ফটাঢোল

সত্তা ৰূপান্তৰৰ সংকট – সঞ্জীৱ মজুমদাৰ

কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তিম পৰ্যায়ত পিতামহ ভীষ্ম শৰশৰ্য্যাত শায়িত হৈ আছিল। ভীষ্ম আছিল ইচ্ছামৃত্যুৰ বৰ প্ৰাপ্ত। কুৰুক্ষেত্ৰৰ কাষেৰে বৈ যোৱা ওঘাৱতী নদীৰ তীৰত, সূৰ্য্যৰ অৱস্থান উত্তৰায়ন নোহোৱালৈকৈ এই গৰাকী মহীৰূহ শৰবিদ্ধ হৈ পৰি আছিল। এই সময় চোৱাত যুদ্ধৰ বিজেতা যুধিষ্ঠিৰে ভীষ্মৰ পৰা ধৰ্ম্ম, ৰাজ কৰ্ত্তব্য, ৰাজনীতি, দৰ্শন, কূটনীতি আদি বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিছিল। মহাভাৰতত এই সময়চোৱাৰ, ভীষ্ম আৰু যুধিষ্ঠিৰৰ মাজত হোৱা বাৰ্ত্তালাপ সমূহ, শান্তি পৰ্ব্ব আৰু অনুশাসন পৰ্ব্ব নামৰ দুটা পৰ্ব্বত সন্নিৱিষ্ট কৰা হৈছে। যুধিষ্ঠিৰে ভিন ভিন বিষয়ৰ ওপৰত

Read more

বিহুক জীয়াই ৰাখিলে জাতীয় সত্তা জীয়াই থাকিব — প্রদীপ কুমাৰ গগৈ

অসমীয়াৰ বাপতি সাহোন, অতিকৈ চেনেহৰ বিহু উৎসৱটি বহুতো বিৱর্তনৰ মাজেৰে পাৰ হৈ আহি বর্তমানৰ পর্যায়ত উপনীত হৈছেহি। বিহুৰ আনন্দ প্রকাশৰ স্থান, সময় আৰু পৰিৱেশ ভেদে বেলেগ বেলেগ। বিহুৰ এটা নিজস্ব অতীত আছে। পথাৰৰ মুকলি বিহুৰ জৰিয়তে বিহুৱে প্রথম সমাজ জীৱনত প্রথম ভুমুকি মাৰিছে। ইয়াৰ পিছৰ পর্যায়ত আহিছে গছতলৰ ৰাতি বিহু আৰু গাভৰু বিহু। কালক্রমতত চোতালৰ হুঁচৰি আৰু বিহুৰ আগমন ঘটিল। বর্তমান কালত মার্জিত ৰূপত মঞ্চত পৰিবেশণ কৰা বিহু হুঁচৰি আৰু ডেকা-গাভৰুৰ বিহু নৃত্য সকলোৰে উপভোগ্য আৰু সমাদৃত। কৃষিজীৱি অসমীয়া সমাজত

Read more

অসমীয়া লিপিৰ সৰলীকৰণ অপ্ৰয়োজনীয় — মনোহৰ দত্ত

‘আমাৰ অসম’ কাকতৰ ২৪ ছেপ্টেম্বৰ, ২০১৮ সংখ্যাত প্ৰকাশিত আমাৰ এক লেখাৰ আঁত ধৰি, সম্পাদিত ৰূপত এই লেখাটো ‘ফটা-ঢোল’ ই-আলোচনীলৈ আগবঢ়ালোঁ। প্ৰথমতেই দোহাৰিছোঁ, বৰ্তমানৰ পৰিস্থিতিত অসমীয়া ভাষা অসমৰ অধিক মানুহে যাতে কয়, লিখে আৰু পঢ়ে – আমি তেনে পৰিৱেশ ৰচনা কৰাহে যুগুত। তেনেদৰে নতুন প্ৰজন্মক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আকৰ্ষিত কৰিবলৈ হ’লে – তেওঁলোকৰ মনত ভাষা-প্ৰেম জগাই তুলিব লাগিব। ভাষা-প্ৰেমে যে জাতি এটাক সংগঠিত আৰু সবল কৰে সেই কথা বুজাব লাগিব। যি কি নহওঁক, এচাম অসমীয়াই অসমীয়া লিপিৰ সৰলীকৰণৰ পক্ষে ভিন্ন

Read more

বিহুগীতত অসমীয়া জীৱন চিত্ৰণ – জীমণি গগৈ

বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি অসমৰ ধন এনুৱা বিহুটি এৰিব লাগিলে নৰ’ব অসমৰ মান। বিহু অসমীয়া জাতীয় উৎসৱ, আনন্দৰ উৎসৱ। অসমীয়াৰ মনৰ, প্ৰাণৰ, হেঁপাহৰ, আদৰৰ উৎসৱ বিহুৰ লগত বিহুগীতৰ অঙ্গাংগী সম্বন্ধ। বিহুগীত কেৱল অসমীয়া লোকসাহিত্যৰ ভঁৰালৰ মূল্যবান সম্পদেই নহয়, অসমৰ লোকজীৱনৰো অবিচ্ছেদ্য অংগ। বিহুগীতৰ ভিতৰত হুঁচৰিগীত আৰু বনগীত দুয়োবিধে পৰে। হুঁচৰি গীতবোৰ নিৰ্দোষ ধেমালিৰে ভৰা; আশীৰ্বাদসূচক গহীন ভাবৰ গীত। গৃহস্থৰ চোতালত থিয় হৈ হুঁচৰি গাওঁতে দিয়া আশীৰ্বাদত অসমীয়া মানুহৰ আন্তৰিকতা বিহুগীতৰ মাজেৰে প্ৰকাশ পায় এনেদৰে – এটা বাটিত নহৰু এটা

Read more

ৰঙীন বিহুৰ আলোকপাত – জয়শ্ৰী শৰ্মা

“ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সাহ” বসন্তৰ আগমন! গছ লতিকাৰ ডালে পাতে সেউজ আৱৰণ। কুলি কেতেকীয়ে ইনালে বিনালে.. লুইতৰ দুই পাৰে আকাশ বতাহ ছানি এয়া বসন্তৰ ৰং! চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি বুলি ৰঙতে উত্ৰাৱল ঢুলীয়া, পেপাঁৰ মাতে শুনি গছকত যঁতৰ ভাঙি চেনাইৰ কাষলৈ ঢাপলি মেলে মূগা সাজে সুশোভিত নাচনীজনী। ৰঙালী বিহু বুলিলেই মনলৈ আহে এইখন ছবি.. অসমীয়া জাতীয় জীৱনত পম্পৰাগত সংস্কৃতিৰ ভিতৰত ৰঙালী বিহুটি অন্যতম। ইয়াৰ ভিতৰত নীহিত

Read more

পুতলা নাচ : অসমৰ লোকসংস্কৃতিৰ অন্যতম বাহক – চাহিন জাফ্ৰি

অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান- ‘পুতলা নাচ’ হৈছে এক আকৰ্ষণীয় লোককলা। মঞ্চত কৰা অভিনয়ৰ ভিতৰত পুতলা অভিনয়েই হৈছে আটাইকৈ প্ৰাচীন আৰু জনপ্ৰিয় লোকনাট্যানুষ্ঠান। পুৰণি কালত লোকসমাজত মনোৰঞ্জনৰ এক উৎকৃষ্ট মাধ্যম হিচাপে পুতলা নাচৰ প্ৰচলন আছিল। সমাজলৈ বাৰ্তা প্ৰেৰণৰ এক উৎকৃষ্ট মাধ্যম স্বৰূপে এই লোককলা বিধক গণ্য কৰিব পৰা যায়। কিয়নো ইয়াৰ সহজ-সৰল প্ৰকাশ ভঙ্গীয়ে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো লোককে আকৰ্ষিত কৰে। পুতলা নাচৰ প্ৰচলনৰ সঠিক তথ্য দিব পৰা নাযায় যদিও সংস্কৃতিবিদসকলে ইয়াৰ পৰম্পৰালৈ আঙুলিয়াই বহুবোৰ তথ্য আগবঢ়াইছে। এই তথ্যবোৰৰ আঁত ধৰি

Read more

মহাকাব্যৰ উপেক্ষিতা মাধৱী – সঞ্জীৱ মজুমদাৰ

প্ৰাচীন কালৰ কথা। বিশ্বামিত্ৰ নামৰ এগৰাকী মুনি আছিল। গালৱ নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ পুত্র‌ই মহর্ষি বিশ্বামিত্রৰ আশ্ৰমত শিষ্যত্ব গ্রহণ কৰিছিল। সময়ৰ লগে লগে গালৱে নিজৰ দক্ষতা আৰু কুশলতা প্রমাণ কৰি মহর্ষি বিশ্বামিত্রৰ অধীনত শিক্ষা গ্ৰহণ কৰে। বাৰ বছৰৰ মূৰত, গালৱৰ অধ্যয়ন সম্পূৰ্ণ হোৱাৰ পিছত‚ দীক্ষা গ্ৰহণ কৰি গৃহস্থাশ্রমলৈ প্রৱেশ কৰাৰ উদ্দেশ্যে গুৰুৰ অনুমতি ল’বলৈ গুৰুকূলত উপস্থিত হ’ল আৰু কৰযোৰে গুৰুৰ ওচৰত গুৰুদক্ষিণা দিবলৈ ইচ্ছা প্ৰকট কৰিলে। মহর্ষি বিশ্বামিত্র জন্মসূত্ৰে ক্ষত্রিয় আছিল। মহাৰাজ গাধিৰ পুত্র তেজস্বী ঋষি বিশ্বামিত্রৰ ধনৰত্নৰ অভাব নাছিল,

Read more

দেবযানী, শৰ্মিষ্ঠা আৰু যযাতি – এক ত্ৰিকোন প্ৰেম:– সঞ্জীৱ মজুমদাৰ

ত্রিলোকৰ ঐশ্বর্যৰ উত্তৰাধিকাৰক লৈ দেৱাসুৰৰ মাজত যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া দেৱতাসকলে বৃহস্পতিক আৰু অসুৰসকলে শুক্রাচার্য্যক পুৰোহিত হিচাবে বৰণ কৰিছিল। উল্লেখযোগ্য যে শুক্রাচার্য্য অসুৰৰ ৰজা বৃষপর্ব্বৰ ৰাজ-পুৰোহিত হিচাবে অধিষ্ঠিত আছিল। দেৱতা ও অসুৰৰ মাজত যুদ্ধ হ‌ওঁতে, প্ৰৱলপ্ৰতাপী শুক্রাচার্য‌ই মৃতসঞ্জীৱনী বিদ্যাৰ দ্বাৰা নিহত অসুৰবোৰক জীৱন দান দিছিল, কিন্তু এই মন্ত্র বৃহস্পতিয়ে নাজানিছিল বাবে দেৱতাপক্ষৰ মৃত সৈনিক সকলক জীৱন দান দিব নোৱাৰিছিল। এই সকলোবিলাকৰ সৈতে জড়িত “কচ-দেৱযানী”ৰ অসমাপ্ত ঐতিহাসিক প্ৰেম কাহিনী সকলোৰে বিদিত। দেৱযানী আছিল শুক্ৰাচাৰ্যৰ প্ৰথমা কণ্যা আৰু দেৱযানীৰ মাতৃ আছিল

Read more

ভাষাৰ বিলুপ্তি, অস্তিত্বৰ সংকট – ডঃ খগেশ সেন ডেকা

(২১ ফেব্ৰুৱাৰীৰ অনুভৱ) —————————————– অষ্ট্ৰেলিয়াৰ বিশিষ্ট ভাষাতত্ত্ববিদ খ্ৰীষ্ট’ফাৰ ম’ছেলৰ তত্ত্বাৱধানত ইউনেস্ক’ই ভাষাৰ বিলুপ্তি সম্বন্ধে যি অধ্যয়ন চলাইছিল তাত দেখা গৈছিল যে, বিশ্বৰ সৰ্বমুঠ ৭৩৫৮টা ভাষাৰ ভিতৰত ইতিমধ্যে ৪৪৬টা ভাষাৰ মৃত্যু ঘটিছে৷ বাকী ৬৯১২টা ভাষাৰ ২৫০০টা সংকটাপন্ন৷ অৱশ্যে এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ কাৰণ, কেতবোৰ দুৰ্গম অঞ্চলত চলি থকা ভাষা বা ভাষাসমূহৰ তথ্য এতিয়াও উদ্ধাৰ হ’বলৈ বাকী৷ অষ্ট্ৰেলিয়া মহাদেশৰ নিজা জৰীপ অনুসাৰে সেই মহাদেশৰ ২৫০টাতকৈয়ো অধিক থলুৱা ভাষাৰ এতিয়া ১৪৫টা মাত্ৰ বৰ্তি আছে৷ তাৰো ১১০টা গুৰুতৰভাৱে সংকটগ্ৰস্ত৷ যিকেইটা বৰ্তি আছে তাৰো

Read more

ভাটৌ বিদ্যা – অত্ৰেয়ী গোস্বামী

ভাটৌ চৰাই। এইবিধ চৰাইৰ প্ৰতি যে মোৰ আচৰিত দুৰ্বলতা। অকণমানি সেউজীয়া শৰীৰটোত ৰঙা টিকটিকীয়া ঠোঁট। যেন শাৰী শাৰী নাহৰৰ মাজত পলাশৰ আলফুলীয়া আঁচোৰ! যেন কুমলীয়া ওঁঠত বৰহমথুৰি বোলোৱা এজনী সদ্যস্নাতা কিশোৰী! আইৰ ঘৰৰ পদূলিৰ কাষতে থকা বাঁহনি ডৰাত বছৰৰ এটা সময়ত এজাক ভাটৌৱে জিৰাইহি৷ সিহঁতৰ কিচিৰ-মিছিৰ মাতত চৌদিশ মুখৰিত হৈ পৰে৷ বাঁহপাতৰ সেউজীয়াৰ সৈতে সিহঁতৰ কোমল সেউজীয়াবোৰ মিলি যায়৷ সৰুৰে পৰাই ভাটৌ বুলিলে মই ক’ব নোৱাৰা হওঁ৷ ধৰিবলৈ বাউলি হৈ পৰোঁ৷ এই আকৰ্ষণৰ একমাত্ৰ কাৰণ আছিল সিহঁতৰ মুখৰ শব্দবোৰ৷ যিটোকে

Read more
1 15 16 17 18 19 27