এখন জীৱনমুখী কিতাপৰ কথাৰে – অনামিকা বড়া
জীৱনত প্ৰথম কেতিয়া কৃতজ্ঞ হ’বলৈ শিকিছিলোঁ মনত নপৰে৷ বহু সময়ত বহুধৰণেৰে বহুতৰ ওচৰত কৃতজ্ঞ হৈ আহিছোঁ যদিও খুব কম সংখ্যকৰ ওচৰতহে প্ৰকাশৰ সুবিধা পাইছোঁ৷ কিন্তু ইমানদিনে জনা নাছিলোঁ যে কৃতজ্ঞতাৰো এক বিজ্ঞান থাকে, ইয়াক শিকিব আৰু শিকাবও পাৰি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ সান্নিধ্যলৈ অহাৰে পৰা এই ধৰণৰ বহু ইতিবাচক শিক্ষাৰ বিষয়ে জনাৰ সৌভাগ্য আমাৰ হৈছে৷ তেখেতৰেই এখন গ্ৰন্থ “ইতিবাচক শিক্ষা-১, কৃতজ্ঞতা, জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান৷” অনুভৱ আৰু উপলব্ধিসমূহক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে উপস্থাপন কৰা এইখন সকলোৱে পঢ়িবলগীয়া এখন গ্ৰন্থ৷
জীৱনক জীৱনমুখী কৰি তুলিব পৰা এই অনন্য ব্যতিক্ৰমী কিতাপখনৰ বিষয়বস্তু সম্পৰ্কে এক চমু পৰ্যালোচনা আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে যদিও ক’বই লাগিব যে কিতাপখন যিমানবাৰেই পঢ়া হয়, প্ৰতিবাৰেই নতুন নতুন কথা যেন শিকিব পাৰি, অনুভৱ কৰিব পাৰি এক বুজাব নোৱাৰা সন্তুষ্টি৷ বৰ্তমান সময়ত প্ৰায়ে দেখিবলৈ পোৱা যুৱপ্ৰজন্মৰ জীৱনৰ প্ৰতি যি অনীহা, অসন্তুষ্টি সেইবোৰে আমাকো বৰকৈ ব্যথিত কৰে যাৰ বাবে এই কিতাপখনৰ বিষয়ে নজনাসকলে জনাটো অতীব্ৰ প্ৰয়োজন বুলি হৃদয়ংগম কৰিয়েই একলম ধৰাৰ মৰসাহ কৰা হৈছে৷
“কৃতজ্ঞতা কি-কিছু জীৱন অভিজ্ঞতাৰ আধাৰত” শীৰ্ষক অধ্যায়েৰে আৰম্ভ কৰা কিতাপখনত ’কৃতজ্ঞতা’ক এক ’আনন্দময় ঋণ’ হিচাপে অভিহিত কৰি বৰ্তমান সমাজত প্ৰায় অৱহেলিত এই বিষয়টিক কিয় অধ্যয়ন কৰিব লাগে তাৰ এক চমু অথচ স্পষ্ট ব্যাখ্যা লেখকে সুন্দৰকৈ আগবঢ়াইছে৷ জীৱনৰ প্ৰাণশক্তি, কৰ্মশক্তি আৰু চৰিত্ৰশক্তি বঢ়াব পৰা ’কৃতজ্ঞতা’ক জীৱনৰ এক মহৎ গুণ বা শক্তি বা আৱেগ হিচাপে বৈজ্ঞানিক প্ৰমাণ আৰু অভিজ্ঞতাৰে প্ৰকাশ কৰিছে বুলি লেখকে স্পষ্টভাৱে উল্লেখ কৰিছে৷ “Gratitude is the most pleasent of virtues and the most virtuous of pleasures.” লগতে লেখকে দুখেৰে প্ৰকাশ কৰিছে যে আমাৰ পৰম্পৰাগত মনোবিজ্ঞানে স্বাভাৱিক আচৰণৰ নেতিবাচক দিশৰ ফালে গৈ মানসিক ৰোগ, হতাশ, বিমৰ্ষ, দ্বন্দ্ব্ব আদিবোৰৰ বিষয়ে যিমান অধ্যয়ন আৰু গৱেষণা কৰিলে সিমান গৱেষণা কিন্তু সুখ, আশা, ভালপোৱা আদিবোৰৰ বিষয়ে হোৱা নাই৷ মনোবিজ্ঞানত ভঙা মনৰ পৰিচৰ্যা আৰু মেৰামতি আছে কিন্তু স্বাভাৱিক মনক তীব্ৰ প্ৰতিৰোধী কৰাৰ কৌশল আৰু বিজ্ঞান নাই যাৰ বাবে হয়তো কিছু বছৰৰ পাছত আমি এনে এখন সমাজত জীয়াই থাকিবলৈ সাজু হ’ব লাগিব য’ত সত্তৰ শতাংশ মানুহ মানসিকভাৱে ৰুগ্ন হ’ব৷ তাকে নহ’বলৈ আমাৰ জীৱনৰ কিছুমান স্বাভাৱিক, জৈৱিক, জন্মগত, প্ৰাথমিক সবলতা শিকোৱাৰ আৰু বঢ়োৱাৰ দৰকাৰ আছে যিবোৰে জীৱন চকুৰ পচাৰতে সলাই দিব পাৰে৷ তেনে কিছুমান আধাৰ কৃতজ্ঞতা, আশাবাদ, ভালপোৱা, সহৃদয়তা, সহায় আদিক বুজিবৰ বাবে লেখকে এক নতুন বিজ্ঞান থকাৰ কথা আশাৰে ব্যক্ত কৰিছে আৰু অৱগত কৰাইছে বিজ্ঞানসন্মতভাৱে এইবোৰ শিকিবলৈ আছে এক শিক্ষাপদ্ধতি৷
ইতিবাচক মনোবিজ্ঞানে জীৱনৰ গুণ, সক্ষমতা আদিবোৰৰ অধ্যয়নৰ মাজেদি এটা সমৃদ্ধ জীৱনৰ সন্ধান কৰে৷ এই সমৃদ্ধ জীৱনৰ বাবে দৰকাৰী জীৱনৰ সকলো সক্ষমতা, গুণ, অভিজ্ঞতা আদিৰ প্ৰণালীবদ্ধ অধ্যয়ন তথা এইবোৰ শিকোৱাৰ এক নতুন দৰ্শন হৈছে ইতিবাচক শিক্ষা৷
ইতিবাচক শিক্ষাৰ আৰ্হিৰ ছটা দিশ (স্তমভ) হৈছে-
১) ইতিবাচক আৱেগ (positive emotion) ২) ইতিবাচক নিয়োজন (positive engagement) ৩) ইতিবাচক লক্ষ্য বা উদ্দেশ্য বা অৰ্থ (positive purpose or meaning) ৪) ইতিবাচক সম্পৰ্ক (positive relationship) ৫) ইতিবাচক প্ৰাপ্তি বা সফলতা (positive accomplishment) ৬) ইতিবাচক স্বাস্থ্য (positive health)৷ ইয়াৰে ইতিবাচক আৱেগবোৰ হৈছে কৃতজ্ঞতা, আশাবাদ, ভালপোৱা, সহৃদয়তা, সহায় আদি৷ তাৰে এটা আৱেগ ‘কৃতজ্ঞতা’ৰ বিষয়ে আলোচনা কৰিয়েই কিতাপখন লিখা হৈছে, যিটো ইতিমধ্যেই উল্লেখ কৰা হৈছে৷ ঠায়ে ঠায়ে বাকী আৱেগসমূহ তথা ইতিবাচক শিক্ষাৰ স্তমভবোৰৰো একেবাৰে এৰাব নোৱাৰা দিশ কিছুমান উল্লেখ কৰাৰ লগতে সেইসমূহৰ বাহ্যিক সংযোগো দি যোৱাত পঢ়ুৱৈৰ কাৰণে কিতাপখনি সঁচাই উৎকৃষ্ট৷ ইতিবাচক মনোবিজ্ঞানৰ মূল বিষয় ‘সুখ’৷ সুখৰ প্ৰণালীবদ্ধ অধ্যয়ন, তত্ত্ব নিৰ্মাণ আৰু ব্যক্তি বা সমাজ জীৱনত কিদৰে সুখ নিশ্চিত কৰিব পাৰি তাৰ সন্ধানেই ইয়াৰ মূল লক্ষ্য৷ সুখৰ প্ৰধান উপাদানকেইটা ‘সন্তোষিত জীৱন’, ‘নিয়োজিত জীৱন’, ‘অৰ্থপূৰ্ণ জীৱন’, ‘সম্পৰ্ক’, ‘সফলতা বা প্ৰাপ্তি’ এইসমূহৰ বিষয়ে একেবাৰে চাকি চাকি সংক্ষেপত অথচ সাৰৰো সাৰ কথাখিনি কিতাপখনত উপস্থাপন কৰিছে৷ তাৰ পিছতে ইতিবাচক শিক্ষাৰ ছটা স্তমভৰ সাৱলীল বৰ্ণনা দি ‘কৃতজ্ঞতাৰ বিজ্ঞান’লৈ আগবাঢ়ি কিতাপখনত এক নিৰ্দিষ্ট ক্ৰম অনুসাৰে বিষয়বস্তুৰ উপস্থাপন শৈলী সঁচাই লক্ষণীয়৷ কিতাপখনৰ মাজলৈ সোমাই গ’লে পোৱা যায় কৃতজ্ঞতাৰ শিক্ষা দিয়াৰ কেইটামান অভিনৱ পদ্ধতি, যিবোৰক লেখকে ‘কৃতজ্ঞতাৰ চিঠি’, ‘কৃতজ্ঞতাৰ প্ৰাৰ্থনা’, ‘কৃতজ্ঞতাৰ টোকাবহী’, ‘হিৰ’ অৱ দ্য দে’, ‘নৈকান অনুশীলন’, ‘দৃশ্যমান সোঁৱৰণি’ আদি নাম দিছে৷
মন কৰিবলগীয়া যে বাস্তৱ জীৱনৰ কেইবাটাও অভিজ্ঞতাৰ জুখি মাখি কৰা উপস্থাপন আৰু সেইসমূহৰ সৰল বিশ্লেষণ কিতাপখনিৰ অন্য এক সৌন্দৰ্য৷ একাষাৰে ক’ব পাৰি মুঠ সাতটা অধ্যায়ত বিভক্ত কিতাপখনিত বৰ সুন্দৰকৈ প্ৰণালীবদ্ধভাৱে কৃতজ্ঞতাৰ শিক্ষা কেনেকৈ দিব পাৰি, ইয়াৰ লাভালাভ, বিজ্ঞান আদি সকলো আলোচনা কৰিছে৷ তদুপৰি একেবাৰে শেষ অধ্যায়ত লেখকে অসমৰ চুকে-কোণে কৰি অহা বিভিন্ন ‘ইতিবাচক শিবিৰ’ৰ দুই এক অভিজ্ঞতাৰ ভাগ দি পাঠকক কৃতাৰ্থ কৰিছে বুলিলেও বঢ়াই কোৱা নহয়৷ কিয়নো বাস্তৱ অভিজ্ঞতাৰ পৰা মানুহে বেছি শিকে৷
ইতিবাচক মনোবিজ্ঞান, ইতিবাচক শিক্ষা, ইতিবাচক আৱেগ এইবোৰ ইমানেই ব্যাপক পৰিসৰৰ বিষয় যে ‘কৃতজ্ঞতা’ৰ বিষয়ে লিখোঁতে লেখকে কিমান কষ্ট কৰি সাৰৰো সাৰ কথাখিনি “হাতী মাৰি ভুৰুকাত ভৰোৱা”ৰ দৰে মাত্ৰ ১১৪ পৃষ্ঠাত সামৰিব লগা হৈছে সেয়া কিতাপখন পঢ়ি যাওঁতে পৃষ্ঠাই পৃষ্ঠাই অনুভৱ কৰিছোঁ আৰু সেই গ্ৰন্থৰে সাৰাংশ লিখিবলৈ যোৱাটো যে আমাৰ দৰে নিঃকিনৰ বৃথা চেষ্টা সেয়া বঢ়াই নক’লেও হ’ব৷ শেহত কিতাপখনৰ দুটামান অন্তৰ চুই যোৱা বাক্য হুবহু উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ৷
(১) “সৃষ্টিশীলতা মানুহৰ জীৱনৰ এক মহৎ সক্ষমতা আৰু সৌভাগ্য৷ সৃষ্টিশীল লোকসকল সমাজৰ আটাইতকৈ ডাঙৰ সম্পদ৷ এইসকল লোকৰ বাবেই পৃথিৱীখন নিতৌ নতুন হয়, ধুনীয়া হয়৷ গতিকে সৃষ্টিশীলতা বৰ্তাই ৰখা আৰু বিকাশ কৰাৰ স্বাৰ্থত মানুহক সমৃদ্ধ জীৱনৰ কৌশলবোৰ শিকোৱা উচিত৷”
(২) “যদি মনৰ নেতিবাচক অৱস্থা আৰু নেতিবাচক আৱেগে মোক দুৰ্বল কৰিব পাৰে, নিশ্চিতভাৱে মনৰ ইতিবাচক অৱস্থা আৰু আৱেগে আমাক সবলৰ পৰা সবলতৰ কৰিব৷”
(৩) “নিজৰ জীৱনক নিজৰ পৰা প্ৰসাৰিত কৰি আনৰ জীৱনৰ ভালৰ প্ৰতি দায়বদ্ধ কৰিব পৰা যি লক্ষ্য সেইয়াই ইতিবাচক শিক্ষাত ইতিবাচক লক্ষ্য”
(৪) “কৃতজ্ঞতাৰ ভাবে মৃতপ্ৰায় জীৱন এটা পুনৰ নতুন আৰু শক্তিশালী ৰূপত দাঙি ধৰিব পাৰে৷”
(৫) “মই যদি কাৰোবাৰ প্ৰতি কৃতজ্ঞ তেতিয়াহ’লে কেৱল যাৰ প্ৰতি কৃতজ্ঞ হৈছোঁ তেঁৱেই কাম কৰিবৰ বাবে উদগনি পাব তেনে নহয়, মই নিজেও তেনে কাম কৰিবৰ বাবে অনুপ্ৰেৰিত হওঁ৷”
উল্লেখযোগ্য যে কিতাপখনৰ শেষত এখন প্ৰসংগসূচীৰ সংযোগে কিতাপখনিক আন এক মৰ্যাদা প্ৰদান কৰিছে৷ ইয়াৰ বাবে লেখক শ্ৰদ্ধাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰক যিমান ধন্যবাদ দিওঁ কম হ’ব৷ কিতাপ এখন লিখি পাঠকৰ বাবে এৰি দিওঁতে সেই কিতাপখনিৰ লগত সংগতিপূৰ্ণ জ্ঞান আহৰণৰ বিভিন্ন পথ মুকলাই দিয়াত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷
(বি:দ্ৰ: কিতাপখনৰ সবিশেষ: “ইতিবাচক শিক্ষা-১ ‘কৃতজ্ঞতা’, জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান”, প্ৰকাশন: বনলতা, প্ৰথম সংস্কৰণ: ছেপ্টেম্বৰ, ২০১৭, মুঠ পৃষ্ঠা: ১৩৪, বৰঙনি: ১২০ টকা)
☆ ★ ☆ ★ ☆