ফটাঢোল

মহাকাব্যৰ উপেক্ষিতা মাধৱী – সঞ্জীৱ মজুমদাৰ

প্ৰাচীন কালৰ কথা। বিশ্বামিত্ৰ নামৰ এগৰাকী মুনি আছিল। গালৱ নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ পুত্র‌ই মহর্ষি বিশ্বামিত্রৰ আশ্ৰমত শিষ্যত্ব গ্রহণ কৰিছিল। সময়ৰ লগে লগে গালৱে নিজৰ দক্ষতা আৰু কুশলতা প্রমাণ কৰি মহর্ষি বিশ্বামিত্রৰ অধীনত শিক্ষা গ্ৰহণ কৰে। বাৰ বছৰৰ মূৰত, গালৱৰ অধ্যয়ন সম্পূৰ্ণ হোৱাৰ পিছত‚ দীক্ষা গ্ৰহণ কৰি গৃহস্থাশ্রমলৈ প্রৱেশ কৰাৰ উদ্দেশ্যে গুৰুৰ অনুমতি ল’বলৈ গুৰুকূলত উপস্থিত হ’ল আৰু কৰযোৰে গুৰুৰ ওচৰত গুৰুদক্ষিণা দিবলৈ ইচ্ছা প্ৰকট কৰিলে।

মহর্ষি বিশ্বামিত্র জন্মসূত্ৰে ক্ষত্রিয় আছিল। মহাৰাজ গাধিৰ পুত্র তেজস্বী ঋষি বিশ্বামিত্রৰ ধনৰত্নৰ অভাব নাছিল, সেয়ে পার্থিৱ ধনসম্পদৰ প্রতি আসক্তিও নাছিল। গুৰু বিশ্বামিত্ৰ‌ই “মোক একো দিব নালাগে” বুলি কৈ শিষ্য গালৱক আশীৰ্ব্বাদ দি বিদায় দিব বিচাৰিলে। ইফালে গুৰুৰ প্রতি কৃতজ্ঞতা‚ শ্রদ্ধা আৰু অবিচল ভক্তিত আপ্লুত হৈ গালৱে স্থিৰ কৰিলে যে গুৰুদক্ষিণা নিদিয়াকৈ কোনমতেই আশ্রম ত্যাগ নকৰে।

আনফালে মহর্ষি বিশ্বামিত্রৰ পার্থিৱ একোৰেই প্রতি আসক্তি নাছিল বাবেই তেখেতে কোনধৰণৰ গুৰুদক্ষিণা গ্ৰহণ কৰাৰ পক্ষপাতী নাছিল। সেয়ে দৰিদ্র এই ব্রাহ্মণপুত্রৰ পৰা কোনো ধৰণৰ গুৰুদক্ষিণা গ্ৰহণ কৰিবলৈ বিচৰা নাছিল। কিন্তু গালৱ সৈমান নহ’ল আৰু গুৰুদক্ষিণা দিবলৈ আঁকোৰগোজ হৈ পৰিল। বিশ্বামিত্র‌ই গালৱৰ সকলো অনুৰোধ-উপৰোধ অগ্রাহ্য কৰি গৃহস্থ আশ্রমত প্রৱেশৰ অনুমতি প্রদান কৰে। তাৰ পিছতো গালৱে গুৰুদক্ষিণা দিবলৈ জেদ কৰাত বিশ্বামিত্র ক্রুদ্ধ হৈ পৰে। গুৰুৱে নিষেধ কৰা স্বত্বেও গালৱৰ এই গুৰুদক্ষিণা দিয়াৰ প্রচেষ্টাক তেখেতে স্পর্ধা হিচাবে গণ্য কৰিলে। তথাপি বিশ্বামিত্ৰ‌ই নিজক শান্ত ৰাখি গালৱক বুজাবলৈ চেষ্টা কৰিলে যে‚ গুৰুদক্ষিণা নিষ্প্রয়োজন। কিন্তু গালৱে কৰযোৰে অনুনয় কৰি ক’লে‚

“হে গুৰুদেৱ‚ গুৰুদক্ষিণা গ্ৰহণ নকৰিলে‚ আপোনাৰ পৰা অর্জিত বিদ্যা মোৰ জীৱনত ফলপ্রসু নহ’ব। গতিকে আপুনি কৃপা কৰি মোক আদেশ কৰক।”

