ফটাঢোল

অসমীয়াৰ উদ্যম – ৰুবী বৰা বৰদলৈ

আমাৰ স্কুলখন গাঁও অঞ্চলত। স্কুলৰ পৰা ঘৰলৈ আহোঁতে, জীৱনত প্ৰথমবাৰৰ বাবে এদিন এজন অসমীয়া চানাৱালা দেখিলোঁ। মানে চেহেৰা দেখি ধৰিব পাৰিলোঁ। এখেত বৰা, বৰদলৈ, গগৈ, বৰুৱা, এনেকুৱাই কোনোবা হ’ব। এনেয়েতো সমগ্ৰ ভাৰতৰ বহু নাগৰিকেই বৰ্তমান ভোটাৰ লিষ্ট মতে খাঁটি অসমীয়া, পিছে আমি যিসকল অসমীয়াক এলেহুৱা, কেলেহুৱা, ধদুৱা, সোৰোপা, কাণীয়া, ভঙুৱা বুলি গালি পাৰি থাকোঁ, এইজন সেইসকলৰ মাজৰে এজন। পৰোঁ বুলি ভয়তে স্কুটিখনৰ স্পীড একেবাৰে কমাই লৈ দুবাৰ ঘূৰি ঘূৰি চালোঁ। একদম হয়, এখেত আমাৰে এজন। বিশ্বাস কৰক, মনটো কিন্তু কিবা

Read more

প্ৰেম, প্ৰেমহীনতা, ডিপ্ৰেছন, জীৱন ইত্যাদি – আৰাধনা বৰুৱা

: মোৰ বিষয়ে কিবা কোৱাচোন৷ : তুমি এটা ধুনীয়া দীঘল কবিতা : ….. : কি হ’ল একো নক’লা? : নাই ..ভাৰসাম্য হেৰাই যোৱা যেন লাগিল৷ কোনেও এনেকৈ মোৰ বিষয়ে কাহানিও কোৱা নাই যে .. : ভাৰসাম্য হেৰাইছে? হাতখন আগবঢ়াই দিছোঁ দিয়া..অৱলম্বন বুলি ভাৱিব পাৰা৷ উভয়ে আঁওজি দিয়ে উভয়ৰ অৱলম্বনৰ সৱল যেন লগা হাতখনত৷ কথাবোৰ কেতিয়াবা চিনেমাৰ দৰে এনেকুৱাও হয়, হঠাৎ খুন্দা খালে, হাতৰ বস্তুবোৰ পৰি গ’ল, ইজনে সিজনৰ হাতত তুলি দিয়া বস্তুৰ লগতে চকুৰ বিজুলীৰো আদান প্ৰদান হ’ল..নতুবা চ’চিয়েল মেডিয়াত

Read more

ক্ৰুগাৰলৈ গৈছিলোঁ – অগ্নিভ দত্ত

কৰবাত ফুৰিবলৈ যাম বুলি বৰ বেছি প্লেন শ্লেন কৰা অভ্যাসটো সহজে গঢ়ি নুঠিবগৈ যেনেই লাগে৷ চাউথ আফ্ৰিকা দেশখনক ভগৱানে কিছুমান এনে বস্তু দিছে যে সেইবোৰ চাই চাই যেন কেতিয়াও হেঁপাহ পলাব পৰা নাযায়৷ তেনেকুৱা এটা বস্তু হ’ল ‘ক্ৰুগাৰ নেচনেল পাৰ্ক৷’ ২০১৪ চনত এবাৰ গৈছিলোঁ ৭ দিনৰ কাৰণে৷ পাৰ্কৰ ভিতৰতেই থাকি লৈছিলোঁ সেইবাৰ৷ ঘূৰি ঘূৰি পাৰ্কখনৰ সৰু এটা অংশহে শেষ কৰিব পাৰিছিলোঁ সেইবাৰ৷ ২০১৪ চনৰ পাছত আকৌ এবাৰ যাম যামকৈ ক্ৰুগাৰলৈ যোৱা হোৱা নাছিল৷ জুন মাহত ভাস্কৰহঁত থাকিবলৈ আহিছিল৷ নিজৰ এলাহটোৰ

Read more

চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত কাতি মাহৰ পৰব সাঁহৰাই বা গৰয়া পূজা – কলচুম বিবি

