ফটাঢোল

মহাপলায়ন পৰ্ব (অষ্টম খণ্ড)–অভিজিত কলিতা

(সপ্তম খণ্ডৰ লিংক) অষ্টম খণ্ড == মৃত্যু উপত্যকা == পূৱা ৫ বাজিছে।একেলগে এসোপামান এলাৰ্ম বাজি উঠিল। মানুহবোৰ কেৰমেৰকৈ শ্লীপিং বেগৰ পৰা ওলাল। বাহিৰত উষ্ণতা এতিয়াও শূণ্যৰ তলত। তম্বুৰ ওপৰত বৰ‌ফৰ পাতল আচ্ছাদন। বতাহজাক কিন্তু মৰা নাই। প্ৰায়সকলোৱেই যোৱাকালিৰ ৰাতিটো ভাল টোপনি মাৰিছে- সকলোৱে অক্সিজেন লৈ শুইছে। শক্তি সঞ্চয় কৰিব লাগিব, এতিয়াহে আচল পৰীক্ষা আৰম্ভ হব। আশংকা কৰা মতে কোনেও বৰ বেছি অসুবিধা অনুভৱ কৰা নাই এতিয়ালৈকে। – উঠক উঠক, সোনকাল কৰক। যিমান পাৰি সোনকালে আৰম্ভ কৰিব লাগে। – হব হব,

Read more

মহাপলায়ন পৰ্ব (সপ্তম খণ্ড) –অভিজিত কলিতা

(ষষ্ঠ খণ্ডৰ লিংক) == কেম্প নং ১ ৰ পৰা ২ লৈ == পিছদিনা পূৱা ২ নং কেম্প অভিমূখে যাত্ৰা আৰম্ভ হ’ল। সকলো প্ৰায় মহাকাশচাৰীৰ বেশত। সকলোকে শ্বেৰ্পাসকলে অক্সিজেন চিলিণ্ডাৰ বান্ধি দিলে, প্ৰেছাৰ এডজাষ্ট কৰি দিলে। আৰু লাহে লাহে সৰু সৰু গোটত বিভক্ত হৈ দলটো আগবাঢ়িল। বিপ্লৱে আকৌ অক্সিজেন নলয়। সি হেনো জনমত অক্সিজেন লৈয়েই পোৱা নাই- তাক গল্ড ফ্লেক কিং চাইজটো পালেই হ’ল- বাকী হাৱা বতাহ তাক নেলাগে। চুৰুক চুৰুক মাৰি বিপ্লৱ বাকী বিলাকতকৈ আগবাঢ়িল। এই দুইটা কেম্পৰ মাজৰ ঠাইখিনিক

Read more

মহাপলায়ন পৰ্ব (ষষ্ঠ খণ্ড) – অভিজিত কলিতা

  (পঞ্চম খণ্ডৰ লিংক) ফাকদিঙৰপৰা নামচে বজাৰ — পিছদিনা ৰাতিপুৱাই সকলোকে লৰালৰি কৰিবলৈ কঠোৰ ভাৱে কোৱা হ’ল। কাৰণ আজি বহুদূৰ ট্ৰেকিং কৰিব লাগিব, মনজ’ হৈ ৩৪৪০ মিটাৰ উচ্চতাৰ নামছে বজাৰ পাবগৈ লাগিব। এইটো শেষ বসতি, ইয়াৰ পাছত আৰু ক’তো জনপ্ৰাণী পোৱা নেযাব, কফি হাউছো নাই। গতিকে খৰধৰ কৰিব লাগিব। আজিৰ যাত্ৰাও কালিৰ দৰে পাহাৰৰ তললৈ নমাৰে আৰম্ভ হ’ল। বাটটো সৰু সৰু গাওঁ আৰু ঝুম খেতিৰ পথাৰেৰে ভৰা। ঝুম খেতিবোৰৰ মাজে মাজে শেলুৱৈ লগা শিলৰ দেৱাল। পথ বেয়া হ’লেও নামনি মুখী

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(প্ৰথম খণ্ড) (দ্বিতীয় খণ্ড) (তৃতীয় খণ্ড) (চতুৰ্থ খণ্ড) (অন্তিম খণ্ড) হাঁহি খিকিন্দালি, সুহুৰি হুইছেল, ধিনচাক পূজাৰ সংগীতৰ মাজেৰে ৰেম্পত মডেলিঙৰ অনুষ্ঠানটো পাৰ হৈ গ’ল৷ ষ্টেজখন লাহে লাহে পুনৰ অন্ধকাৰ হৈ পৰিল আৰু ইফালে দৰ্শকৰ ফালটো আলোকিত হৈ পৰিল৷ ষ্টেজৰ ঠিক সোঁফালে পাঁচগজমান দূৰতে আমাৰ কন্ট্ৰোল ৰুম৷ মডেলবিলাক ষ্টেজৰপৰা নামি আগফালে ভি আই পিৰ বাবে থকা নিজৰ নিজৰ আসনবোৰত বহিলগৈ৷ ষ্টেজৰপৰা সৰু জানটোৰ ওপৰেদি দৰ্শকৰ আসনলৈ যাব পৰাকৈ সৰুকৈ কাঠেৰে এখন দলঙৰ দৰে বনাই দিয়া হৈছিল৷ ষ্টেজ আৰু ভি আই পি

Read more

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(পঞ্চম খণ্ড) পদযাত্ৰা আৰম্ভ — সোনকালে কৰিব বুলি আৰু সকলো কাম লৰালৰিকৈ কৰিব পাৰি নে? ৰাইজ সাজু হওঁতেই বহু সময় লাগিল। কংকনাবা আৰু প্ৰণীতাবা আকৌ গা পা ধুই পূজা সেৱা নকৰাকৈ ক’লৈকো নেযায়। শেষত পুৱা এঘাৰমান বজাত সকলো একেঠাইতে গোট খালে। কংকনাবা আৰু প্ৰণীতাবাই কপাহী মেখেলা ছাদৰ পিন্ধি ফোঁট লগুণ লৈ তমষ্কাৰ হৈ আহিছে। ময়ুৰীয়ে নতুন ফেচনৰ পাটৰ ছেট এটা পিন্ধিছে। ৰীতুপৰ্নাৰ জিনচ পিন্ধিবলৈ মন আছিল, কিন্তু কংকনাবাই জোৰ কৰি তাইকো মেখেলা ছাদৰ পিন্ধাইছে। বাকী সকলৰো অনুৰূপ ড্ৰেছ, কাৰোবাৰ বেনাৰসী

Read more

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(চতুৰ্থ খণ্ড) হিমালয় যাত্ৰা – বাকী যাত্ৰা গতানুগতিক, একেবোৰেই কথাবতৰা, গতিকে অলপ চমুৱাই থ’লো। চাৰিদিন তিনিৰাতি একেৰাহে যাত্ৰা কৰি বাছখন কাঠমাণ্ডু চহৰ সোমালগৈ। তাত ইৰাণীয়ে অপেক্ষা কৰি আছিল, লগত কেইবাজনো নেপালী মানুহ, হয়তো শ্বেৰ্পা। তেওঁলোকে বয়-বস্তুবোৰ সামৰি এখন ধৰমশালাত সোমালগৈ। চাৰিদিনীয়া যাত্ৰাই তেওঁলোকক ভাগৰাই তুলিছে, আজিহে ভালকৈ শুব পৰা যাব। ইয়াত তিনিদিন আৰাম কৰিব লাগিব। চেঙেলীয়াকেইটাৰ কিন্তু দুখ ভাগৰ নাই। সিহঁত লগে লগে কাঠমাণ্ডু চাবলৈ ওলাল, পশুপতি মন্দিৰৰ সমূখত ধুনীয়া সাজপাৰ কৰা ছোৱালীবোৰ চাই চাই হেঁপাহেই নপলায়। : আস্ গোটই

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(চতুৰ্থ খণ্ড) বহু আশা আকাংক্ষাৰ ওৰ পেলাই অৱশেষত আহি পৰিল সেই বিশেষ দিনটো৷ ছাকিৰা আজি আহিব ফটাঢোলৰ বিহুলৈ৷ ৰাতিপুৱাৰপৰা কাৰো গাত তত নাই৷ বিশেষ বিমানেৰে ছাকিৰাই অৱতৰণ কৰিব দিনৰ বাৰ বজাত গুৱাহাটী বিমান বন্দৰত৷ প্ৰায় আঠখন ইনোভা আৰু এখন মিনিট্ৰাক লৈ সঞ্জুবাবা এণ্ড কম্পেনীৰ দায়িত্ব হ’ল ছাকিৰাক বিমান বন্দৰৰপৰা হোটেল ৰেডিচন ব্লুলৈকে অনা আৰু বাদ্যযন্ত্ৰবোৰ চিধাই আমাৰ গাঁৱলৈকে অনা৷ বেছিভাগ সা-সৰঞ্জাম কালিয়েই আনি ষ্টেজত স্থাপন কৰা হৈছেই৷ মনিছা আৰু বালিকাৰ বাহিৰে ফটাঢোলৰ প্ৰায় সকলো সদস্য আজি আমাৰ গাঁৱত৷ ৰাস্তাত পুলিচ

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(তৃতীয় খণ্ড) ৰাতিপুৱা হ’কাৰটোৱে নিউজ পেপাৰকেইখন দি থৈ গ’ল৷ চাহকাপ হাতত লৈয়ে প্ৰথম চকুত পৰিল হেডলাইনটো – “ছাকিৰা আহিব অসমৰ বিহুলৈ”। এডিটৰিয়েল পেজটো চালো, বিপ্লৱৰ আৰ্টিকেলটোও ওলাইছে৷ আশাকৰা ধৰণেই ফালি দিছে বিপ্লৱে৷ ছাকিৰাৰ আগমনত অসমীয়াৰ বাপতিসাহোন বিহু আৰু সংস্কৃতি যে অধঃপতনে যাবলৈ অকনো বাকী নাই তাক পুংখানুপুংখভাবে বিশ্লেষণ কৰিছে৷ অন্য এখন বাতৰিত চকুত পৰিল জে আৰ ডিৰ লেখাটো৷ উশৃংখল যুৱ মানসিকতা আৰু পশ্চিমীয়া অপসংস্কৃতিৰ ওপৰত সুন্দৰ লিখনি৷ ছাকিৰাৰ আমদানীয়ে যে কাঠফুলাৰ দৰে গজি উঠা অপসংস্কৃতিক উৎসাহ যোগাইছে তাক ষ্পষ্ট ভাষাত

Read more

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(তৃতীয় খণ্ড) হিমালয় যাত্ৰাৰ প্ৰস্তুতি — অৱশেষত বহুতো গুণা গঁঠা আৰু আলোচনা, লগতে ইৰাণীৰ নেৰা-নেপেৰা প্ৰচেষ্টাত ফটাঢোলৰ ৰাইজৰ এভাৰেষ্ট অভিযানৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হ’ল। আচলতে সৰ্বসন্মতিক্ৰমে বুলি ক’ব নোৱাৰি, প্ৰায়বিলাকেই নিস্ক্ৰিয়ভাৱে গতি-গোত্ৰহে চাই থাকিল, না কোনো লাইক, না কমেণ্ট, না খবৰ-খাতি। তেওঁলোক হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি। কেৱল কেইজনমান লোকে নেৰানেপেৰা প্ৰচেষ্টাৰে এই সিদ্ধান্তৰ লগতে যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিলে। সকলোকে জগিং আদি কৰি নিজকে সক্ষম কৰি তুলিবলৈ ইৰাণীৰ নেতৃত্বত এক আন্দোলন গঢ়ি উঠিল। কেইজনমান তালৈয়ো নগ’ল। তেওঁলোকে হেনো এনেই

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(দ্বিতীয় খণ্ড) ফাংচন অনুষ্ঠিত হ’বলগীয়া জেগাখিনি চাফ-চিকুণ কৰি ৰখাৰ বাহিৰে মোৰ বিশেষ কৰিবলগীয়া কাম নাছিল৷ এসপ্তাহ পিচত গন্ত বৰুৱাই দুই ট্ৰাক বাহৰ লগতে মূল ষ্টেজৰ বাবে এলুমিনিয়ামৰ ষ্ট্ৰাকচাৰেল আইটেম পেলালেই৷ গন্ত বৰুৱা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়েৰিংৰ এক্সপাৰ্ট মানুহ৷ চাওঁতে চাওঁতে দুই তিনি দিনত বিশাল ষ্টেজ আৰু পেণ্ডেলে আকৃতি ল’বলৈ আৰম্ভ কৰিলে৷ পুলিচৰ মানুহে জেগাডোখৰ পিয়াপি দি ফুৰিবলৈ ধৰিলে৷ গ্ৰুপৰ প্ৰায়ভাগ মানুহে মোৰ ঘৰলৈ অহা যোৱা কৰাত লাগিল৷ ডাঙৰ ডাঙৰ গাড়ীবোৰ লৈ লৈ অহা যোৱা সঘনাই হ’বলৈ ধৰিলে৷ সেইকেইদিন আমাৰ এওঁ মানুহক চাহ-তামোল

Read more
1 3 4 5 6 7 9