বিশ্বামিত্র‌ই শিষ্যগৰাকীক বুজাবলৈ যাৱতীয় প্রয়াস ব্যর্থ হোৱাত তেখেতৰ ক্ষত্রিয় তেজ ক্রমশ জাগ্রত হৈ উঠিল। ৰাজর্ষি বিশ্বামিত্রক সামান্য এক ব্রাহ্মণপুত্র‌ই কি দক্ষিণা দিব! য’ত নেকি বিশ্বামিত্ৰ‌ই সমস্ত ধনসম্পদৰ প্রতি মায়ামোহ ত্যাগ কৰি, ইন্দ্রিয় জয় কৰি, কঠোৰ তপস্যাৰ জৰিয়তে ব্ৰহ্মত্ব অৰ্জন কৰিছে। গালৱে প্ৰকাশ কৰা দৃঢ়তাই সমস্ত ধৈর্য্যৰ সমস্ত সীমা অতিক্রম কৰি গুৰু বিশ্বামিত্ৰ‌ক ক্রমশ উত্তপ্ত কৰি তুলিলে। অথচ মনে মনে ৰূষ্ট হ’লেও গালৱক আভিশাপো দিব নোৱাৰে কাৰণ ৰীতি অনুযায়ী গুৰুদক্ষিণা দিয়াৰ কথা কৈ তেওঁ একো অন্যায় কৰা নাই বৰং ইয়াৰ দ্বাৰাই শিষ্যৰ গুৰুভক্তিৰ প্রমাণহে দিছে। মনে মনে গালৱৰ এই ঔদ্ধত্যক জব্দ কৰাৰ মানসেৰে কিছু বিৰক্ত হৈ বিশ্বামিত্ৰ‌ই তিৰস্কৃত কৰি ক’লে‚ “ম‌ই বাৰম্বাৰ নিষেধ কৰা স্বত্বেও তোমাৰ স্পর্ধা দেখি ম‌ই স্তম্ভিত, তথাপি তুমি যদি গুৰুদক্ষিণা দিব‌লৈ সঁচাকৈয়ে ইমান ইচ্ছুক তেনেহ’লে মোক ভাল প্ৰজাতিৰ মুঠ আঠশটা শুকুলা ঘোঁৰা দিয়া। মনত ৰাখিবা ঘোঁৰাকেইটা শুভ্ৰজোৎস্নাৰ দৰেই বগা আৰু এখন কাণ ক’লা ৰঙৰ হ’ব লাগিব।”

অত্যন্ত জটিল এক চৰ্ত, ক’ত পাব এইধৰণৰ বিৰল প্ৰজাতিৰ ইমানবোৰ অশ্ব? কিন্তু গালৱ দৃঢ়প্রতিজ্ঞ যেনেকৈয়েই নহ‌ওক গুৰু বিশ্বামিত্রক গুৰুদক্ষিণা দিব‌ই লাগিব। কিন্তু এই কামৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। গালৱে প্ৰণিপাত কৰি গুৰুদেৱক ক’লে‚

“হে আচার্য্য‚ আপোনাৰ আদেশ শিৰোধার্য্য। কৃপা কৰি মোক কিছু সময় প্রদান কৰক যাতে ম‌ই মোৰ গুৰুদক্ষিণা প্রদান কৰিবলৈ সমর্থ হ‌ওঁ আৰু সত্যৰ পথৰ পৰা যেন বিচ্যুত নহ‌ওঁ।”

বিশ্বামিত্র‌ই সময় দিবলৈ স্বীকৃত হ’ল। গালৱ আশ্ৰমৰ পৰা উভতি আহি বৰ চিন্তামগ্ন হৈ পৰিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত ইমানকেইটা ঘোঁৰা যোগাৰ কৰিব নোৱাৰিলে তেওঁ সত্যভ্রষ্ট হৈ পৰিব। অনতিপলমে গালৱ শুকুলা ঘোঁৰাৰ সন্ধানত ওলাল। বহুতো বিচাৰ খোচাৰ কৰিও গুৰু বিশ্বামিত্ৰ‌ই বিচৰাধৰণৰ শুকুলা ঘোঁৰা নাপাই গালৱ হতাশ হৈ পৰে।

গালৱৰ একান্ত প্রিয়বন্ধু আছিল ভগৱান বিষ্ণুৰ বাহন গৰুড়। বন্ধু গৰুড়ে গালৱক বৰ বিষণ্ণ আৰু চিন্তামগ্ন দেখি জানিবলৈ বিচাৰিলে,

“বন্ধু, কি ক্লেশ তোমাৰ। তুমি সদায় ইমান চিন্তমগ্ন হৈ কিয় থাকা?”

গালৱে বন্ধু গৰুড়ক সকলো খুলি ক’লে। গৰুড়ে বিষ্ণুৰ পৰা কিছুদিনৰ বাবে অব্যহতি লৈ, গালৱক পিঠিত বহুৱাই বিৰল প্ৰজাতিৰ ঘোঁৰাৰ সন্ধানত পৃথিবী প্রদক্ষিণ কৰিলে কিন্তু এইধৰণৰ ঘোঁৰা দুয়োৰে দৃষ্টিগোচৰ নহ’ল। অৱশেষত গালৱ নিৰাশ হৈ পৰিল আৰু সত্যভ্ৰষ্ট হোৱাৰ ভয়ত আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। গৰুড়ে গালৱক এই চৰম পন্থা গ্ৰহণৰ পৰা বিৰত কৰি ক’লে‚

“প্রিয়বন্ধু‚ আত্মহত্যা মহাপাপ। ইমান সোনকালে আশাহত নহ’বা। ব’লা আমি ৰজা যযাতিৰ ওচৰলৈ যা‌ওঁ। শুনিছোঁ তে‍ওঁৰ দৰে প্রজাপালক‚ হিতৈষী‚ দানী, পৰোপকাৰী, ৰজা ভুপৃষ্ঠত কমেই আছে। তেওঁৰ ওচৰৰ পৰা আজিলৈকে কোনেও শুদা হাতে উভতি আহিছে এনে ঘটনা বিৰল। মোৰ দৃঢ়বিশ্বাস তেখেতে তোমাক যিকোনো প্ৰকাৰে সাহাৰ্য্য কৰিব‌ই।”

গৰুড়ৰ এই কথাষাৰে গালৱৰ মনলৈ নতুন আশাৰ সঞ্চাৰ কৰিলে। সেই মুহূৰ্ততে দুয়ো গঙ্গা আৰু যমুনাৰ সঙ্গমস্থলত অৱস্থিত যযাতিৰ ৰাজধানী প্রতিষ্ঠানপুৰ আহি উপস্থিত হ’ল। বিষ্ণুবাহন গৰুড়ও ব্রাহ্মণপুত্র গালৱৰ আগমণ বার্তা পাই ৰজা যযাতিয়ে যথোপযুক্ত সন্মান প্রদর্শন পুর্বক আগমণৰ কাৰণ জানিব বিচৰাত গৰুড়ে ক’লে‚

“হে ৰাজন‚ এই ভূখণ্ডত আপোনাৰ দৰে উপযুক্ত‚ প্রাজ্ঞ‚ প্রজাবৎসল‚ অতিথিপৰায়ন আৰু দানশীল ৰজা খুব কমেই আছে। মোৰ এই মিত্র গালৱ বিশ্বামিত্র মুনিৰ প্রিয়তম শিষ্য।” এইদৰে গৰুড়ে গালৱৰ চিনাকি দি ৰজাৰ ওচৰলৈ অহাৰ আচল কাৰণ ব্যাখ্যা কৰিলে।

সেই সময়ত ৰজা যযাতি কিছুদিন আগতে অশ্বমেধ যজ্ঞ সমাপন কৰি উঠিছিল মাত্ৰ। সেয়ে ৰজা যযাতিৰ ধন ঐশ্বৰ্য্য আৰু প্ৰাচূৰ্য্য আগৰ দৰে নাছিল। “হে ঋষি গালৱ‚ বর্তমান ম‌ই এনে পৰিস্থিতিত নাই যে আপোনাৰ ঈপ্সিত আঠশ অশ্ব ম‌ই আপোনাক প্রদান কৰিব পাৰিম।”

সামান্য বিৰতিৰ মূৰত গৰুড়ে ক’লে‚ “হে ৰাজন‚ মোৰ মিত্র গালৱ ব্রহ্মতেজী ব্রাহ্মণ‚ আপোনাৰ পৰম সৌভাগ্য যে‚ গালৱৰ দৰে এজন সদাচাৰী‚ সত্যনিষ্ঠ‚ পৰম বিদ্বান ব্রহ্মতেজী ব্রাহ্মণ আপোনাৰ ওচৰত যাচক ৰূপে অৱতীৰ্ণ হৈছে। এখেতক সাহায্য কৰি আপোনাৰ মহত্ত্ব প্রমাণ কৰাৰ এই সুৱৰ্ণ সুযোগ আপুনি নেহেৰুৱাব।”

বহুপৰ চিন্তা ভাৱনা কৰাৰ পিছত তেওঁৰ কন্যা মাধৱীৰ কথা মনত পৰিল। ত্রিলোক সুন্দৰী মাধৱী দৈৱগুণসম্পন্না আছিল। দৈৱগুণ অনুসৰি মাধৱীৰ দ্বাৰা ভাৰতভূমিত চাৰিটা এনে বংশৰ প্রতিষ্ঠা হ’ব যিয়ে ভৱিষ্যতে ইতিহাস নির্মাণ কৰিব। মাধৱীয়ে সন্তান জন্ম দিয়াৰ পিছতো দৈৱিক শক্তিৰ দ্বাৰা পুনঃ কুমাৰীত্ব অৰ্জন কৰিব পাৰিব। সেয়ে আজীৱন মাধৱীৰ কুমাৰীত্ব আৰু দৈহিক সৌন্দর্য্য অম্লান থাকিব।

ৰজাই লাহেকৈ ক’লে, “মোৰ অশ্বশালত শুকুলা ঘোঁৰা নাই আৰু দান হিচাপে দিবলৈ মোৰ ওচৰত বৰ্তমান ধন-ৰূপ একো নাই। মোৰ এগৰাকী অতি সুন্দৰী কন্যা আছে, মাধৱী। মোৰ কন্যা মাধৱী সৰ্ব্বগুণসম্পন্না আৰু ইমানেই ধুনীয়া যে এই পৃথিৱীৰ যিকোনো ৰজাই মাথো কিছু মুহূৰ্ত কটাবলৈ সকলো ত্যাগ কৰিব।”

“আপুনি মোৰ কন্যা মাধৱীক লৈ যাওক। তাইক বিনিময় কৰি আপুনি শুকুলা ঘোঁৰা ক্ৰয় কৰিব পাৰিব। গতিকে ম‌ই মোৰ ত্রৈলোক্য সুন্দৰী কন্যা মাধৱীক আপোনালৈ প্রদান কৰিলোঁ। মোৰ সুন্দৰী কন্যাক কোনো বিশিষ্ট ৰজাৰ ওচৰত বন্ধক থৈ আপুনি আঠশ অশ্ব অনায়াসে আহৰণ কৰিবলৈ সক্ষম হ’ব। কিন্তু আপোনাৰ ঈপ্সিত অশ্বপ্রাপ্তিৰ পিছতেই আপুনি মোৰ কন্যাক মোক পুনৰ ওভোতাই দিব লাগিব।”

ৰজা যযাতিৰ প্ৰস্তাৱ শুনি গালৱ আৰু বন্ধু গৰুড়ে কিছু আশাৰ ৰেঙণি দেখিলে আৰু ততালিকে বিনাদ্বিধাই মান্তি হ’ল। গালৱ আৰু গৰুড়ে সুন্দৰী ৰাজকন্যা মাধৱীক লগত লৈ শুকুলা ঘোঁৰাৰ সন্ধানত ৰজা যযাতিৰ পৰা বিদায় ল’লে।

সেই সময়ৰ অযোধ্যা নগৰীৰ এজন ৰজা আছিল হৰিঅশ্ব। এইগৰাকী ইক্ষাকু বংশৰ প্ৰৱল প্ৰতাপী ৰজাৰ অশ্বশালত বহুতো শুকুলা ঘো‍ঁৰা আছিল। ৰজা হৰিঅশ্ব আছিল ন্যায়পৰায়ন‚ পৰদুঃখকাতৰ‚ সমৃদ্ধশালী আৰু তেখেত তেজাল নির্বাচিত সুবিশাল অশ্বশালাৰ গৰাকী হিচাবেও বিখ্যাত আছিল। এই খবৰটো পোৱাৰ লগে লগে ৰজা যযাতিৰ কন্যা মাধৱীক লৈ গৰুড় আৰু গালৱ প্রথমে অযোধ্যাৰ প্ৰতাপী ৰজা হৰিঅশ্বৰ ৰাজ সভালৈ গৈ ৰজাৰ সতে সাক্ষাৎ কৰিলে। ৰজাই সভাগৃহত গালৱৰ উপস্থিতিৰ কাৰণ জানিবলৈ বিচৰাত গালৱে ৰজাক সবিশেষ জনালে। মাধৱীৰ কূল-শীল-গুণ ইত্যাদি বৰ্ণনা কৰিলে আৰু মাধৱীক দেখুৱাই ৰজাক প্ৰস্তাৱ দিলে, “মহাৰাজ, এই সুন্দৰী নাৰীগৰাকীৰ পাণি গ্ৰহণ কৰক আৰু আপুনি তাৰ বিনিময়ত মোক শুভ্ৰজোৎস্নাৰ দৰে আঠশটা শুকুলা ঘোঁৰা দিয়ক।”

