মূল গল্প : হাইৰে মেৰে ভাগ্য, লেখক-অশোক গৌতম :অনুবাদিকা-চবিনা ইয়াছমিন
পুৱা দহ বাজি ত্ৰিশ মিনিটমান গৈছে৷ পত্নীক কাৰ্যালয়লৈ পঠিয়াই লৈ একেবাৰে কাঁহী-বাটিকেইটা মাজি ৰ’দ একাজলি লওঁ বুলি দুৱাৰখন খুলি চিৰিতে বহি আৰাম কৰোঁ বুলি ভাবি উলাইছিলোঁ মাত্ৰ দুৱাৰবে’লটো বাজি উঠিল৷ শ্ৰীমতী কেনেবাকৈ কাৰ্যালয়ৰপৰা উলটি অহা নাইতো! আৰে সৰা-মচা কৰিবলৈ আছেই এতিয়াও! ভাৱিছিলোঁ অপল কঁকালটো পোনাই লওঁ৷ তাৰপিছত পুনৰ লাগিম৷ এক অজ্ঞাত আতংকত অন্তৰাত্মা কঁপি উঠিল৷ আজিকালি মোৰ বৰ বেয়া দিন চলি আছে ভাই-বন্ধুসকল! হে মোৰ স্বাৰ্থপৰ সাত জনমৰ সম্পৰ্ক!
ভয়ে ভয়ে দুৱাৰ খুলি দেখিলোঁ সন্মুখত মোৰ পত্নীৰ সলনি ৰাৱণৰ ৰূপ ধাৰণ কৰি কোনোবা বহুৰূপী এজন ৰৈ আছে৷ এটা মূৰত আৰু দহটা মূৰ লাগি আছে তেওঁৰ৷ মূৰকেইটা ডাঠকাগজৰ৷ গদাৰ সলনি খেলনা বন্দুক এটা লগত লৈ আনিছে টোণৰ দৰে পিঠিত উলমাই৷
: বন্ধু তুমিতো মোক ভয়েই খোৱাই দিলা৷
মই শ্ৰীমতীৰ ভয়ত কঁপালত বিৰিঙি উঠা ঘামবোৰ মচি ক’লোঁ৷
: হাঃ হাঃ হাঃ! মোক চিনি পালা তেন্তে ? সুপ্ৰভাত৷ কেনে আছা বন্ধু? মইতো এনেকুৱাই হওঁ, যি মোক সপোনতো দেখা নাই, প্ৰথম দেখাতেই তেওঁলোকেও মোক চিনি পাই যায়৷
: তুমি ৰাৱণেইতো হোৱা নহয় জানো?
মই নিজৰ স্মৰণশক্তিৰ সম্পূৰ্ণ প্ৰয়োগ কৰি পুনৰ ক’লোঁ,
: ৰাৱণক চিনি পোৱাটো কি ডাঙৰ কথানো? নহয় জানো? যোৱাবাৰ ৰামলীলাত দেখিছিলোঁ ডাঠকাগজৰ মূৰ থকা ৰাৱণ৷
: তেন্তে আমি আজিলৈকে কি দহন কৰি আছিলোঁ?
: ঘাঁহ-বনৰ ৰাৱণ…
সেইবুলি কৈ তেওঁ আৰু এবাৰ জোৰকৈ আনন্দত হাঁহিলে৷
: ঠিক আছে আঁহা ভিতৰলৈ আঁহা৷ চাহ একাপ খুৱাওঁ তোমাক৷ শান্তিৰে কথা পাতোঁ৷ ইয়াত কোনোবাই মোক তোমাৰ লগত দেখে যদি….মানুহবোৰ আজিকালি বৰ নীচ হৈ গৈছে৷
আৰু মই তেওঁক আদৰ-সাদৰ কৰি ভিতৰলৈ লৈ আহিলোঁ৷ যেতিয়া তেওঁ চকীখনত যেনেকৈ ৰামলীলাৰ আসনখনত বহে তেনেকৈ বহিলে, তেতিয়া আৰু সন্দেহৰ কথাই নাথাকিল৷ মই তেওঁক সুধিলোঁ,
: যদি তুমি প্ৰকৃত ৰাৱণ তেন্তে এইবোৰ ডাঠকাগজৰ মূৰ কিয় লগাই আহিছা?
: কি কৰিম বন্ধু? প্ৰতিটো নগৰ শুল্কতে কাৰোবাক নহয় কাৰোবাক পালোঁ৷ বিনামূল্যে কোনেও নগৰ শুল্ক পাৰ হ’বলৈ দিয়াই নাছিল৷
: তেন্তে?
: দিবলৈ ভাৰতীয় মুদ্ৰাতো নাছিল সেয়ে নগৰ শুল্কবোৰ পাৰ হোৱাৰ বিনিময়ত সকলোকে একোটাকৈ মূৰ দি থাকিলোঁ৷ যেতিয়া এটা মূৰ বাকী ৰ’ল তেতিয়া পৰৱৰ্তী নগৰ শুল্ক লওঁতাজনে গমেই নাপালে মই কোন হয়৷ আৰু মই সহজেই ইয়ালৈ আহিব পাৰিলোঁ৷
: ইয়ালৈ কি কৰিবলৈ আহিছা?
: চাবলৈ আহিছিলোঁ তোমাৰ চহৰত মোৰ নামত লাখটকাৰ চান্দা উঠাই এইবাৰ বিজয়া দশমীত কিমান ইঞ্চিৰ ৰাৱণ নিৰ্মাণ হ’বলৈ গৈ আছে৷
: কিন্তু এই ডাঠকাগজৰ মূৰবোৰ কিয় লগালা?
: নলগালে তুমি মোক চিনি পালাহেঁতেন জানো? আৰু একপ্ৰকাৰৰ অভ্যাসৰ দৰে হৈ পৰিছে পৰম্পৰাক কঢ়িয়াই লৈ ফুৰাটো৷ এটা মূৰৰ অবিহনেও অদ্ভুত যেন লাগে৷
: তেন্তে এতিয়া কি সীতাক চোৰ কৰা বন্ধ কৰি দিলা? নে….
কৈয়েই মই গম্ভীৰভাৱে তেওঁৰ চকুলৈ চাই ৰ’লোঁ৷
: বেয়া নাপাবা বন্ধু! শুনিবলৈ কঠুৱা৷ এতিয়া ক’ত আমি, ক’ত তোমালোক৷ ক’ত সেই পঞ্চৱটী! এতিয়া যিফালেই চাওঁ কংক্ৰিটৰ অৰণ্য৷ এতিয়া তোমালোকৰ সমাজত ৰামো ক’ত আৰু সীতাই বা ক’ত? লক্ষ্মণ, ভৰত বাৰু দূৰৈৰে কথা৷ ক’ত সেই ৰজা, ক’ত সেই প্ৰজা! এতিয়াতো কাৰোবাৰ পত্নীক অপহৰণ কৰিবলৈ কোনো ৰাৱণৰো আৱশ্যকতা নাই, ভাতৃয়েই ভাতৃ-পত্নীক অপহৰণ কৰি লৈ যায়৷ তেতিয়া ৰামৰ বনবাসৰ সময়ত ভৰতে ৰামৰ খৰমযোৰ লৈয়ে চৈধ্য বছৰ জনতাৰ সেৱা কৰিছিল আৰু এতিয়া বেচেৰা প্ৰধানমন্ত্ৰীয়ে নিজৰ চিকিৎসা কৰোৱাবলৈও নাযায়, কিজানিবা ওভতি আহি নিজৰ গাদী নেপায়েই৷ কি ঠিক কাৰ্যকৰী বিষয়াই যদি হস্তগত কৰি লয় সকলো ক্ষমতা! ৰামৰ পত্নী সীতাকতো মই বিনাশৰ পৰা উদ্ধাৰ পাবলৈ অপহৰণ কৰিছিলোঁ, লংকাত তেতিয়া সীতা মোৰ লগত সুৰক্ষিত আছিল; কিন্তু এতিয়া নিজৰ স্বামীৰ সংৰক্ষণতেই পত্নী সুৰক্ষিত নহয়৷ সীতাৰ অপহৰণ হওঁতে তেতিয়া ৰামে কান্দি কান্দি গোটেই অৰণ্য বিচাৰি চলাথ কৰিছিল আৰু আজিকালিৰ স্বামীয়ে পত্নীৰ অপহৰণত আনন্দিত হৈ আৰক্ষী থানালৈকে মিঠাই বিলাই ফুৰে৷ আমাৰ জামানাত অভাৱীজনক ঘৰত নহয় নিজৰ অন্তৰত থাকিবলৈ ঠাই দিয়া হৈছিল আৰু আজিকালি ঘৰতো বাদেই গৰ্ভও ভাৰাত দিবলৈ লৈছে৷ এতিয়াতো ইয়াত সম্বন্ধও চিনি পাবলৈ অসুবিধা হোৱা যেন দেখিছোঁ মই৷ ৰাৱণ বাৰু মই হয় কিন্তু এইবোৰ দেখি এই ঠাইৰ প্ৰতি মোৰ বিষণ্ণতা আহিছে৷ বন্ধু, এতিয়া ক’ত তেনে স্বামী আছে যি পত্নীৰ বাবে কোনো ৰাৱণৰ স’তে সংঘৰ্ষত লিপ্ত হ’ব৷ এতিয়াতো তেওঁলোকে ভাৱে, কোনো ৰাৱণ আহক আৰু তেওঁলোকক পত্নীৰপৰা মুক্তি পোৱাৰ উপহাৰ দিয়ক৷ সঁচাকৈ ক’বলৈ হ’লে মোৰ মন বেয়া হৈ গ’ল ইয়ালৈ আহি৷
ইয়াকে কৈ তেওঁ উদাস হৈ পৰিল৷ তেওঁ নিজৰ মূৰত যেতিয়া দুখ মনেৰে হাত দিলে তেতিয়া এবাৰ আগতে বিশ্বাস হৈছিল পিছৰবাৰ এনে নালাগিল যে তেওঁ প্ৰকৃত ৰাৱণ হয়৷ সেয়ে সন্দেহ কৰি পুনৰ সুধিলোঁ,
: বন্ধু! তুমি সঁচাকৈয়ে ৰাৱণ হয় নে?
: কিবা সন্দেহ আছে নেকি? ৰামকতো তুমি সকলো সময়তে সন্দেহ কৰিলা৷ অন্ততঃ ৰাৱণকতো সন্দেহৰপৰা মুক্তি দিয়া৷ তেওঁতো ক্ষণে ক্ষণে সৰ্বত্ৰ৷
তেওঁ এইদৰে কোৱাত মই বিব্ৰত হৈ গ’লোঁ৷
: মোৰ ঘৰটোৰ নাম পঞ্চৱটী৷
: হয় মই পঢ়িছিলোঁ৷ সেইবাবেই ৰৈছিলোঁ ইয়াত কিছুসময়ৰ বাবে৷
তেওঁ এইদৰে কোৱাত কোনো এক অজ্ঞাত সুখত মোৰ মন নাচিবলৈ ধৰিলে৷
: তেন্তে পঞ্চৱটী দেখি তোমাৰ মনৰ সুপ্ত ভাব জাগ্ৰত হোৱা নাই নেকি?
: কি ক’বলৈ বিচাৰিছা? চিধা কথা কোৱা প্ৰভু ভোলানাথ দৰে৷
: তুমি মোৰ পত্নীক অপহৰণ কৰাটো বিচাৰোঁ৷ মই তোমাক অন্তৰেৰে আমন্ত্ৰণ দিছোঁ৷ বৰ অশান্তি পাইছোঁ তেওঁৰ বাবে৷ বৰ খৰচী হৈ গৈছে মোৰ পত্নী৷
মই লাজ-মান কাটি কৰি কথাবোৰ কওঁতে তেওঁ হাঁহিলে৷ হাঁহিয়েই থাকিল৷ কিছু সময়ৰ পিছত নিজৰ হাঁহি বন্ধ কৰি তেওঁ ক’লে,
: কিয়? কলিযুগতো বদনাম কৰিবলৈ বিচাৰিছা? আচৰিত আৰু দেই বন্ধু! পুৰুষ হৈ স্ত্ৰীৰ দ্বাৰা অংকিত স্ত্ৰীৰেখাত থাকি তুমি এইটোৱেই বিচৰা নেকি যে মই অহাটো যুগতো এইদৰে দহন হৈ থাকিম! কুকুৰৰ শত্ৰু কুকুৰ বুলিতো শুনিছিলোঁঁ, কিন্তু এতিয়াতো এই সমাজত পুৰুষেই পুৰুষৰ শত্ৰু হৈ পৰিল৷ এটা আৰু নতুন ফঁকৰা-যোজনা!
: প্ৰভু মই নিজৰ পত্নীৰপৰা সঁচাকৈয়ে বৰ অশান্তি পাইছোঁ৷
সেইবুলি কৈ মই দুয়োখন হাত যোৰ কৰিলোঁ নে দুয়োখন হাত নিজেই যোৰা লাগি গ’ল, ঈশ্বৰেহে জানে৷
: সঁচাকৈ কওঁ! এতিয়া এইটো যুগত মই নিজেও যেন অতীত হৈ পৰিছোঁ বন্ধু! এই সম্বন্ধবোৰৰ সংক্ৰমণৰ গতিবেগত মই মন্দোদৰীকে চম্ভালিব নোৱাৰিছোঁ আৰু তুমি কৈছা যে….
আৰু চাহ নোখোৱাকৈ তেওঁ মোৰ ঘৰৰপৰা গুচি গ’ল৷ হে মোৰ কঁপাল!
☆ ★ ☆ ★ ☆
12:37 pm
ভাল লাগিল
2:33 pm
ভাল লাগিল
4:11 pm
বঢ়িয়া এইটো। ক্ষুৰধাৰ ব্যংগ হৈছে।
7:16 pm
বঢ়িয়া লাগিল চবিনা
3:30 pm
বৰ ভাল লাগিল