ফটাঢোল

হাঁহৰ ঠোঁট – মাধুৰ্য গোস্বামী

স্কুলত-

মেডাম- কোৱাচোন বৰেণ্য, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ মানে কি?

বৰেণ্য- (সেমেনা সেমেনিকৈ)নাজানোঁ মিচ।

মেডাম- যোৱাকালি দেখোন কৈছিলোঁ। তেন্তে কি শিকিলা জঁতুৱা ঠাঁচ আৰু খণ্ডবাক্য?

বৰেণ্য- মিচ, এইষাৰ কথা কোনে প্ৰথমে কৈছিল সেইটো জানোঁ?

মেডাম-(আচৰিত হৈ) কোনে কৈছিল?

বৰেণ্য- মোৰ দেউতাই।

মেডাম- ধেৎ। কিবোৰ যে কোৱা।

বৰেণ্য- নহয় মিচ, সঁচাকৈ।

মেডাম-(উৎসুক হৈ) কেনেকৈ?

বৰেণ্য- দেউতাই বোলে যিদিনা প্ৰথম নিজৰ পইচাৰে হাঁহ কিনি আনিছিল, সিদিনা হাঁহৰ পঁতাৰ ড্ৰাই ফ্ৰাই আৰু পাখিৰ চুপ বনাই খাইছিল হেনো। আৰু ঠোঁট দুটা ৰাখি থৈছিল।

মেডাম- সেইটো কিয় ৰাখিলে? (অলপ খঙত)

বৰেণ্য- সেইটোৱেই টুইষ্ট মিচ। এতিয়াও সেই দুটা মুখত লগাই লৈ মবাইলত হাঁহৰ ভয়চ লগাই ৰাতি হাঁহ চুৰ কৰে। হাঁহবোৰেও লগৰ বুলি ভাবি চিঞৰ বাখৰ নকৰোঁতেই হাঁহ কিডনেপ। তেনেকৈয়ে দেউতাই এই খণ্ডবাক্যশাৰী…

হে হৰি !! পুতেক দেখোন বাপেকতকৈও এখোপ চৰা।

☆★☆★☆

2 Comments

Leave a Reply to Dharmajyoti bhattacharyya Cancel reply

Your email address will not be published. Required fields are marked *