গালৱে লগতে প্ৰতিটো ঘোঁৰাৰ এখন কাণ ক’লা ৰঙৰ হ’ব লাগিব বুলিও ক’লে। কিন্তু ৰজা হৰিঅশ্বৰ সুবিশাল অশ্বশালত মাথো দুশটা কৃষ্ণকায় তথা শুকুলা ঘোঁৰাহে আছিল। ৰজা হৰিঅশ্ব নিঃসন্তান আছিল। অপুত্ৰক ৰজা হৰিঅশ্ব‌ই মাধৱীৰ ৰূপ লাৱণ্য দেখি মুহূৰ্তৰ ভিতৰত বিমোহিত হৈ পৰিল আৰু মাধৱীৰ সতে সন্তান জন্ম দিয়াৰ বাসনা তীব্ৰ হৈ পৰিল। ৰজাই অতি আনন্দেৰে ক’লে,

“ম‌ই এই সুন্দৰী মহিলা গৰাকীক পত্নী হিচাবে গ্ৰহণ কৰিবলৈ সাজু। কিন্তু মোৰ অশ্বশালত তুমি বিচৰাধৰণৰ শুকুলা ঘোঁৰা মাত্ৰ দুশটাহে আছে।”

ইতিমধ্যে ৰজা মাধৱীৰ ৰূপত মুগ্ধ হৈ পৰিছিল‚ “হে ঋষি গালৱ‚ ম‌ই আপোনাক দুশৰ বেছি অশ্ব প্রদান কৰিবলৈ অপাৰগ। আপুনি মোৰ দৰে অইন কোনোবা ৰজাৰ পৰা বাকী অশ্ব যোগাৰ কৰিব লাগিব। ম‌ই মাধৱীৰ পৰা মাথো এটা পুত্র সন্তান পালেই সুখী হ’ম। মাধৱীয়ে এই কেইটাদিন মোৰ ৰাজপ্রাসাদৰ শোভা বৃদ্ধি কৰি আলোকিত কৰক। পুত্রপ্রাপ্তিৰ পিছতেই মাধবীক অব্যাহতি দিম আৰু আপুনি তেওঁক পুনৰ ওভোতাই নিব পাৰিব।”

আংশিকভাবে হ’লেও সফল হোৱা দেখি গালৱ আনন্দিত ও সন্মত হ’ল আৰু নিৰ্দিষ্ট বৰণৰ দুশটা অশ্ব প্রাপ্ত হ’ল। মাধৱীক ৰজাৰ ওচৰত গতাই দি বাকী ছশটা ঘোঁৰা কিদৰে যোগাৰ হ’ব ভাবি দুয়ো ৰজাৰ পৰা বিদায় মাগিলে।

কিছুদিনৰ পিছত হৰিঅশ্বৰ ঔৰসত মাধৱীৰ গৰ্ভত বসুমন নামেৰে এক সর্বগুণসম্পন্ন পুত্র সন্তানৰ জন্ম হ’ল। পৰৱর্তী কালত এই বসুমন অযোধ্যাৰ এজন প্রসিদ্ধ ৰজা হিচাবে অধিষ্ঠিত হৈছিল। সময় অতিক্রান্ত হোৱাৰ পিছত গালৱ আৰু গৰুড় দুয়ো গৈ ৰজাৰ ৰাজ সভাত উপস্থিত হ’ল। পূৰ্বচৰ্ত অনুসৰি পুত্ৰ বসুমনক ৰজাৰ ওচৰত থৈ মাধৱী গালৱ আৰু গৰুড়ৰ সতে গুচি আহিল।

