জনতা কাৰফিউ “জেই কাৰুণা মাঈকী জেই”-নিৰ্মালি সন্দিকৈ

পোৱালিকণক মুখ হাত ধুৱাই জা-জলপান খুৱাই পঢ়া টেবুলত বহাই পাপনকাইৰ বৰগীত ঘোষাভাগ মিহিকৈ লগাইছোহে; পোৱালিয়ে বোলে, “মা ছাউণ্ড কমোৱা। কিবা হৈছে। শুনানা।” ছাউণ্ড দেখোন যেনি তেনি হৈছে। যি টিখন বাজিছে। পিছে দৰাই আদৰিলে নে, ৰাসত শংখচূড়েই ওলাইছিলনে, আঘোণমহীয়া পথাৰৰ ধান খাবলৈ হাতীয়ে ওলাইছিল নে পানী তোলা ৰাইজ বাজলৈ ওলাইছিল তত্ নেপালো!

বাকী যি হওক নহওক পাকঘৰৰ পৰা লাচিতৰ গতে ওলাই অহা কাঁহী বাতি, হেতা চামুচ, ভগা টিং, চৰু কেৰাহীৰ আৱাজটো চুচুক চামাককে চোনিয়া জেঠাইৰ মাকৰ ঘৰৰ পৰা অহা কৰুণা মামাৰ মূৰতে ঢেং ঢেঙকৈ পৰিল। কৰুণা মামাৰ মূৰা ফুটি যোৱাকে বাই পেলালে বাপ্পেকে আমাৰ  ৰাইজে। উলা মূলা ভাবিছিলে আমাৰ ৰাইজক? ১৭টাইমচ মোগল খেদা মানুহ হয় ভাই! তাতে ৱল্ড’ৰ টপ ম’ষ্ট আম্বুলন কৰা জাতি।

মোটাভায়ে লেটেষ্ট ভিডিঅবোৰ চাই ৬৭০বাৰ হাৰ্ট ফেইল কৰি কৰি এতিয়া বৰফত মূৰ গুজি ভাবি আছে, “…লা! সঁচাকে মেৰা ভাৰত মহান বে! মই ইমানো কৰিব দিয়া নাছিলো যিমান কৰি দিলে!

চোনিয়া জেঠাইহঁতৰ মাকৰ ঘৰৰ ফালে হেনো মানুহ বাজলৈ ওলাব নোৱাৰাকৈ ৰাস্তাত কেইবাশও লায়ন আৰু টাইগাৰ মেলি দিছে। মোটাভায়ে হিমুদাক ইয়াতো তাকে কৰিবলৈ কৈছিল। পিছে আমাৰ দাদাই ক’লে বোলে, “আমাৰ ইয়াতে মোতাভাই, প্ৰচেছন কৰি কিনে লায়েনচবকো কুটি বাচি ৰাতিলৈ ভোজ খাই দিব পাৰে!ছৌ, ইমান ভাবিব নালাগে! কৰুণাই মানুহ মৰিলেও ইমান প্ৰব্লেম নাই। আমিতো আকৌ ফিলাপ কৰিয়ে দিম ন্না?”

তা পা মোতাভায়ে আমাৰ দাদাক, ভিডিঅ’ কলতে চুমু দি দিলে, “তুমি জিনিয়াছ বে!”

মানুহৰ হাতৰ থাল, গিলাচ, বাতি, চামুচ, বাল্টি, চিলিণ্ডাৰ আদি বিভিন্ন বাদ্যযন্ত্ৰৰ কাণতাল মৰা সুমধুৰ সংগীতত ভেবা চেকা খাই কৰুণা মোমাইটিয়ে কোনোমতে প্ৰাণ লৈ দৌৰিবলৈ ধৰিলে। কি গাঁও, কি নগৰ, গোটেইখনতে বাটে পথে পৰুৱাৰ দৰে লানি নিচিগা ধাৰেৰে মানুহেই মানুহ দেখি মামাই নাৰ্ভাচ ফিল কৰি পেলালে। কৰুণা মামাই আনকালে ঘপকে কাৰোবাৰ নেলুত ধৰি লয়। আজি পিছে লোকৰ নেলুত কি ধৰিব, নিজৰে চাফ’কেচন হ’ব লগা গতি। পিলপিল পালপাল পেন্দুকণাৰ পৰা আলৰ বুঢ়া বুঢ়ীলৈকে ৰাস্তাত মানুহেই মানুহ। তেনেই দূৰ্গা পূজাৰ গতি। জেলেপী দোকান দুখনমান দিবলৈহে বাকী। মানুহবোৰে দাঁত চেলাই চেলাই ঘটি বাতি বজাই বজাই নাচিছে, গাইছে, উকিয়াইছে। জঁপিয়াওতে দুটামানে মানুহ মৰি যোৱাকৈ গেলা পাদো মাৰিছে।

কৰুণা মামাই ওকলিয়াবলৈ বুলি ভিৰৰ পৰা ওলাই দৌৰ মাৰিলে। পিছে বেচেৰা বেছি দূৰ যাবলৈ নেপালেই, বাঘৰ আগতেল খোৱা এমখাই ট্ৰাক এখনত উঠি টেটুফলা চিঞৰ মাৰিলে, বোলে জেই কাৰুণা মাঈ কী জেই!

কৰুণা মামাই মূৰে কপালে হাত দি ৰাস্তাৰ গোবৰ এচপৰাতে থেপেক কৈ বহি দিলে। ইম্মান বেইজ্জতি কৰে ঔ ইহঁতে! হৰি হৰি! গোটেই পৃথিৱীয়ে কৰুণা মামাক সমীহ কৰিছে। ইহঁতে ৰাস্তাত পিংপিঙাই ফুৰা কৰুণাটোকো কিহৰ কিটো বুলি নেগলেক্ট কৰি দিব পাৰিছে! তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি বোলে, কাৰুণা মাঈকী জেই!

হেৰৌ মতা নে মাইকী জানিতো ল। দেৱতা নে অসুৰ সুধিতো ল। ডিৰেক্ত বিপদনাচনী মাঈকী, মনচামাঈকী, বগলামুখী মাঈকী, বিছকৰমা মাঈকী বোলাদি কাৰুণা মাঈকী কৰি পেলালিহঁত যে!

কৰুণা মামাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। তাৰ নিচেই ওচৰতে দুটা গেলা নৰ্দমা। বেবীৰ হেৰি কৰা হাগিচৰ পৰা কেঁচা পাচলিৰ বাকলিলৈকে পৰি  আছে তাত। কাৰুণা মামাই কান্দি কান্দিয়ে ক’লে, মই যামগে আঊ। ইয়াত মো বেমা হে হ’ব।

কৰুণা মামাই ফেৰীত উঠিবলে বুলি নৈ পাৰ পালেগে। শনি জাকৰ ট্ৰাকখন তাতে ৰখাই থোৱা আছিল। শনিজাকে গগণ ফালি ফালি, কাৰুণা মাঈকী জেই বুলি চিঞৰি বালিচৰতে নাচি আছে।

এইবাৰ কৰুণা মামাই বালিতে মুখ গুজি হুকহুকাই কান্দি দিলে।

শনিমখাই চিঞৰিয়ে থাকিল। ঠিক্ চে বিচৰ্জন কৰৌ। জেই কাৰুণা মাঈকী জেই।

☆ ★ ☆ ★ ☆