ফটাঢোল

সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ সৈতে এখন্তেক

চলিত মাহৰ ১৭ তাৰিখ শনিবাৰে সন্ধিয়া আমাৰ আলোচনীৰ সাক্ষাৎকাৰ শিতানৰ বাবে ফটাঢোলৰ তৰফৰ পৰা এইমাহৰ অতিথি হিচাপে কিছু কথা পাতিবলৈ অসমৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী বাইদেউৰ কাষ চাপিছিলোঁ৷ অসমীয়া বোলছবি জগত তথা টেলিভিছনৰ পৰ্দাত দেখি থকা বাইদেউৰ চিৰসেউজ হাঁহিটি দেখি আমাৰ মন ভৰি পৰিছিল৷ তেওঁৰ জীৱনৰ কিছু কথা পাতি এটি মনোৰম সন্ধিয়া পাৰ কৰিছিলোঁ৷ তাৰেই কিছু আভাস আমি পাঠকসমাজৰ সমুখত তুলি ধৰিবলৈ যত্ন কৰিলোঁ৷

ফটাঢোল : গীতাৱলী বা আপোনাক নমস্কাৰ জনাইছোঁ আমাৰ ফটাঢোল গ্ৰুপ আৰু ফটাঢোল ই-আলোচনীৰ তৰফৰ পৰা।

গীতাৱলী ৰাজকুমৰী : নমস্কাৰ জনাইছোঁ ময়ো।

ফটাঢোল : আমাৰ পৰিচয় ইতিমধ্যে বা আপোনাক দিছোঁ। আমি ফেচবুকৰ এটা হাস্য-ব্যঙ্গ গ্ৰুপৰ ফালৰ পৰা আহিছোঁ৷ আমাৰ গোটটোৰ নাম ‘ফটাঢোল’৷ প্ৰতিমাহতে আমি এখন আমাৰ গোটৰ পৰা অনলাইন আলোচনী উলিয়াওঁ ‘ফটাঢোল ডট্‌ কম’ বুলি। আৰু আমাৰ আলোচনীখন হাস্য-ব্যঙ্গ সাহিত্যৰ লগতে জড়িত। আপোনাক আমাৰ এই মাহৰ অতিথি হিচাপে স্বাগতম জনাইছোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ’ল আপোনাৰ শৈশৱৰ বিষয়ে অলপ কওকচোন৷ শৈশৱত আপুনি পঢ়া শুনা ক’ত কৰিছিলে আমাক জনাব নেকি?

গীতাৱলী ৰাজকুমাৰী : মইতো যোৰহাটৰে জীয়ৰী।শৈক্ষিক জীৱন আৰম্ভ হৈছিলে যোৰহাটতে। প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিলে যোৰহাট অভিযান্ত্ৰিক আদৰ্শ প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত মই ফাইভৰ পৰা টেনলৈ পঢ়িলোঁ যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত। স্নাতক মই যোৰহাট জগন্নাথ বৰুৱা কলেজৰ পৰা কৰিলোঁ। তাৰ পিছৰ শিক্ষা মই গুৱাহাটীত সমাপ্ত কৰিছোঁ। সমাপ্ত হোৱাই নাই বাৰু! শিক্ষাৰ শেষ নাই। এম.এ কৰিছোঁ মই কটন কলেজৰ পৰা আৰু বি.এড. কৰিলোঁ বাণীকান্ত কলেজৰ পৰা। আৰু তাৰ লগে লগে আনুষংগিক কিবা কিবি হিন্দী পৰীক্ষা দিছিলোঁ।

ফটাঢোল : আপুনি চিনেমা জগতলৈ কেনেকৈ আহিল? স্কুলত পঢ়ি থাকোঁতেই অভিনয়ৰ প্ৰস্তুতি কৰিছিল নে? আপোনাৰ কৰ্মজীৱনৰ বিষয়ে অলপ কওকচোন৷

গীতাৱলী ৰাজকুমাৰী : নাই নাই, স্কুলৰ সময়ত মই বৰ introvert আছিলোঁ। অভিনয় যে কৰিম সপোনতো ভবা নাছিলোঁ। এই জগতখনলৈ খুব আকস্মিক ভাৱে আহিলোঁ, মানুহৰ জীৱনত যে নভবাকৈয়ো কিবাকিবি হয় তেনেকৈয়ে। স্কুলীয়া জীৱনত ষ্টেজত উঠা বা ড্ৰামা কৰাৰ কথা মোৰ মনত নপৰে। হায়াৰচেকেণ্ডাৰীত পঢ়ি থকা সময়ত পূবালী আলোচনীয়ে মোৰ জীৱনলৈ টাৰ্নিং পইণ্ট আনি দিছিল। সেই সময়ত খুব জনপ্ৰিয় আলোচনী আছিল ডি এল প্ৰকাশনৰ এই আলোচনীখন। আমাৰ ঘৰত ছোৱালী চাৰিজনী আৰু ল’ৰা এজন, গতিকে ছোৱালী থকা ঘৰত মহিলা আলোচনীৰ আধিপত্য থাকেই দিয়াচোন। সেইবাৰ পূবালীয়ে বেটুপাত সুন্দৰী নামৰে এখন প্ৰতিযোগিতা পাতিছিলে আৰু মোৰ বায়ে ঘৰত আমি গম নোপোৱাকৈ মোৰ ফটো এখন তালৈ পঠিয়াই দিছিলে। পিছৰ সংখ্যাত মোৰ নামটো দেখি আচৰিত হ’লোঁ, আকৌ ভাবিলোঁ একে নাম বহুতৰে থাকিব পাৰে। মোৰ নহৈ এয়া আনৰো হ’ব পাৰে, ঘৰত প্ৰত্যেকে আচৰিত হ’ল। কিন্তু মোৰ নামটো আছিল ব্যতিক্ৰম, মোৰ নামৰ দ্বিতীয় এগৰাকী থকাৰ সম্ভাৱনা নাছিলেই। আমাৰ ৰাজকুমাৰী উপাধিৰ বাবে কলেজতো মোক বহুতে মণিপুৰী বুলিয়েই ভাবিছিল, গতিকে মনত সন্দেহ এটা আহি আছিল। তাৰ পাছতে বাক হাঁহি থকা দেখি সুধোঁতেহে উৰহী গছৰ ওৰ ওলাল। যিয়েই নহওক আকস্মিকভাবে কিবা এটা পাইছোঁ বিৰাট ভাল লাগিছে আৰু মোৰ। মাজু বা তেতিয়া কটনত পঢ়ি আছিল, গুৱাহাটীলৈ তাইক লগ কৰিবলৈ যাওঁতে একেবাৰে পূবালীৰ পুৰস্কাৰটি লৈ অহাৰ কথা ভাবিলোঁ। অভিনেতা প্ৰাঞ্জল শইকীয়াদাৰ পৰা পুৰস্কাৰটি লওঁতে তেওঁ কৈছিল, যোৰহাটত হয়তো ভাল ফটোগ্ৰাফাৰৰ খুবেই অভাৱ। কাৰণ যিখন ফটো দিয়া হৈছিল তাত মই এখন বেঙুনীয়া শাৰী পিন্ধিছিলোঁ আৰু আবেলিৰ সময়ত তুলিছিলোঁ। আন্ধাৰ যেন হৈছিল ফটোখন, তেতিয়া মবাইল কেমেৰাতো দূৰৰ কথা ফটো তুলিবলৈ আমি ষ্টুডিঅলৈহে যাব লগীয়া হৈছিল। ভাল হোৱা নাছিল ফটোখন, যি নহওক কিবা এটা পালোঁ নভবাকৈয়ে। মই কৈছোঁৱেই মই introvert আছিলোঁ, নিজেই পঠিয়াম বা ফটোশ্বুট কৰিমগৈ সেয়া মোৰ ভবাৰ বাহিৰত। মোৰ বুজন শক্তিও তেতিয়া নাছিলেই, কমিকছ্ গল্প উপন্যাস আলোচনীত ডুবি থাকোঁ কেৱল। মোৰ প্ৰিয় উপন্যাস “অসীমত যাৰ হেৰাল সীমা” এতিয়াও সময় পালেই পঢ়োঁ। কাঞ্চন বৰুৱা মানুহজনেই মোৰ প্ৰিয় আছিলে, তেখেতৰ সূবৰ্ণ বলয় বা গ্ৰহণান্তই হওক মই কাহিনীত ডুবি থাকিছিলোঁ। গ্ৰহনান্তৰ হিমুৰ চৰিত্ৰই প্ৰায় কন্দুৱাইছিল মোক। কিতাপতকৈ শ্ৰেষ্ঠ বন্ধু নাই, সঁচাকৈ কিতাপ এখনৰ ইমান এক শক্তি থাকে যে মানুহক কন্দুৱাই তুলিব পাৰে। চিনেমা বা নাটকেও কন্দুৱাই কিন্তু সেয়া সাময়িক, কিতাপৰ দৰে সি সাঁচ বহুৱাই যাব নোৱাৰে। কিতাপ পঢ়া মানুহৰ বুজন শক্তি বা আবেগিকভাৱে শক্তিশালী হয় বুলি মই ভাবোঁ। যিয়েই নহওক মই সেই সময়ত কাল্পনিক জগত এখনত বিচৰণ কৰি থকাৰ সময়তে পুৰস্কাৰ এটা পালোঁ। পূবালীত নাম ওলোৱাৰ পাছতে এখিনি মানুহ আহিছিল মোক বিচাৰি। নতুন চিনেমা এখনৰ বাবে তেওঁলোকে পূবালীত ফটো বিচাৰি যাওঁতে মোৰ ফটোখন দেখিছিল আৰু মোৰ কথা নজনাকৈয়ে তেওঁলোক যোৰহাটলৈ মোক বিচাৰি আহিল৷ আমোদজনক কথাটো হ’ল আলোচনীৰ চিনেমা শিতানৰ বাহিৰে অসমীয়া চিনেমাৰ ওপৰত মোৰ একো জ্ঞান নাছিল, হলত অসমীয়া চিনেমা এখন চাই পোৱা নাছিলোঁ তেতিয়ালৈ। বহু আগতে মোৰ জেঠাইৰ ছোৱালীক বিচাৰিও ফাগুনী নামৰ চিনেমাখনৰ মানুহ আহিছিল কিন্তু তেতিয়াৰ চিনেমাৰ প্ৰতি থকা মানুহৰ ভুল ধাৰণাৰ বাবে চিনেমা কৰিবলৈ তেওঁক যাবলৈ দিয়া নাছিল। মোৰ ক্ষেত্ৰতো দেউতাই একে আষাৰে ক’লে না। কিন্তু তেতিয়ালৈ মোৰ দুগৰাকী বাৰ বিয়া হৈছিল। ভিনদেউহঁতেও জোৰ কৰিলে, গাইড দিবলৈ আমি আছোঁ নহয়, চিন্তা কৰিবলৈ একো নাই৷

তেতিয়া মই একো বুজিয়ে পোৱা নাছিলোঁ, মোক বিচৰা হৈছে! কি হৈছে মানে! তথাপি এটা চৰ্তত গ’লোঁ যে যেতিয়া বেয়া লাগিব তেতিয়াই ঘৰলৈ গুচি আহিম৷ চিনেমাখন শেষ হওক নহওক একো কথা নাই৷ আচলতে মই তেতিয়া বুজি পোৱা নাছিলোঁ যে কেনেকুৱা ভয়ংকৰ চুক্তি কৰিলোঁঁ৷ যেতিয়া বেয়া লাগিব তেতিয়া গুচি আহিম৷ মোৰ লগত আছিল তপন দাস আৰু চিনেমাখন আছিল ‘কৃষ্ণচূড়া’

যি কি নহওক মই ষ্টেজত থিয় নোহোৱা ছোৱালী, কেতিয়াও দহজন মানুহৰ আগত কথা কৈ পোৱা ছোৱালী নহয়৷ মোৰ বন্ধু মোৰ ভাইটি আৰু তাৰ বন্ধুখিনিৰ মাজতে সীমিত৷ মোৰ কোনো বন্ধু নাই, মোৰ লগত দুগৰাকী বান্ধৱী আছিল৷ মই আচলতে সৰুৰে পৰা অকলে অকলে থাকি ভাল পাইছিলোঁঁ৷ যেতিয়াই মই ব্ৰেক পাওঁ কিতাপ পঢ়িছিলোঁঁ৷ কিতাপ পালেই হ’ল যি কিতাপেই নহওক মই পঢ়োঁ৷ তেতিয়ালৈকে মই বুজিয়ে পোৱা নাছিলো যে মোক কলৈ লৈ যোৱা হৈছে তথাপি মই মোৰ কামবোৰ ভালদৰে কৰিলোঁঁ৷

একোৱে বুজি নাপাওঁ যে শ্বট এটা বেয়া হৈছে, কাট হৈছে৷ প্রডিউচাৰৰ যে বুকু কঁপি আছে খৰচত৷ তেনেকেই চলি থাকিল৷ প্রায়েই গধূলি মাহঁত আৰু ঘৰৰ মানুহ যায়৷ মোৰ লগত তেতিয়া বা এজনী আৰু দাদা এজনক থৈছিল৷ কোনোৱাই কয় যে চিনেমাৰ মানুহ বেয়া৷ আচলতে সেইখিনি চিন্তা ঘৰৰ মানুহখিনিৰ মনত সোমাই আছিল৷ আচলতে ঘৰৰ মানুহখিনিয়েও তেতিয়ালৈকে বুজা নাছিল যে ভাল কামে কৰিলোঁ নে বেয়া কামে কৰিলোঁ মই৷ তাৰ পাছত লাহে লাহে চিনেমাৰ মানুহবোৰ আপোন হবলৈ ধৰিলে, ঘৰুৱা ঘৰুৱা পৰিৱেশ কিন্তু মাধ্যমটোৰ লগত নিজে চিনাকি হ’বলৈ সময় লাগিল৷ আচলতে তেতিয়া মই বিনা কাৰণত কথা নাপাতিছিলোঁ, তপন দা যদি সিফালে বহি থাকে মই ইফালে বহি থাকোঁ৷ আচলতে মই এনেই এনেই কিয় কথা পাতিম৷ কিতাপ পঢ়ি থাকিছিলোঁঁ৷ তেতিয়া প্রযোজকে আহি ক’লে যে অলপ সহজ হ’ব লাগে৷ আচলতে এইটো বুজাইছিল যে কথা পাতিলেহে দৃশ্যবোৰ সহজভাৱে কৰিব পৰা হ’ব৷ তাৰ পাছত লাহে লাহে সকলোৰে লগত মিলি গ’লোঁ, সকলোৱে আকোৱালি ল’লে৷ চিনেমাখন কৰি থাকোঁতে মই ডিগ্রী পালোঁ গৈ৷ বেয়া লগা কথা যে চিনেমাখন কৰি থাকোতে প্রডিউচাৰ ঢুকাইছিল৷ তেওঁ জীৱিত হোৱা হ’লে বহুত কিবা কিবি কৰিলেহেঁতেন৷ যিকি নহওক মোৰ ভাল এটা অভিজ্ঞতা যে তেতিয়া মৃদুল গুপ্তাক পালোঁঁ৷ তাৰ পাছত মই কৃষ্ণচূড়ালৈ গ’লোঁ আৰু চিনেমাখন সম্পূৰ্ণ কৰিলোঁঁ৷ প্রডিউচাৰ ঢুকোৱাৰ পাছত আমি সকলোৱে অনিশ্চয়তাত ভুগিছিলোঁ যে চিনেমাখন এতিয়া সম্পূৰ্ণ হ’ব নে নহয়৷ আচলতে চিনেমাখন কৰি থাকোঁতে মই একো বুজিয়ে নাপালো যে মই কি কৰি আছোঁঁ৷ যি কৰিবলৈ কৈছিল তাকে কৰিছিলোঁঁ৷

গতিকে মই তেনেকৈ থাকিলোঁ, গ’লোঁ, কথাটো চিৰিয়াচলী নললোঁ। ইখন আহিছে কৰিছোঁ, হ’ব। তাৰ পিছত ‘প্ৰিয়া অ প্ৰিয়া’ কৰিলোঁ, ‘হিয়া দিয়া নিয়া’ আহিলে। ব্লকব্লাষ্টাৰ আছিলে চিনেমা খন, অভিনেত্ৰী হিচাপে চাবলৈ গৈছিলোঁ, মানে মই কি চিনেমা চাম, মোৰ মানুহ চাওঁতে গ’ল। বক্সত বহি মই আৰু চিনেমা নাচাওঁ মানুহে চাম। সব মানুহবিলাক চাই মই পাগল হৈ গৈছোঁ। ইমান মানুহ ৰাস্তাত ওলাব নোৱাৰা হ’লোঁ। সব মানুহে চিনি পোৱা হ’ল, মোৰ নামটো দি নমতা হ’ল, সবেই সুনীতা সুনীতা মাতে। তাৰ পিছত সেইখিনি সময়ত আৰু বেছি মানে আগতেই কৈছোঁ মই introvert হয়, অকলে থাকি ভাল পাওঁ। মই মানুহৰ পৰা disturbance পোৱা হ’লোঁ, মানে মই বজাৰলৈও যাব নোৱাৰা হ’লোঁ। মানুহবোৰে মোক সুকীয়া দৃষ্টিৰে চায়, মই খুব বেয়া পাওঁ। মোবাইল নাছিলে তেতিয়া, হাতত কেমেৰা লৈ আহে, ফটো এখন লৈ যাব, ঘৰলৈ আহি যায়।

তাৰ পাছত লাহে লাহে মোৰ ছিৰিয়াছনেছ এটা আহিল। অলপ ডাঙৰ হৈছিলোঁ, মানে ডিগ্ৰী পাইছিলোঁগৈ৷ তাৰ পিছত বাংলা, উড়িয়া, কানাড়া তেনেকুৱা ধৰণৰ ফিল্মৰ অফাৰ আহিছিলে। এতিয়াও কিবা কিবি এডৰ অফাৰ আহিছিলে৷ মই পাহৰিছোঁ৷ এটা সেনা ডিটাৰজেণ্ট আছিলে, ‘আহত’ নামৰ এখন ছিৰিয়েল আছিলে ভূতৰ। তেনেকুৱা কিছুমান কামৰ বাবে মোক বিচাৰিছিলে। আৰু মই সেইকামবোৰ একদম ৰিজেক্ট কৰিছিলোঁ। সেইবিলাক কেতিয়াও নকৰিলোঁ। ঘৰৰ ছোৱালী ঘৰত থকাৰ দৰে হ’ল। যিটো বিষয় লৈ মই কেতিয়াও ভবাই নাছিলোঁ, তাত আৰু মোৰ কি উচ্চাকাংক্ষা থাকিব পাৰে, মোৰ একো তেনে নাই। Industryৰ মানুহখিনিয়ে জানে কিন্তু, মই এতিয়া চিনেমাকেইখনৰ নাম কৈ দিব বিচৰা নাই। বহুত ভাল ভাল বিখ্যাত চিনেমাবোৰে reject কৰি থৈছোঁ। এটা সময়ত সেই কথাবিলাক এইটো কাৰণে হৈছিলে, যে মই তেতিয়া পঢ়ি আছিলোঁ। মই ডিগ্ৰী পাছ কৰিলোঁ, এম এ কৰিলোঁ, বি এডো কৰিলোঁ। মোৰ পঢ়া লাইফটো, কিন্তু মায়ে সদায় কয় যে, মনি (মোক মা দেউতাই মনি বুলি মাতে) সকলোৱে লগ এৰি দিব কিন্তু শ্ৰেষ্ঠ বন্ধু হৈছে পঢ়া, শিক্ষা। শিক্ষাই কেতিয়াও লগ নেৰে। যিয়ে নহওক মায়ে কোৱা এই কথাটো সদায় কাণত থাকে যে পঢ়িব লাগে। কিন্তু আজিলৈকে মোৰ এনে হ’ল পঢ়াটো সময় দিছোঁ, তাতো দিছোঁ। মই চঞ্চল নাছিলোঁ, মই খুব শান্ত আছিলোঁ। মোক কোনেও আজিও ক’ব নোৱাৰেযে টকা পইছাৰ কিবা এটা লালসা, কিবা এটা দিলে মই বিচলিত হৈ যাম। তেনেকুৱা personality মোৰ নাছিলে। এই সময়ত মই যিটোত নহয়, সেই সময়তো মই নাছিলোঁ তেনেকুৱা, সৰু ছোৱালী এজনী হৈ থাকোঁতেও ইমান শান্ত আছিলোঁ। তাৰ কাৰণে নেকি সকলো মানুহে এটা সুকীয়াকৈ সন্মান দিছিলে। Industryতো মানুহে মোৰ আগত পটকৈ বেয়া কথা এটা বেয়া মাত এটা পটকৈ নকৈছিল। সেইবিলাক মই কেতিয়াও শুনি পোৱা নাই।সেইবোৰ ক্ষেত্ৰতে মই নিজকে লাকী বুলি ভাবোঁ। মানুহে আচলতে টকা পইচা, ধন সম্পত্তি বহুত কৰিব পাৰে, কিন্তু মানুহ ৰ যিটো মৰম সন্মান সেইটো কিন্তু টকা পইচা যে কিনিব নোৱাৰে। সন্মানটো গোটোৱাটোৱে আটাইতকৈ কষ্টকৰ কাম otherwise টকা-পইছাতো সকলোৰে থাকে৷

ফটাঢোল : আপোনাৰ স্মৰণীয় হাঁহি উঠা কিবা এনেকুৱা অভিজ্ঞতা আছে নেকি যিটো মনত পৰিলে আজিও আপোনাৰ হাঁহি উঠে?

গীতাৱলী ৰাজকুমাৰী : তেনেকুৱা আচলতে বহু কথাই আছে কিন্তু ক’বৰ সময়ত মনত নপৰে৷ ‘কৃষ্ণচূড়া’ কৰি থকাৰ সময়ত তপন দাস আৰু মোৰ এটা চিন আছিলে ফাঁচী বজাৰত৷ কেমেৰাটো খুব লুকুৱাই পেলাই লোৱা হৈছিলে ভেন এখনৰ ভিতৰত আৰু আমি খুব কাজিয়া কৰিব লাগে৷ বাৰে বাৰে shot টো ok হোৱা নাই আকৌ কৰিবলৈ দিছে৷ মই খুব খং কৰিব নজনা ছোৱালী আছিলোঁ, খুব ঠাণ্ডা আছিলোঁ। মায়ে মোক আগতে চান্দমামাৰ চৰিত্ৰ বুলিয়েই কয়৷ চান্দমামাৰ যে ছোৱালীৰ চৰিত্ৰবোৰ থাকে সহজ সৰল। মানে মোৰ যেতিয়া খং উঠে তিনিদিনমান পিছতহে মানুহে গম পাই। মই কিতাপেই পঢ়ি থাকোঁ নহয় মানুহে কেনেকৈ ধৰিব পাৰিব, ৰিয়েকচন নাই। মই পঢ়িয়েই থাকোঁ, ঠেঁহো নাপাতোঁ। ল’ৰা ছোৱালী আছিলোঁ আমি পাঁচটা। গতিকে পূজা বিহুত যদি সবকে দিও মোক নিদিয়ে মই মনে মনে থাকোঁ কিন্তু মনৰ ভিতৰত দুখ এটা লাগি থাকে কিন্তু মানুহক নেদেখুৱাওঁ মানে৷ গতিকে সেই তেনেকুৱা এটা সময়তেই মোৰ মুখত খঙৰ অভিব্যক্তিটো প্ৰকাশ পোৱা নাছিলে। গতিকে shot টো বাৰে বাৰে cut হৈছে৷ তাৰ পিছত ওচৰেদি এহাল মানুহ পাৰ হৈ গৈছে, তেওঁলোক চাগে উত্তৰ গুৱাহাটীৰ ফালৰ মানুহ আছিলে। মানে কথাত তেনেকুৱা লাগিছিলে নাওখন, জাহাজখন ধৰিবগৈ লাগে এনেকুৱা ধৰণৰ কথা পাতি আছিলে আৰু৷ মুঠতে পানীৰে যোৱা কিবা কথা পাতি আছিলে আৰু৷ মোৰ মানে বাৰে বাৰে কাণত সোমাই আছে কথাবোৰ৷ ফাঁচী বজাৰততো disturbance হয়েই মানুহৰ মাজত। পাছত বাৰে বাৰে কাজিয়া কৰিছোঁ৷ মানুহহালে কঁকালত হাতখন থৈ চালে আৰু ক’লে আয়ু এইহালৰ এতিয়াই ইমান কাজিয়া বিয়াৰ পিছত কি হ’ব বাৰু৷ মইতো গহীন আছিলোঁ৷ ইমান চেলেং-পেটেং নাছিলোঁ৷ সেই কথাষাৰ শুনাৰ পিছত মোৰ ৰৈ থকা দিগদাৰ হৈছিল মানে। ইমান হাঁহি উঠিছে পিছৰ shot কেইটা মোৰ কাৰণেই কেঞ্চেল হৈছিল৷ এনেও বাৰু মোৰ কাৰণেই কেঞ্চেল হৈ আছিলে৷ তপন দা ইমান ভাল অভিনেতা৷ তাৰ পিছত মোৰ হাঁহি চুটি চুটি কৰিব লগা হৈছে বাবে আৰু খংটো নোলোৱা হৈ গল মোৰ৷ সেইটো মনত পৰিলে খুব হাঁহি উঠে মোৰ৷ আৰু এনেকুৱাটো হইয়ে৷ co-actor এজনৰ লগত যদি খুব কথা পাতি দিয়া যায়, খুব বেছি ক্ল’জ হৈ দিয়া যায় তেতিয়া কি হয় তেওঁ একেলগে shot লৈ থকা সময়ত মুখেৰে আনে গম নোপোৱাকৈ কিবা এটা উচ্চাৰণ কৰি দিয়ে আৰু মই ফচি হাঁহি দিওঁ৷ মই হাঁহি ৰখাব নোৱাৰোঁ আৰু এটা interesting কথা। এই হাঁহিটোৰ বাবেই ফচিছিলোঁ মই এবাৰ৷ মোৰ ভাইটিয়ে মানে পইছাবিলাক গোটাই থাকে পিগি বেংকত। তাৰ পইছা সদায় চোৰ হয়৷ তেতিয়া দুটকাটোৱেই আমাৰ বহুত বেছি৷ চাৰিটা আঠ অনাৰে আমি বহুত কিবা কিবি খাব পাৰোঁ। চানা খাওঁ, ঘুগুনি খাওঁ মানে আমি খাব পাৰোঁ আৰু ভালকৈ৷ আৰু দুটকা এটা পালেও আমাৰ দিনটোৰ টিফিনটো হৈ যায় আৰু। ভাইটিৰ পইছা চোৰ ধৰিবলৈ সি আমাৰ চাৰিওজনীকে গোটাই লয়, কোনজনীয়ে নিছ মোৰ টকাটো বুলি কয়। আৰু কি হয় চবৰে মুখকেইখন চাই৷ যোনে হাঁহিব সিয়েই চোৰ আৰু মই হাঁহি দিওঁ৷

ফটাঢোল : গীতাৱলী বা, আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, অসমীয়া চলচিত্ৰ জগতত অভিনয় কৰা সময়ত আপুনি অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰত কেতিয়াবা অভিনয় কৰাৰ কথা ভাবিছিল নেকি?

গীতাৱলী ৰাজকুমাৰী : নাই, মই ভ্ৰাম্যমাণৰ কথা ভবা নাই৷

ফটাঢোল : কেতিয়াও ভবা নাই?

গীতাৱলী ৰাজকুমাৰী : ভ্ৰাম্যমাণ থিয়েটাৰত যোৱাৰ কথা কেতিয়াও ভবা নাই আৰু নাযাওঁ‌ বুলি ভাবিছোঁ।

ফটাঢোল : থিয়েটাৰত অভিনয় কৰাৰ ইচ্ছা নাই?

গীতাৱলী ৰাজকুমাৰী : মই এটা বস্তু খুব believe কৰোঁ, মানুহে যিটো কামেই কৰে honestly কৰিব লাগে আৰু নিজৰ যেতিয়ালৈকে ১০০% দিব নোৱাৰে, তেতিয়ালৈকে মানুহে সেই কামটোত আগবাঢ়িব নালাগে৷ আজি যদি মোক সোধা যায় যে অভিনয় জগতলৈ মই আহিলোঁ, কিবা পালোঁ কিবা হেৰুৱালোঁঁ সেইটো বেলেগ কথা। অভিনয় জগতলৈ মই আহিলোঁ কিন্তু একো নজনাৰপৰা আহিলোঁ, মই zero ৰ পৰা আহিছিলোঁ। ১৯৯৫ ত মই আহিছিলোঁ অভিনয়ৰ জগতলৈ, ৯৫ ৰপৰা এতিয়া ২০১৯, এতিয়ালৈকে মোৰ যিটো পৰিক্ৰমা অভিনয় জগতৰ, কোনোবা এজনে যদি keenly observe কৰে, তেতিয়া দেখা পাব step by step মই upgrade হৈছোঁ, উন্নতি কৰিছোঁ অভিনয়ৰ ক্ষেত্ৰখনত আৰু আজিৰ date-টোত কোনোবাই যদি মোক challenging character এটা দিয়ে, মই খুব ভালপাওঁ‌। যেনেকৈ মই শেষৰ মোৰ ধাৰাবাহিক কেইখনত এটা এনেকুৱা শক্তিশালী নাৰী চৰিত্ৰৰ ৰূপায়ণ কৰিছোঁ৷ আজিকালিতো অসমীয়া চিনেমা চাবলৈ মানুহ নাযায়েই হল লৈ।

ফটাঢোল : অসমীয়া চিনেমাৰ কিবা সংকট হোৱা বুলি ভাবে নেকি?

গীতাৱলী ৰাজকুমাৰী : অসমীয়া চিনেমা সংকট মানে সংকটৰ ওপৰত কিবা এটা আছে যদি সেয়াই হৈ আছে। তাৰ মাজতে আমাক আশাৰ বতৰা দেখুৱাইছে। খুব ভাল ভাল চিনেমা হৈছে। অস্কাৰৰ লৈ মনোনীত হৈছে মানে আমি অস্কাৰে পাইছোঁ বুলি ধৰি লৈছোঁ। অসমীয়া চিনেমাত এয়া সোণালী আখৰেৰে লিখা যাব।কোনোবাই সমালোচনা কৰিছে সেয়া বেলেগ কথা। সদায় সেই মানুহৰহে বদনাম হয় যাৰ নাম থাকে। গতিকে সমালোচনা থাকিবই আৰু সমালোচনা থকাটো ভাল কথা। গঠনমূলক সমালোচনা সদায়ে হ’ব লাগে। যিকোনো বস্তু Constructive হোৱাটো ভাল Destructive হোৱাতকৈ৷ অসমীয়া চিনেমাৰ সংকটৰ গৰাহতে আমাৰ বহুত সমল আছে সংগীতৰ ক্ষেত্ৰখনতে হওক আমি দেখিছোঁ অমৃত প্ৰীতমহঁতে কিমান নাম কৰি আছে বাহিৰত গৈ। গতিকে তেওঁলোক কৰ মানুহ? আমাৰ মানুহ। জুবিন দা আমাৰ বাবে হীৰা৷ পাপন আমাৰ বাবে এটুকুৰা হীৰা। তেনেকুৱা কিমান গায়ক আছে, মিউজিছিয়ান আছে কিমান অভিনেতা আছে, অভিনেত্ৰী আছে। আৰু মই ভাবোঁ আমাৰ অসমীয়া চিনেমাজগতখন আচলতে বহুত শক্তিশালী। আজি ভবেন্দ্ৰনাথ শইকীয়াই অতি কম বাজেটৰ মাজত চিনেমা এখন কৰি হিন্দী আৰু বেলেগ আঞ্চলিক ভাষাৰ লগত ফেৰ মাৰি তেওঁ প্ৰতিযোগিতা কৰি আমাৰ বাবে এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ আজুৰি আনিছে৷ তেওঁলোকেতো বহুত পইচা লগাইছে৷ আমাৰ কম বাজেট বেছি কষ্ট৷ তাৰ মাজতো আমি পুৰস্কাৰ আনিছোঁ। তাৰ মানে আমাৰ কিবা এটা প্ৰতিভা আছে৷ নথকাকৈ আমি একো অনা নাই। গতিকে আমাক যদি সুবিধা দিয়া হয়। আমাক যদি এখন প্লেটফৰ্ম দিয়া হয়, চিনেমাৰ লগত জড়িত মানুহখিনিৰ বাবে যদি কিবা এটা কৰা হয়, তেন্তে বহু উপকাৰ হ’ব৷ এতিয়া আমাৰ কি হয় চিনেমা কৰিলেও, চিৰিয়েল কৰিলেও, কিন্তু আমাৰ বেলেগ এটা Occupation থাকিবই লাগিব। আৰু শেষৰ বয়সটোত পেটত গামোচা মৰা আৰু বেলেগৰ সহানুভূতি লোৱা । এইটো বিৰাট পেথিটিক কথা এটা। যিখিনি সময়ত আমাৰ মাজত এজন হিৰো বা হিৰো’ইনৰ কল্পনা তেওঁলোকে আমাক ফুল ফিল কৰে, আজি যতীন বৰা হওক ৰবি শৰ্মা হওক বা হিৰুইনখিনিৰেই তেওঁলোকক শেষৰ সময়খিনিত যদি পেথিটিক আমি দেখিবলৈ পাওঁ তেতিয়া আমাৰ কিমান দুখ লাগিব। আৰু তেতিয়া আমি আমাৰ ল’ৰা ছোৱালীক পঠিয়াম নে? যে চিনেমা কৰগে যা! কি ভৱিষ্যত আছে! কি অসমীয়া মানুহখিনিৰ জাতীয়তাবোধ নাই? বা তোমালোকে চিনেমা চোৱা নাই?

খাদ্যৰ নামত অখাদ্য দিলে কিয় খাব মানুহে। মই ইমান ডাঙৰ সমালোচক নহয় কিন্তু মোৰ মনৰ ভিতৰত থকা কিছুমান কথা কৈছোঁ। আজি মই যদি এটা ভাল প্ৰডাক্ট দিওঁ মানুহে এনেও চাব। আমি এতিয়া কওঁ অসমীয়া চিনেমা চাবলৈ মানুহ নহা হ’ল৷ সেইখিনি মানুহেতো হিন্দী চিনেমা চাই আছে, নোচোৱাকৈ আছে নেকি? তাৰ মাজতো যি দুই এখন ভাল চিনেমা আহিছে মানুহে নোচোৱাকৈ থকা নাই নহয়।

ফটাঢোল : আপুনি যেনেকৈ চিনেমাৰ কথাটো ক’লে, অসমীয়া চিনেমা ভাল বেয়াৰ মাজত চলি আছে ঠিক তেনেকৈ আপুনি ভাবে নেকি অসমীয়া ব্যঙ্গ সাহিত্যতো কিবা সলনি হৈছে। আগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যবোৰ মানুহে পঢ়ি কিবা চেঞ্জ পাইছিলে তেনেকুৱা কিবা পাইছে নেকি?

গীতাৱলী ৰাজকুমাৰী : ৰসৰাজ বেজবৰুৱাইটো কৈ থৈ গৈছে অসমীয়া মানুহে হাঁহিব নাজানে। আমাকতো সৰুতে মাহঁতে বেছিকৈ হাঁহিলে কয় ইমান হাঁহিব নেপায়; আমাৰ মাজতো ধাৰণা হৈ গৈছিল বেছি হাঁহিলে বেয়া বুলি কয়। কাললৈ হৈছে বুলি কয়।

 

ফটাঢোল : হাঁহিলে বিঘিণি (হাঁহি)

গীতাৱলী ৰাজকুমাৰী : (হাঁহিৰে) অঁ হাঁহিলে বিঘিণি বুলি কয়। ঢেৰ কথা কৈছিলে। কিন্তু সেই কথাটো সাহিত্যৰ ক্ষেত্ৰতে হওক আৰু মই যিহেতু ছবি জগতৰ মানুহ চিনেমাৰ ক্ষেত্ৰতে হওক বা চিৰিয়েল এখনতে হওক যিটো মানে চৰ্চা হাঁহিৰ ক্ষেত্ৰত। আমাকটো আগৰ পৰা বাধা দি থকা হৈছে, নেহাঁহিবলৈ কৈছে কিন্তু আমিতো হাঁহি ভাল পাওঁ। আজিকালি মানুহে বুজি পোৱা হৈছে। আজিকালি লাফিং ক্লাবো খুলিছে। এইটো আমাৰ কাৰণে আশাৰ বতৰা।
গতিকে সেই লক্ষ্মীনাথ বৰুৱাৰ যুগৰ যিটো সাহিত্য য’ত আমি ভোকেন্দ্ৰ বৰুৱা পঢ়িছিলোঁ গতিকে সেই কথা এটা থাকি গ’ল বুলি মই ভাবোঁ যে অসমীয়া মানুহে হাঁহিব নাজানে। কিন্তু বৰ্তমান আমি শিকিছো প্ৰত্যেকটো ক্ষেত্ৰতে। সাহিত্যৰ ক্ষেত্ৰত মই ক’ম যে আজিকালিৰ মানুহৰ পঢ়াটো কমিছেে৷ মই যিখন কলেজত কৰোঁ লাইব্ৰেৰীত ল’ৰা ছোৱালী কম দেখোঁ৷ আজিকালিৰ ল’ৰা ছোৱালীবোৰৰ যি চৰ্চা পঢ়াৰ ক্ষেত্ৰত মই চকু মুদি ক’ম সেইটো সত্তৰ শতাংশ কমিছে। মোবাইলত পঢ়ে। সেইটো বেয়া কথা নহয় কিয়নো আজিকালি মোবাইলতে বহুত নতুন লেখকৰ সৃষ্টি হৈছে। তেওঁলোকৰ লেখা পঢ়ি নতুন প্ৰজন্মই বহুত পঢ়িবলৈ শিকিছে। নহ’লে এটা সময় এনেকুৱা হৈছিল যে মানুহৰ কিতাপৰ লগত সংযোগ নাইকীয়া হৈছিল অকল ব্যঙ্গ সাহিত্য বুলিয়ে নহয়।

ফটাঢোল : অহা জনমত যদি আকৌ মানৱ ৰূপ পায়, আপুনি কি হ’ব বিচাৰিব অভিনেত্ৰী হোৱাৰ বাহিৰে?

গীতাৱলী ৰাজকুমাৰী : (হাঁহি) মই পিচে তেতিয়াও অভিনেত্ৰী হোৱাৰ কথাই ক’ম। দ্বিতীয়তে মই সৰুৰে পৰা খুব কিতাপ পঢ়িছিলোঁ, মাদাৰ টেৰেছা আৰু ফ্লোৰেন্স নাইটিংগলৰ কাহিনী পঢ়ি আকৃষ্ট হৈছিলোঁ। তেতিয়া ভাবিছিলোঁ মানৱ সেৱাও কৰিম, সেয়ে সাধ্যানুসাৰে এতিয়াও যি পাৰোঁ কৰোঁ। মই ভাবোঁ সৰু সুৰা সহায় এটাও মানৱ সেৱা হ’ব পাৰে, সেয়ে কৰোঁ কিবাকিবি কিন্তু লাইমলাইটৰ আঁৰত। সেয়ে দ্বিতীয় অপচনত মই মানৱ সেৱাৰ কৰ্মী হ’ব বিচাৰিম।

ফটাঢোল : আপোনাৰ কলেজীয়া জীৱনত বা স্কুলীয়া জীৱনত এনেকুৱা ঘটনা কেতিয়াবা ঘটিছিল নেকি যে আপোনাৰ পিছত দুটা তিনিটা ল’ৰা সদায় ঘূৰি ফুৰে?

গীতাৱলী ৰাজকুমাৰ : (হাঁহি) তেনে ঘটনা আচলতে মোৰ বুলিয়েই নহয়৷ হয়তো প্ৰতিজনী ছোৱালীৰে হয় সেইটো অভিজ্ঞতা৷ সেইবিলাক সেইটো সময়ত অলপ ভয় লগা অলপ বিৰক্তি লগা অভিজ্ঞতা আছিলে৷ কিন্তু এতিয়া ভাবিলে সেইবোৰ মিঠা অভিজ্ঞতা৷

ফটাঢোল : তেনে ল’ৰাক কেতিয়াবা দম দি পাইছেনে আপুনি?

