ফটাঢোল

প্ৰলয়ঃ ড্যা বানানা বুলেট – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

এখন চিনেমাৰ এয়া শেষৰ ফাইটিং চিন।

লোকেশ্যন: এটা পৰিত্যক্ত ষ্টেচনৰ বাহিৰফালটো।

গুণ্ডাবাহিনী এটাই এখন ট্ৰেইনৰ এটা ডবাৰ ভিতৰত হিৰো’ৰ মাক,গাৰ্লফ্ৰেইণ্ড আৰু পৰিয়ালৰ সদস্যকেইটামানক বান্ধি লৈ ট্ৰেইনখন চলাই দিছে। বাকীবোৰ ডবাত কোনো পেচেঞ্জাৰ নাই,ট্ৰেইনখনৰ ড্ৰাইভাৰো নাই আৰু স্পীড অটো’মেটিক কৰি ট্ৰেইনখন এনেকুৱা এটা ট্ৰেকত চলিব দিছে যিটো ট্ৰেক কেইকিলোমিটাৰমান আগৰ পৰা আৰু নাই।ৰেল বিভাগৰ লগত কিবা বুজা বুজি কৰিয়েই এনেকুৱা ট্ৰেইনৰ ট্ৰেকৰ ব্যৱস্থা কৰিলে নে কিবা যাদুৱে কৰিলে সেই বিষয়থ মোৰ তাত সঠিক তথ্য নাই। স্পীড চিনেমাখনৰ দৰে মাথোঁ ট্ৰেইনখন এটা নিৰ্মাণ অসম্পূৰ্ণ অৱস্থাত থকা ট্ৰেকত গৈ আছে আৰু বেলেগ এটা গুণ্ডাবাহিনীয়ে হিৰো’ৰ লগত ষ্টেচনটোৰ বাহিৰত ফাইটিং কৰিবলৈ সাজু হৈ আছে।

হিৰো’ক ঘেৰাও কৰি প্ৰায় ১০০ জনমান গুণ্ডা। কিছুমানৰ হাতত দা,চুৰি আৰু কিছুমানৰ হাতত একে ৪৭ ৰাইফল। গুণ্ডাবাহিনীটোৰ বিশেষত্ব হ’ল যে হাতত দা লৈ থকা সকলোবোৰ গুণ্ডাৰে দাঢ়ি আৰু চুলি দীঘল আৰু জপৰা।গুণ্ডাবাহিনীটোৰ লিডাৰ যেন লগাজন হিৰো’ৰ ওচৰলৈ আহিছে হাতত লৈ থকা দা খন ঘুৰাই ঘুৰাই আৰু ওচৰ পাই ডায়লগ মাতিব ধৰে,-
“ইল্লে ফামিলি জাৰ্ণি ৰেল’ম্মা যমদূত নগৰাপ্পা, ইন্নে তেৰু হোৱাট্টা প্লেনা”।মানে তোৰ ফেমিলি ট্ৰেইনত উঠাই যমপুৰী পোৱাৰ সুব্যৱস্থা কৰা হৈছে, গতিকে তোৰ প্লেন কি এতিয়া? তয়ো যমপুৰী ট্ৰেইনত যাবি নে আমাৰ লগত যুদ্ধ কৰি যমপুৰীলৈ যাবি?

হিৰো’ অবাক্টেড, বোলে মই হেন হিৰো’ এটা থাকোঁতে তহঁতৰ দৰে দুইটকীয়া গুণ্ডাবোৰৰ ইমান সাহস মোৰ ফেমিলিক যমপুৰী পঠাবি, আহ যুদ্ধ দে মোৰ লগত। এইবুলি হিৰো’য়ে ভিলেইন পাৰ্টিৰ লিডাৰজনৰ হাতখনত খামুচি ধৰি জেগাতে দহ পাক মান ঘূৰালে বেটাক। তাৰ হাতৰপৰা দাখন মাটিত পৰি গ’ল।লগে লগে হাতত দা লোৱা ভিলেইনবোৰ হিৰো’ৰ ফালে খেদি আহিল। এইবাৰ মাটিত পৰি থকা দা খনৰ ওচৰতে হিৰো’য়ে গোৰ এটা মাৰিলে আৰু লগে লগে দা খন নিজে নিজে হিৰো’ৰ হাতলৈ উৰি আহিল। দা খন ভিলেইনৰ ডিঙিত লগাই হিৰো’ পিচুৱাই গৈ থাকিল আৰু কাৰেণ্টৰ চুইচব’ৰ্ড এখনৰ ওচৰত ৰখিলে।চুইচব’ৰ্ডখনৰ ওচৰত হিৰো’ক ৰখা দেখি ভিলেইনবোৰো ৰৈ গ’ল আৰু নিজৰ মাজতে চোৱা চুই কৰিব ধৰিব,বোলে কাৰবাৰ কি ইয়াৰ!

এইবাৰ হিৰো’ৱে ডিঙিৰ শিৰ ফুলি যোৱাকৈ চিঞৰিবলৈ ধৰিলে,-“আল্লু দাঢ়ি চুলিল্লু ইল্লে কাৰেণ্টা জলাইমা”। মানে, আহ বেটাহঁত, তহঁতৰ দাঢ়ি চুলি কাৰেণ্ট লগাই জ্বলাম মই আজি। কথাখিনি কৈ থাকিয়েই ভিলেইনটোৰ চুলিকোঁচা টানি নি চুইচব’ৰ্ডখনত থকা প্লাক পইণ্টটোৰ ভিতৰত সুমুৱাই দিলে। লগে লগে লিডাৰজনকে ধৰি জপৰা চুলিৰ আটাইবোৰ ভিলেইনৰ গাত ইলেকট্ৰিক শ্বক লাগি মুৰৰ চুলি দাঢ়িবোৰ জ্বলি এঙ্কৰ চুইচৰ বিজ্ঞাপনটোৰ দৰে হ’ল। বিদ্যুৎ প্ৰৱাহৰ কোনটো সূত্ৰমতে দাঢ়ি চুলিৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ল সেইটো হ’লে নুবুজিলোঁ, কিন্তু হাতত দা লৈ থকা ভিলেইনবোৰ বেহুচ হ’ল।

এইবাৰ বন্দুকধাৰী পাৰ্টিয়ে হিৰো’ক খেদি আহিল। এখন কলৰ বজাৰৰ মাজে মাজে হিৰো’ দৌৰি গ’ল। আগে আগে হিৰো’, পিচে পিচে ভিলেইনৰ বন্দুকৰ পৰা ওলোৱা গুলীবোৰ আৰু তাৰ পিচত হাতত একে ৪৭ লৈ ভিলেইনবোৰ। গুলীবোৰ হিৰো’ৰ গাত লাগিব যেন হোৱাৰ লগে লগে হিৰো’ৰ দৌৰৰ স্পীড দুগুণ হৈ যায় আৰু গুলীবোৰে নিজৰ নিজৰ ৰেঞ্জ পাৰ হৈ অহাটো গম পাই নিজে নিজে মাটিত সৰি পৰে। এইবাৰ ওচৰে পাঁজৰে গুলীবোৰ নেদেখি হিৰো’ৱে ক্ষন্তেক জিৰণী লয় আৰু ওচৰতে থকা কলৰ থোক এটাৰ ওপৰত হিৰো’ৰ চকু পৰে।

হঠাতে ভিলেইনবোৰ দৌৰি দৌৰি হিৰো’ৰ ওচৰ পায় আৰু নিজৰ নিজৰ বন্দুক সাজু কৰে পুনৰ গুলীয়াবৰ কাৰণে।হিৰো’ৱে কলৰ থোকটো হাতত লয় আৰু এটা বিশেষ ভঙ্গীমাত ওপৰলৈ থোকটো দলিয়াই দি এটা ৰাউণ্ড কিক মাৰে থোকটোৰ ওপৰত।কিকটো কলৰ থোকটোত লাগোঁতেই কলৰ থোকটোৰ পৰা কলবোৰ এটা এটা গুলীৰ দৰে চাৰিওফালে বিয়পি যায় আৰু বন্দুক লৈ থকা আটাইবোৰ ভিলেইনে নিজৰ নিজৰ বুকুত এটা এটা কল সাৱটি মৰি থাকে। মানে কলবোৰে একোটা বন্দুকৰ গুলীৰ দৰে কাম কৰে।

এইবাৰ হিৰো’ দৌৰে ইতিমধ্যে কেইবাটাও ষ্টেচন বিনা বাধাই পাৰ হৈ যোৱা ট্ৰেইনখন ৰখাবৰ বাবে।ৱদৌৰি দৌৰি হিৰো’ গৈ ট্ৰেইনখনৰ পিচফালটো আৰামত ঢুকি পায়। অলিম্পিকৰ লং জাম্প হাই জাম্প সকলোবোৰৰ ৰেকৰ্ড ভঙ্গ কৰি হিৰো’ৱে এইবাৰ একে জাপে ট্ৰেইনখনৰ শেষৰ ডবাটোৰ ওপৰত উঠি লয় আৰু ইঞ্জিনৰ ফালে দৌৰিব ধৰে।

ৰ’ব, আপুনি এতিয়া নাভাবিব যে হিৰো’ৱে ড্ৰাইভাৰৰ কেবিনটোত সোমাই ট্ৰেইনখন ৰখাব,মুঠেও নৰখাই ইমান সাধাৰণভাৱে।ৱআফটাৰ অল চাউথৰ হিৰো’ হয়।

ইঞ্জিনৰ ডবাটোৰ ওপৰত এটা আঠু পাৰি হনুমান ৰামৰ সন্মুখত বহাৰ দৰে হিৰো’ বহি ল’লে আৰু দুয়োখন হাত ওপৰলৈ মেলি দি আকাশখনৰ ফালে চালে।এইবাৰ হিৰো’ৱে চিঞৰি চিঞৰি ক’ব ধৰিলে,-“জয় কেশৱা,জয় কেশৱা,জয় কেশৱা”।

হিৰো’ৰ চিঞৰত হঠাতে ফৰকাল আকাশখন গোমা হৈ গ’ল আৰু প্ৰচণ্ড গৰ্জন কৰি বিজুলী ঢেৰেকণী মাৰিব ধৰিলে। কেইটামান বিজুলী ঢেৰেকণী হিৰো’ৱে মেলি থকা হাত দুখনতো পৰিল আৰু হিৰো’জন এটা প্ৰচণ্ড অগ্নিকুণ্ডৰ দৰে হৈ পৰিল।

সমস্ত শক্তিবোৰ গোটাই হিৰো’ অধিক শক্তিশালী হৈ পৰে আৰু আকৌ তিনিবাৰ “জয় কেশৱা” বুলি কৈ ট্ৰেইনখনৰ ইঞ্জিনৰ ডবাটোৰ ওপৰত এটা প্ৰচণ্ড গোৰ মাৰে। সেই গোৰটো ইমানেই শক্তিশালী আছিল যে ট্ৰেইনৰ ইঞ্জিনটো ১০ ফুটমান মাটিৰ তলত পোত খাই যায় আৰু ট্ৰেইনখন লগে লগেই ৰৈ যায়।হিৰো’ লাহে লাহে ওপৰৰ পৰা নামি আহে আৰু গাৰ্লফ্ৰেণ্ড,মাক তথা আন সকলোকে উদ্ধাৰ কৰি উভতি আহে।

ময়ো স্ক্ৰীপ্টখন গীথিকা এচ আৰু ভাস্কো মহাজনৰ হাতত জমা দি মাননিটো ট্ৰেন্সফাৰ কৰিবলৈ মোৰ একাউণ্ট নাম্বাৰটো দি দৌৰা দৌৰিকৈ ওলাই আহিলোঁ।

০০০০০দি এণ্ড০০০০০

☆★☆★☆

One comment

  • সৌৰভ শৰ্মা

    কলবোৰ গুলিৰ দৰে ????????????????????????

    Reply

Leave a Reply to সৌৰভ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *