ফটাঢোল

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(চতুৰ্থ খণ্ড)

বহু আশা আকাংক্ষাৰ ওৰ পেলাই অৱশেষত আহি পৰিল সেই বিশেষ দিনটো৷ ছাকিৰা আজি আহিব ফটাঢোলৰ বিহুলৈ৷

ৰাতিপুৱাৰপৰা কাৰো গাত তত নাই৷ বিশেষ বিমানেৰে ছাকিৰাই অৱতৰণ কৰিব দিনৰ বাৰ বজাত গুৱাহাটী বিমান বন্দৰত৷ প্ৰায় আঠখন ইনোভা আৰু এখন মিনিট্ৰাক লৈ সঞ্জুবাবা এণ্ড কম্পেনীৰ দায়িত্ব হ’ল ছাকিৰাক বিমান বন্দৰৰপৰা হোটেল ৰেডিচন ব্লুলৈকে অনা আৰু বাদ্যযন্ত্ৰবোৰ চিধাই আমাৰ গাঁৱলৈকে অনা৷ বেছিভাগ সা-সৰঞ্জাম কালিয়েই আনি ষ্টেজত স্থাপন কৰা হৈছেই৷ মনিছা আৰু বালিকাৰ বাহিৰে ফটাঢোলৰ প্ৰায় সকলো সদস্য আজি আমাৰ গাঁৱত৷ ৰাস্তাত পুলিচ মিলিটাৰীৰপৰা ভি আই পিলৈকে লোকে লোকাৰণ্য৷ মাজে মাজে গন্ত বৰুৱাই ষ্টেজৰ পিচফালে থকা গ্ৰীণৰুম পৰ্যবেক্ষণ কৰাত ব্যস্ত৷ বিজিতে হাতত ফোন দুটা লৈ টাকুৰী ঘুৰাদি ঘূৰি ফুৰিছে৷ এটাৰ পিচত আনটো ফোন এটেণ্ড কৰি অনৰ্গল মানুহক ডিৰেকচন দি গৈছে৷ ৰিন্টু, জীমনিহঁত মেইন পেণ্ডেলৰ পিচফালে থকা এফ এণ্ড বি ষ্টলত খোৱা-বোৱা মেন্যু নিৰীক্ষিণ কৰাত ব্যস্ত৷ তাৰ কাষতে দীঘলীয়া ফুড পাৰ্ক৷ দৰ্শকৰ প্ৰয়োজন অনুসৰি খোৱালোৱাৰ সুবিধা ৰখা হ’ব৷ বিভিন্ন টিভি চেনেলবোৰে নিজৰ নিজৰ নিৰ্দ্ধাৰিত কৰি দিয়া স্থান অনুসৰি কেমেৰা আৰু অন্যান্য সা-সৰঞ্জাম স্থাপন কৰি আছে৷ সন্ধিয়া পাঁচটালৈকে পেণ্ডেলত মানুহ ওলোৱা-সোমোৱা কৰিব পাৰিব বুলি কোৱা হৈছে৷ পাঁচটাৰপৰা আঠটালৈকে মেইন গেটৰে টিকেট লৈ দৰ্শক প্ৰবেশ কৰিব পাৰিব৷ ইমাৰ্জেন্সী এক্সিট প্ৰায় বাৰটা আছে৷ কিবা হুৱাদুৱা হ’লে মানুহ প্ৰায় দহ মিনিটত এই বাৰটা গেটেৰে বাহিৰ ওলাবলৈ ব্যৱস্থা ৰখা হৈছে৷ দুখন ফায়াৰ ব্ৰিগেডৰ গাড়ী ডিষ্ট্ৰিক এডমিনিস্ট্ৰেচনৰ ফালৰপৰা দিছে৷ ফটাঢোলৰ ক’ৰ গ্ৰুপৰ মেম্বাৰকেইজন ষ্টেজৰ কাষতে থকা ইমাৰজেন্সী কন্ট্ৰোল ৰুমত বহিব, য’ত বিজুলী বাতিৰ নিয়ন্ত্ৰণ আৰু বাকী নিৰাপত্তাজনিত দল থাকিব৷ পৰিকল্পনা মতে বিজয়, ৰামানুজক পেণ্ডেলৰ মূল প্ৰবেশদ্বাৰত ছিকিউৰিটিৰ লগতে প্ৰথমে ৰখা হ’ব আৰু মানুহ পূৰা সোমোৱাৰ পিচত তেওঁলোকে কিউটি পলা আৰু বন্দিতাক সেই দায়িত্ব দি ফাংচন উপভোগ কৰিব৷ কোনো দৰ্শকে পানীৰ বটল, কণী, পচা বিলাহীজাতীয় সামগ্ৰী যাতে লগত ৰাখিব নোৱাৰে সেয়া মূখ্য প্ৰবেশদ্বাৰত সোমোৱাৰ আগতে সুনিশ্চিত কৰিব চুন্টু আৰু কৌচিকে৷ সমগ্ৰ পেণ্ডেলতে প্ৰায় চল্লিশটা চি চি টিভি কেমেৰা স্থাপিত কৰা হৈছে৷ তাক মনিটৰ কৰিব দুই হিমাংশুৱে৷ ষ্টেজত ডান্স আদি কৰোতে হ’বপৰা কোনো অভাৱনীয় ঘটনাৰ সন্মুখীন হ’লে গন্ত বৰুৱাৰ চাপোৰ্ট ষ্টাফ ৰেডী ৰাখিবলৈ কোৱা হৈছে৷ অসময়ত হোৱা পাৱাৰ কাটৰপৰা ৰেহাই পাবলৈ এটা এক মেগাৱাট ডিজেল জেনেৰেটৰ প্ৰায় আধা কিলোমিটাৰ দূৰত মেইন পাৱাৰ লাইনৰ লগত সংযোগ কৰা হৈছে৷

