ফটাঢোল

মূল: নন্দিনী,লেখক : হুমায়ূন আহমেদ: অনুবাদ -মুনমুন সৰকাৰ শইকীয়া

মজিদে ক’লে, : ব’ল তোক এফালে লৈ যাওঁ। ৰাতি বহুত দেৰি হৈছিল, চাৰিওফালে ঘন কুঁৱলী। দোকানবোৰ বন্ধ। ঠাণ্ডা বতাহ বলিছে। গাঁঁৱৰ সমীপৱৰ্তী নগৰবোৰত আগেভাগেই শীত নামে। মজিদে ক’লে, : বেগাই খোজ কাঢ়, ঠাণ্ডা কমকৈ লাগিব। : ক’লৈ যাবি? : ব’লচোন চাওঁ। তোৰ জৰুৰী কামতো একো নাই? নে কিবা কাম আছে? : নাই। কম সময়ৰ ভিতৰতে মূলপথ এৰি ইটা পাৰি থোৱা ঠেক ৰাস্তা এটাৰে পোনালোঁ। চহৰখন সলনি হ’ল। আগতে ইয়াত দাইলৰ বেপাৰীবোৰ বহিছিল। এতিয়া ঠাইডোখৰ জনশূন্য। পিছফালে কাৰ্তিকৰ মৰ্ডাৰ্ণ চ্যেলুনখন আছিল।

Read more

মূল গল্প : হাইৰে মেৰে ভাগ্য, লেখক-অশোক গৌতম :অনুবাদিকা-চবিনা ইয়াছমিন

পুৱা দহ বাজি ত্ৰিশ মিনিটমান গৈছে৷ পত্নীক কাৰ্যালয়লৈ পঠিয়াই লৈ একেবাৰে কাঁহী-বাটিকেইটা মাজি ৰ’দ একাজলি লওঁ বুলি দুৱাৰখন খুলি চিৰিতে বহি আৰাম কৰোঁ বুলি ভাবি উলাইছিলোঁ মাত্ৰ দুৱাৰবে’লটো বাজি উঠিল৷ শ্ৰীমতী কেনেবাকৈ কাৰ্যালয়ৰপৰা উলটি অহা নাইতো! আৰে সৰা-মচা কৰিবলৈ আছেই এতিয়াও! ভাৱিছিলোঁ অপল কঁকালটো পোনাই লওঁ৷ তাৰপিছত পুনৰ লাগিম৷ এক অজ্ঞাত আতংকত অন্তৰাত্মা কঁপি উঠিল৷ আজিকালি মোৰ বৰ বেয়া দিন চলি আছে ভাই-বন্ধুসকল! হে মোৰ স্বাৰ্থপৰ সাত জনমৰ সম্পৰ্ক! ভয়ে ভয়ে দুৱাৰ খুলি দেখিলোঁ সন্মুখত মোৰ পত্নীৰ সলনি ৰাৱণৰ ৰূপ

Read more

মূল গল্প : একজন ক্ৰীতদাস লেখক : হুমায়ূন আহমেদ অসমীয়া অনুবাদ : এজন ক্ৰীতদাস অনুবাদিকা : মুনমুন সৰকাৰ শইকীয়া

পাৰুলে ন মান বজাত আহি পাব বুলি কথা দিছিল। বাৰ বজালৈকে মই অকলে অকলে থিয় হৈ থাকিলোঁ। চকুপানী ওলাই যোৱাকৈ দুখ লাগিল মোৰ। ছোৱালীবোৰ খুব খেয়ালী মনৰ হয়। ঘৰলৈ আহি দেখিলোঁ সৰু কাগজ এটুকুৰাত কিবা লিখি থৈ গৈছে। সন্ধিয়া ৬৯৭৬২১ নম্বৰটোত এবাৰ ফোন এটা কৰিবা। পাৰুল। তেওঁলোকৰ কাষৰ মানুহঘৰৰ ফোন। আগতেও বহুত বাৰ ব্যৱহাৰ কৰিছোঁ কিন্তু আজি কিয় তাইক ফোনত কথা পাতিবলৈ মাতিম? বহু আলোচনাৰ শেষতেই জানো সিদ্ধান্ত লোৱা হোৱা নাছিল যে আজি সোমবাৰে পুৱা দহ বজাত আমি টাঙ্গাইললৈ গুচি

Read more

মূল গল্প : অনাগত অসমীয়া অনুবাদ : অনাগত লেখক : আশাপূৰ্ণা দেৱী অনুবাদিকা : নীলাক্ষি দেৱী ডেকা

অনুৰাধাৰ আচৰণ সঁচাকৈয়ে বৰ বিসদৃশ যেন লগা হ’ল। বিয়াঘৰ মিতিৰ-কুটুমেৰে ভৰি আছে। তেওঁলোকৰ লগতে আনকি ঘৰৰ চাকৰ-বাকৰেও লুকাই চুৰকৈ ছিঃ ছিঃ কৰিবলৈ ধৰিলে। নকৰিবনো কিয়? যিয়েই শুনক লাগে অনুৰাধাৰ কামটো যে অতিশয় বেয়া হ’ল তাকেই কবলৈ যাব। কামটোও কম বেয়া হোৱা নাই কিন্তু! ভটিজাকৰ বিয়া খাবলৈ পেহীয়েক আহিছিল। সুখে সন্তোষে বিয়া খোৱা আৰু গুচি যোৱা, লেঠা তাতেই শেষ। সামান্য কোঠা এটাৰ কথাকেই চেলু লৈ বিয়াৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই গুচি গ’লে ভাল দেখা হয় জানো? আৰু পেহীয়েকতো সৰু ছোৱালী নহয়।

Read more

মূল গল্প : মে নৰকচে ব’ল ৰাহা হুঁ অসমীয়া অনুবাদ : মই নৰকৰ পৰা কৈছোঁ লেখক : হৰিশঙ্কৰ পৰছাই অনুবাদিকা : পূৰবী কটকী

হে শিলক পূজা কৰা সকল! তোমালোকৰ জীয়াই থকা মানুহৰ কথা শুনাৰ অভ্যাস নাই, সেইবাবে মই মৃত্যুৰ পাছত কৈছোঁ। জীয়াই থকা কালছোৱাত তোমালোকে যিজনৰ ফালে চকু মেলি নোচোৱা, মৃত্যুৰ পাছত তেওঁৰ গেলি যোৱা শ-টোক লৈ শৱযাত্ৰা কৰা। গোটেই জীৱন যাক ঘিণ কৰা, তেওঁৰেই সমাধিত পাছত চাকি জ্বলাবলৈ যোৱা। মৃত্যুৰ সময়ত যিজনক তুমি মুখত এচলু পানী নিদিয়া, তেওঁৰ হাড় গঙ্গালৈ নিয়া। আৰে, তুমি জীৱনৰ তিৰস্কাৰ আৰু মৃত্যুৰ সৎকাৰ কৰা, সেইবাবে মই মৃত্যুৰ পাছত কৈছোঁ। মই নৰকৰ পৰা কৈছোঁ। কিন্তু মোৰ কি প্ৰয়োজন

Read more

অনুবাদ : এটা নীলা বুতাম – অনুবাদক : মুনমুন সৰকাৰ শইকীয়া (মূল গল্প : একটি নীল বোতাম, লেখক : হুমায়ূন আহমেদ)

বাৰাণ্ডাত এশাৰ দেউতা বহি আছিল। আঁঠুলৈকে লুঙি‌, গাত নীলা ৰঙৰ গেঞ্জী। এই বস্তুবোৰ ক’ত পায় কোনে জানে? কি ধুনীয়া লাগিছে তেওঁক। মানুহজনৰ গাৰ বৰণ গাখীৰৰ দৰে বগা। আকাশী নীলা গেঞ্জী পিন্ধাৰ বাবে তেওঁৰ গাৰ বৰণটো ফুটি উঠিছে। সব মিলাই সুখী সুখী এখন ছবি। নীলা বৰণটোৱেই হয়তো সুখৰ নাইবা কোনে জানে মানুহজনৰ চেহেৰাতেই কিজানি সুখী সুখী ভাব এটা আছে। ক’লা বৰণৰ গেঞ্জী পিন্ধিলেও তেওঁক চাগে সুখীয়েই লাগিব। তেওঁ মোক দেখা নাছিল। মই ইচ্ছা কৰিয়েই গেটত অলপ উচ্চস্বৰত আৱাজ কৰিলোঁ। তেওঁ মোক

Read more

মূল : মেৰা কৰৱাচৌথ কা ব্ৰত, লেখক : পণ্ডিত বেদপ্ৰকাশ শাস্ত্ৰী – ভাবানুবাদ : ৰাজশ্ৰী শৰ্মা

ভাৰতীয় সংস্কৃতিত ব্ৰতপালনৰ এক সুকীয়া মৰ্য্যাদা আছে। অলেখ স্ত্ৰী-পুৰুষ আৰু কিছু শিশুৱেও বিভিন্ন অজুহাতত ব্ৰত ৰাখে। কিন্তু এই ব্ৰত পালন কৰা কামটোত মহিলাসকলে যিটোহে অধিকাৰ সাব্যস্ত কৰি থৈছে, দেখিলেই মনত ঈৰ্ষা জাগ্ৰত হৈ উঠে। মোটামুটি সকলো ধৰণৰ ব্ৰতৰেই একোটা উদ্দেশ্য থাকে। যিহেতু অধিকাংশ ব্ৰতৰেই অধিকাৰ মহিলাৰ হাতত গতিকে সেইবোৰৰ উদ্দেশ্যও মহিলাৰ হিততে হয় আৰু পুৰুষসকল সদায়েই থাকে ঘাটিত। এই ব্ৰতপালনৰ এলাহৰ বাবেই আজিলৈকে পুৰুষসকলে এইটো বুজি নাপালে যে কোনটো ব্ৰতত তেওঁলোকৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ ৰচি থোৱা আছে। এতিয়া কৰৱাচৌথৰ কথাকে

Read more

মূল গল্প : জীৱন দুদিনীয়া (হিন্দী), গল্পকাৰ : শাৰদ তেলংগ – ভাবানুবাদ – চবিনা ইয়াচমিন

কিছুদিনৰ পৰা মানুহে মোক চেৰাবলিয়া বুলি ভাবিবলৈ লৈছে৷ সকলোৰে অভিযোগ যে চহৰত এক মহান সাধু পুৰুষৰ ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতাৰ আয়োজন চলি আছে আৰু মই নিজৰ ঘৰতে পৰি আছোঁ৷ অধৰ্মী ব্যক্তি এজনৰ প্ৰতি যিমানবোৰ বিশেষণ ব্যৱহাৰ কৰিব পাৰি, সেই আটাইবোৰৰ দ্বাৰা তেওঁলোকে মোক সন্মানিত কৰিলে৷ এদিনাখন ময়ো সিদ্ধান্ত ল’লোঁ, যেতিয়া সমগ্ৰ চহৰখনৰ কিছুসংখ্যক পুৰষ আৰু সৰহসংখ্যক মহিলাই ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতালৈ যায় তেন্তে মইনো তালৈ এবাৰ যোৱাত আপত্তি কি? যিমান ডাঙৰ পেণ্ডেল তথা ধন সেই ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতাৰ আয়োজনত

Read more

অনুবাদ : বৰনৈৰ পাৰৰ কৃষক ৰংমন – অনুবাদক : প্ৰণবেন্দ্ৰ শৰ্মা (মূল : The Miller of the Dee, লেখক : Charles Mackay)

বৰনৈৰ পাৰতে , নিজৰেই ঘৰতে, আছিলে কৃষক ৰংমন কাই, পথাৰৰ লখিমী, আনিছে ঘৰলৈ, মৰণা মাৰিছে ভাই। সুঠাম, সজল ৰংমন‌ কাই, কাম কৰে দিনটো আনন্দৰে গুণগুণাই, নাই এনে কোনো চৰাই, প্ৰাণোচ্ছল সুৰৰে, এনুৱা সুৱদী গীত গায়। কামৰ সময়ত নাই দুখ ভাগৰ, সদায় এইটোৱে গীত, নাই কোনো ঈৰ্ষা, নকৰোঁ কাকো হিংসা, নকৰোঁ, নকৰোঁ মই। এদিন হঠাতে নৈৰে দাঁতিৰে বুঢ়া ৰজা পাৰ হৈ যায়, শুনি ৰংমনৰ গীত, বুঢ়া ৰজা স্তম্ভিত, ৰংমনক লগালে মাত, শুনা হেৰা বন্ধু, ভুল তোমাৰ সংগীত, যিমান হ’ব পাৰে ভুল,

Read more

মানিপ্লেণ্ট (মূল হিন্দী: সুধীৰ ঔখদে) – ভাৱানুবাদ: ধ্ৰুৱ

পত্নীৰ ইচ্ছা আছিল ঘৰত মানিপ্লেণ্ট লগোৱা হওক। ইচ্ছাটো তেওঁৰ অলেখ আছিল, যেনে ঘৰ বনোৱা যাওক, কাৰ কিনা যাওক, কুকুৰ পোহা যাওক, সন্তানক পাব্লিক স্কুলত পঢ়োৱা যাওক, নিজৰ চুলি চুটিকৈ কটোৱা হওক, পতিৰ চুলি দীঘলকৈ ৰখোৱা যাওক ইত্যাদি। কিন্তু এইটো তেওঁ জানিছিলেও যে এই সকলোবোৰ অসম্ভৱ। তেওঁৰ পতি মন্ত্ৰীও নহয়, ঘোচখোৰ বিষয়াও নহয়। প্ৰৱচন দিয়া ধৰ্মগুৰুও নহয়। তেন্তে তেওঁৰ ইমান ইচ্ছা কেনেকৈ পূৰণ হ’ব! তেওঁ কুকুৰ এটা পুহিলে। দেশী জাতৰ। যিটোৰ ঘৰখনৰ কাৰো লগত ৰাহি যোৰা নাহিলেই। তেওঁৰ লগতো নাহিল। বিচাৰিছিল

Read more
1 6 7 8 9 10 22