ফটাঢোল

গণতন্ত্ৰ – মূল: ড° নৰেন্দ্ৰ কোহলী; অনুবাদ: হিমাংশু ভাগৱতী (একে নামৰ লেখাৰ ভাবানুবাদ)

ভোলাৰামৰ সাংঘাতিক ল’ৰালৰি৷ হাতত এডাল লাঠি আৰু এখন পতাকা লৈ সি প্ৰায় লৰ দিয়াৰ দৰে খোজ দিছে৷

“ক’লৈ যাৱ অ’ই? “ মই সুধিলোঁ৷

“ষ্টে’ছন৷ “

“ৰে’লত ক’ৰবালৈ যাবি? ? “

“নহয়৷ ৰে’লত জুই লগাবলৈ গৈ আছোঁ‌৷ “

“কিয়? “ মই আচৰিত হৈ সুধিলোঁ, “বেচেৰা ৰে’লখনে তোৰ কি ক্ষতি কৰিলে৷ সেইখন চৰকাৰী সম্পত্তিহে৷ “

“তেন্তে দেশে বিহাৰত আমাৰ দলৰ চৰকাৰ কিয় নবনালে? ? “ সি খঙত ক’লে৷ “আমাৰ চৰকাৰ নহ’লে আমি দেশত জুই লগাই দিম৷ “

“এয়াটো গণতান্ত্ৰিক কথা নহ’ল৷ “ মই ক’লো৷ “যি সকল বিধায়ক নিৰ্বাচনত জয়ী হৈ আহিছে, সেইসকল বিধানসভাত থাকিব৷ সেইসকলে নিৰ্ণয় কৰিব সংখ্যাগৰিষ্ঠতা কাৰ আৰু সেই দলেই চৰকাৰ গঠন কৰিব৷ “

“আমিতো সেইসকলকহে বিধায়ক জ্ঞান কৰোঁ‌ যিসকল আমাৰ দলৰ৷ “ সি ক’লে৷ “ আমাৰ দলৰ বাহিৰে সকলো বেইমানী কৰি জিকিছে৷ “

“কিয়? “ মই সুধিলোঁ‌, “তেনেকৈ কিয় ক’লি? “

“ আমিতো গোটেইবোৰ বুথত নিৰ্বাচন কৰ্মীসকলক কি কৰিব লাগিব বুজাবলৈ নিজৰ নিজৰ মানুহ ৰাখিছিলোঁ৷ য’ত তেওঁলোকে নুবুজে তাত বুথত লুটপাত কৰিবলৈও মানুহ ৰাখিছিলোঁ৷ “ সি ক’লে, “ তেনে অৱস্থাত বেলেগ দলৰ মানুহ কেনেকৈ জিকিব পাৰে? “

মই অবাক হৈ তাৰ মুখলৈ চাই থাকিলোঁ৷ বোধহয় সি গমেই পোৱা নাছিল সি কি কৈ আছে৷

“এইবাবে আমাৰ দলৰ বাহিৰে যিসকল জয়ী হৈ আহিছে, বেইমানী কৰি জিকিছে৷ “ ভোলাৰামে ক’লে, “ সিহঁত বিধায়কেই নহয়৷ সিহঁতৰ না বিধান সভাত বহাৰ অধিকাৰ আছে না চৰকাৰ গঠন কৰাৰ৷ চৰকাৰ আমাৰ দলৰেই হ’ব লাগিব৷ “

“এইটো আকৌ কি ধৰণৰ গণতান্ত্ৰিক কথা হ’ল? “ মোৰ মুখৰ পৰা ওলাই গ’ল৷

’’ আমি গণতন্ত্ৰক সেইখিনিলৈহে মানি লওঁ‌ য’লৈকে ই আমাৰ পক্ষত থাকে৷ “ সি ক’লে, “যিখিনিত আমাৰ বিৰুদ্ধে যায় সেইখিনিতে আমি গণতন্ত্ৰৰ বিৰোধী হৈ যাওঁ‌৷ “

’’ইয়াৰ মানে তহঁতে দেশৰ সংবিধান নেমান? “

“মানো, কিন্তু সেইখিনিহে যিখিনি আমাৰ পক্ষত থাকে৷ “ সি ক’লে, “ আমাৰ দলে যদি নিৰ্বাচনত জিকে তেতিয়াহ’লে সংবিধানেই আমাৰ সকলো, কিন্তু আমাৰ দলে যদি নিৰ্বাচনত নিজিকে তেন্তে আমি অইনক চৰকাৰ গঠন কৰিব নিদিওঁ‌৷ “

’’মানে? ইয়াৰ অৰ্থ কি? “

“ অৰ্থ তুমি বুজি নেপালে আমি কি কৰিম৷ “ সি ক’লে, “ ইয়াত ভোটাৰ সকল আমাৰ পক্ষত আছে৷ সকলো ভোটাৰ আমাৰ৷ এতিয়া বেলেগ দলে চৰকাৰ কেনেকৈ গঠন কৰিব পাৰে৷ “

“ যিসকল মানুহে তোমালোকৰ দলৰ বিৰুদ্ধে ভোট দিছে, সেইসকল ভোটাৰ নহয়? “

“দিব পাৰে ভোট, সেইসকল ভোটাৰ নহয়৷ “ সি ক’লে, “সেইবোৰ বাহিৰৰ পৰা অনা হৈছে৷ আমাৰ ৰাজ্যৰ ভোটাৰ নহয় সেইসকল৷ “

’’ যি সকলে তহঁতৰ পক্ষত ভোট দিয়া নাই, সেইসকলক বিহাৰৰ পৰা বাহিৰ কৰি দিবি নেকি? “

“ বাহিৰ কিয় কৰিম? “ সি জোৰেৰে ক’লে, “ সিহঁতক গংগাত উটুৱাই দিম৷ “

“ তই জাননে, চীন দেশত ৰে’লত জুই দিয়াজনক মৃত্যুদণ্ড দিয়া হৈছিল? “

’’দিব পাৰে৷ “ সি গপচত উত্তৰ দিলে, “ আমাৰ দেশত সেইবোৰ নহয়৷ ইয়াত কেৱল আমিহে বেলেগক মৃত্যুদণ্ড দি থাকো৷ “

“কিয়? “

’’কাৰণ ইয়াত ৱান ৱে’ ট্ৰে’ফিক৷ “

’’যিসকল যাত্ৰী ৰে’লখনত আহিছে সেইসকলে তোৰ কি ক্ষতি কৰিছে? “

’’ক্ষতি? এতিয়াও একো ক্ষতি হোৱা নাই? “ সি চিঞৰিলে, ইয়াত আমাৰ বিৰোধী দলৰ চৰকাৰ আহি গ’ল আৰু সিহঁতে ৰেলভ্ৰমণ কৰি আছে৷

সিহঁত আহি আমাৰ লগত দেশ জ্বলোৱা কামত লাগি যাব লাগে নে নেলাগে? “

’’তহঁতে চৰকাৰ গঠন কৰাৰ কিবা বিশেষ অধিকাৰ পাই থৈছ নেকি? “

“ বিশেষ অধিকাৰ? আৰে আমাৰ জন্মই হৈছে শাসন কৰিবলৈ৷ “

সি ৰৈ মোৰ ফালে চালে, “ আৰু শাসন কৰিব নেপালে……“ সি খঙাল চকুৰে মোলৈ চাই ক’লে, “ গোটেই দেশত জুই লগাই দিম৷ আমাৰ এয়েই গণতন্ত্ৰ৷ বেলেগ গণতন্ত্ৰ আমি নেজানো, জানিবও নিবিচাৰোঁ‌৷ সেই সকলোবোৰ ফেচীবাদ৷ “

(বি: বিহাৰৰ ঠাইত অসম কৰিবলৈ মন নগ’ল, কৰিব পৰা গ’লহেতেন৷ )

★★★★

One comment

  • বিজিত নাথ

    ভোলাৰামৰ হৈছে কি ! তেনেকুৱা কেইটামান হলেই গণতন্ত্ৰ প্ৰহসনত পৰিণত হবলৈ কেইপৰ ! ভোলাৰামক অসমমুৱা ৰেলত আহিব দিব নোৱাৰি আথবা দিল্লী দিশেও সি যাব নালাগে – বিহাৰৰ লোকেল ট্ৰেইনতে যি কৰে কৰি থাকক ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *