ফটাঢোল

অসমীয়া লিপিৰ সৰলীকৰণ অপ্ৰয়োজনীয় — মনোহৰ দত্ত

‘আমাৰ অসম’ কাকতৰ ২৪ ছেপ্টেম্বৰ, ২০১৮ সংখ্যাত প্ৰকাশিত আমাৰ এক লেখাৰ আঁত ধৰি, সম্পাদিত ৰূপত এই লেখাটো ‘ফটা-ঢোল’ ই-আলোচনীলৈ আগবঢ়ালোঁ। প্ৰথমতেই দোহাৰিছোঁ, বৰ্তমানৰ পৰিস্থিতিত অসমীয়া ভাষা অসমৰ অধিক মানুহে যাতে কয়, লিখে আৰু পঢ়ে – আমি তেনে পৰিৱেশ ৰচনা কৰাহে যুগুত। তেনেদৰে নতুন প্ৰজন্মক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আকৰ্ষিত কৰিবলৈ হ’লে – তেওঁলোকৰ মনত ভাষা-প্ৰেম জগাই তুলিব লাগিব। ভাষা-প্ৰেমে যে জাতি এটাক সংগঠিত আৰু সবল কৰে সেই কথা বুজাব লাগিব। যি কি নহওঁক, এচাম অসমীয়াই অসমীয়া লিপিৰ সৰলীকৰণৰ পক্ষে ভিন্ন

Read more