একতাই পৰম বল- শাণ্ডিল্য মহন্ত

আমাৰ জাতিটোক লৈ বহুসময়ত বহুজনে কাট মৰা দেখা যায়। বেছিভাগ সময়তে তেনেকুৱা কথাবোৰে এটা বিষয় স্পৰ্শ কৰি যায় যে অসমীয়া মানুহৰ হেনো একতা নাই। এনেকুৱা কথা আলোচনা কৰা কেইজন যে অকল বাহিৰা মানুহেই তেনে নহয়, তাৰ মাজত অনেক এতিয়াও খাৰ খাই ভাল পোৱা অসমীয়াও থাকে। আমাৰ মুলুকখনৰ যদি এতিয়াও উন্নতি নোহোৱাকৈ আছে তাৰ মূলতে এই নিজৰ দোষ খোঁচৰা কেঁকোৰাবোৰ। বাকীকেইটাই বাৰু হিংসা কৰিয়ে তেনেকৈ কয় মানিলোঁ, আমাৰ নিজৰ চুকত থাকি বুকুত কামোৰা অবালচন আপত্তিজীৱীকেইটাৰ কথা ভাবিলেহে মনটো টেঙাই যায়।

সেই আহোম ৰজাৰ দিনৰে পৰা কমতি একতা দেখুৱাই আহিছোঁ নে!! ইতিহাস-পাতিহাঁহ, বুৰঞ্জী-ফটা গেঞ্জী যিয়েই মেলি নেচাওঁ কিয়, আমাৰ একতাৰ কথা এল ই ডি লাইটতকৈয়ো উজ্বল আখৰেৰে চকু চাঁত মাৰি ধৰাকৈ লেখি থোৱা দেখা পাম তাত কোনো সন্দেহ নাই। মান-ইংৰাজৰ আগত একতাৰে আঁঠু লোৱাৰ পৰা আৰম্ভ কৰি এতিয়া ৰজাৰ প্ৰতিটো কথাত হয়ভৰ দি প্ৰভুভক্তি দেখুওৱালৈকে – কোনোবাই আমাক বলে পাৰিব নেকি! সৌ সিদিনা ৰজাই ক’লে কাঁহী বজা। আমি একোৱে বাকী নেৰাখিলোঁ। খোল-তাল, কাঁহী-বাতি বজাই মাটি-ভেঁটি উৰি গৈ বাঁহগছৰ আগ পাবলগীয়া কৰিলোঁ যি কৰিলোঁৱেই, ৰাস্তাত প্ৰচেছন উলিয়াই পৃথিৱী তল-ওপৰ কৰি পেলালোঁ। হাৰ্টৰ জোৰ কম থকা নৰ-মনিচৰ ধাতু বাজ হওঁ হওঁ হৈছিল।

হঁহাই হাঁহিবই। অকল দাঁত নিকটাবলৈ জনাকেইটাই ভাল কথাতো হাঁহিব। এতিয়া উদাহৰণস্বৰূপে, দেশৰ ধোদমখাক একেলগ কৰি ৰজাদেৱে কমটো আলি বন্ধোৱাই থৈ গৈছে নে! চকুচৰহাকেইটাই ভালটো নেদেখি আকৌ আমাক‌ এলেহুৱা বুলিহে হাঁহে। এতিয়া ৰাম-হৰি, যদু-মধু কোনোবাই ৰাস্তাই-ঘাটে-বজাৰে চাধা এপালি মাৰক চোন! “মোকো এপালি দিবা হে” বুলি একতাৰ যি বলিয়া বান আহিব, আহা! তাকে দেখি উলাহত আমাৰ মন প্ৰাণ উথলি উঠিলেও অসঞ্জাতীৰ সঁচ কেইটাই আমাক নিচাখোৰ কানীয়া বুলিহে কাণত ফুচফুচাব। গতিকে আমাৰ অচমীয়া কৰ্মবীৰ ভাই বন্ধুহঁত, য’তে ত’তে লাগি ধৰা এইবোৰ অগৰা গুটিলৈ কাণ নকৰিবাহঁক। যিয়ে যি কওক, আমি কৰ’ণালৈ বুঢ়া আঙুলি দেখুৱাই একেলগে বজাৰ কৰিবলৈ যামেই, দূৰণিবটীয়া যাত্ৰাত বাচ ৰখাই একেলগে সৰুপানী চুবলৈ যামেই, সকলো একেলগ হৈ জেচিবিয়ে মাটি খন্দা বা পুখুৰীৰ পানী সিঁচা চাবলৈ যামেই; আমাৰ একতা দেখুৱামেই।

☆ ★ ☆ ★ ☆