অসম বিভিন্ন নৃগোষ্ঠীয় লোকৰ বাসভূমি৷ তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ উৎসব-পাৰ্বন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাসে অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰিছে৷ ইয়াৰ ভিতৰত চাহ জনগোষ্ঠীৰ লোকসকলে উল্লেখযোগ্য অবদান আগবঢ়াইছে৷ চাহ উৎপাদনত অসম সমগ্ৰ ভাৰততে অদ্বিতীয় আৰু এই চাহ উৎপাদনৰ লগত চাহ জনগোষ্ঠীৰ লোকসকল ওতপ্ৰোতভাবে জড়িত৷ অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই অসমীয়া জাতিৰ এটি অবিচ্ছেদ্য অংগ হৈছে এই জনগোষ্ঠীৰ লোকসকল৷ তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন কৃষ্টি-সংস্কৃতিয়ে অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিছে৷ বিশেষকৈ ঝুমুৰ নৃত্য, টুচু পূজা, কৰম পূজা, গৰয়া পূজা আদি উল্লেখযোগ্য৷ দেৱালীৰ সময়ত চাহ-জনগোষ্ঠীৰ লোকসকলৰ

Read more

এখন জীৱনমুখী কিতাপৰ কথাৰে – অনামিকা বড়া

জীৱনত প্ৰথম কেতিয়া কৃতজ্ঞ হ’বলৈ শিকিছিলোঁ মনত নপৰে৷ বহু সময়ত বহুধৰণেৰে বহুতৰ ওচৰত কৃতজ্ঞ হৈ আহিছোঁ যদিও খুব কম সংখ্যকৰ ওচৰতহে প্ৰকাশৰ সুবিধা পাইছোঁ৷ কিন্তু ইমানদিনে জনা নাছিলোঁ যে কৃতজ্ঞতাৰো এক বিজ্ঞান থাকে, ইয়াক শিকিব আৰু শিকাবও পাৰি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ সান্নিধ্যলৈ অহাৰে পৰা এই ধৰণৰ বহু ইতিবাচক শিক্ষাৰ বিষয়ে জনাৰ সৌভাগ্য আমাৰ হৈছে৷ তেখেতৰেই এখন গ্ৰন্থ “ইতিবাচক শিক্ষা-১, কৃতজ্ঞতা, জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান৷” অনুভৱ আৰু উপলব্ধিসমূহক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে উপস্থাপন কৰা

Read more

সাহিত্যৰ সৃষ্টিৰ যন্ত্ৰণা আৰু আনন্দ – অসমী গগৈ

“The greatest part of a writer’s time is spent in reading, in order to write, a man will turn over a haly library to make one book.“ – Samuel Johnson. বিধাতাৰ অপূৰ্ব সৃষ্টি এই মানৱ৷ চিন্তা-চৰ্চা বৃদ্ধি বৃত্তি আদি এশ এটা গুণৰ সমাহাৰ মানৱ চৰিত্ৰৰ মাজত দেখা পোৱা যায়৷ ইয়াৰ বাহিৰেও প্ৰত্যেক মানুহৰ মাজত এটা সৃষ্টিশীল মন লুকাই থাক৷ এই সৃষ্টিশীল মনৰ বাবেই মানুহে একাল পৰ্বত পাহাৰৰ কন্দৰে কন্দৰে কটোৱাৰ পাছত এদিন ঘৰ আহি থাকিবলৈ শিকিলে, শিলে শিলে ঘহি জুই

Read more

সমাজ বিজ্ঞানৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ – ড° পৰশমণি দাস

শ্ৰীমন্ত শংকৰদেৱৰ বিৰল বহুমুখী প্ৰতিভাক কেন্দ্ৰ কৰি সম্প্ৰতি দেশ-বিদেশৰ একাংশ পণ্ডিত-গৱেষক তেৰাৰ প্ৰতি আগ্ৰহী হৈ উঠা দেখা গৈছে৷ পণ্ডিত-গৱেষকসকল এই কথাত নিশ্চিত হৈছে যে শ্ৰীমন্ত শংকৰদেৱ এগৰাকী সাধাৰণ ধৰ্মগুৰু নহয়, বৰং সমাজ-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত তেৰাক বিচিত্ৰ ৰূপত আৱিষ্কাৰ কৰিব পাৰি৷ তেনে কাৰণতে শ্ৰীমন্ত শংকৰদেৱ বিষয়ক চিন্তা-চৰ্চা এতিয়া কেৱল ‘ধৰ্ম-কেন্দ্ৰিক’ নহৈ ‘বিচিত্ৰ বিষয়-কেন্দ্ৰিক’ হৈ পৰিছে৷ এয়া শংকৰদেৱ চৰ্চাৰ অন্যতম ইতিবাচক দিশ৷ এই কথা সঁচা যে শংকৰদেৱৰ বিষয়ে সীমিত অধ্যয়ন কৰা এচাম লোকৰ বিচাৰ অনুসৰি শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰ৷ কেন্দ্ৰিক ধৰ্মৰ লগত সম্পৰ্ক

