ফটাঢোল

খকুৱা পুটুকন – অভিজিত কলিতা

পুটুকনৰ বাঁ‌ও হাত ক’ৰ পৰা শুকাব? সিদিনা পূজাত লগ পাই বোলে,

: ককাই, আজি পূজা বুলি কিবা এটা খুৱাওক।

মোৰো মনটো ভাল আছিল, ক’লোঁ,

: খোৱা, কি খাবা!

: হাঁ‌হৰ মাংসৰে ভাতকে খাই দিওঁ বলক। মই ভাল দোকান এখন চিনি পাওঁ। তামাম বনাই হাঁ‌হ।

: ব’লা তেনে, খাই লওঁ।

দুইজন গৈ অস্থায়ী দোকান এখন পালোঁ, আৰু টেটুগুৰিলৈকে দকচি দিলোঁ। বিল ময়েই দিলোঁ বাৰু, কথা দিয়া আছিল। খাই বেয়া নেলাগিল অৱশ্যে!

আজিহে পুটুকনৰ ককায়েকে আচল কথাটো ক’লে। সেইখন বোলে পুটুকনৰ নিজৰে দোকান। চিনাকি মানুহ পালেই কিবা এটা খুৱাওক বুলি নিজৰ দোকানলৈকে লৈ যায়। হাঁ‌হো খাই, পইছাও ঘটে।

পিচে দিনে ২৫ বাৰকৈ হাঁ‌হ খাই এতিয়া বাওঁহাত শুকুৱাবই পৰা নাই। লাভৰ পইছাকেইটা দৰৱত নগ’লেই হ’ল আৰু!

☆★☆★☆

3 Comments

  • কমল নেওগ, তেজপুৰ

    বাঁও হাতটো নাকৰ কাষলৈকো নিব নোৱাৰা অৱস্থা নেকি বাৰু !?

    Reply
  • জয়ন্ত দাস

    মজাদেই৷

    Reply
  • Anonymous

    হাঃ হাঃ

    Reply

Leave a Reply to কমল নেওগ, তেজপুৰ Cancel reply

Your email address will not be published. Required fields are marked *