হৰিঅশ্বৰ ৰাজসভাৰ পৰা মাধৱীক লগত লৈ গালৱ কাশীৰ ৰজা দিয়োদাসৰ ৰাজসভাত হাজিৰ হ’ল। প্ৰায় একেধৰণৰ চৰ্ত সাপেক্ষে তাৰ পৰাও দুশটা অশ্বপ্রাপ্তি হয়। সুন্দৰী মাধৱীক বন্ধক হিচাবে ৰখাৰ সময় অতিক্রান্ত হোৱাৰ সময়ত মাধৱীৰ গর্ভত দিয়োদাসৰ পুত্র প্রতর্দনৰ জন্ম হয়। পিছলৈ প্রতর্দনেই কাশীৰাজ্য পুনৰ উদ্ধাৰ কৰিছিল।

এতিয়াও নিৰ্দিষ্ট সংখ্যক ঘোঁৰা একত্ৰিত হোৱা নাছিল। মাধৱীয়ে নিজ অলৌকিক শক্তিৰে কুমাৰীত্বৰ লগতে পূৰ্বৰৰূপ লাৱণ্য ঘূৰাই পাইছিল। প্ৰয়োজনীয় ঘোঁৰাৰ সন্ধানত গালৱৰ উদ্বিগ্নতা আৰু গুৰুৰ প্ৰতি দায়ৱদ্ধতা দেখি মাধৱী আশ্চৰ্য্যচকিত হৈ পৰে আৰু যাত্ৰাকালত লুকাই লুকাই গালৱক চাই থাকে। এইবাৰ মাধৱীক লৈ ভোজৰাজ উশীনৰৰ ৰাজসভাত হাজিৰ হয় গালৱ। দৈৱশক্তিৰ বলত মাধৱীৰ ৰূপ আৰু যৌৱন অকণো ম্লান হোৱা নাই বৰং আৰু বেছি আকৰ্ষণীয় তথা কমনীয় হৈ উঠিছে। ৰজা উশীনৰ দানশীলতা আছিল পৃথিৱী প্রসিদ্ধ আৰু তাৰ লগতে বিশাল ধনসম্পদ আৰু বৈভৱৰ গৰাকী আছিল। উশীনৰৰ ৰাজসভাত তিনিও পদাৰ্পণ কৰাৰ লগে লগে মাধৱীক দেখি উশীনৰৰ কামনা জাগ্রত হৈ উঠিল৷ গালৱৰ কাহিনী শুনাৰ পিছ মুহূৰ্ততে ৰজাই অশ্বশালৰ পৰা দুশটা ঘোঁৰা মাধৱীৰ বিনিময়ত গালৱক দি মাধৱীক পত্নী হিচাবে গ্ৰহণ কৰিলে। কিছুদিন অতিবাহিত হোৱাৰ পিছত দুয়োৰে মিলনৰ ফলত পুত্র শিৱিৰ জন্ম হ’ল। পিছলৈ শিৱি দানশীলতাৰ বাবে পৃথিৱী জুৰি খ্যাতি অৰ্জন কৰিছিল।

এতিয়ালৈ মাথো ছশটা কৃষ্ণকর্ণযুক্ত তথা শুকুলা বৰণৰ ঘোঁৰা প্রাপ্ত হৈছিল। গুৰু বিশ্বামিত্ৰ‌ই বিচৰা আঠশটা ঘোঁৰা সংগ্ৰহ হ’বলৈ আৰু দুশটা বাকী।
গালৱ আৰু বন্ধু গৰুড়ে মাধৱীক লগত লৈ পৃথিৱীৰ চৌদিশে বিচাৰি চলাথ কৰিও ঘোঁৰাৰ সন্ধান নাপালে। মাধৱীয়ে হৃত যৌৱন আৰু কুমাৰীত্ব প্ৰাপ্তি কৰাৰ পিছত, গালৱৰ সতে কটোৱা সময়খিনি বৰ ভাল লাগিবলৈ ল’লে। অথচ গালৱ এই সুন্দৰীৰ সৌন্দৰ্য্যৰ প্ৰতি উদাসীন, নিস্পৃহ। বিহংগমৰ চকুত নিৱদ্ধ অৰ্জুনৰ লক্ষ্যৰ দৰে মাথো গুৰুদক্ষিণা পৰিশোধৰ চিন্তাত মগন। মাধৱীৰ দৰে এক অতীৱ সুন্দৰীৰ কোনো প্ৰভাৱেই নপৰে।