সকলো ব্যৱস্থা ঠিক ঠাক বুলি জানি মেইন ইভেন্ট হোৱাৰ আগে আগে ঘৰৰপৰা পাক এটা মাৰি আহোঁ বুলি ঘৰলৈ গ’লোঁ৷ বিজিতক কৈ এওঁৰ কাৰণেও টিকেট এটা লৈছিলোঁ৷ ছাকিৰাক চাবলৈ এওঁৰো যে হেঁপাহ এটা পেটে পেটে আছিল গম পাইছিলোঁ৷ প্ৰায় পাঁচবজাত ঘৰ-দুৱাৰ তলা মাৰি এওঁক লৈ ফাংচনলৈ আহি গ’লোঁ৷ গধূলি হোৱাৰ লগে লগে ঠাইখিনিৰ ৰেহৰূপ বদলি হৈছিল৷ আমাৰ মেলেঙা গাওঁত এক মহানগৰীয়া পৰিবেশে বিৰাজ কৰিছিল৷ সদায় দেখি থকা হোলোঙা নদীখন বিজুলী বাতিৰ পোহৰেৰে আলোকিত হৈ যেন হৈ পৰিছিল এক চিত্ৰকৰৰ হাতৰ পৰশেৰে সজীৱ হৈ পৰা পেইণ্টিং৷ এওঁক নি বিজয়ৰ লগত পেণ্ডেলত সুমুৱাবলৈ চমজাই দি মই কন্ট্ৰোল ৰুমৰ ফালে কি হৈ আছে চাও বুলি পোনালো৷ ইতিমধ্যে মানুহ হোৰাহোৰে মূখ্য পেণ্ডেলত প্ৰবেশ কৰা আৰম্ভ হৈছিলেই৷ ৰাস্তাত বান্ধি থকা মানুহৰ জুমবোৰ কমিব আৰম্ভ হ’ল কাৰণ প্ৰায় দুঘন্টাত মানুহ নিজৰ জেগাত বহিবলৈ আৰম্ভ হৈছিল৷ ফটাঢোলৰ ভলেন্টিয়াৰসকলে মানুহ বহুৱাত লাগিল৷

সঞ্জুবাবাৰপৰা গধূলি সাতবজাত পোৱা খবৰমতে ছাকিৰা আহি উপস্থিত হোৱালৈকে আৰু প্ৰায় দুঘন্টা বাকী৷ কন্ট্ৰোল ৰুমলৈ গৈ দেখিলো ছাকিৰাক আদৰণি পৰ্বৰ কাম আৰম্ভ হও হও৷ কাৰ্য্য ক্ৰমনিকা মতে আদৰণি অনুষ্ঠান এটা হ’ব৷ তাত তেওঁক ফুলাম গামোছাৰে আদৰণি জনোৱা হ’ব৷ গ্ৰুপৰ চিনিয়ৰ মেম্বাৰৰ আলোচনা মৰ্মে প্ৰনীতা মেডাম আৰু কুনকুনী বায়ে গামোছা পিন্ধাই আদৰণি জনাব৷ অনুষ্ঠানটো ষ্টেজত আৰম্ভণিৰপৰা পৰিচালনা কৰিবলৈ আৰু ঘোষক হিচাবে মানুহ এজন ঠিক কৰিবপৰা নাছিলোঁ৷ ইংৰাজী জনা মানুহ আৰু মঞ্চ শুৱনি মানুহ হিচাবে জে আৰ ডি আৰু মিদুলৰ নাম প্ৰস্তাৱ কৰিলোঁ৷ মিদুলে নিজে অনুমান লগায়ে ধুতি কুৰ্টা পিন্ধি আহিছিলেই৷ অলপ কনট্ৰাস্ট কৰিবলৈ ডে আৰ ডিক চ্যুট টাই পিন্ধোৱা হ’ল৷ ইফালে মহিলা এনাউন্সাৰ হিচাবে ৰিতুপৰ্না আৰু বিজুক দায়িত্ব দিয়া হ’ল৷ সকলো কাম সুচাৰুৰূপে হ’লেও মোৰ বুকুখন দুৰু দুৰু কৈ কপি আছিল মনিছা আৰু বালিকাৰ পাৰফৰমেন্সক লৈ৷ যদি কিবা অঘটন ঘটে আজি, গ্ৰুপৰ অস্তিত্ব ধুলিত মিহলি হৈ যাব৷ ত্ৰিশহেজাৰ দৰ্শকৰ এহেজাৰেও যদি চৰ গোৰ এটাকৈ মাৰে কোনো বাচি নেথাকিব৷ এইবোৰ ভাবি চিন্তি টেনচনতে গৈ গ্ৰীণৰুমৰপৰা ওলাই গ’লোঁ৷ বেচি টেনচনত দৰৱ এপালিয়ে লও৷ মোৰ গড়মাৰ্কাবিধ৷ পিচে আজি বিলাতী লোৱাৰ দিন৷

বিজিতে মোৰ চকুলৈ চাই টেনচন গম পায়েই গ্ৰীণৰুমৰ সিটো মূৰৰ স্ক্ৰীণৰ আঁৰত থকা পাঁচ লিটাৰৰ বটলটোলৈ আঙুলিয়ালে৷ সেইটো সমূহীয়াৰ বাবে ৰখা বুলি জানি সেইটোৰপৰা কেইঢোকমান গিলি ল’লো৷ অলপ আগতে সেই চুকটোৰপৰাই ধ্ৰুৱ আৰু ৰিন্টুক ওলাই যোৱা দেখিছিলোঁ৷ দ্বিতীয়বাৰ দীঘলকৈ ঢোকটো মাৰিহে অলপ শান্তি অনুভৱ কৰিলোঁ৷ লাহে লাহে মনলৈ আৰু চকুমুখলৈ এক প্ৰশান্তিৰ ভাব আহি পৰিল৷ মুখমণ্ডলত নাই কোনো ভাবাবেশ৷ এতিয়া ‘জৌ হোগা দেখা যায়েগা’ ধৰণৰ এক আবেগ জাগ্ৰত হৈ পৰিল৷

কন্ট্ৰোল ৰুমত অলপ হুৱাদুৱা লগা যেন পালোঁ৷ ঘূৰি আহি দেখো বিজিত আৰু পল্লুৰ সৰুসুৰা বাকযুদ্ধ এখন৷ বাকী ৰাইজ মৌন৷ কথাৰ আতিগুৰি বুজি লৈ গম পালো যে ছাকিৰা ষ্টেজত উঠিবলৈ যিহেতু প্ৰায় দুঘন্টা সময় বাকী, গতিকে লোকেল আৰ্টিষ্টৰ প্ৰগ্ৰেম এটা ‘হব্বই লাগিব’ বুলি পল্লুয়ে বিজিতক দম দিয়া আৰম্ভ কৰিছে৷ ইফালে হাজাৰ হাজাৰ দৰ্শক অধীৰ অপেক্ষাত চিঞৰ বাখৰ লগাইছেই৷ কথাটো গুৰুত্বপূৰ্ণ যেন দেখি ময়ো সন্মতি জনালো৷ চিখৰে আহি হঠাৎ এটা প্ৰপোজেল দিলে যে এনেকুৱা প্ৰগ্ৰেমত ফেচন শ্ব’ এটা কৰিবপৰা যায়৷ আৰু মডেলো ৰেডী৷ কোন বুলি সোধাত যি কেইজন/জনীক আঙুলিয়াই দেখালে মোৰ চকু কপালত উঠিল৷ সকলো ফটাঢোলৰ আপিয়েই সুন্দৰী হৈ এনেকৈ সাজি কাচি আহিছে যে ধৰাৰ উপায় নাই৷ একমাত্ৰ ৰিতুপৰ্নাত বাহিৰে কোনেও মেখেলা চাদৰ পিন্ধি অহা নাই৷ কোনোবাই ফটা জিন্স, কোনোবাই হাফ পেন্ট আৰু টপ, আনকি মিনি স্কাৰ্টো৷ কোন তিৰি কোন আপি ধৰিবৰ উপায় নাই৷ পুৰুষৰ ভিতৰত ডিম্পল, চুনটো, কৌচিক, চিখৰ, ডুলু, মেধি, নয়ন, ধনজিত, হেমেন, মিশ্ৰ আদি সকলো চ্যুট টাই মাৰি একদম টিপটপ৷ ইফালে তামুলী আৰু অৰ্চনাক ৰখাই টান হৈ পৰিছে৷ মান্তা, চুইটী, কৃষ্ণা, চন্দনাক মেক আপৰ কোবত চিনিবই নোৱাৰি৷ বিজিতক ক’লো উঠাই দিয়া সকলোকে৷ অন্ততঃ দৰ্শকৰো মনোৰঞ্জন হওক। মডেলবোৰৰো মনোবাঞ্ছা পূৰ্ণ হওক আৰু টাইম পাছো হওক৷ পল্লু আৰু গীতাশ্ৰীও মডেলিং কৰিবলৈ ৰেডী হোৱাত বিজিতে সুৰসুৰকৈ সেই স্থান ত্যাগ কৰিলে৷ যোৱাৰ আগতে কাণে কাণে কৈ গ’ল —

: দাদা আপুনি চম্ভালক, মই অলপ দেৰি যাওঁ, ইহঁতক চাই থাকিব নোৱাৰিম৷

অনুষ্ঠান আৰম্ভ কৰাৰ আগে আগে আমাৰ ফাইনেল এক্সিট প্লেনটোও টেষ্ট কৰি লওঁ বুলি বিজিতক মনে মনে সোঁৱৰাই দিলোঁ৷ বিজিতে ‘এক মিনিট’ বুলি কৈ মেইন ছুইচটো বন্ধ কৰি দিলে৷ চকুৰ পচাৰতে সমগ্ৰ অঞ্চলটো ঘোৰ অন্ধকাৰে গ্ৰাস কৰিলে৷ দৰ্শকৰ মাজৰপৰা অদ্ভুত চিঞৰ বাখৰবোৰ আহিব ধৰিলে৷ চুইচটো অন কৰি বিজিতে মোলৈ চাই চকুটিপ এটা মাৰি হাঁহিলে৷ একেই হাঁহিৰে ময়ো প্ৰত্যুত্তৰ দি বুঢ়া আঙুলিটো টোৱাই দেখুৱালো৷ বিজুলীবাতিৰ ৰঙা নীলা পোহৰে পুনৰ মঞ্চ উদ্ভাসিত কৰি তুলিলে৷

মিদুল আৰু জে আৰ ডিয়ে হাতত মাইক্ৰোফোন দুটা লৈ মঞ্চত প্ৰবেশ কৰিলে৷ এক গুৰু গম্ভীৰস্বৰেৰে ৰাইজক উদ্দেশ্যি এবাৰ অসমীয়া আৰু এবাৰ ইংৰাজীত চমুকৈ কৈ মঞ্চ মুকলিৰ কথা ঘোষণা কৰিলে৷

নেপথ্যত চিখৰে ছিলেক্ট কৰি থোৱা প্ৰায় ২০,০০০ ৱাটৰ চুপাৰহিট আবহ সংগীত বাজিব ধৰিলে! কুখ্যাত গায়ক তাহেৰ চাহৰ ‘এঞ্জেলে’ এক মৃদু খলকনিৰ ঢৌ তুলি গ’ল৷ মডেলিঙৰ প্ৰথম পুৰুষ দলটো তাহেৰ চাহৰ ‘এঞ্জেল’ৰ সুৰে বেতালে আগমন ঘটিল৷ তেওঁলোক ঘূৰি যোৱাৰ পিচতেই আৰম্ভ হ’ল মহিলা মডেলৰ আগমন৷ মহিলাৰ আগমনত সংগীতৰ পৰিবৰ্তন হ’ল। ধিনচাক পুজাৰ ‘চেলফী মেইনে লে লী’ৰ সুৰৰ তালে তালে ৰঙা নীলা পোহৰৰ আঁৰ লৈ লয়লাস ভংগিমাৰে ৰেম্পলৈ আগুৱাই আহিল পল্লু, গীতাশ্ৰী, মান্তা, চুইটী প্ৰমুখ্যে মডেল এজনী এজনীকৈ৷ দৰ্শকৰ একদম সন্মুখলৈ আহি এজনী এজনীকৈ ক্ষন্তেক প’জ এটা এটা দি লাহে ঘুৰি যায়৷ তুমুলভাবে উত্তেজিত দৰ্শকে হাঁহি-খিকিন্দালি, সুহুৰি-হুইছেল আদি বজাই তেওঁলোকক উদগনি দি থাকে৷ সেই সময়খিনি পোহৰৰ মায়াজালে সকলোকে এক কল্পনাৰ ৰাজ্যলৈ লৈ যায়৷

(আগলৈ)

☆★☆★☆

4 Comments

  • Anjan Sadhanidar

    চাকিৰাক ডিচেম্বৰত কিন্তুু মঞ্চত উঠাব দাদা৷ বাকী মজা লিখিছে দেই৷

    Reply
  • বঢ়িয়া..
    “..চেলফী মেইনে লে লী আজ..” 😀

    Reply
  • কমলা দাস

    চাকিৰাক গোৱাবই কিন্তু

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে সাংঘাটিক বৰ্ণনা। তাত বহি থকা দৰেই পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *