ফটাঢোল

শিল্পী পৰিচিতি – প্ৰশান্ত দাস

কলা কলাৰ বাবে নে কলা মানুহৰ বাবে? পৃথিৱীৰ চুকে-কোণে কলাই প্ৰসাৰ কৰিছে সাংস্কৃতিক বাতাৱৰণৰ। মানুহৰ অসূয়া-দ্বন্দ্ব আদি আঁতৰাই কলাই সামৰি লৈছে আপোনাৰ, মোৰ অথবা সমগ্ৰ মানৱ জাতিৰ অনুভুতি আৰু আৱেগক। বাস্তৱিক জীৱনৰ বিৰক্তিকৰ আৰু একঘেয়ামী প্ৰক্ৰিয়াৰ পৰা আমাক মুক্ত কৰে কলাৰ প্ৰসাৰ আৰু উৎকৰ্ষতাই।

সেয়েহে আমি ভাবো কলা কলাকাৰসকলৰ বাবে এক মাধ্যম যি মাধ্যমৰ যোগেৰে কলাকাৰ আৰু শিল্পীসকলে মানুহৰ মনটোত সৃষ্টি কৰিব পাৰে সাতোৰঙী ৰামধেনুৰ, সাগৰৰ নীলাৰ এচামুচ আৱেশ আৰু আৱেগ।

ফটাঢোলৰ মজিয়াত সেয়েহে আমি আমন্ত্ৰণ কৰি আনিছো এনে এগৰাকী উদীয়মান শিল্পী আৰু তেওঁৰ টিমক যিয়ে গোলকীকৰণৰ বিশাল সাম্ৰাজ্যখনতো নিজৰ স্বকীয়তা অটুট ৰাখিবলৈ সক্ষম হৈছে। এই স্বকীয়তা অটুট ৰাখিবলৈ তেওঁলোক সমৰ্থ হৈছে নিজৰ সৃষ্টিশীলতা আৰু একাগ্ৰতাৰ বাবে। তেওঁলোক কোনো চেলিব্ৰিটি নহয়, তেওঁলোকৰ ভিতৰত দুজন কলেজীয়া ছাত্ৰ আৰু এজন অগ্ৰজ। তেওঁলোকে উমৈহতীয়া প্ৰচেষ্টাৰে এটা বেণ্ড গঠন কৰি নিজাববীয়াকৈ প্ৰচেষ্টা চলাই আছে এতিয়াৰ সস্তীয়া গানবোৰৰ বিপৰীতে এক অনন্য সংগীতৰ স্বাদ মানুহক দিবলৈ।

আহকচোন, আমি কথা পাতোঁ এনে এগৰাকী শিল্পীৰ সৈতে, মুখ্যতঃ যিয়ে বেণ্ডটোৰ গীতিকাৰ, আৰু জানি লওঁ তেওঁৰ লগতে তেওঁৰ টিমৰ কথা।

বেণ্ডৰ নাম – MUSICOHOLICS
সদস্য – ৱিকি, নিখিল আৰু প্ৰশান্ত

ফটাঢোল : এনেকুৱা এটা বেণ্ড গঠন কৰাৰ ইচ্ছা আপোনালোকৰ মনত কেনেদৰে জন্ম পালে? এইক্ষেত্ৰত আপোনালোকক কোনে প্ৰেৰণা যোগাইছিল?

প্ৰশান্ত : অনুপ্ৰেৰিত কোনো বিশেষ ব্যক্তি বা বিশেষ অনুষ্ঠানৰ পৰা তেনেকৈ হোৱা নাই। সৰুৰে পৰাই এক সাংগীতিক বাতাৱৰণৰ মাজতেই ডাঙৰ হৈছোঁ আমি; স্কুলত থকাৰ পৰাই অলপ অচৰপ লেখা-মেলা কৰিছিলোঁ, ৱিকি আৰু নিখিলে গান গাইছিল তথা ভাল গান ৰচিবলৈ থকা ধাউতিৰ কাৰণেই এই ক্ষেত্ৰখনৰ লগত আমি প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিলোঁ।

ফটাঢোল : সংগীতৰ ক্ষেত্ৰখনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত?

প্ৰশান্ত : ২০১৭ চনত ৰিলিজ হোৱা, প্ৰিয়ংকা ভৰালী আৰু ৱিকি কলিতাই কণ্ঠদান কৰা ‘নিশা নিশা’ গানটোৰ পৰাই মই প্ৰথম আৰম্ভণি কৰিছিলোঁ।

ফটাঢোল : সংগীতৰ ক্ষেত্ৰখনৰ উপৰি আপোনালোক কিবা বেলেগ কামত জড়িত নে?

প্ৰশান্ত : মই নিজে সৰু-সুৰা সামাজিক কৰ্মৰ বাহিৰে তেনেকৈ প্ৰত্যক্ষভাৱে বেলেগ ক্ষেত্ৰৰ লগত জড়িত হোৱা নাই। নিখিল আৰু ৱিকিয়ে নিজৰ পঢ়া-শুনা আগবঢ়াই থকাৰ লগতে নিখিলে নিজে Music Production-তো জড়িত হৈ পৰিছে আৰু ৱিকিয়ে নিজৰ কেইটিমান গানৰ কামত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে।

ফটাঢোল : কেনেধৰণৰ সংগীত আপুনি ভাল পায়? আপোনাৰ প্ৰিয় সংগীত-নিৰ্মাতা কোন?

প্ৰশান্ত : FOLK ‘সংগীত’ৰ প্ৰতি বিশেষ দুৰ্বলতা আছে মোৰ। অসমীয়া জাতিটো বিভিন্ন বাৰেৰহণীয়া লোকসংস্কৃতিৰ সম্ভাৰ।
মোৰ পছন্দৰ সুৰকাৰ বহুকেইজনেই আছে, তাৰে ভিতৰত বৰ্তমান সময়ৰ কেইজনমান বিশিষ্ট ব্যক্তিত্ব হল জুবিন গাৰ্গ, মৌচম গগৈ, দিগন্ত ভাৰতী, ইবছন লাল বৰুৱা……

ফটাঢোল : আপোনাৰ আটাইতকৈ প্রিয় গীতটো কি? আপোনাৰ প্ৰিয় গায়ক?

প্ৰশান্ত : বৰ্তমান সময়ত জুবিন গাৰ্গ আৰু পাঞ্চনা ৰাভাই কণ্ঠদান কৰা ‘পাঞ্চনা’ গানটো মোৰ খুবেই পছন্দ। গানটো শুনিলেই আৱেগিক হৈ পৰোঁ।

মোৰ ভাল লগা গায়কসকল হʼল ৺ভূপেন হাজৰিকা, ৺খগেন মহন্ত, মহেন্দ্ৰ হাজৰিকা, জয় বৰুৱা, মৌচম গগৈ, জুবিন গাৰ্গ, অংগৰাগ মহন্ত।

ফটাঢোল : আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? সংগীত ক্ষেত্ৰখনত ভৱিষ্যতে আপুনি নিজকে কেনেধৰণে প্ৰতিষ্ঠা কৰাৰ হাবিয়াস কৰে?

প্ৰশান্ত : ভৱিষ্যতে আৰু ভাল ভাল গান সৃষ্টি কৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নতিত অৰিহণা যোগাব বিচাৰোঁ আৰু লোকসংগীতৰ চৰ্চা কৰি নৱপ্ৰজন্মৰ গ্ৰহণযোগ্য হোৱাকৈ লোকসংগীতৰ স্বকীয়তাখিনি দাঙি ধৰিবলৈ মন আছে।

ফটাঢোল : শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত আপোনাৰ মতামত কি? আপুনি সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছেনে?

প্ৰশান্ত : Classical Music হʼল সংগীতৰ আদিপাঠ। সৰুতে Classical Music-ৰ প্ৰশিক্ষণ লৈছিলোঁ অলপ-অচৰপ, কিন্তু Classical Music-ৰ যথেষ্টখিনি জ্ঞান প্ৰত্যক্ষভাৱে সাংগীতিক ক্ষেত্ৰখনৰ লগত জড়িত হোৱাৰ পৰাহে পাইছোঁ।

ফটাঢোল : অসমীয়া সংগীত জগতখনক পিছলৈ কেনেদৰে আগুৱাই লৈ যাব বুলি আপোনালোকে ভাবিছে?

প্ৰশান্ত : একো পৰিকল্পিত আঁচনি নাই। যেতিয়ালৈ সম্ভৱ হয় ভাল সংগীতৰ সৃষ্টি কৰি যাবলৈ প্ৰয়াস কৰিম।

ফটাঢোল : আপুনি আপোনালোকৰ গীতৰ শ্ৰোতাৰ পৰা কেনেধৰণৰ আশা ৰাখে?
নিয়ৰৰ টোপালে” শীৰ্ষক গীতটি আপোনালোকৰ এক অনন্য সৃষ্টি আৰু গীতটো ইতিমধ্যে বহুতেই আদৰি লৈছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনে?

প্ৰশান্ত : ‘ৰিমিক্স’ গানৰ এই আগ্ৰাসনৰ দিনত বহুত কষ্ট কৰি Original মিউজিক তথা গানৰ সৃষ্টি কৰা হয়। দৰ্শক তথা শ্রোতাই শুনি দিহা-পৰামৰ্শ দিলে কষ্ট সাৰ্থক হোৱা যেন অনুভৱ হয়।

নিয়ৰৰ টোপালে” গানটোৰ প্ৰতি শ্ৰোতা ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি আমি গানটোৰ লগত জড়িত
আটাইকেইজনেই যথেষ্ট সুখী। বিভিন্ন জ্ঞানী-গুণী ব্যক্তিৰ মূল্যৱান দিহা-পৰামৰ্শবোৰে ভৱিষ্যতে আমাক আগুৱাই যাবলৈ নিশ্চিতভাৱে যথেষ্ট সহায় কৰিব।

ফটাঢোল : আপোনালোকৰ পৰৱৰ্তী পৰিযোজনা কি?অসমৰ সংগীত-ক্ষেত্ৰখনলৈ কিবা বাৰ্তা দিব বিচাৰিবনে?

প্ৰশান্ত : বহুতকেইটা বিভিন্ন Genre-ৰ গানৰ কাম কৰি থকা হৈছে। খুব সোনকালেই শ্ৰোতা ৰাইজে শুনিবলৈ পাব।

মই অসমৰ সাংগীতিক ক্ষেত্ৰখনত জড়িত সকলো শিল্পীলৈ এটাই আহ্বান জনাব বিচাৰোঁ, আমাৰ লোকসংস্কৃতিৰ অমূল্য স্বকীয়তাখিনি বজাই ৰাখি ‘অৰিজিনেল মিউজিক’ সৃষ্টিত গুৰুত্ব দিলে হয়তো ভৱিষ্যতে আৰু ভাল ভাল সংগীতৰ সৃষ্টি হʼব।

ফটাঢোল : ধন্যবাদ আপোনালৈ। আশা কৰোঁ আপোনালোকৰ প্ৰচেষ্টাই সফলতা লাভ কৰক আৰু আপোনালোক আগুৱাই যাওঁক। আমাৰ ফালৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

প্ৰশান্ত : ধন্যবাদ, আমাৰ বেণ্ডৰ প্ৰতিজন সদস্যৰ হৈ মই আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মানুহৰ মাজত আমাক চিনাকি কৰি দিয়াৰ এই প্ৰচেষ্টা এটা হাতত লোৱা বাবে। আপোনালোকৰ আলোচনীখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *