বীৰেন সংবাদ – মানস শইকীয়া
(খণ্ড-১)
আপোনালোকে ইতিমধ্যে ভাস্কৰজ্যোতি বৰুৱাৰ ‘ফেচবুকত কুৰুক্ষেত্ৰ’ত পোৱা বীৰেন নামৰ অসমীয়া ডেকাৰ চৰিত্ৰটো সম্বন্ধে অৱগত৷ তেখেত কোন, ক’ৰ, কেনে- এনেবোৰ কথা জানিবলৈ মন নাযায়নে?
সেই উৎকণ্ঠাতে এই স্বয়ঙে নিজাববীয়াকৈ অনুসন্ধান কৰি কিছু কথা জানিব পাৰিছোঁ-তাকে দুআষাৰ কওঁ৷
মাজুলীৰ কোনোবা এখন অখ্যাত গাঁৱত কাতিমহীয়া কোনো এটা নিশাত এগৰাকী ধাই কেঁচুৱা এটা প্ৰসৱ কৰাই কঁপি উঠিছিল৷ কেঁচুৱাটো জন্মৰ পিছৰে পৰা মাতবোল নাই৷ তেওঁৰ জ্ঞান-বুদ্ধিমতে সকলোখিনি কৰাৰ পিছতো কেঁচুৱাটোৱে কন্দা নাই৷ এনেতে, আকাশত এক বিজুলীৰ চমক৷ লগতে, কাণতাল মাৰি যোৱা গাঁজনি৷ সকলো আচৰিত৷ বিনামেঘে বজ্ৰপাত৷ ভয়ত কম্পমান হোৱাৰ পিছতে কেঁচুৱাটোৰ কান্দোনে এক জয়াল পৰিৱেশ সৃষ্টি কৰিলে৷
তাৰ কেইদিনমানৰ পিছত ভদীয়া বেজৰ ওচৰত চোৱাই ল’ৰাৰ নাম থোৱা হ’ল বীৰেন৷ একলা-দুকলাকৈ লাহে লাহে ডাঙৰ হৈ আহিল৷ মৰমলগা ল’ৰা বীৰেন৷ এটা সময়ত তাৰ কলকলনিবোৰ শব্দ হ’ল৷ কোনেও নিশিকোৱাকৈ সি মাকক মাতাশ্ৰী, দেউতাকক পিতাশ্ৰী আাদি শ্ৰী লগাই সম্বোধন কৰা হ’ল৷ গাঁৱৰ ফণীধৰ মাষ্টৰে বোলে-ইটো কম নহয়৷ ই মহা পণ্ডিত হ’ব৷
পাঁচ বছৰ বয়সতে বীৰেনক মাষ্টৰৰ পঢ়াশালিতে নাম লগাই দি দেউতাক বলীধৰে বোলে,“মাষ্টৰ ইয়াক তোমাতে গতালোঁ আও৷ গিয়ানী পণ্ডিত, যি হয় হব৷”
এদিনৰ কথা৷ মাষ্টৰে মন কৰিলে বীৰেনে তাৰ লগৰ বিজয় বোলাটোক পানীখোৱা ছুটিত মহাভাৰতৰ ধৃতৰাষ্ট্ৰ,-পাণ্ডুৰ জন্ম-বৃত্তান্ত কৈ আছে৷ কি চমৎকাৰ বৰ্ণনা ! কমন ৰুমলৈ মাতি আনি সোধাত ক’লে-সি হেনো আগতেই জানে৷ মাষ্টৰে সন্ধিয়ালৈ গৈ বলীধৰক কোৱাত বলীধৰে বোলে-“আমাৰ দৰে উপজিয়েই কেঁকোৰা নাঙলত ধৰা মানুহে ক’ৰ সেইবোৰ জানো৷ সি আগতেও সেইবোৰ কৈ থাকে দেখোন৷”
ইয়াৰ পিছৰখিনি কি ক’ম? গাঁৱত ফাটিফুটি গ’ল বোলে বলীধৰৰ পুতেক জাতিষ্মৰ৷ সকলোৱে তাক বেৰি কৰি সোধে, সিও সেইসময়ৰ কথাবোৰ কৈ যায়৷ কিন্তু তাৰ এইটো গুণ বেছিদিন স্থায়ী নহ’ল৷ হাইস্কুলৰ দেওনা পোৱালৈ প্ৰায় শেষেই হ’ল৷ মানুহবোৰে সোধা প্ৰশ্নবোৰৰ উত্তৰবোৰ দিব নোৱাৰা হ’ল৷ সেইখিনি সময়তে বন্ধু বিজয়ৰ পৰামৰ্শমতে ৰাতি মনে মনে নামঘৰৰ পৰা মহাভাৰতখন নি পঢ়িবলৈ ল’লে৷
ইমান একাগ্ৰতাৰে মহাভাৰতখন পঢ়াত সেই মুন্নাভাইৰ দৰে বীৰেনৰ বিৰেইনত ‘কেমিকেল লোচা’ হ’বলৈ ললে আৰু সেই কেমিকেল লোচাৰ বাবেই বীৰেন বৰ্তমান “ফেচবুকত কুৰুক্ষেত্ৰ”ত এটা চৰিত্ৰৰ ৰূপত বিৰাজমান৷
আৰু সেইজনা মহাপুৰুষৰ বিভিন্ন লীলা বৰ্ণাবলৈকে এইখিনি অৱতাৰণা৷
(খণ্ড-২)
তেৰাৰ নামকৰণঃ
বীৰেনৰ জন্মৰ পাঁচদিনৰ দিনা বলীধৰ ওলাল ভদীয়া বেজৰ ঘৰলৈ৷ হাতত আইতাক পেলুকীয়ে বান্ধি দিয়া তামোল-পাণ আৰু ৰূপ এসিকিৰ টোপোলাটো লৈ৷ ভদীয়া বেজৰ ঘৰত আজি যাত্ৰী বহুত৷ কাৰোবাৰ গৰু হেৰুৱা, কাৰোবাৰ লৰা-ছোৱালীৰ অসুখ, কাৰোবাৰ আকৌ টোপোলা পেলোৱা,তাৰিখ চোৱা৷ অনেক মানুহ৷ বলীধৰৰ পাল পৰে মানে বেলি মূৰৰ ওপৰ পালেহি৷
ভদীয়া বেজ এই অঞ্চলৰ নাম কৰা জ্যোতিষী৷ লগতে তেখেতৰ বেজালিও বৰ গুণপকীয়া৷ মানুহটোৰ ওচৰত এৰা গেৰা মানুহ তিষ্ঠিব নোৱাৰে৷ সেয়েহে, কালিসাধক ভদীয়া বেজৰ লগত কোনেও হাই-কাজিয়া নকৰে৷ বলীধৰক দেখা পাই বেজে বোলে-
“কি অ’ বলীধৰ ল’ৰা পালি বোলে? এইটো কেই নম্বৰৰ পিছে?”
বলীধৰে লাজ লাজকৈ উত্তৰ দিলে,
“কাইদেউ, এইটো পৰথম৷ আগৰ তিনিজনী ছোৱালীহে৷ সেয়েহে, বোলোঁ তাৰ নামটোকে চোৱাই যাওঁ৷”
বলীধৰে কথাকিটা কৈয়েই টোপোলাটো বেজৰ সন্মুখত থকা শৰাইখনলৈ আগবঢ়াই দিলে৷ বেজে ল’ৰাৰ জন্মৰ দিন-বাৰ সুধি,ফলি উলিয়াই হিচাপ কৰিবলৈ লৈ দুবাৰমান লিখি দুবাৰমান মচিলে৷ তাৰ পিছত, সন্মুখৰ মাৰ প্ৰতিমালৈ সেৱা কৰি ক’লে,বোলে-“বৰ গুণী ল’ৰা পাইছ৷ আন একো দোষ নাই যদিও মাহ আৰু সময়ৰ বাবে মাহেকীয়াৰ দিনা ভকতক চাউল সিজোৱা অকণ খুৱাবি৷” বলীধৰে বোলে-“কাইদেউ ল’ৰাকণৰ নাম কি ৰাখিম৷” এইবাৰ ভদীয়া বেজে আঙুলি মূৰত গণি কলে,
“দিনবাৰ সময় মতে বৃষ ৰাশি, ভাৰ্গব গোত্ৰে, মীনলগ্নত ল’ৰাৰ জন্ম৷ গতিকে ল’ৰাৰ নাম বীৰেন দিলোঁ দে৷”
ল’ৰাৰ নাম পাই বলীধৰে বেজক নমস্কাৰ আৰু মাৰ থাপনালৈ চাই সেৱাভাগ ধৰি বিদায় ল’লে৷ আৰু এইগুণেই আমাৰ এই অৱতাৰী পুৰুষৰ নাম বীৰেন হ’ল৷
(আগলৈ)
☆★☆★☆