দুৰ্বল স্মৃতিশক্তি -পৰিস্মীতা বৰদলৈ
এই বেমাৰটোৱে মোক কেতিয়াৰপৰা লগ ল’লে পাহৰিলো। বেমাৰ মানে কথা মনত নাথাকে, তাকো আকৌ মানুহৰ চেহেৰা। কেতিয়াবা বৰ ডাঙৰ বিপদত পৰো এই ৰোগটোৰ কাৰণে। ক’ত দেখিছিলো, কোন আছিল ভাবি উলিয়াব নোৱাৰো নহয়।
ঘটনা – ১)
কেইদিনমানৰ আগৰ বন্ধৰ দিন এটাত মই, মোৰ মানুহজন আৰু শাহুমা ওলালো ওচৰৰে মল এটালৈ। অলপ দেৰি এনেয়ে ওপৰ তল কৰাৰ পিছত শাহুমা আৰু মোৰ মানুহজনক এঠাইত ৰ’বলৈ দি মই ওপৰ মহলালৈ যাবলৈ ষ্টেয়াৰকেচত উঠিলো, এনেয়ে মানুহৰ আলেখ লেখ চাই মই ভাৱনাৰ সাগৰত ডুব গ’লো। হঠাতে দেখিলো এজন মানুহে মোলৈ চাই মিচিকিয়াই হাঁহি আছে আৰু মোক ৰ’বলৈ ইংগিত দি মোৰ পিছে পিছে আহি আছে। মই মনে মনে ভাবি আছোঁ, এই মানুহজনে যে মোক ৰ’বলৈ কৈছে, ক’ৰবাত দেখিছোঁ যেন লাগিছে। ইমান চিনাকি মুখ! ক’ত দেখিছিলো বাৰু! মানুহজনক চাই চাই মই খুব মনত পেলাবলৈ চেষ্টা কৰিছোঁ, কোন আছিল বুলি! তেনেতে তেখেতে মোক আকৌ ৰ’বলৈ ইংগিত দিলে আৰু মোৰ ঘপহকৈ মনত পৰিল মানুহজন কোন!
সেইজন মোৰ নিজৰে মানুহজন, যাক মই শাহুমাৰ লগত তলৰ মহলাত এৰি থৈ গৈছিলো। মোৰ অসুবিধা হ’ব বুলি ভাবি তেওঁ মোৰ পিছে পিছে ওপৰলৈ উঠি আহিছিল!
ঘটনা – ২)
প্ৰথম কলেজত ভৰি থৈছোঁ। গতিকে দেহা মনে একেবাৰে ৰিব্ ৰিব্ ৰাব্ ৰাব্ কৰি থাকে। পাচঁজনীয়া বান্ধৱীৰ দলটোৰ লগত অফ্ পিৰিয়দত হয় কমন ৰুমত, নহয় গছৰ তলত কলেজৰ পৰিৱেশ চাই মগন হৈ থাকো। লাহে লাহে লগৰ দুজনীৰ নাম কাটিলেই, মানে বয়ফ্ৰেণ্ডৰ কৃপাত তেওঁলোকে আমাৰ লগ এৰিলে। মোৰ আকৌ পেহীৰ ল’ৰা, জেঠাইৰ ল’ৰাই কলেজতে বডিগাৰ্ডৰ কাম কৰি থাকে, গতিকে বয়ফ্ৰেণ্ড বোলা প্ৰাণীবিধক গোটাবলৈ সাহস নাই, কাৰণ মই কেনেবাকৈ কিবা গণ্ডগোল কৰিলেই খবৰটো চিধাই দেউতাৰ ওচৰ পাবগৈ।
পিছে কি কু-ক্ষণত নাজানো, দুদিনমানৰ পিছতেই এটা ল’ৰাই আহি মোক চিধাই প্ৰ’পজ কৰিলেহি, মইও থৰহৰি কম্পমান হৈ লগে লগে ভাবি চাম বুলি ক’লো।
পিছদিনা কলেজ পায়েই মোৰ লগৰ দুজনীক ক’লো, কালি মোক প্ৰপ’জ দিয়া ল’ৰাটোক দেখিলেই ক’বি, মই পলাম। কাৰণ মই তাৰ চেহেৰাটো পাহৰি থাকিলো!
তেতিয়াৰপৰাই বহুত দিনলৈকে ভয়তে চিধাই অফ্ পিৰিয়দত কমনৰুমলৈ যাওঁ, কিজানি আকৌ ল’ৰাটোৱে মোক বিচাৰি আহে!
☆★☆★☆
6:45 pm
হাঁ হাঁ৷ভাল লাগিল৷
1:54 pm
হা হা,জমনি দেই।
10:39 pm
সেইবুলি নিজৰ মানুহজনকে পাহৰিলা নে? কি কম আৰু, এনেকৈ ৪৫ বছৰতে এই অৱস্থা হলে আমাৰ দৰে ৬৭ হলেচোন সব দুনীয়া পাহৰি যাবা৷
2:14 am
ভাল জমনি..নাহাঁহি নোৱাৰিলো দেই..