে ,”চিন্তা সেইটোৱেই, মই নহয়, চলাব এওঁহে!”

কথাটোৰ প্ৰসংগটো সলাবলৈ ক’লোঁ, “এতিয়া এইখন ইমান গধুৰ, বলে পাৰিমনে, চলাই চাব পৰা হ’লে।”

ল’ৰাজনৰ প্ৰশ্ন, “আগতে কিবা চলাইছেনে?”

“বোলো স্কুলত থাকোঁতেই চুৰ কৰি যি অকণমান দেউতাৰ বাজাজ চুপাৰ স্কুটাৰখন চলোৱা। কিন্তু যতদুৰ মনত আছে, এক নম্বৰ গিয়েৰৰ পৰা দুইলৈ যাওঁতে প্ৰায়ে ষ্টাৰ্ট বন্ধ হৈ গৈছিল।”

“হৈ যাব, হৈ যাব, এইখনত চিন্তা কৰিবলৈ গিয়েৰ নায়েই নহয়, আহক মোৰ লগত, মই পিছৰ ছিটত থাকিমেই নহয়।”

চাবিটো পকাই সেইজনেই ষ্টাৰ্ট কৰি দিয়া স্কুটাৰখন চলাই গৈছোঁ এ. টি. ৰোডত। কাষেদি সো-সোৱাই গৈছে গাড়ী, মটৰচাইকেল, ৰিক্সা….

“হেৰা ভাইটি, এইখনত ব্ৰেক নাই নেকি, বিচাৰি পোৱা নাই দেখোন।”

“আছে, আছে, দুইফালেই আছে “

” নাই হে, ক’ত আছে, দুইফালেই চাইছোঁ? “

” ক’ত চাইছে, হাতত, হাতত চাওক। হেণ্ডেলডালত যে ধৰিছে, তাতে লাগি থকা ডালেই ব্ৰেক।”

“অ, হয় নেকি? আগৰ স্কুটাৰবোৰৰ দেখোন ভৰিৰ ওচৰতহে আছিল পিছ চকাৰ ব্ৰেকডাল? এতিয়া পাইছোঁ, অত দেৰি ভৰিদুটাই বিচাৰি আছিলোঁ আক’।”

এনে বহুমুলীয়া আদিপাঠলৈ আজিকোপতি চলাই আছোঁ সেইখন। আৰম্ভণিতে এনে লাগে বাকীবোৰে মোকেই হৰ্ন বজাই থাকে, মইহে সকলোকে চাইদ দিব লাগে, হুহ… তিনিমাহমান তেনেকৈ চলাই এদিন ৰঙা টেপ দি “এল” লগাই দিলোঁ, বুদ্ধিয়ে কাম দিলে, এতিয়া মোকহে সকলোৱে সমীহ কৰি চাইদ দিয়ে, দূৰে-দূৰে আঁতৰি যায়! নাই নাই বুলি পাঁচোটাকৈ বিশ্বকৰ্মা পূজাত ধূপ জ্বলাই ফুল দিছোঁ এতিয়ালৈকে।

কিন্তু কথাটো এনেকুৱা,

মানে অত বছৰে খাল-ডোং, বোকা-পানী, মথাউৰি-হাইৱে, গড়আলি-ধোদৰআলি সকলোতে মোটামুটি ঠিকেই চলাইছোঁ যদিও সদায়-সদায় যেতিয়াই বগা চোলা-পেণ্ট পিন্ধা ছাৰসকলক ৰাস্তাত দেখোঁ, স্কুটাৰখন থৰক-বৰক হৈ পৰে, মনত কিবা এটা খেলিমেলি লাগি যায়। এদিন তেখেতলৈ চাই চাই এটা পাকত দিছিলোৱেই খুন্দা মাৰি, বিশ্বকৰ্মা বাবাই উদ্ধাৰ কৰিলে বুলিহে, ছয় ইঞ্ছিমান ব্যৱধানত ৰ’লোঁগৈ।ছাৰেও কিবা এটা ভাবি কোৱাৰ আগতেই দিলোঁ ডাইলগ মাৰি,

“ছাৰ আপুনি এনেকৈ মাজ ৰাস্তাত ৰৈ থাকিব নাপাই নহয়! মই মন দি চলাইছিলোঁ বুলিহে!” বুলি কৈ ৰৈ নাথাকিলোঁ তাত। ঘৰ পাইহে দীঘলকৈ উশাহ এটা ল’লোঁ সেইদিনা।

সেইখন কিনা বেছি দিন হোৱাই নাই, চলাই ফুৰিছোঁ। গৈ গৈ প্ৰাণদ্বীপ ফামৰ্চীৰ চাৰিআলিটো পাইছোঁ গৈ। সন্মুখৰ বগা চোলা পিন্ধা ছাৰে হাতেৰে ছিগনেল দেখুৱাই গাড়ীৰ ভিৰ চম্ভালি আছে। তেতিয়ালৈকে বৰুৱা চাৰিআলি, নিৰ্মল চাৰিআলিৰ ছিগনেলৰ ৰঙা-সেউজীয়া লাইটৰ অৰ্থ বুজা হৈছোঁগৈ। কিন্তু ছাৰৰ হাতৰ চিগনেলকলৈ সমস্যা আছিল তেতিয়াও!

দেখিলোঁ, ছাৰে হাতখন পথালিকৈ দাঙি ধৰিছে মাজ ৰাস্তাত। মই পুৰণা চাৰ্কিট হাউচ ৰ’ডৰ ফালৰ পৰা ৰাইট-টাৰ্ন লৈ বৰুৱা চাৰিআলিৰ ফালে যাম।

সেয়ে সোঁ-ফালে ৰাস্তা খালী দেখি ৰম বুলি ভাবিও নৰৈ গুছি আহিলোঁ। প্ৰথমতে একো মনলৈ অহা নাছিল, কিন্তু যেতিয়া দীঘলীয়া টানেৰে ছাৰজনে হুইছেল বজালে, তেহে বুজিব পাৰিলোঁ, ভুল ছিগনেলতে গুচি আহিলোঁ, বাকী ৰৈ থকাবোৰ মোলৈ চাই ৰৈয়ে থাকিল।

হুইছেল শুনি প্ৰথমেই ৰৈ দিম বুলি মনলৈ ভাৱ এটা আহিছিল, (বিদ্যা শপত, এনে আইন ভংগৰ কথাবোৰ নিজৰেই খুব অপছন্দৰ, সেইদিনা নাজানিহে…..), কিন্তু পিছ মুহূৰ্ততে ডিমাগ কী বত্তী জ্বলি উঠিল, “বোলো মোৰতো স্কুটাৰখনত নাম্বাৰ প্লেট লগোৱাই নাই, মই এতিয়া নৰলেও পিছত মোক ক’ত চিনি পাব।” অৱশ্যে, তাতকৈ দূৰলৈ চিন্তা কৰিবলৈ সক্ষমেই নাছিলোঁ তেতিয়া। এই বুলি বিজুলী সঞ্চাৰে ঘৰ পালোহি। তাৰ কেইবাদিনো পিছলৈকে সেই চাৰি আলিয়েদি বাটেই লোৱা নাছিলোঁ যদিও পিছলৈ গৈছিলোঁ অৱশ্যে আজিকোপতি চিনি নাপালে তেওঁলোকে ।

পিছত ছিগনেল মুখস্থ কৰি কৰি লাইচেন্সো ল’লোঁ, নাম্বাৰ প্লেটো লগালোঁ, কিন্তু মোৰহে এতিয়াও তেওঁলোকক দেখিলেই কিবা এটা থৰক বৰক লাগে দেখোন সদায়।

এতিয়া এই থৰক বৰক লগা বেমাৰটোৰ নামটো বিচাৰি ফুৰিছোঁ……

☆★☆★☆

9 Comments

  • বৰ ৰস লগাকৈ লিখিছে। ভাল লাগিল।

    Reply
    • গায়ত্ৰী গোস্বামী

      আন্তৰিক ধন্যবাদ

      Reply
  • অভিজিৎ কলিতা

    সৰস লিখনি। বৰ ভাল লাগিল

    Reply
    • গায়ত্ৰী গোস্বামী

      অশেষ ধন্যবাদ

      Reply
  • সদানন্দ ভূঞা

    ছেহ, নামটো ময়ো নাজানো নহয় । বঢ়িয়া লিখিলে ।

    Reply
    • গায়ত্ৰী গোস্বামী

      অশেষ ধন্যবাদ

      Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া লিখিলে দেই ।

    Reply
    • গায়ত্ৰী গোস্বামী

      অশেষ ধন্যবাদ

      Reply
  • Dipanjal das

    cvbbbnm

    Reply

Leave a Reply to গায়ত্ৰী গোস্বামী Cancel reply

Your email address will not be published. Required fields are marked *