ফটাঢোল

বীৰেণ সংবাদ – মানস শইকীয়া

পুতলীয়ে ফাদাৰ ডেভিদহঁতক খেদাৰ পিছদিনা কাঠিগৰকীয়া ৰাম মাধৱ সত্ৰৰ নামঘৰত পুৱা প্ৰসংগৰ পাছত বৰভগীয়া সোমেশ্বৰ ভকতে কথাষাৰ উলিয়ালে বোলে…………. “পৰভু ঈশ্বৰ, বলীধৰৰ পুতেকৰ কাহিনীটো শুনিছেনে? কালি সেই ফিৰিঙ্গি ফেদাৰটোও আহিছিল৷ বলীধৰৰ পুতেক বোলে সিহঁতৰ ভগৱান৷ আমাৰ সত্ৰৰ শিচবোৰকো টানে৷ এতিয়া কি কৰে?” সত্ৰাধিকাৰ পৰমানন্দ দেৱগোশ্বামীয়ে কিছু পৰ মৌন হৈ থাকি মাত লগালে৷ “কালি জাঁজীপৰীয়াৰ ঘৈণীয়েকে গোঁসানীক কৈ থাকোতে কথাবোৰ শুনিছোঁ৷ ইহঁতৰ পৰা নোৱাৰা হৈছোঁ৷ মিৰি-মিছিং খিনিক সিহঁতৰ পকীয়া কৰিলেই৷ এতিয়া আমাৰ সাতমপুৰুষীয়া শিচতো হাত দিছে৷” “পৰভু, এনেকৈ থাকিলে কোনোবা দিনা

Read more

ফটাঢোল এডভেঞ্চাৰ (ষষ্ঠ খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

তাবিজৰ মায়াজালত চিণ্টু লাহে লাহে আকৌ মনিকাৰ বশীভূত হৈছিল৷ তাত থকা দিনকেইটাৰ প্ৰতিদিন গধূলি চিণ্টু মনিকাৰ লগত প্ৰায়ে ওলাই গৈছিল আপাৰ মানহাটানৰ পৰা অলপ পূৱত,৮১০ ইয়ঙ্কাৰ এভিনিউত থকা এম্পায়াৰ চিটি কেচিনোলৈ৷ সুৰা, সুন্দৰী আৰু জুৱাৰ নিচাত আকণ্ঠ ডুবি থকাটো আছিল চিণ্টুৰ নিত্য-নৈমিত্তিক ঘটনা৷ বাকী সময়খিনিও বিভিন্ন মানুহৰ লগত ফোন নহ’লে কিবা মিটিঙতে ব্যস্ত থকা দেখিছিলোঁ৷ চিণ্টুৰ ব্যস্ততাৰ আঁৰ লৈ ইতিমধ্যে আমি নিউইয়ৰ্ক চহৰৰ অলি-গলি ঘূৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ আমি মানে বিজয়, মই আৰু পেট্ৰিচিয়া৷ ক’বলৈ পাহৰিছিলোঁৱেই যে সেইকেইদিন পেট্ৰিচিয়াই আমাক নিউইয়ৰ্কৰ

Read more

আকৌ কুৰুক্ষেত্ৰৰ আখৰা – দেৱজিত শইকীয়া/মানস শইকীয়া

(খণ্ড-৩) “সেইয়া দেখিছা, মই কৈছিলোনে? ভাওনা পাতিম বুলি শুনাৰ লগে লগেই মহিলা সমিতিয়ে বিসম্বাদ আৰম্ভ কৰিলেই৷” ৰিণ্টুমনি দত্তই বিজয়ক উদ্দেশি কৈ গ’ল৷  “এই বিসম্বাদ বস্তুটো অসমত এতিয়া ঘৰে ঘৰে৷ এসময়ত জিন্দাবাদ শুনিলো, তাৰ পিছত যাক জিন্দাবাদ কৈছিল সিহঁতকে আকৌ মূৰ্দাবাদ কোৱা শুনিলো৷ জিন্দাবাদে জাতীয়তাবাদ কৰি লাভৰ মুখ নেদেখাত ৰাষ্ট্ৰীয়তাবাদ বুলি চিঞৰিবলৈ ধৰিলে৷ মাজতে বিসম্বাদে একনায়কত্ববাদ কৰি সংবাদ মাধ্যম গৰম কৰি আকৌ সকলো বৰবাদেই কৰি পেলালে৷” বিজয়ে বোলে, “ৰিণ্টুদা আপুনি হ’লে কি কৈ আছে মই একো বুজা নাই৷” ৰিণ্টু : ক’ত

Read more

বীৰেন সংবাদ – মানস শইকীয়া

(খণ্ড-১) আপোনালোকে ইতিমধ্যে ভাস্কৰজ্যোতি বৰুৱাৰ ‘ফেচবুকত কুৰুক্ষেত্ৰ’ত পোৱা বীৰেন নামৰ অসমীয়া ডেকাৰ চৰিত্ৰটো সম্বন্ধে অৱগত৷ তেখেত কোন, ক’ৰ, কেনে- এনেবোৰ কথা জানিবলৈ মন নাযায়নে? সেই উৎকণ্ঠাতে এই স্বয়ঙে নিজাববীয়াকৈ অনুসন্ধান কৰি কিছু কথা জানিব পাৰিছোঁ-তাকে দুআষাৰ কওঁ৷ মাজুলীৰ কোনোবা এখন অখ্যাত গাঁৱত কাতিমহীয়া কোনো এটা নিশাত এগৰাকী ধাই কেঁচুৱা এটা প্ৰসৱ কৰাই কঁপি উঠিছিল৷ কেঁচুৱাটো জন্মৰ পিছৰে পৰা মাতবোল নাই৷ তেওঁৰ জ্ঞান-বুদ্ধিমতে সকলোখিনি কৰাৰ পিছতো কেঁচুৱাটোৱে কন্দা নাই৷ এনেতে, আকাশত এক বিজুলীৰ চমক৷ লগতে, কাণতাল মাৰি যোৱা গাঁজনি৷ সকলো আচৰিত৷

Read more

আকৌ কুৰুক্ষেত্ৰৰ আখৰা– দেৱজিত শইকীয়া/মানস শইকীয়া

খণ্ড : এক : নামঘৰত নালাগে বুজিছা বিজয়, মিটিংখন দত্তৰ ঘৰতে দিয়া৷ নামঘৰত মোৰ মাটিত বহিবলৈ অলপ প্ৰব্লেম হয়, জানাই নহয়৷ কাকতিদাই বিজয়ক কথাষাৰ কৈ দত্তলৈ মানে ৰিণ্টুমনি দত্তলৈ ফোন লগালে৷ ৰিণ্টুমনি দত্ত, গাঁৱৰ উন্নয়ন সমিতিৰ সম্পাদক৷ সম্পাদক মানে হাতে কামে একোতো নায়েই, ৰাজহুৱা মেল মিটিঙতো ছাঁটোকে দেখা পোৱা নাযায়৷ সহকাৰী সম্পাদক বিজয়েই সকলো কৰিবলগীয়া হয়৷ যোৱাবছৰ নতুন কমিতি গঠন কৰাৰ আগে আগে নামঘৰ উন্নয়নৰ বাবে পঞ্চাশ হাজাৰ টকাৰ দান আৰু নামঘৰৰ বাটচ’ৰাটো ককাকৰ নামত দিম বুলি কাৰোবাৰ আগত কোৱাৰ

Read more

ফটাঢোল এডভেঞ্চাৰ (পঞ্চম খণ্ড) — হেমন্ত কাকতি/বিজয় মহন্ত

আমাৰ যাত্ৰাপথৰ সকলো ভয়ৰ অন্ত পেলাই ২১ ঘণ্টীয়া যাত্ৰাৰ অন্তত সদৌশেষত আমাৰ জাহাজে আমেৰিকাৰ মাটি চুলেগৈ৷ নিউইয়ৰ্কৰ জন এফ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ জাহাজে ব্ৰেক মাৰি অৱতৰণ কৰিলে৷ নিজৰ নিজৰ টালি টোপোলা উলিয়াই বিমানৰপৰা নামি আহিলো। চিণ্টু, মণিকা আৰু মই নামি বিজয়লৈ ৰ’লো। সকলোকে আচৰিত কৰি বিজয় আৰু সেই মেমনিজনী হাতত ধৰাধৰি কৈ নামিল৷ আমাক দেখি বিজয়ে লাজতে হাতখন এৰুৱাই ল’লে৷ তাৰ ফালে অলপ ঘোপাকে চাওঁতে মেমনী চোৱালীজনীয়ে আমাক সকলোকে আচৰিত কৰি ভগা ভগা অসমীয়াতে ক’বলৈ আৰম্ভ কৰিলে- “মাই

Read more

সলিউশন এক্স (একাংকিকা নাটক) (অন্তিম খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

অণিমাঃ  ইঃ বৰ হাউ গুডু দেখুৱাইছে। তুমি হাউগুডুৰ কি জানা? একেবাৰে মাৰি বহুৱাই দিম। শম্ভুনাথঃ ইমান সহজ নহয়। অণিমাঃ হৈ যাওঁক এবাৰ। শম্ভুনাথঃ বেছ, হৈ যাওঁক। এই লাইন (ভৰিৰে লাইন টানে।) চু—উ–উ– অণিমাঃ ৰ’বা,  ৰ’বা (কমৰত আঁচল বান্ধিলৈ ) শম্ভুনাথঃ চু — উ–উ–উ— (উশাহ লৈ) উ–উ–উ— অণিমাঃ এই তুমি দুবাৰ উশাহ লৈছা, দুবাৰ উশাহ লৈছা — শম্ভুনাথঃ কেতিয়াও নহয়। অণিমাঃ আলবৎ লৈছা। নেখেলো, যোৱা। শম্ভুনাথঃ আচ্ছা, আচ্ছা, আকৌ । চু–উ–উ (অণিমা প্ৰায় ধৰা পৰে) অণিমাঃ এই বিৰাম বিৰাম শম্ভুনাথঃ (

Read more

ফটাঢোল এডভেন্সাৰ (চতুৰ্থ খণ্ড)- হেমন্ত কাকতি/ বিজয় মহন্ত

ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত নামিয়েই বিজয় আৰু মই প্ৰায় উৱাদিহ হেৰুৱালোঁ৷ চাৰিওফালে চায়েই জলক-তবক দেখিলোঁ৷ মই বোলো বিজয়, এই জাহাজ পৰা জেগাখনেই চোন ফ’ৰেনতকৈ কম নহয়! চিণ্টু আৰু মণিকাই এনেভাৱে গৈ আছে যেন একো হোৱা নাই৷ বিজয়ে কৈ উঠিল “কাকতি দা ইণ্ডিয়াই যদি ইমান ধুনীয়া, তেতিয়া হলে ফ’ৰেন কি হব?” মই একো নকৈ চিন্টুৰ ফালে চালোঁ৷ চিন্টুয়ে কলে –“দাদা আমি টাৰ্মিনেল-১ত আছোঁ৷ আন্তৰাষ্ট্ৰীয় ফ্লাইটৰ বাবে এতিয়া সোনকালে টাৰ্মিনেল-৩লৈ আহক, মোৰ পিছে পিছে৷” আমি একো নকৈ লাউঞ্জৰ ভিতৰে ভিতৰে চিন্টুৰ

Read more

ফটাঢোল এডভেন্সাৰ (তৃতীয় খণ্ড) – হেমন্ত কাকতি

প্ৰায় তিনি দিন চাইকেল চলাই ভাগৰি পৰিছিলোঁ৷ বিজয়ৰো অৱস্থা বেয়া৷ ৰাস্তাই ঘাটে হোৱা নগুৰ নাকতিৰ কথা বাদেই দিলো৷ বিজয়ে এপাকত হুমনিয়াহ এটা কাঢ়ি ক’লে – “কাকতি দা, বাদ দিয়ক, ঘৰলৈয়ে যাওঁ!আৰু নোৱাৰিছোঁ৷ মোৰো মানুহজনী কান্দি কাটি অস্থিৰ৷ যি হ’ল হ’ল, ঘৰতে খাওঁ বলক শুদাই-নিকাই হ’লেও৷ পিচে এতিয়া ঘৰত কেনেকে ঘুৰি যাওঁ? মোক নেৰিব তাই!” মই বোলো ৰবা, তোমাক আলৈ-আথানি নকৰোঁ৷ মই তাইক বুজাই-বঢ়াই ঘৰত থৈ আহিম গৈ৷ চিন্তা নকৰিবা৷ মোকো আমুৱালে৷ ইফালে চাইকেলৰ চিটটোৱে কাটি কাটি মোৰ অৱস্থা গুৰুতৰ৷ ময়ো

Read more

সলিউশন এক্স (একাংকিকা নাটক) (৩য় খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

  অণিমাঃ নাই, তোমালোকৰ গিনিপিগ আছে, বান্দৰ আছে তাৰ ওপৰত পৰীক্ষা কৰা। নিজৰ ওপৰত এই ভূতৰ ঔষধ আৰু পৰীক্ষা কৰিবলৈ নিদিও। শম্ভুনাথঃ ( শান্ত আৰু দৃঢ় স্বৰে) গ্লাছটো দিয়া অণিমা,  মই টেষ্ট কৰিবই লাগিব। অণিমাঃ নিদিও (পেলাই দিব খোজে)। শম্ভুনাথঃ পেলাই লাভ নাই অণিমা। মই পুনৰ তৈয়াৰ কৰি লম। ইয়াত নোৱাৰিলে ইন্সটিটিউটত খাম। টেষ্ট মই কৰিবই লাগিব। অণিমাঃ টেষ্ট কৰিবই লাগিব· শম্ভুনাথঃ হয়। এই অৱস্থাত মই এৰি দিব নোৱাৰো। অণিমাঃ ঠিক আছে কৰা টেষ্ট। (একে শোহাই পি খায়) শম্ভুনাথঃ কি

Read more
1 5 6 7 8 9