গীতাৱলী ৰাজকুমাৰী : (হাঁহি) মই আচলতে ইমান এগ্ৰেচিভ নাছিলোঁ৷ নিজৰ মনৰ অনুভৱবোৰ প্ৰকাশ কৰিব নাজানিছিলোঁ৷ স্কুল-কলেজত তেনেকৈ কাকো বেয়াকৈ কোৱা নাছিলোঁ৷ তেনে কোনোবা আহিছিল যদিও যাক বুজাব পাৰিছিলোঁঁ বুজাই কৈ দিছিলোঁ যে বিয়া-বাৰুৰ কথাবোৰ মোৰ ঘৰৰ পৰাহে ঠিক কৰিব৷ বৰ্তমান মই সৰু হৈ আছোঁ৷ এইটো প্ৰায় ৰেডিমেড উত্তৰ আছিল৷ অৱশ্যে মোৰ লগত মোৰ এজনী বান্ধৱী আছিল৷ তাই অলপ চুটি-চাপৰ আছিল৷ মোৰ হৈ তাই কিন্তু বহুতক দম দিছিল৷

ফটাঢোল : ধৰি লওক, মিঃ ইণ্ডিয়াৰ দৰে অদৃশ্য হোৱাৰ শক্তি এটা আপোনাৰ আহি গ’ল, তেতিয়া প্ৰথমে আপুনি কি কৰিব বিচাৰিব?

গীতাৱলী ৰাজকুমাৰী : উম….. যদি মই অদৃশ্য হৈ যাওঁ…..! সকলোৱে কৰাৰ দৰে যিহেতু একে ৰাতিৰ ভিতৰতে দেশত দুৰ্নীতি আঁতৰাবতো নোৱাৰোঁ, মোৰ ওচৰৰ পাজৰৰখিনিতে যিমান পাৰোঁ কৰিম আৰু।
আৰু এটা কাম মই কৰিম, যিখিনি নাস্তিক মানুহ আছে তেওঁলোকক জোৰ জবৰদস্তি কৰি হ’লেও ঈশ্বৰৰ ওপৰত বিশ্বাস আনিবলৈ চেষ্টা কৰিম।

ফটাঢোল : গীতাৱলী বা, যিকোনো ভাষাৰে হওক কোনটো গান আপোনাৰ প্ৰিয় আৰু নিজৰ লগত সংগতি থকা যেন লাগে?

গীতাৱলী ৰাজকুমাৰী : গান মোৰ বহুত প্ৰিয়, বেছিভাগ গান শুনিলে গায়কে মোৰ কাৰণে গোৱা যেনেই লাগে দেখোন। তাৰ ভিতৰত মাচুম চিনেমাৰ “তুঝছে নাৰাজ নেহী জিন্দেগী” গানটো আটাইতকৈ বেছি ভাল লাগে।

ফটাঢোল : আপোনাৰ এনে কোনো আদৰ্শ ব্যক্তি আছে নেকি যাক আপুনি জীৱনত এবাৰ হ’লেও লগ কৰিব বিচাৰিব?

গীতাৱলী ৰাজকুমাৰী : মাদাৰ টেৰেছাক স্পৰ্শ কৰি চোৱাৰ তীব্ৰ ইচ্ছা এটা আছিল। আমিৰ খানকো ভাল পাওঁ কিন্তু লগ কৰিব নিবিচাৰোঁঁ তেওঁক।

ফটাঢোল : আপোনাৰ প্ৰিয় আৰু অপ্ৰিয় খাদ্য?

গীতাৱলী ৰাজকুমাৰী : পৰম্পৰাগত সকলো খাদ্যৰ লগতে বেংগলী খাদ্য মোৰ প্ৰিয়। কিন্তু অধিক তেল আৰু মছলাযুক্ত খাদ্য একেবাৰেই বেয়া পাওঁ।

ফটাঢোল : আপোনাৰ প্ৰিয় অভিনেতা অভিনেত্ৰী?

গীতাৱলী ৰাজকুমাৰী : নতুনতো সকলোকে ভালেই লাগে। মই পুৰণিসকলৰ ভিতৰতে কওঁ, জয়া ভাদুড়ী আৰু সঞ্জীৱ কুমাৰ। বিশেষকৈ নায়কোচিত চেহেৰা নথকাকৈয়ো অভিনয়ৰে কেনেকৈ নায়ক হ’ব পাৰি সঞ্জীৱ কুমাৰ দেৱ তাৰেই এক সুন্দৰ নিদৰ্শন।

ফটাঢোল : আপোনাৰ প্ৰিয় গায়ক গায়িকা?

গীতাৱলী ৰাজকুমাৰী : সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গায়িকা লতা মংগেশকাৰ মোৰ প্ৰিয় আৰু পুৰুষ কণ্ঠৰ ভিতৰত নব্বৈৰ দশকৰ সকলোবিলাককেই মোৰ ভাল লাগে।

ফটাঢোল : কেতিয়াবা কোনোবাই আপোনাক জোকাইছেনে, কইনা মোৰ ধুনীয়া বুলি?

গীতাৱলী ৰাজকুমাৰী : সেয়া আগৰ দিনবোৰত জোকাইছিল কিন্তু আজিকালিৰ বোৰে মোৰ যিবোৰ টিভি চিৰিয়েলৰ চৰিত্ৰ সেই নামেৰে মাত দিয়া মই শুনো মাজে মাজে।

ফটাঢোল : গীতাৱলী ৰাজকুমাৰীৰ দৃষ্টিত গীতাৱলী ৰাজকুমাৰী কি? ৰিল আৰু ৰিয়েল লাইফৰ ওপৰত কোনটোক প্ৰাধান্য দিব বিচাৰিব আপুনি?

গীতাৱলী ৰাজকুমাৰী : ৰিল আৰু ৰিয়েল লাইফৰ মাজত সাংঘাটিক পাৰ্থক্য থাকে, তথাপিতো দুয়োগৰাকীৰে কিছু প্ৰাপ্তি অপ্ৰাপ্তি, সুখ দুখ অভিনয় জীৱনতে হওক বা বাস্তৱ জীৱনতে হওক সমান্তৰালকৈ চলি আহিছে। মই কৈছোঁৱেই যে ভাল অভিনেত্ৰী হোৱাৰ ক্ষেত্ৰত মই নিজেও ভালেমান অভাৱ অনুভৱ কৰোঁ। গতিকে সেয়াই, দুয়োগৰাকীৰ মাজত সম্পূৰ্ণতাৰ অভাৱ আছে।

ফটাঢোল : গীতাৱলী বা আপোনাৰ তিনিখন প্ৰিয় কিতাপৰ বিষয়ে কওকচোন৷

গীতাৱলী ৰাজকুমাৰী : মই কিতাপ বহুতেই পঢ়িছোঁ৷ অভিনয় জগতলৈ অহাৰ পিছত মই পুনৰ পাঁচ বছৰ কাল অভিনয় জগতৰ পৰা আঁতৰি আছিলোঁ৷ সেই সময়খিনিত মই কিতাপৰ পৃথিৱীখনৰ লগত বিশেষ ভাৱে জড়িত হৈ পৰিছিলোঁ৷ মই খুব কল্পনাবিলাসি৷ গতিকে লেজাৰ সময় কটাই ভাল পাওঁ আৰু সেই সময়ত মই কিতাপ পঢ়োঁ৷ ‘অসীমত যাৰ হেৰাল সীমা’ মোৰ সদায়ে এখন প্ৰিয় কিতাপ৷ ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘অনিৰ্বাণ’ মোৰ বৰ প্ৰিয়৷ সেইখন কিতাপ মই মোৰ জীৱনৰ অৱসাদৰ সময়ত বাৰে বাৰে পঢ়ি ভাল পাওঁ৷ খুব সাহস দিয়ে কিতাপখনে৷ ফণিন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’ মোৰ বৰ প্ৰিয়৷ আৰু বহুত আছে৷ সৰু কালত ‘ফেনটম’ মোৰ আটাইতকৈ প্ৰিয় আছিল৷

ফটাঢোল : আপুনি মাডাৰ টেৰেছাক আপোনাৰ আদৰ্শ নাৰী বুলি ক’লে৷ আমিও ফটাঢোলৰ তৰফৰ পৰা বিভিন্ন সামাজিক কাম কাজ কৰি থাকোঁ৷ আমাৰ এটা NGO আছে ‘ফ’কাচ আসাম’ নামেৰে৷ ভৱিষ্যতে আমাৰ লগতো কেতিয়াবা আপুনি সহযোগ কৰিব বিচাৰিব নেকি?

গীতাৱলী ৰাজকুমাৰী : অঁ নিশ্চয়৷ মানুহৰ প্ৰতি কিবা এটা কৰিবলৈ মই সদায় আগ্ৰহী৷

ফটাঢোল : গীতাৱলী বা আমি আমাৰ অন্তিম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ৷ আমি যে ব্যংগ সাহিত্যলৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ, তাৰ বাবে আমাৰ পাঠকসকললৈ আপুনি কি ক’ব?

গীতাৱলী ৰাজকুমাৰী : প্ৰথম কথা হ’ল, মই এইটো কথা শুনি খুব ভাল পাইছোঁঁ বিৰাত এটা হিউজ পাব্লিচিতি নোহোৱাকৈ ফটাঢোলৰ জন্ম হৈছিল৷ আৰু মানুহৰ যে ইমানখিনি চাপৰ্ট, ইমানখিনি ৰিডাৰ আহিলে সেইটো কাৰণে মই অভিনন্দন জনালোঁ আপোনালোকৰ সমূহ কৰ্মকৰ্তাক৷ ইতিমধ্যে মই আপোনালোকৰ কামৰ এটা সামান্য আভাস পাইছোঁ৷ সামান্য বুলিয়েই কৈছোঁ কাৰণ আৰু জানিবলৈ মই আৰু গভীৰতালৈ সোমাব লাগিব৷ গতিকে মই যিখিনি জানিছোঁ তাৰ পৰা মোৰ সঁচাকৈ শ্ৰদ্ধা উপজিছে৷ আজিৰ দিনতো যি সময়ত কাকতবোৰত আমি বৰ বৰ হৰফেৰে দেখিবলৈ পাওঁ ইমান দুৰ্নীতিৰ৷ যিখিনি মানুহক আমি বহুত ডাঙৰ মানুহ বুলি ভাবোঁ তেওঁলোককে আকৌ জেলৰ কুঠৰীৰ ভিতৰত দেখা পাওঁ৷ গতিকে ঠিক সেইখিনি সময়ত আচলতে আপোনালোকে যে ইমান মানুহক প্ৰভাবিত কৰিব পাৰিছে সেইটো বহুত ডাঙৰ কথা৷ আৰু মই আশাবাদী অনাগত দিনত আপোনালোকৰ বিশহেজাৰ সদস্যৰ এই গোট যাতে এশগুণ বৃদ্ধি পায়৷ সকলোলৈকে মোৰ শুভেচ্ছা থাকিল৷ আৰু আপোনালোকৰ পৰা খুব ভাল ভাল সাহিত্যৰ সৃষ্টি হওক৷ ভাল ভাল পাঠকৰ সৃষ্টি হওক আৰু যুব প্ৰজন্মই যাতে কিবা এটা হ’লেও আপোনালোকৰ পৰা ল’ব পাৰে, এটা ভাল গাইডেন্স পায় তাৰ বাবে শুভকামনা জনালোঁ৷

ফটাঢোল : বা আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ জনালোঁ৷ লগ পায় ভাল লাগিল৷ আমাৰ আলোচনীখন পঢ়িলে নথৈ আনন্দিত হ’ম৷ ধন্যবাদ বা৷

গীতাৱলী ৰাজকুমাৰী : মোৰো ভাল লাগিল তোমালোকক লগ পায়৷ তোমালোককো ধন্যবাদ জনালোঁ৷

☆★☆★☆

16 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল সাক্ষাৎকাৰ টো পঢ়ি। প্ৰিয় অভিনেত্ৰী গৰাকীৰ কিতাপ প্ৰিয় বুলি জানি আৰু ভাল লাগিল।

    Reply
  • ডলিমানি গোস্বামী

    ভাল লাগিল?

    Reply
  • প্রিয় গীতাৱলী ৰাজকুমাৰী সৈতে হোৱা আপোনাৰ সাক্ষাৎকাৰ টোৰ দ্বাৰা তেখেতৰ অভিনয় ৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল।

    Reply
  • SANKAR JYOTI BORA

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ বিষয়ে নজনা কথাবোৰ জানি ভাল লাগিল৷বৰ ধুনীয়াকৈ সাক্ষাৎকাৰটো যুগুতাই উলিয়ালে৷সংশ্লিষ্ট সকলোকে ধন্যবাদ জনালো৷

    Reply
  • Anonymous

    খুবেই ভাল লাগিল পঢ়ি…

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • মানসী বৰা

    বৰ ভাল লাগিল..

    Reply
  • ৰিণ্টু

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰি খুব ভাল লাগিল।

    সাক্ষাৎকাৰ গ্ৰহণ কৰা টিমলৈ ধন্যবাদ

    Reply
  • সাক্ষাৎকাৰটি ভাল লাগিল । পৰ্দাৰ আঁৰৰ কথা শুনি

    Reply
  • Malabika Nath

    মোৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ মনৰ কথাখিনি জানিবলৈ পাই আনন্দিত হলো লগতে ফটাঢোলৰ সম্পাদনা সমিতিৰ সকলোলৈ ধন্যবাদ জনালোঁ

    Reply
  • manika d sarma

    বহুত ভাল লাগিল পঢ়ি।গীতাৱলী মোৰ খুব প্ৰীয়,ভাল পাও মই তেখেতক।

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল কথা খিনি জানি, গিতাৱলী বা এনেয়ো এগৰাকী প্রিয় অভিনেত্ৰী

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
  • অবিনাশ শৰ্মা

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *