ফটাঢোল

এ.প্ৰ.বি. – ঈশান জ্যোতি বৰা

এটামান বাজিছিল হ’বলা। চলিহাৰ ঘৰত বাজি থকা উচ্চক্ষমতাসম্পন্ন মিউজিক চিষ্টেমটো ‘ধপ’কৈ শব্দ এটা কৰি বন্ধ হৈ থাকিল। লাইন যোৱা নাই। বোধহয়, যান্ত্ৰিক বিজুতি। নহ’লে চলিহায়ো বন্ধ কৰি থ’ব পাৰে। যিহে একাচেকা মানুহ! আজি উৰুকা বুলিহে ‘এলাও’ কৰিছে, নহ’লে কাৰ সাধ্য আছে এই দুপৰনিশা চলিহাৰ ঘৰত ‘সাংগীতিক বিস্ফোৰণ’ কৰাৰ!

‘খৰক,খৰক’

অ’! সেইয়া আকৌ কিহৰ শব্দ! শব্দটো আকৌ এবাৰ শুনিবলৈ কাণখন মেলি দিলোঁ।

‘খৰক,খৰক’

বুজিলোঁ। কোনোবা অঘাইতং চোৰে ঘৰৰ আগফালৰ টাটিখন সৰকোৱাৰ দিহা কৰিছে। গতিকে সময় নষ্ট কৰি লাভ নাই। জুহালৰ কাষতে থকা খৰিৰ দ’মটোৰ পৰা দীঘল, শুকান কাঠখৰি এডাল হাতলৈ আনিলোঁ আৰু দ্ৰুত গতিৰে আগফাললৈ ৰাওনা হ’লোঁ।
মোৰ অনুমানেই সঁচা। প্ৰকাণ্ড চেহেৰাৰ মানুহ এটাই মোৰ মৰমৰ টাটিখন উঠাবলৈ নেৰানেপেৰা চেষ্টা চলাই আছে। হাতত সাৰে, ভৰিত সাৰে মই গৈ মানুহটোৰ পিছফালে থিয় হ’লোঁ। পিচে তেৰাই মোৰ উপস্থিতিৰ একো উমানেই পোৱা নাই। তেওঁৰ সমস্ত মন-প্ৰাণ আৰু দৃষ্টি টাটিখনতে এতিয়া নিবদ্ধ। মই এখোজ আগবাঢ়ি গ’লোঁ।

: হ’ৰা, টাটিখন পৰহিহে দিছিলোঁ। এইখন নিনিবা৷

ফলা খৰিডাল টাটিখনৰ ওপৰত থৈ মানুহটোক উদ্দেশ্যি ক’লোঁ। উৰুকাৰ নিশা অহা অনভিজ্ঞ চোৰেই হওক বা অইনদিনা অহা অভিজ্ঞ চোৰেই হওক; সমুখত সাক্ষাৎ গৃহস্থক দেখিলে ভয়-চয় খায়েই৷ দেখি উঠি আত্মৰক্ষাৰ্থে কাকূতি-মিনতি কৰেই৷ পিচে এইজনা চোৰৰ কাণ্ড দেখি মই অবাক। তেওঁ মোক সমুখত দেখি অপ্ৰস্তুত হোৱাটো দূৰৰে কথা, উৎফুল্লিতহে হ’ল। আৰু বৰ আনন্দৰে মূৰটো দাঙি ক’লে:

: অ’ বৰুৱা! আপুনি আহিল ভালেই হ’ল।

টুপী আৰু মাফলাৰেৰে মানুহজনৰ মুখখন ঢাক খাই আছে। গতিকে মোক নাম ধৰি মতাৰ পাছতো তেওঁক ধৰিব পৰা নাই৷ কিজানি মোৰ অসুবিধাকণ চোৰে অনুধাৱন কৰিব পাৰিছিল৷ সেয়ে এপদ-এপদকৈ তেওঁ মুখাবয়ৱ ঢাকি ৰখা বস্ত্ৰখিনি খুলি পেলালে৷ এতিয়াহে মোৰ আচৰিত হোৱাৰ পাল৷ আচৰিত মানে! ভৰিৰ তলৰ মাটি চপৰা-চপৰে খহিবলৈহে বাকী৷

: চলিহা! আপুনি!

পৰম বিস্ময়েৰে মই চলিহাৰ জিলিকি থকা চুলিশূন্য মূৰটোলৈ চাই ক’লোঁ। ঠাণ্ডা-শীতল চলিহাৰ মূৰত আজি এনে কি পোক সোমাল, যে উৰুকাৰ নিশা এনেকৈ মোৰ ঘৰত চুৰিকাৰ্য সংঘটিত কৰিবলে আহিছে! সংস্কৃতিৱান চলিহাক এইদৰে চোৰৰ ৰূপত কোনোদিনেই আশা কৰা নাছিলোঁ।

: আপুনিনো বাৰু জীৱনৰ বিয়লি বেলাত, ভৰ বয়সত এনেকৈ চুৰ কৰিব লাগেনে? আৰু চুৰ কৰিবলে আহিছে মোৰ টাটিখন৷ মই ভাবিছিলোঁ আপুনি মিউজিক বন্ধ কৰি শুবলৈ দিহা কৰিছে বুলি৷ পিচে এইয়া কি! লাজ পাইছোঁ চলিহা৷ লাজ পাইছোঁ৷

বৰ আক্ষেপেৰে মই চলিহাক ক’লোঁ।

: এহ্ ৰ’বহে! কোনে ক’লে মই চুৰ কৰিবলৈ আহিছোঁ বুলি? আপোনাৰ টাটি আগৰ ঠাইতেই থাকিব। মোৰ উদ্দেশ্যে বেলেগহে।

মোৰ সন্দেহক ধূলিৰ লগত মিলাই দি চলিহাই বিৰোধ কৰি উঠিল ।

: কথাবোৰ খোলোচাকৈ কওকচোন চলিহা।

মোৰ কৌতূহলপূৰ্ণ আহ্বানত গলখেকাৰি এটা মাৰি চলিহাই ক’বলৈ ধৰিলে,

: কথাবোৰ পানীৰ দৰেই চাফা আৰু সৰল বৰুৱা। এতিয়া আগৰ দিন নাই। আজিকালি সকলো কথাতে প্ৰমাণ লাগে। আপুনি নিজকে ভাল মানুহ বুলি ভাবে, কিন্তু প্ৰমাণ ক’ত! কোনোবা এজন মৰিছে, আপোনাৰ বেজাৰ লাগিছে কিন্তু বেজাৰ লগাৰ প্ৰমাণ ক’ত! আপুনি মাঘৰ বিহুৰ সংস্কৃতিৰ লগত সুপৰিচিত, কিন্তু প্ৰমাণ ক’ত?

: তেন্তে মোৰ টাটিখন চুৰ কৰি আপুনি সংস্কৃতিপ্ৰেমী হোৱাৰ প্ৰমাণ দিবলে আহিল?

মোৰ প্ৰশ্ন কৌতূহল। লগত সামান্য ক্ষোভ।

: বাৰু, বৰুৱা এটা কথা কওকচোন৷ হাইস্কুলত অংক কৰোঁতে আপুনি বাৰু ‘এ.প্ৰ.বি.’ৰ কথা শুনিছিলনে?

: পাইছিলোঁতো৷ কিয় নেপাম! এই যে জ্যামিতিৰ সূত্ৰ এটা প্ৰমাণ কৰি শেষত চমুকৈ এ.প্ৰ.বি. অৰ্থাৎ ‘এয়ে প্ৰমাণৰ বিষয়’ বুলি লিখি দিব লাগে! মোৰ জলজল-পটপটকৈ মনত আছে৷

স্মৃতিৰ পুখুৰীত জাঁপ এটা মাৰি চলিহাক গৌৰৱেৰে ক’লোঁ৷

: ঠিক তেন্তে৷ আপোনাৰ মনত আছে৷ সেই একেটা পৰম্পৰাকে অব্যাহত ৰাখি এতিয়া আমি আধুনিক মানুহে কথাই প্ৰতি ফটোখন মাৰি প্ৰমাণ কৰিবলগীয়া বিষয়টোৰ একো একোটা প্ৰমাণ সৃষ্টি কৰি যাওঁহক৷ এই কথাবোৰ ঠিক তেনেকুৱা পৰ্যায়ৰে৷ বুজিছে বৰুৱা?

: সেইকাৰণেই হ’বলা আমাৰ মিছেছে ভাতকেইটা ৰান্ধিলেও ফটোখন মাৰে, চুলিকেইডাল আঁচুৰিলেও ফটোখন মাৰে, মাছৰ কাঁইটে বিন্ধিলেও ফটোখন মাৰি ম’বাইলত সুমুৱাই থয়৷ সেইবোৰ মানে সব প্ৰমাণহে৷

: ঠিকেই ধৰিছে৷ কেৱল ফটোৰ তলত এ.প্ৰ.বি.টো উহ্য হৈ থাকে৷ মানুহবোৰ আজিকালি চালাক হ’লযে! উহ্য হৈ থকা, লুকাই থকা বস্তু বৰ ফট্‌ফটীয়াকৈ দেখে৷

: চলিহা, আপোনাক ধন্যবাদ৷ এটা বৰ জটিল কথা আজি আপুনি ধুনীয়াকৈ বুজাই দিলে৷

মই ভকতিত গদ্‌গদ‌্ হৈ ক’লোঁ৷

: বাৰু হ’ব৷ এতিয়া ফটোখন মাৰক৷ চাব যাতে টাটিখনৰ সৈতে মোৰ মুখখন ধুনীয়াকৈ ওলাই থাকে। ফ্লেছটো অ’ন কৰি ল’ব।

ধন্যবাদ স্বীকাৰ কৰি চলিহাই পকেটৰ পৰা ম’বাইলটো উলিয়াই মোক বলপূৰ্বকভাৱে চমজাই দিলে।

: দিয়ক সোনকাল কৰক৷ বেলি ওলাব এতিয়া।

টাটিখনৰ এটা মূৰ দাঙি চলিহা ফটো উঠিবলৈ সাজু হ’ল। সাজু হ’ল বৰুৱাৰ মুখৰ মিচিকিয়া হাঁহিটোও।

“ক্লিক্, ক্লিক্, ক্লিক্”

হাত-চাত যিমান পাৰি চিধা কৰি ম’বাইলেৰে চলিহাৰ দহখনমান ফটো মাৰিলোঁ। এবাৰ ওপৰে-ওপৰে ফটোকেইখন চাই তাৰপিছত ম’বাইলটো চলিহালৈ আগবঢ়াই দিলোঁ।

: বঢ়িয়া!

ফটোকেইখন চাই চলিহাক যথেষ্ট উৎসাহিত দেখা গ’ল।

: এতিয়া কি কৰিব চলিহা?

: কৰিবলৈ কাম ঢেৰ আছে। সদ্যহতে আপোনাৰ টাটিখন পুতিম।

: তাৰপিছত?

: তাৰপিছত মোৰ এই সংস্কৃতিপ্ৰেমী, পৰম্পৰাপ্ৰীতি আৰু বিহুবলিয়া চৰিত্ৰৰ উজ্জ্বল প্ৰমাণ বহন কৰা ফটোকেইখনৰ পৰা ভালৰো ভালখন বাছনি কৰিম। তাৰপিছত সেই নিৰ্বাচিত ফটোখন বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্ব সকলোকে হোৱাটছ্ এপযোগে প্ৰেৰণ কৰিম। টুইটাৰত ‘হেছটেগ মোৰ বিহু মোৰ ভোগালী মোৰ টাটি’ শীৰ্ষকেৰে আপলোড কৰিম৷ তেতিয়া দেশ-দুনীয়াৰ মানুহে ফটোখন চাব আৰু বুজিব যে-বীৰেন চলিহা প্ৰকৃততেই যেন বিহুপ্ৰেমী মানুহ। পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থকা মানুহ।

নিজৰ সমস্ত পৰিকল্পনা ব্যক্ত কৰি চলিহা টাটিখন পুতিবলৈ সাজু হ’ল।

: চলিহা, ৰ’ব। টাটিখন থাকক৷

চলিহাৰ সাৰগৰ্ভ চিন্তাই মোকো ক’ৰবাত চুই গ’ল বোধহয়। সেয়ে চলিহালৈ বুলি সেই নিৰ্দেশ প্ৰেৰণ কৰিলোঁ৷ চলিহা পিচে আচৰিত হ’ল। সুধিলে,

: কিয় বৰুৱা? কি হ’ল?

: ছেলফি এখন উঠোঁ দিয়ক। টাটিখন সমুখত লৈ। প্ৰমাণ এটা মোকো লাগেহে।

: কি সুন্দৰ চিন্তা! আহক, আহক।

মোৰ প্ৰশংসাত পঞ্চমুখ হৈ চলিহাই ফটো মাৰিবলৈ যাৱতীয় প্ৰস্তুতি চলালে। উলাহেৰে নাচি-বাগি মই তেখেতৰ কাষ চাপি গ’লোঁ। উজ্জ্বল প্ৰমাণ এটা আহৰণ কৰাৰ আশাত….৷

☆★☆★☆

7 Comments

  • বঢ়িয়া বঢ়িয়া ।
    (এতিয়া দুখ অকণো লাগিছে, অতবছৰে যে প্ৰমাণ এটাকে ৰাখিবলৈ নহল !)

    Reply
  • এৰা! প্ৰমাণ অবিহনে সকলো মিছা। সুন্দৰ ব্যংগ। ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল ঈশান

    Reply
  • MITALI Saharia

    বৰ ধুনীয়া লাগিল।

    Reply
  • অভিজিত কলিতা

    এজ ইউজুৱেল। নতুন চিন্তা, ৰসাল শৈলী, আৰু সমাজ সচতনতা। ঈশানৰ পৰা ইয়াকে আশা কৰা যায়।

    Reply
  • জাহ্নৱী

    হাঃ হাঃ
    প্ৰমাণ

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷ এ প্ৰ বি৷

    Reply

Leave a Reply to হেমন্ত কাকতি Cancel reply

Your email address will not be published. Required fields are marked *