ফটাঢোল

সেই সময় – অসীমা শইকীয়া দত্ত

আগতে পৰীক্ষাৰ সময়ত মোৰ টোপনি বেছি হয়। তেতিয়া শুৱালকুছিৰ মাহীৰ পুতেক এটা আমাৰ ঘৰত আছিল। তাক আপা বুলি মাতো। মই ৰাতি পৰীক্ষালৈ পঢ়োতে প্ৰায়ে টেবুলত মূৰ থৈ সপোন দেখি থাকো। মূৰৰ চুলিৰ মাজডোখৰ পুৰি গোন্ধ ওলালে ঘৰৰ মানুহে গম পাই খুব গালি দিয়ে। মায়ে ৰাতিয়েই বকিবলৈ আৰম্ভ কৰে বহি লৈ। “হ’ল আইদেউ তুমি ফালিবা। লোকৰ ছোৱালীয়ে ৰাতি দুই বজালৈকে লাইট জ্বলাই পঢ়ে। আমাৰ এওঁক চোৱা।” “এ এ হ’ব, মোক তহঁতেহে লাইট জ্বলাবলৈ নিদিয়। একেটা ৰুমতে শুৱ, টোপনি খতি হয় বুলি।

Read more

শিৱৰাত্ৰিৰ ৰাতি – ৰুবী বৰা বৰদলৈ

: Hallow : Hallow Mrs. Sharma কওক। : শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। : আপোনালৈয়ো…. : পূজা পাতিছেনে? : ঘৰৰ শিৱজনা নায়েই। কিনো পূজা পাতিম আৰু! চাকি এগচ জ্বলাম……. : আমাৰজনা ঘৰতে, জানেই নহয়! ৰাতিলৈ পূজাৰ আয়োজন কৰিছোঁ। ছোৱালী দুজনীক লৈ আপুনি আহিব। খিছিৰিখন আপুনিয়েই ৰান্ধিবহি লাগিব।অকমান সোনকালে আহিবচোন! : No problem. সময়ত উপস্থিত হ’মগৈ। আৰু কাক কাক মাতিছে? : ওচৰৰ বৰাৰ পৰিয়াল আৰু আপোনালোক। অন্য কোনো নাই। : ঠিক আছে৷ শিৱপূজা৷ শ্ৰী শৰ্মাই পূজা সম্পন্ন কৰিলে। মই আৰু বৰাৰ পত্নী জুমণিৰে

Read more

বিলৈ – মানসী বৰুৱা

যোৱা এমাহ ধৰি জ্বৰ। জ্বৰ মানে জ্বৰ জ্বৰ ভাব অনবৰতে। গাল এখনো দেখাত আনখনতকৈ অলপ ফুলা ফুলা যেন লাগে। ভয়তে নে সঁচাকৈয়ে নাজানো, কাণ এখনো কিবা চিৰিং চিৰিং মৰা যেন লাগে মাজে মাজে। গুৰিৰ দাঁত এটা পোকে খোৱা আছিল। সেইকাৰণে দাঁতটোও মাজে মাজে বিষ বিষ লাগে। মুঠতে মই ক’ব নোৱাৰোঁ প্ৰকৃততে মোৰ দাঁতেই বিষাই নে কাণেই বিষাই নে গালেই বিষায়। মোৰ বেমাৰৰ লক্ষণ শুনিলে ঘৰৰ মানুহৰ লগতে ডাক্তৰো হাঁহিত ফাটি যায়। ইফালে মইহে জানো কিমান টেনশ্যন! মায়ে ক’লে সদায়নো কি

Read more

শৈশৱৰ লটিঘটি – ৰাজশ্ৰী শৰ্মা

১৯৯৬ চন। মই চতুৰ্থ শ্ৰেণীত পঢ়ি থকা দিনৰ কথা। তেতিয়া আকৌ বৃত্তি পৰীক্ষা দিয়াৰ খুব কোব আছিল আমাৰ স্কুলবোৰত। বৃত্তি নাপালেও পৰীক্ষা দিবলৈ পোৱাকেইটাৰ নাম আছিল চোকা বুলি। অমুকীৰো নাম আহিছিল বৃত্তি পৰীক্ষা দিবলৈ পাম বুলি। নৱেম্বৰ, ডিচেম্বৰ মাহত পৰীক্ষা। এদিন পুৱা চুবুৰীৰ লগৰজনীৰ লগত কথা পাতি আছিলো কোনে কিমান পঢ়ে তাকে লৈ। তাইৰ দাদাক আকৌ মোৰ সৰু দাদাৰ বন্ধু। সিহঁতেও কাষতে খেলি আছিল। আমাৰ আকৌ ডাঙৰ দাদাৰ নাম আছিল চোকা ল’ৰাৰ বুলি। ১৯৯৭ চনৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী। সৰু দাদা

Read more

বিহু আৰু সাঁজ -পঞ্চী প্ৰিয়া দাস

চাওঁতে চাওঁতে মাঘ বিহু গৈয়ো ব’হাগ বিহু পাবহিৰে হ’ল। জীৱনত প্ৰথমবাৰৰ বাবে দুয়োটা বিহুতে ঘৰৰপৰা দূৰৈত থাকিবলগীয়া হৈছে। পিঠা পনা তেনেকৈ বিশেষ বনাব নাজানো যদিও মামীক সহায় কৰিও দেখোন খুব ভাল লাগে। নাৰিকলৰ লাড়ুকেইটা বনাও বাৰু যেনে তেনে। হাত পুৰিব বুলি তিল পিঠা বনাবলৈ ভয় লাগে। কিন্তু এইবোৰ নিয়ম চলাই থকাৰো মুদা মৰিল। বিয়া য’লৈ হ’লো তাততো ঠেকুৱাহে বনাই। কিন্তু যিয়েই নহওক, ঘৰত থাকিলে বিহুৰ সময়ত মোক কোনেও ধৰি ৰাখিব নোৱাৰে। বিহু শেষ নোহোৱালৈকে মই ঘৰতেই থাকো। বিহু বুলিলেই আমাৰ

Read more

শৈশৱত এদিন – অনামিকা গগৈ

সৰুতে বৰ বেছি উৎপতীয়া নাছিলোঁ যদিও একেবাৰে শান্ত আছিলোঁ তেনেকুৱাও নহয়। দেতাৰ পৰা দাদাতকৈ মৰম অলপ বেছি পাইছিলোঁ সেয়ে হয়তো অলপ মিহি গুণ্ডা টাইপ হৈ পৰিছিলোঁ। মনত এটা ভাৱ সদায় আছিল যে মই যি কৰিলেও দেতাই মোক নিপিটে আৰু পিটিলেও আইতাই মোক বচাব। ছোৱালী হৈও ল’ৰাৰ দৰে প্ৰায় প্ৰতিটো কাম কৰিছিলোঁ বুলি ক’লেও হয়তো মিছা কোৱা নহ’ব। যেনে ধৰক – গছ বগোৱা (পিছে অকল আমাৰ ঘৰৰ পাছফালে থকা বগৰী জোপাত, যি জোপা এতিয়াও আছে), চিকাৰ কৰাৰ নামত বিছাৰ কামোৰ খাই

Read more

সৰু কালৰ লটিঘটি – মন্দিৰা শৰ্মা

স্কুলত পঢ়ি থকা দিনৰে কথা। মই তেতিয়া সপ্তমমানত। আমাৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব ডেৰ কিলোমিটাৰমান হ’ব। খোজ কাঢ়িয়ে স্কুললৈ অহা যোৱা কৰোঁ। সেই কথাটোত দুখ অকণো নাছিল বাৰু। দুখ লাগিছিল আন এটা কাৰণতহে। মোৰ লগৰ বেছিভাগ ছোৱালীয়ে স্কুললৈ চাইকেল লৈ আহিছিল। স্কুল ছুটীৰ পিছত যেতিয়া সকলো জাক পাতি চাইকেল লৈ ঘৰমুৱা হৈছিল মোৰ এনে ভাব হৈছিল যেন সকলোবোৰ বীৰাংগনা একেলগে দেশ ৰক্ষা কৰিবলৈহে ওলাইছে ৷ মনতে ভাবিছিলোঁ চাইকেল এখন থকা হ’লে ময়ো বীৰদৰ্পে স্কুললৈ অহা যোৱা কৰিব পাৰিলোঁ হয়। ষ্টেটাছও

Read more

লটিঘটি – তবিবৰ ৰহমান

আঠ দহ বছৰ আগত গুৱাহাটীলৈ ঘৰৰ পৰা ট্ৰেইনত অহা যোৱা কৰি কিছুদিন কাম এটা কৰিছিলোঁ। আহোঁতে বেছিভাগ মৰিয়নি আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছত ঘৰলৈ আহিছিলোঁ। এদিন সোনকালেই বাছত আহি ৰঙিয়াৰ মানুহ এজনৰ ঘৰত সোমাই কামখিনি কৰি ট্ৰেইনখনত ঘৰলৈ আহিম বুলি ওলাই আহিলোঁ। ট্ৰেইনখন ৰঙিয়া আঠ বাজি ত্ৰিশ মিনিটত আহি পায়। মানুহজনৰ ঘৰতে আঠ বিশ হৈ গ’ল। তাৰ পৰা ষ্টেচনলৈ প্ৰায় দুই কিলোমিটাৰ মান হ’ব। ৰিক্সা এখনত উঠি খৰধৰকৈ পেদেল মাৰিবলৈ দিলোঁ। এইখন ট্ৰেইন নাপালে ঘৰলৈ যাবলৈ আৰু একো পোৱা নাযাব। এক কিলোমিটাৰ

Read more

আৰক্ষী থানাত এটা গধূলী – দেৱজিত নাথ

বহুদিনৰ আগৰ কথা৷ বহুদিন মানে প্ৰায় এটা দশক মানেই হ’ব! সেই সময়ত কামাখ্যা গেটত মেচ কৰি আছিলো৷ পঢ়া শুনা শেষ কৰি চাকৰিৰ সন্ধানত গুৱাহাটীত সংগ্ৰাম কৰি থকাৰ সময় আছিল সেয়া৷ যদিও ভাড়াঘৰ আছিল সেয়া এক প্ৰকাৰৰ হোষ্টেলৰ নিচিনাই আছিল৷ গোটেই বিল্ডিংটোত কেৱল বিয়া বাৰু নপতা ল’ৰাবোৰে মেচ কৰি আছিল৷ নিবনুৱা আছিলো যদিও ফূৰ্তিৰে ভৰা জীৱন আছিল৷ মেচ কৰি থকা বেছিভাগ ল’ৰা আছিল ছাত্ৰ৷ মোৰ লগতে ধ্ৰুৱ আৰু সিদ্ধাৰ্থই আছিলো গোটেই বিল্ডিংটোত চিনিয়ৰ৷ ধ্ৰুৱ আৰু সিদ্ধাৰ্থই ইতিমধ্যে প্ৰাইভেট কোম্পানী দুটাত জইন

Read more

দুৰ্বল স্মৃতিশক্তি -পৰিস্মীতা বৰদলৈ

এই বেমাৰটোৱে মোক কেতিয়াৰপৰা লগ ল’লে পাহৰিলো। বেমাৰ মানে কথা মনত নাথাকে, তাকো আকৌ মানুহৰ চেহেৰা। কেতিয়াবা বৰ ডাঙৰ বিপদত পৰো এই ৰোগটোৰ কাৰণে। ক’ত দেখিছিলো, কোন আছিল ভাবি উলিয়াব নোৱাৰো নহয়। ঘটনা – ১) কেইদিনমানৰ আগৰ বন্ধৰ দিন এটাত মই, মোৰ মানুহজন আৰু শাহুমা ওলালো ওচৰৰে মল এটালৈ। অলপ দেৰি এনেয়ে ওপৰ তল কৰাৰ পিছত শাহুমা আৰু মোৰ মানুহজনক এঠাইত ৰ’বলৈ দি মই ওপৰ মহলালৈ যাবলৈ ষ্টেয়াৰকেচত উঠিলো, এনেয়ে মানুহৰ আলেখ লেখ চাই মই ভাৱনাৰ সাগৰত ডুব গ’লো। হঠাতে

Read more
1 47 48 49 50 51 70