বাকী দুশটা ঘোঁৰা যোগাৰ কৰিব নোৱাৰি গৰুড়ৰ পৰামর্শ অনুযায়ী গালৱে ছশটা অশ্ব আৰু মাধৱীক লৈ বিশ্বামিত্রৰ আশ্ৰমত হাজিৰ হৈ নিবেদন কৰিলে‚

“হে গুৰুদেৱ‚ আপোনাৰ আদেশ অনুসৰি‚ ম‌ই ছশটা শুভ্ৰজোৎস্না সদৃশ শুকুলা ঘোঁৰা যোগাৰ কৰিবলৈ সমর্থ হৈছোঁ। এই ভূখণ্ডত আৰু এটাও এইধৰণৰ বিৰল প্ৰজাতিৰ শুকুলা ঘোঁৰা নাই যে ম‌ই আপোনাক নিবেদন কৰিব পাৰিম। গতিকে কৃপা কৰি আপুনি দুশটা ঘোঁৰাৰ পৰিৱৰ্তে মাধৱীক পত্নী হিচাবে গ্ৰহণ কৰি মোক গুৰু দক্ষিণাৰ গুৰু দায়িত্বৰ পৰা মুক্ত কৰক।”

মহৰ্ষি বিশ্বামিত্র ইতিপুর্বেই মাধৱী সম্পর্কে অৱহিত আছিল। সেয়ে তেওঁ মাধৱীক গ্রহণ কৰিলে আৰু পিছলৈ তেওঁৰ ঔৰসত আৰু মাধৱীৰ গর্ভত অষ্টক নামৰ পুত্র এগৰাকী জন্ম গ্ৰহণ কৰে। পিছলৈ অষ্টকে পিতা বিশ্বামিত্রৰ অনুমতিক্রমে বিশ্বামিত্র‌ই এৰি অহা ৰাজ্যৰ শাসনভাৰ গ্রহণ কৰে আৰু উত্তৰাধিকাৰী সূত্ৰে গালৱে প্ৰদান কৰা ছশটা শুভ্ৰজোৎস্না সদৃশ শুকুলা ঘোঁৰাৰ অধিকাৰীও তেঁৱেই হয়।

এই চাৰিটাকৈ সন্তানৰ মাতৃত্ব অৰ্জন কৰা প্ৰক্ৰিয়াৰ মাজত গালৱৰ প্ৰতি মাধৱীৰ কোমল হৃদয়ত এক অনুৰণন সৃষ্টি হৈছিল। নাৰী সদায় আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ দূৰ্বল ব্যাক্তিৰ প্ৰতিহে আকৰ্ষিত হয় আৰু প্ৰেমত পৰে। সুদীৰ্ঘ সময়ত গালৱৰ সান্নিধ্যত থাকি মাধবী গালৱৰ প্ৰতি ক্ৰমাৎ দূৰ্বল হৈ পৰিছিল। গালৱৰ ওচৰলৈ শেষবাৰৰ বাবে উভতি অহাৰ পিছত, মাধৱীয়ে গালৱৰ মন জুখি চাবলৈ পুনৰ্বাৰ কুমাৰীত্ব অৰ্জন নকৰাকৈ গালৱক আকাৰে ইংগিতে প্ৰেম প্ৰস্তাৱ আগবঢ়াই। কিন্তু গালৱ যেন এক আত্মকেন্দ্ৰিক স্থিতপ্ৰজ্ঞ! মাধৱীৰ প্ৰেমানুভূতিৰ উমান পোৱা স্বত্বেও মাধৱীৰ ক্ষয়িত যৌৱন আৰু গুৰুৰ সতে পত্নী হিচাবে নিৰ্বাহ কৰাৰ অজুহাতত দ্বিধাগ্রস্থ হৈ পৰে।

গালৱে ক’লে, “এই ঘটনাৱলীত তুমি কেৱল তোমাৰ পিতৃৰ প্ৰতি থকা দায়িত্ব পালন কৰিলা, ঠিক যিদৰে ম‌ই মোৰ গুৰুৰ প্ৰতি দায়িত্ব পালন কৰিলোঁ।”

গালৱৰ উদাসীনতাই মাধৱীক মূকবধিৰ কৰি পেলালে। গালৱৰ এই অপ্ৰত্যাশিত আচৰণৰ ফলত আশাহত মাধৱী ভাঙি পৰে। মাধৱীয়ে পিতৃৰ আজ্ঞা পালন কৰি গালৱৰ গুৰু দক্ষিণা সংগ্রহৰ প্রধান অৱলম্বন হ’ল অথচ দানবীৰ হিচাবে খ্যাতি পালে যযাতিয়ে, গুৰু ঋণ পৰিশোধ কৰি গালৱে অসম্ভৱক সম্ভৱ কৰি খ্যাতি পালে গুৰু দক্ষিণা সংগ্রহ কৰাৰ সমর্থতাৰ বাবে। অথচ এই গোটেই প্ৰক্ৰিয়াটোত মাধ্যম হিচাবে ব্যবহৃত মাধৱী হৈ পৰিল উপেক্ষিত।

বিদায় বেলাত গালৱে মাধৱীৰ প্ৰতি কৃতজ্ঞতা জনোৱাৰ ভাষা বিচাৰি নোপোৱাৰ দৰে ক’লে, “মাধৱী, ম‌ই সঁচাকৈয়ে তোমাৰ ওচৰত কৃতজ্ঞ। তুমি যি বিচৰা, ম‌ই তাকেই দিবলৈ সাজু।”

মাধৱীয়ে ঈষৎ মৃদু হাঁহি মাৰি ক’লে, “ম‌ই যি বিচাৰিম সেয়া কোনোদিনেই তোমাৰ ওচৰত নাছিল। তুমি আগতেও দৰিদ্ৰ আছিলা আৰু আজি এতিয়াও দৰিদ্ৰ‌ই হৈ আছা।”

গালৱৰ প্ৰতি মোহভঙ্গ হৈ ব্যথিত হৃদয়েৰে মাধৱী নিজ পিতৃৰ অন্তেষপূৰলৈ উভতি যায়। পিতৃ যযাতিয়ে নিজ পূত্ৰীয়ে পিতৃ দায়িত্ব সুচাৰুৰূপে পালন কৰা বাবে গৰ্বেৰে স্বয়ম্বৰৰ আয়োজন কৰিলে। ইতিমধ্যে মাধৱীৰ ৰূপ লাৱণ্য তথা কুমাৰীত্ব অৰ্জনৰ দৈৱিক শক্তিৰ কথা দেশ বিদেশত বিয়পি পৰিছিল। স্বয়ম্বৰৰ ঘোষণা হোৱাৰ লগে লগে দেশ বিদেশৰ ৰজা-ৰাজকুমাৰ আহি যযাতিৰ ৰাজসভা পালেহি। আমোদজনক ভাবে মাধৱীৰ পূৰ্বৰ পতি ক্ৰমে হৰিঅশ্ব, দিয়োদাস আৰু ঊশীনৰ তিনিও স্বয়ম্বৰলৈ মাধৱীৰ পাণিপ্ৰাৰ্থী হিচাবে উপস্থিত হ’লহি।

মাধৱীৰ বৈষয়িক জীৱনৰ প্ৰতি থকা মোহভংগ হ’ল। স্বয়ম্বৰত উপস্থিত কাকো বৰমাল্য নিপিন্ধালে বৰং সন্যাস গ্ৰহণ কৰাৰ সিদ্ধান্ত ল’লে। পিতৃ ৰজা যযাতিৰ অনুমতিক্রমে মাধৱী তপস্বিনীৰ বেশ ধাৰণ কৰি তপোবনলৈ গমন কৰিলে। পিছলৈ অৰণ্য জীৱনৰ সংগী হিচাবে চাৰি পূত্ৰ বসুমন, প্ৰতৰ্দন, শিৱি আৰু অষ্টক আহি যোগদান কৰেহি।

যযাতি যেতিয়া স্বর্গচ্যূত হৈ অন্তৰীক্ষৰ পৰা সৰি পৰিছিল, তেতিয়া মাধৱীৰ সতে চাৰিও গৰাকী পুত্র‌ই যযাতিৰ সতে ধর্মালোচনা কৰিছিল। মাধৱীৰ সতে গালৱো তাত উপস্থিত আছিল। সকলোৱে মিলি তেওঁলোকৰ তপস্যাৰ কিছু ফল দান কৰাৰ ফলস্বৰূপে যযাতি আকৌ স্বর্গলৈ উভতি যাবলৈ সমৰ্থ হৈছিল৷

☆★☆★☆

2 Comments

  • কমল তালুকদাৰ

    জনা নাছিলোঁ‌ । সুন্দৰ অখ্যান ।

    ভাল লাগিল পঢ়ি ।

    Reply
  • নিভা

    সুন্দৰ আখ্যান জানিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *