বৰদৈচিলাই উৰুৱাই নিয়া মোৰ প্ৰেম- মৃদুলা গগৈ

: আপোনাৰ প্ৰেম বিবাহ হৈছিল নে?

: হয় মোৰ প্ৰেম বিবাহ হৈছিল।

: আপোনাৰ জীৱনলৈ প্ৰথম প্ৰেম কেতিয়া আহিছিল?

: আপোনাৰ প্ৰথম প্ৰেম সফল হৈছিল নে?

: প্লিজ… কৈ আছোঁ সকলোবোৰ। ইমান ওপৰা-ওপৰিকৈ প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম! লাহে-ধীৰে সকলোবোৰ ক’ম। ধুনীয়াকৈ বহি লৈছোঁ ক’বলৈ বুলি। চকুকেইটাও ডাঙৰকৈ মেলি লৈছোঁ।

ধেৎতেৰি, সপোনহে দেখি আছিলোঁ। হওক তেওঁ সপোনতে আজি সাংবাদিকৰ ইমানবোৰ প্ৰশ্নৰ মুখামুখি হ’লোঁ। এই প্ৰথম প্ৰেমৰ প্ৰশ্নটোৱে মোক পিছ নেৰিছে অ’। কাৰোবাৰ লগত প্ৰেমৰ বিষয়ে কথা এষাৰ পাতিবা, সুধিবই নহয় “আপোনাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল?” হোষ্টেলততো ক’বই নালাগে, ৰেগিঙৰপৰা আৰম্ভ কৰি ৰুমমেটজনীলৈকে – “তোৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল অ’?” আজি সপোনতো সেই একেবোৰেই, “প্ৰথম প্ৰেম”।

কিমানবাৰ প্ৰেমত পৰিছোঁ হিচাপ নাই। ক’ৰপৰা প্ৰথম প্ৰেম মনত থাকিব? কাকো চিঠি এখন দিয়া নাই, কাৰো লগত ডেটিঙলৈ যোৱা নাই মানেতো এইটো নহয় যে মই কাৰো প্ৰেমত পৰা নাই। কাৰোবাক দেখিতো ক্ষন্তেকৰ বাবেও হ’লেও হৃদয়ৰ কোনোবা চুকত ঝঙ্কাৰ সৃষ্টি হৈছে। এদিনৰ বাবেওতো প্ৰেমত ডুব গৈছোঁ। এনেকুৱা এদিন বা কেইটা দিন আহিছে? ঝঙ্কাৰ সৃষ্টি কৰি থৈ যোৱা কেইজন বা আছিল? হিচাপ কৰা নাই এতিয়ালৈ।  মনত নাই বুলি নকওঁ কিন্তু মনত নেপেলাওঁ। আজি এই সপোনটোৱে মনটোকে খেলি-মেলি লগাই দিলে নহয়। বাৰে বাৰে দেখোন মনটো জীয়ৰী দিনবোৰলৈ উৰি উৰি গৈছে।

নিজকে বুজাইছোঁ, “হেৰ’ মৃদুলা, তোক সঁচাকৈ সাক্ষাৎকাৰ লোৱা নাই। তই সপোনহে দেখিছিলি। বাদ দে প্ৰথম প্ৰেমত মূৰ ঘমাবলৈ।” নাই মই মনত পেলাম আজি মোৰ প্ৰথম প্ৰেম। কেনেকৈ ফাটিল মোৰ প্ৰথম প্ৰেম মনত পেলামেই।

উৰি গ’ল মনটো সেই দিনকেইটালৈ। ব’হাগ বিহুলৈ মাত্ৰ কেইটামান দিন আছে। আবেলি পৰত ঢোলৰ গুমগুমনিত গাঁওখন ৰজনজনাই থাকে। ঢোলৰ মাতটো শুনাৰ লগে লগে মোৰো মনটো নাচি উঠে।  নাচিবলৈ মন যায় ঢোলৰ চেৱে চেৱে। মোৰ মা আকৌ যিজনীহে, নাচিব লাগিলে ভৰিকে ভাঙিব। মাৰ মতে গাভৰু হ’লি এতিয়া নাচিবলৈ দিন আছে নে? মাৰপৰা আঁতৰ হৈ লুকাই লুকাই ঘৰতে নাচি ফুৰোঁ। কেতিয়াবা কাষৰ খুৰীহঁতৰ ঘৰত গৈ, কেতিয়াবা আকৌ ভঁৰালৰ আগতে এপাক নাচি লওঁ।

গাঁৱৰ ল’ৰাবোৰে সেইবাৰ “ব’হাগী উৎসৱ” পাতিছিল। দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ মাজতে ৰাতিলৈ আমাৰ গাঁৱৰ বিহুদলটোৱে প্ৰদৰ্শনীমূলকভাৱে বিহু হুঁচৰি পৰিবেশন কৰাৰ কথা। এজনী নাচনী কম হৈ থকাৰ বাবে ল’ৰাবোৰে মাক হাতে ভৰিয়ে ধৰি মোক নাচিবলৈ দিয়াৰ অনুমতি ল’লেহি। মোক আৰু সেইবাৰ কোনে পায়। এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিয়েকৰ বিয়া। মাৰ মন ভাল লগাকৈ কামবন কেইটামান কৰি আবেলি সদায় ৰিহাৰ্চেল কৰিবলৈ বুলি ওলাই যাওঁ।

“লাহে লাহে কৰি এই নাচনী আঁহানো নাচি নাচি….
ঘিৰ ঘিৰ তাক তাক ঘিৰ ঘিৰ তাক তাক….”
…………………………………………………

…………………………………………………

বিহু গীতে ঢোলৰ মাতে গাঁৱৰ ৰংগমঞ্চটো গমগমাই থাকিবলৈ ধৰিলে। গাঁৱত ভাল ঢুলীয়া নথকাৰ বাবে ঢোল বজাবলৈ বেলেগৰপৰা ঢুলীয়া আনি লৈছিল।  নাচি থকাৰ মাজতে নতুন ঢুলীয়ালৈ চাওঁ। ইমান ধুনীয়াকৈ মূৰটো জোকাৰি জোকাৰি ঢোল বজাই দেখিলেই ভাল লাগে। ঘৰত থকাৰ সময়তো ল’ৰাজনৰ ঢোল বজোৱাৰ চেওটোকে মনলৈ আহি থাকিবলৈ ধৰিলে। পঢ়া টেবুলত বহি লৈ নাচি থকাৰ সময়খিনিকে মনত পেলাই থাকোঁ। নতুন ঢুলীয়াৰ মুখখনে চকুৰ আগত অগাদেৱা কৰিবলৈ ধৰিলে।  ঢোলৰ চাপৰ মনত পেলাই কঁকালটো অনবৰতে ভাঙিয়ে থকা হ’লোঁ। এনেই বিহুগীত লিখা নাই দেই –

“চেনাই ঐ তোৰে কথা ভাবি

 ঘৰতো নবহে মন…..”

দিনটো যদি ৰিহাৰ্চেল কৰি থাকিবলৈকে পালোঁ হয়!  তাক দেখাৰ লগে লগে বুকুখন ধান বনাদি বানিবলৈ ল’লে।

প্ৰথমবাৰৰ বাবে মোৰ মনৰ এই অৱস্থা। কোনোদিন অনুভৱ নকৰা এক শিহৰণ। ঢোলৰ চাপৰত ভাঁহি অহা প্ৰেমৰ বতাহজাকে মোকো ঢোলত মৰা কোবৰ দৰেই কোবাইছে। ঢোলৰ চাপৰত নাচনী হৈ টাকুৰি ঘূৰাদি নাচি থকাৰ লগে লগে প্ৰেমৰ বতাহজাকতো হালি-জালি নাচি ফুৰিছোঁ।

নিৰ্দিষ্ট দিনটোত ৰাতি পুৱাৰেপৰা ওখল মাখল লাগি আছে। ধুনীয়াকৈ নিজকে সজাইছোঁ। দিনটোৰ কাৰ্যসূচীবোৰত ভালকৈ মন বহাব পৰা নাই। কাৰণ ঢুলীয়া দিনত নাহে। বেলেগত প্ৰগেম থকা বাবে আমাৰ ৰাতিৰ প্ৰগেম আৰম্ভ হোৱাৰ সময়তহে পাবহি।

সন্ধিয়াতে সাজি-কাজি নাচনীজনী হৈ ওলাই আছোঁ। বেলেগ কাৰ্যসূচী চলি আছে। আমাৰ দলটোও  পিন্ধি-উৰি সাজু হৈ আছে। ঢুলীয়া আহি পোৱাৰ লগে লগে প্ৰগেম আৰম্ভ হ’ব।

ঢুলীয়া আহিব বুলি বাটলৈ চাই ৰৈ আছোঁ। হায়  আমাৰ কঁপাল! ঢুলীয়াতকৈ আগতে বৰদৈচিলাহে আহি পালেহি। বিজুলী ঢেৰেকণি ধুমুহাই আমাৰ অঞ্চলটোত বাৰুকৈয়ে তাণ্ডব চলাবলৈ ধৰিল। কোনো মানুহ ক’তো যাব নোৱাৰা হ’ল। পেন্দেল ভাঙি যাওঁ যাওঁ হৈছে। টিনবোৰ এখন এখনকৈ উৰিবলৈ ধৰিল। কেইখনমান টিন সুদৰ্শন চক্ৰ ঘূৰাদি ঘূৰিবলৈ ধৰিল। চিঞৰ বাখৰ, কন্দা কটা। কাৰো মাত কোনেও নুশুনা অৱস্থা। মাইকত এজনে চিঞৰিবলৈ লাগিছে,

“ৰাইজ মূৰ তল কৰক…
ডিঙি কটা যাব..

মূৰ সোমোৱাই ৰাখক …”

ধুমুহা কমিবলৈ পালে কি নাপালে। যেনে তেনে কৰি সকলো ঘৰলৈ যোৱাৰ চেষ্টা চলালে। কাৰোবাৰ চেণ্ডেল থাকি গ’ল, কাৰোবাৰ বেগ, কাৰোবাৰ দুপাত্তা। সেইবোৰলৈ  চোৱা নাই কোনেও, ঘৰলৈ পলোৱাৰ ধান্দা সকলোৰে। আমাৰ মায়েও মোক হাতখনতে ধৰি চোঁচৰাই অনাদি ঘৰলৈ লৈ আহিল। বৰদৈচিলাৰ প্ৰকোপত ঢুলীয়াৰ কথা পাহৰিয়ে থাকিলোঁ। ঘৰ পাইহে মনলৈ আহিছে। দুদিনমানৰ পিছত শুনিলোঁ ঢুলীয়া বোলে বিহুৰ বাবেহে আহি আমাৰ তাত থাকি লৈছিলহি। বিহুৰ পিছতে ঘৰলৈ গুচি গ’ল। দিন যোৱাৰ লগে লগে মোৰ মনৰপৰাও ঢুলীয়াৰ ছবিখন আঁতৰি গ’ল। আজিও নাজানিলো মোৰ প্ৰথম প্ৰেমৰ ঢুলীয়াজন ক’ত কেনেকৈ আছে। ঢোলে-দগৰে অহা মোৰ প্ৰথম প্ৰেম বৰদৈচিলাই উৰুৱাই লৈ গ’লগৈ।

☆ ★ ☆ ★ ☆