ফটাঢোল

সাক্ষাৎকাৰ: জনপ্ৰিয় সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ স’তে অন্তৰংগ আলাপন 

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী৷ এই নামটো শুনাৰ লগে লগে বেছি সংখ্যক পঢ়ুৱৈৰ মনলৈ প্ৰথমেই আহে ‘অনুৰাধাৰ দেশ’ উপন্যাসৰ স্ৰষ্টাজনৰ কথা৷ আজিও অসমৰ জনগণৰ মাজত ছাৰক ‘অনুৰাধাৰ দেশ’ৰ বাবেই এক এৰাব নোৱৰা বান্ধোনেৰে বান্ধি ৰাখিছে৷ সঁচা কথা ক’বলৈ গ’লে মই নিজেও সেই অনুৰাধাৰ দেশ পঢ়িয়েই ছাৰৰ প্ৰতি প্ৰথম আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ পাছত লাহে লাহে ছাৰৰ উপন্যাসৰ উপৰিও তেখেতৰ বিভিন্ন কাকত, আলোচনী আৰু কিতাপ আকাৰে প্ৰকাশিত বহুতো গল্প, উপন্যাস, উপন্যাসিকা, প্ৰবন্ধ আদি পঢ়িবলৈ পালোঁ৷ বিশেষকৈ তেখেতে নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক (২০১৫ পৰা

Read more

সাক্ষাৎকাৰ:: অসমৰ আটাইতকৈ জনপ্ৰিয় RJ সুজিতাৰ সৈতে

মহানগৰীয়া জীৱনত প্ৰতিগৰাকী মানুহৰ চিনাকি নাম তেওঁ! তেওঁ যেতিয়া কথা কয়, এনে লাগে যেন কণ্ঠৰে শব্দ নহয়, মুকুতা সৰিছে! তেওঁ খিলখিলাই উঠিলে নিগৰি পৰে মুকুতা মাণিক, ৰাজপথত তেওঁৰ কথাৰ যাদুত মন্ত্ৰ মুগ্ধ সমস্ত ট্ৰেফিক!! ৰাইজ, এইবাৰৰ আমাৰ অতিথি, অসমৰ এফ এম চেনেলৰ আটাইতকৈ অভিজ্ঞ আৰু জনপ্ৰিয় আৰ, জে সুজিতা!! ফটাঢোল : সুজিতা বা, বেলেগ প্ৰশ্নলৈ যোৱাৰ আগতে আপোনাক সুধি লওঁ, আপোনাৰ জন্মই কি আৰ.জে হোৱাৰ বাবে হৈছে? মানে আমি জানিব বিচাৰোঁ মানুহৰ মাতটো ইমান ধুনীয়া আৰু মিঠা কেনেকৈ হ’ব পাৰে?

Read more

সাক্ষাৎকাৰ : বগীৰ পৰা বিৰুবালা ৰাভালৈ: সাহস আৰু মানৱ প্ৰেমৰ এক গাঁঠা

“কাইলৈ পুৱা ৭ টাত যাত্ৰা আৰম্ভ কৰিম৷ ” গুৱাহাটীত গৈ পোৱাৰ সময়তে ফোনটো আহিল৷ কাইলৈ অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত আমি যাত্ৰা কৰিম অসম মেঘালয় সীমান্তৱৰ্তী গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱলৈ৷  উদ্দেশ্য বিৰুবালা ৰাভা বাইদেউক লগ কৰি তেখেতৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰা আমাৰ ই আলোচনীখনৰ বাবে৷ বিৰুবালা ৰাভাৰ নাম নুশুনা মানুহ হয়তো খুব কমেইহে আছে৷ অনগ্ৰসৰ এখন ঠাইৰ পৰা দুৰ্গম যাতায়াত ব্যৱস্থা, শিক্ষাৰ প্ৰসাৰ একেবাৰে কম হৈ থকা সময়তে আৰম্ভ কৰিছিল অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ বিৰোদ্ধে এক আন্দোলন৷ সমাজৰ বাধা নেওচি এই আন্দোলনে

