ফটাঢোল

পৰিসংখ্যা (Statistics by a Dyscalculic) – সমুদ্ৰ কাজল শইকীয়া

চাৰিজন মানুহৰ দেশ এখন। তাৰে চাৰিটা সীমা।
চাৰিসীমাইদি চাৰিজনকৈ সোমাই বহিৰাগত।
তাৰে চাৰিজন হিন্দু, চাৰিজন মুছলমান।
চাৰিজনৰ আগ্ৰাসনত আগৰ চাৰিজনৰ ভেঁ‌টি হেৰায়।
চাৰিজন আৰু আহিলে আন চাৰিজনৰ ভেঁ‌টি মজবুত হয়।

 

চাৰিজনে কয় শান্তি সম্প্ৰীতিৰ কথা,
খোৱা-কামোৰা কৰি মৰে আন চাৰিজন।

 

চাৰিয়ে চাৰিয়ে যোগ কৰি
চাৰিয়ে চাৰিয়ে বিয়োগ কৰি,
পূৰণ, হৰণ আৰু কিবাকিবি কৰি
চাৰিজন চাৰিবেলা বহি লৈ
চাৰিৰ পৰিসংখ্যা এটা উলিয়ায়।
চাৰিজন এই পৰিসংখ্যাত পতিয়ন যায়, চাৰিজন নাযায়।

 

চাৰিজনৰপৰা পৰিত্ৰাণ বিচাৰি চাৰিখন দুৱাৰত টোকৰ মাৰে চাৰিজনে।
ত্ৰিভূৱনে নাঁ‌টে চৌধুৰী ভোগমনক, চাৰি ভূৱন লাগে।
কাণখোৱাই বুজি পায়,
চাৰিজনৰপৰা পৰিত্ৰাণ পোৱাৰ বাট
ত্ৰিজগতপতিৰ চাৰিখন হাততো নাই।

☆★☆★☆

4 Comments

Leave a Reply to জয়ন্ত দাস Cancel reply

Your email address will not be published. Required fields are marked *