Read more

নৱপ্ৰজন্ম আৰু সুস্থতা – ডা° পার্থসাৰথি ভূঞা

আমাৰ ভাৰতবৰ্ষ এখন যুৱ দেশ। ভাৰতৰ প্ৰতি তিনিজন ব্যক্তিৰ এজন, এগৰাকী যুৱক বা যুৱতী।আজিৰ যুৱ প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত, দেশৰ মানৱ সম্পদ। গতিকে এই সময়ছোৱাতে প্ৰতিজন যুৱক, যুৱতীয়ে এজন সুনাগৰিক হিচাপে নিজকে গঢ়িবলৈ যত্নপৰ হ’ব লাগে। সুনাগৰিক বুলি ক’লে কেৱল পঢ়া শুনা ভালকৈ কৰি চিকিৎসক, অভিযন্তা, অধ্যাপক বা ডাঙৰ বিষয়া হোৱাকে নুবুজায়৷ তাৰ পৰিৱৰ্তে এজন এনে ব্যক্তিক বুজাই যি সমাজ বা দেশৰ ওপৰত বোজা নহৈ তেওঁৰ নিজৰ ফালৰ পৰা কিবা হ’লেও অৱদান আগ বঢ়াব পৰাকৈ সক্ষম। সাধাৰণতে ১৫ বছৰৰ পৰা

Read more

সভালৈ যাওঁতে – ড৹ বিৰিঞ্চি কুমাৰ দাস

‘সভাশুৱনি’ বিশেষণেৰে অভিহিত কৰিব পৰা এক শ্ৰেণীৰ মানুহ থাকে, যিসকলক সকলো ধৰণৰ সভাতেই পাবলৈ, তেওঁলোকৰ বহুমূলীয়া ভাষণ শুনি কৃতাৰ্থ হ’বলৈ মানুহ উদ্বাউল হৈ থাকে । এইসকল ব্যক্তিৰ উপস্থিতিয়ে সভাৰ মঞ্চখনকেই উজলাই তোলে; তেওঁলোকৰ ডিঙিত বিৰাজ কৰা গামোচাকেইখনো কৃতাৰ্থ হয় এনে শোভনীয় স্থানত অৱস্থান কৰিবলৈ পাই । সাহিত্য বিষয়ক আলোচনাই হওঁক বা ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনেই হওঁক, বা শোকসভাই হওঁক – যিকোনো সভাতেই এইসকল ব্যক্তি নহ’লে কোনোপধ্যেই নচলে । মই এই ধৰণৰ সভাশুৱনি মানুহৰ ‘ধাৰেকাছেও’ নাই যদিও আজিকালি মাজে মাজে বিভিন্ন সভাই

Read more

সত্যমেৱ জয়তে – ধীৰাজ দাস

প্ৰাচীন কালৰ ভ্ৰমণকাৰী সকলৰ টোকাসমূহ এখন দেশৰ অনুসন্ধিৎসু সকলৰ বাবে অমূল্য সম্পদ। এনে এক সম্পদেই হ’ল মেগাস্থিনিচৰ টোকা। সেই টোকাত মেগাস্থিনিচে লিখি থৈ গৈছে যে, ভাৰতীয় সকলে মুখে মুখেই চুক্তি কৰিছিল আৰু সেই চুক্তি মনে-প্ৰাণে পালন কৰিছিল আৰু কোনো ভাৰতীয়কে মিছা কথা কোৱা বুলি অভিযুক্ত কৰা হোৱা নাছিল। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ আহি ভাৰতীয় ৰজাসকলৰ সৈন্য শক্তি কিমান ডাঙৰ তাৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰোঁতে ভাৰতীয়সকলৰ সত্যবাদিতাই গ্ৰীক সৈন্যবাহিনীক প্ৰভূত সহায় কৰিছিল। ‘প্ৰাণ যায়ে পৰ বচন না যায়ে’ এনে প্ৰবাদ তাহানিৰ

Read more
1 10 11 12 13 14 27