Read more

সাক্ষাৎকাৰ : প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ সৈতে এখন্তেক

: আৰাধনা তুমি কাইলৈ আহিব নালাগে৷ অসমৰ পৰিস্থিতি বৰ বেয়া হৈছে৷ নগাঁৱৰ পৰা তুমি ইমান ৰিস্ক লৈ গুৱাহাটীলৈ অহা উচিত নহ’ব৷ অৱস্থা কিছু উন্নত হওক তাৰ পিছত আমি এদিন সময় উলিয়াই কথা পাতিম৷ ফোনটোৰ সিপাৰৰ ব্যক্তিজন আছিল প্ৰজ্ঞাপুৰুষ হোমেন বৰগোহাঞি ছাৰ৷ হোমেন বৰগোহাঞি বুলি ক’লে অসমৰ ৰাইজক চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই৷ প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, সমালোচক বৰগোহাঞি দেৱে পঞ্চাশৰ দশকৰ পৰাই অগতানুগতিক চিন্তাৰে সমৃদ্ধ গল্প, কবিতা, উপন্যাস, গদ্য আদি ৰচনাৰে সাহিত্যপ্ৰেমীক একেৰাহে মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে৷ বৰগোহাঞি দেৱৰ উপন্যাস

Read more

সাক্ষাৎকাৰ – জনপ্ৰিয় গায়ক ৰূপম ভূঞাৰ সৈতে এখন্তেক

অ’ আকাশ সোণোৱালী উমাল-উদাৰ ৰ’দ ৰঙী চিলাবোৰে তাতে মেলে প্ৰেমৰ পোহাৰ” গীতটো নিশ্চয় আপোনাৰো প্ৰিয়৷ এই গীতটোত নিজৰ সুৰীয়া কণ্ঠেৰে এক অনন্য মাত্ৰা প্ৰদান কৰা গায়কজনেই হ’ল সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ ৰূপম ভূঞা৷ নৰ্থ ইষ্ট ব্ৰীজৰ জৰিয়তে সমগ্ৰ দেশতে পৰিচিত হোৱা ৰূপম ভূঞা দেৱে লোকসংগীতৰ সংমিশ্ৰণে এক অগতানুগতিক ধাৰাৰ সংগীতৰ সোৱাদ শ্ৰোতাক দিবলৈ সমৰ্থ হৈছে৷ অনাতাঁৰ আৰু টেলিভিশ্যনৰ পৰ্দাৰ এজন নিয়মিত শিল্পী ভূঞা দেৱে বৰ্তমানলৈকে বহুকেইখন অসমীয়া কথাছবিতো কণ্ঠ নিগৰাইছে৷ ইয়াৰ ভিতৰত অনুৰাধা, নদী মাথো বয়, মাজ ৰাতিৰ কেতেকী, ৰাফ

Read more

সাক্ষাৎকাৰ — গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক হেমাংগ দত্তৰ সৈতে এখন্তেক

(এই মাহৰ সাক্ষাৎকাৰ লোৱা হৈছে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক তথা এজন লোক-সংস্কৃতিৰ সাধক যুৱ শিল্পী শ্ৰী হেমাংগ দত্তৰ সৈতে৷ ফটাঢোলৰ তৰফৰ পৰা এই সংখ্যাৰ সম্পাদক ৰূপাংকৰ চৌধুৰীয়ে প্ৰশ্নখিনি যুগুত কৰিছিল৷) ফটাঢোল: পোন প্ৰথমে ফটাঢোল মাহেকীয়া ই-আলোচনীৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ৷ হেমাংগ দত্ত: ধন্যবাদ৷ ফটাঢোল: আপোনাৰ শৈশৱ আৰু কৈশোৰ ক’ত আৰু কেনেকৈ পাৰ হৈছিল? হেমাংগ দত্ত: মোৰ জন্ম নলবাৰী জিলাৰ সদৰৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে অৱস্থিত বালিকৰিয়া গাঁৱৰ চৌধুৰীপাৰা চুবুৰিত৷ দেউতাৰ নাম প্ৰয়াত দীনেশ দত্ত আৰু মাৰ নাম শ্ৰী

Read more

সাক্ষাৎকাৰ – জনপ্ৰিয় কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ সৈতে এখন্তেক

ফটাঢোল ই-আলোচনীৰ শাৰদীয় সংখ্যাৰ সাক্ষাৎকাৰৰ অতিথি হিচাপে আমি এইবাৰ কাষ চাপিছিলোঁ জনপ্ৰিয় কণ্ঠশিল্পী, সদাহাস্যময়ী, আমাৰ সকলোৰে অতি মৰমৰ মৌচুমী চহৰীয়া বাইদেউৰ। যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে বাইদেউৰ লগত আগতীয়াকৈ হোৱা  যোগাযোগৰ পৰিপ্ৰেক্ষিতত ফটাঢোল পৰিয়ালৰ ফালৰ পৰা তেখেতৰ কাহিলিপাৰাস্থিত ফ্লেটত আমি গধূলি প্ৰায় ৫:৩০ বজাত উপস্থিত হৈছিলোঁ। স্বভাৱসুলভ হাঁহিটোৰে তেখেতে আমাক সম্ভাষণ জনাই ভিতৰলৈ মাতি নি বহিবলৈ দিলে। ফটাঢোল : নমস্কাৰ বাইদেউ, ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় আমাৰ কাৰণে উলিয়াই  দিয়াৰ বাবে।

Read more

সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ সৈতে এখন্তেক

চলিত মাহৰ ১৭ তাৰিখ শনিবাৰে সন্ধিয়া আমাৰ আলোচনীৰ সাক্ষাৎকাৰ শিতানৰ বাবে ফটাঢোলৰ তৰফৰ পৰা এইমাহৰ অতিথি হিচাপে কিছু কথা পাতিবলৈ অসমৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী বাইদেউৰ কাষ চাপিছিলোঁ৷ অসমীয়া বোলছবি জগত তথা টেলিভিছনৰ পৰ্দাত দেখি থকা বাইদেউৰ চিৰসেউজ হাঁহিটি দেখি আমাৰ মন ভৰি পৰিছিল৷ তেওঁৰ জীৱনৰ কিছু কথা পাতি এটি মনোৰম সন্ধিয়া পাৰ কৰিছিলোঁ৷ তাৰেই কিছু আভাস আমি পাঠকসমাজৰ সমুখত তুলি ধৰিবলৈ যত্ন কৰিলোঁ৷ ফটাঢোল : গীতাৱলী বা আপোনাক নমস্কাৰ জনাইছোঁ আমাৰ ফটাঢোল গ্ৰুপ আৰু ফটাঢোল ই-আলোচনীৰ তৰফৰ পৰা।

Read more

সাক্ষাৎকাৰ–শ্ৰীযুত দেৱব্ৰত দাসৰ সৈতে এখন্তেক

  দিনটো আছিল দেওবাৰ। ১৪ জুলাই, ২০১৯ (ইং) তাৰিখৰ দিনৰ এঘাৰ বজাত আমি উপস্থিত হৈছিলোঁ গুৱাহাটীৰ লেম্ব ৰ’ডত থকা দেৱব্ৰত দাস ছাৰৰ ঘৰত। এই মাহৰ অতিথি বিখ্যাত গল্পকাৰ, প্ৰৱন্ধকাৰ আৰু ওপন্যাসিক শ্ৰীযুত দেৱব্ৰত দাসে তেওঁৰ চৰাঘৰত বহি আমালৈ অপেক্ষা কৰি আছিল। মানুহজনৰ মুখৰ স্মীত হাঁহিয়ে এই বিখ্যাত মানুহজনৰ ওচৰ চপাই নিছিল আমাক। আমি ছাৰৰ সতে আৰম্ভ কৰিছিলোঁ এই নিম্নোক্ত সাক্ষাৎকাৰটি।   ফটাঢোল: ছাৰ, পোন প্ৰথমে ফটাঢোলৰ তৰফৰ পৰা আপোনাক নমস্কাৰ জনালোঁ। দেৱব্ৰত দাস: হয়, নমস্কাৰ। ফটাঢোল: ছাৰ, প্ৰথমতে আমি আপোনাৰ

Read more

সাক্ষাৎকাৰ – বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ

তেওঁ আছিল পশ্চিমবঙ্গৰ জীয়ৰী। কিন্তু পিছলৈ হ’লগৈ অসমৰ হাড়ে হিমজুৱে অসমীয়া বোৱাৰী। অসমৰ সঙ্গীত জগতৰ দুগৰাকী উজ্জ্বল নক্ষত্ৰৰ ঘৰত তেওঁক বো‍ৱাৰী হিচাপে আদৰি অনা হৈছিল। হয়, অসমৰ সঙ্গীত জগতৰ ভোটাতৰা স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ পত্নী আৰু জ্যেষ্ঠ ভাতৃ স্বৰ্গীয় ড° ভূপেন হাজৰিকাৰ ভাই বোৱাৰী শ্ৰদ্ধাৰ মণিষা হাজৰিকাৰ কথাকে কৈছোঁ। আমাৰ এই মাহৰ ফটাঢোল আলোচনীৰ মজিয়ালৈ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট গায়িকা শ্ৰদ্ধাৰ মণিষা হাজৰিকা বাইদেউক। সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা মণিষা হাজৰিকাই ড° ভূপেন হাজৰিকাদেৱৰ লগত প্ৰথম সহশিল্পী হিচাপে কণ্ঠদান

Read more
1 2 3 4 5 6 7