তিৱা লোক-সংস্কৃতিৰ প্ৰচাৰবিমুখ শিল্পী শ্ৰীযুত খৰ্গেশ্বৰ বৰদলৈৰ সৈতে কিছু সময়-মুংচাজ’ বৰ্ণালী আম্ফি মান্তা
অসমৰ শিল্পসমূহৰ ভিতৰত মুখা শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অংকীয়া ভাওনাসমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু ৰূপ দিবলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মুখাসমূহ সাজে৷ গৰুণ্ড পক্ষী, বাঘ, যখিনী, ঘৰিয়াল, বৰাহ আদিৰ মুখা হুবহু সাজি তাত তুলিকাৰে অংকিত কৰি সম্পূৰ্ণ ৰূপ ফুটাই তুলে৷ কিন্তু এইখিনিতে এটা কথা উল্লেখনীয় যে মহাপুৰুষজনাই অসমৰ জাতি-জনজাতিৰ শিল্প-কলা, সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কৃষ্টিৰ চানেকিবোৰ গোটাই এক কৰিছিল৷ কোৱা হয় জনজাতিসকলৰ ডেকাচাঙৰ আৰ্হি লৈ নামঘৰ সজা হৈছিল৷ মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি যোৱা মুখা শিল্পৰো মূল আৰ্হি জনজাতিবোৰৰ পৰম্পৰাগত
Read more