আই হেভ নাথিং টু ৱেৰ (মোৰ পিন্ধিবলৈ একোৱেই নাই) – মূল: ৰশ্মি ত্ৰিৱেদী (অনুবাদ: অভিজিৎ কলিতা)
বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ, পিছে শ্বপিং যে কৰাই নহ’ল, এতিয়া কি কৰো মই? আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই; হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই। ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছ্যুটযোৰ পৰিল মাটিত, আকৌ হেঁচি ভৰাই থ’লো, নধৰিছে আৰু আলমাৰিত, এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই মাই গড! মোৰ যে আজি পিন্ধিবলৈ একো নাই। যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব; পিছে সেইটো পিন্ধি গ’লে জানো মানুহে নাহাঁহিব? ‘লালপৰী’ বুলি ‘ইনচাল্ট’ খাবলৈ
Read more