ফটাঢোল

হালি- নিৰ্মালী বৰমুদৈ

বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ নানান অভিজ্ঞতা হয়। এই অভিজ্ঞতা সমূহে বাস্তৱ জীবনত বাৰুকৈয়ে প্ৰভাৱ পেলায়। মোৰ ক্ষেত্ৰতো এনেকুৱা বহুত কিছুমান অভিজ্ঞতাই জীবনটো শুদ্ধ ৰূপত চলাই নিয়াত সহায় কৰিছে।

অলপ দিনৰ আগৰ ঘটনা। কৰ্মসুত্ৰে নগাঁৱত থাকোঁ। ভাড়াঘৰত থাকোঁ, লগৰ এগৰাকীৰ লগত। ৰুমটোৰ ওচৰে পাজৰে দোকান বজাৰ উভৈনদী। সদায় একেখন দোকানৰ পৰা বজাৰ কৰাৰ কাৰণে দোকানীজন চিনাকিয়ে হৈছেগৈ।

এদিনাখনৰ কথা। ৰুমমেট গৰাকী ঘৰলৈ গৈছিল। স্কুলৰ পৰা আহি থাকোঁতে ভাবিলোঁ এতিয়াতো গৈ পেটৰ কেচু-কুমতিবোৰ মাৰিব লাগিবগৈ। ৰাতিপুৱাও মেগীহে ভক্ষণ কৰি আহিছোঁ (সাধাৰনতে অকলে থাকিলে মেগীয়েই মোৰ প্ৰধান খাদ্য হৈ পৰে)। কিবা এটা ভাবি-গুণি চিনাকি দোকানখনত সোমালোঁ। দোকানখনত নতুন ল’ৰা এজনো দেখা পালোঁ।

সদ্যচিনাকী হাঁহিটো মাৰি দোকানী দাদা জনক ক’লোঁ- “দাদা কণী দিবচোন।”

দাদাজনে নতুন ল’ৰাজনক উদ্দেশ্যি ক’লে- “ঐ বাইদেউক কণী দেচোন।”

ল’ৰাজনে মোক সুধিলে- “কেই হালি দিম?”

মই মনতে ভাবিলোঁ, এইটো আকৌ কি হালি? সৰুৰে পৰা ব্ৰেনোলিয়া খোৱা ব্ৰেইন যে। মাথাটোত বিভিন্ন ধৰণৰ কেলকুলেচনে খলকনি লগালেই। এহাল গৰু বুলি ক’লে দুটা গৰু বুজায়। অ’অ’এতিয়াহে বুজিলোঁ। ইয়াৰ ভাষা অলপ লৰ আছে। বাৰু হ’ব দে, সৰু ল’ৰা যেতিয়া খেলিমেলি হয়েই।

দিন ৰাতিৰ ভাতৰ সাজৰ হিচাপ মিলাই মই দোকানৰ নতুন ল’ৰাজনক ক’লোঁ- “দুহালি দিয়া।” লগত আৰু দুটামান বস্তু কিনি মই নিজৰ ৰুমৰ অভিমুখে বাট ল’লোঁ।

আজি বনাবলগীয়া মোৰ বিখ্যাত ৰেছিপিটো হ’ল- অন্দা এন্দ আলু বয়ল উইথ আচাৰ অয়ল। লগত যোৱাকালিৰে পঁইতা ভাত আছেই। বজাৰৰ পৰা অনা পলিথিনটো খুলি দেখিছোঁ ৮টা কণী। কিন্তু কেনেকৈ? মই ২ হাল মানে ৪টা কণী দিবলৈহে কৈছিলোঁ। কণীয়ে কণী পৰা নাইতো? লগে লগে পইছাও হিচাপ কৰি চালোঁ। এৰাতো দামো ৮ টাৰে ল’লে। মানে ভুলটো ক’ত হ’ল? যত কূটৰ ঘাই এই নতুন ল’ৰাটো মানে। সিয়েই সৱ খেলি-মেলি কৰিছে। ৰ’ বাপ্পেকে। এই বুঢ়ী মাৰক চিনি পোৱা নাই তই। কাইলৈ গৈ তোৰ চৈধ্য গোষ্ঠী উজাৰি আছোঁ। পইছা কি গছত লাগিছে হাঁ? বেছিকৈ কিয় খৰচ কৰিম?

ৰাতিটো কোনোমতে কটালোঁ। পিছদিনা দেওবাৰ হোৱাৰ কাৰণে স্কুল নাছিল। গাটো তিয়াই ৰাজধানী এক্সপ্ৰেছৰ নিচিনাকৈ পোনে পোনে দোকান গ’লোঁ। ইতিমধ্যে যোৱাকালি ৰাতিয়েই গালিখিনি প্ৰেকটিছ কৰি থৈছোঁৱেই।

দোকানত সোমোৱাৰ লগে লগে দোকানী দাদাজনে ক’লে- “আজি দেখোন ইমান ৰাতিপুৱাই আহিছা। কি লাগিব?”

মই একো নকওঁতেই দেখা পালোঁ নতুন ল’ৰাজনে ধূপ এদাল জ্বলাই লৈ দিনটো সুন্দৰকৈ চলাই নিবলৈ ভগৱানক ঘোচ দি আছিল। মনতেহে বোলো- পূজি ল ভালকৈ নেদেখাজনক। তোৰ দিনটো মই নেদেখা কৰি আছোঁ, গম পাবি এতিয়া।

দাদাজনক ক’লোঁ- “মোক একো নালাগে। দিয়া বস্তুহে ঘূৰাই দিবলৈ আহিছোঁ।

“মানে? কি ঘূৰাবলৈ আনিছা?” তেওঁ মোৰ পলিথিন টোলৈ মন কৰিলে।

অ কৃষ্ণ! দাদাজনে ক’বলৈহে পালে, মই ফেট তোলা ফেটীসাপজনীৰ লেখিয়া মূৰ্তি ধৰি মুখখন খুলিলোৱেই- “বুজিছে দাদা, মানুহক যিমান বস্তুৰ প্ৰয়োজন সিমানেই দিব। মই আম্বানীৰ জীয়েক নহয়তো গোটেই দোকানৰ বস্তু উঠাই নিবলৈ। মোৰ ইয়াত ফ্ৰিজো নাই বেছিকৈ নিয়া বস্তুসোপা ভৰাই থ’বলৈ।”

দাদাজনে একো উৱাদিহ নাপাই নতুন ল’ৰাজনৰ ফালে কি হৈছে জানিবলৈ ইংগিত দিলে। মই দুগুণ খং কৰি ক’লোঁ- “মাৰ্কেটিংৰ কোনো আইদিয়া নোহোৱাকৈ নতুন ল’ৰা দোকানত নিয়োগ কৰিছে। তাৰোপৰি ভাষাৰ কোনো জ্ঞান নাই। হাল টোকে কালিৰ পৰা হালি কৈ আছে।”

কিবা কথাৰ সম্ভেদ পাই দোকানী দাদাজনে ইউৰেকা বুলি চিঞৰাৰ নিচিনাকৈ এটিটিউদ দেখাই মোক ক’লে- “ৰ’বাচোন ৰ’বা। ভুলটো তোমাৰহে হৈছে নেকি?”

কেতিয়াও নিজৰ ভুল নেদেখা নিজৰ মতত অটল হৈ থকাজনীৰ ভুল হৈছে! ইমপচিবল!

উদাত্ত কণ্ঠৰে ক’লোঁ- “কি ভুল হ’ল মোৰ?”

দাদাজনে ক’লে- “হাল আৰু হালি দুয়োটা বেলেগ শব্দ। হাল মানে দুটা আৰু হালি মানে চাৰিটা।”

“কি!”

“হয়। তুমি চাগে হালি মানে ২টা বুলি ভাবিলা। সেইকাৰণে দুহালি কোৱাত সি আঠটা কণী বান্ধি দিলে।

একো নাই দিয়া। ভুল হৈ যায় সকলোৰে। আজিৰ পৰা নতুন কথা এটা শিকিলা।”

ঠোঁট-মুখ চেলেকি কোনোমতে হয় বুলি মুৰটো দুপিয়াই উভতিবলৈ লওঁতে দোকানী দাদাজনে পিছফালৰ পৰা মাত লগালে- “তুমি ইয়াক চিনি পোৱা নাই নহয়। মোৰ ল’ৰা মানস। এইবাৰ MBA দ্বিতীয় চেমিষ্টাৰৰ পৰীক্ষা দি ঘৰলৈ আহিছে। মাজে মাজে মোক দোকনত সহায় কৰিবলৈ আহে।”

ফাঁট মেলা বসুমতি পাতালে লুকাওঁ। যিডাল এটম বম মোৰ গাত পৰিল, গুড নাইটৰ ফাৰ্ষ্ট কাৰ্ডৰ নিচিনাকৈ মোৰ সিংহৰ দৰে গোঁজৰটোৰ ফটক চে ফৰৰৰ হৈ গ’ল। লাজ অপমানত তেজ পানী হৈ গ’ল। ‘ছৰি’ শব্দটোও মুখৰ পৰা নোলাল। কৃত্ৰিম হাঁহি এটা মাৰি মাথো বিদায়হে ল’লোঁ।

☆★☆★☆

26 Comments

  • Mridula

    ভাল লাগিল । মোৰো হৈছিল তেনেকুৱা । হালি মানে দুটা বুলি ভাবিছিলো ।

    Reply
  • তৃষ্ণা

    হহুৱালা দেই৷ ভাল লিখিছা৷ হালি মানে ময়ো এহাল বুলিয়ে ভাবিচিলো এতিয়ালৈ

    Reply
  • মিতু

    মই জানিছিলোঁ দেই কিন্তু।

    Reply
  • parishmita

    হালি আজিহে বুজিলো পাই। ভাল লাগিল পঢ়ি।

    Reply
    • Anonymous

      ধন্যবাদ বা পঢ়া ৰ কাৰনে

      Reply
  • Suntu

    লৰাটো ধুনীয়া আছিল নে ?

    Reply
  • তৃষ্ণা. সো

    হালি মানে আজি বুজিলো পাই, বঢ়িয়া।

    Reply
    • Anonymous

      হা হা….ধন্যবাদ পঢ়া ৰ কাৰনে

      Reply
  • Anonymous

    ভাল লাগিল । নজনা কথা এটা আপোনাৰ লগতে মই ও শিকিব পাৰিলোঁ

    Reply
  • Manash Saikia

    ময়ো নাজানিছিলোঁ৷ অলপ দিনৰ আগতেহে গম পালোঁ৷ আমাৰ ফালে জোৰাহে চলে৷
    বৰ ধুনীয়াকৈ লিখিলা৷

    Reply
  • Sweet lena Das

    আমি নগঞাই হালি এ কওঁ দেই

    Reply
  • সদানন্দ ভূঞা

    হাল আৰু হালিয়ে বঢ়িয়া নাকনি-কাননি কৰিলে ন । বঢ়িয়া লাগিল ।

    Reply
  • হাঃ হাঃ মজ্জা লিখিলা। কমেন্ট বোৰৰ পৰা গম পালোঁ হালি বহুতেই নাজানে। আমাৰ ফালে হালি শব্দটো কলৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়।

    Reply
  • চাৰিটাক আমি গণ্ডা বুলি কওঁ ৷ ভাল লাগিল বা ৷

    Reply
  • ৰূপাঞ্জলী

    নতুন শব্দ শিকিলো

    Reply
  • Anonymous

    মই ও নগাঁও তে শিকিছিলো হালিৰ অৰ্থ ।ভাল লাগিল নিৰ্মালী ।kamala das

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *