ফটাঢোল

উদ্যোগপতি – অলকেশ ভাগৱতী

এইটো কোনো গল্প বা কাল্পনিক কাহিনী নহয়৷ মাত্ৰ তিনিদিন আগতে মোৰ লগত হৈ যোৱা সঁচা অভিজ্ঞতা এটাৰ কথাহে লিখিবলৈ ওলাইছোঁ৷ যোৱা ৩০ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত ফটা-ঢোল গ্ৰুপৰ এখন Get Together অনুষ্ঠিত কৰা হৈছিল৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো সদস্যই আহি যোগদান কৰা এই Meet ত যোৰহাটৰ পৰাও কেইবাখনো গাড়ী ভাড়া কৰি বহু সদস্য আহিছিল৷ তেনে এখন গাড়ীতেই আছিল ফটা-ঢোল গ্ৰুপৰ এডমিন বিজয় মহন্ত৷ ইয়াৰ পিছৰ কথাখিনি এনেকুৱা- সেইদিনা দুপৰীয়া বাৰ মান বজাত শিল্পগ্ৰামত ব্যস্ত থাকোঁতে মোৰ মোবাইললৈ বিজয় মহন্তৰ

Read more

হাবি – ৰাজীৱ শৰ্মা

অৰণ্য। উস্ অৰণ্য। ইয়েই মোক খাব যেন পাইছোঁ। প্ৰচণ্ড খঙত মোবাইলটোলৈ চাই চাই নিজকে নিজে ক’লো। বেমাৰটো বেছি দিনৰ নহয়। সৌ সিদিনাৰ বুলিবও পাৰি। মানে শ্ৰীমতীৰ এইবছৰৰ হৈ যোৱা জন্মদিনৰ পাছৰ পৰা। এওঁ বহুদিনৰপৰা কুটুৰি আছিল এটা ভাল, দামী মোবাইল লাগে বুলি। ফেচবুক, ৱাটচ্ এপ আদি কৰিব পৰাকৈ। মান্ধাতা যুগৰ নকিয়া মোবাইলটোত এইবোৰ কৰিব নোৱাৰি। ময়ো সেয়ে ৰসতে নাম থৈ এইবাৰ জন্মদিনৰ উপহাৰ বুলি এটা এনড্ৰইড মোবাইল লৈ দিলো। কিন্তু কি হ’ব? মোবাইল নহয় মই যেন খাল খান্দি ঘঁৰিয়ালহে চপালো।

Read more

খন্তেকীয়া বৰলাৰ লটিঘটি – অভিজিত মেধি

ছলমান (কাৰ বাপেকৰ কি আহে কি যায় ভংগীত): ইস্ক্ ছে আগে? কেটৰিনা (মুখখন পাতি হাঁহৰ নিচিনা কৰি): কুচ নাহী, কুচ নাহী… এইপিনে আমাৰ দৰে হলধৰ-বলধৰৰ কাৰ লোন, হোম লোন, পেট্ৰ’লৰ খৰচ, ইলেক্ট্রিচিটি বিল, খুলশালীৰ বিয়া আদিৰে পৰা গোপন খৰ-খজুৱতিলৈকে এশ এবুৰি সমস্যাই জুৰুলা কৰা জীৱন, তাৰ মাজতে এপলক মনোৰঞ্জনৰ বাবে টিভিটোৰ সমুখত বহি এই “কুচ নাহী, ফুচ নাহী” গান চাবলগীয়া হ’লে গান বনোৱাজনৰ মুখতে ঠোকোনা মাৰি দিবলৈ মন যায়। গোপন খৰ-খজুৱতিৰ কথাটো সাধাৰাণীকৰণ কৰিহে ক’লো, ছলমান-কেটৰিনাৰ নহ’লেও সাধাৰণ মানুহৰ হয়েই

Read more

মম’ পুৰাণ – অমৰজ্যোতি বৰা

“দাদা কি খাব?” হোটেলৰ কৰ্মচাৰীজনে মোক সুধিলে। “এক প্লেট মম’” “কি মম’দিম?” ওৱা, ই কয় কি? মম’ৰো বেলেগ বেলেগ ভাগ আছে নেকি? মোকতো সি অকল মম’ বুলিহে কৈছিল। মইতো জীৱনত মম’ দেখিয়ে পোৱা নাই, ভাগ কৰোঁ কেনেকৈ। এতিয়া কি কওঁ, মনে মনে ভাবিবলৈ ধৰিলোঁ, গঞা বুলি গম পাবই এতিয়া। লগা লগ ডিমাগ লগালোঁ, গাঁৱতো মোক সৱেই স্মাৰ্ট বুলিয়েই জানে । “কি কি আছে তোমালোকৰ ইয়াত?” “দাদা, চিকেন আৰু পৰ্ক মম’হ’ব।” “চিকেন এক প্লেট দিবা, সম্পূৰ্ণ গহীন হৈ অৰ্ডাৰ দিলোঁ”৷ আচলতে

Read more

গেদেং খানা খাবি আৰু – সদানন্দ দত্ত

তেওঁৰ নাম আচলতে নিতুল কোঁৱৰ,পিছে নিজৰ সৰবৰহী তিৰোতাগৰাকীক চিঞৰি ” ঐ গেদেং ” বুলি মাতে কাৰণে তেওঁৰ জোকোৱা নাম গেদেং।সাদৰী তিৰোতাগৰাকীক বাসন্তী নামেৰে সকলোৱে মাতে।আমাৰ ভাড়াঘৰতে থাকি এটি সন্তান জন্ম দিয়াৰ তিনিবছৰৰ পিছতে গেদেং নিজৰ ঘৰখনলৈ গ’লগৈ।মোৰ ঘৰৰ পৰা দুই কিলোমিটাৰমান দূৰৈত মাটি কিনি বাঁহ-কাঠেৰে ঘৰখন তৰি ল’লে। গেদেং কোম্পানীৰ চাকৰিয়াল, বহুবছৰ অস্থায়ীকৈ কৰি থকাৰ পিচত স্থায়ী হোৱা দুবছৰ হ’ল। গেদেং আমাৰ ঘৰলৈ মাজে সময়ে আহে,চাহ-জলপান খাই কথা-বতৰা পাতি যায়গৈ।আহিলেই তেওঁৰ ঘৰলৈ নিমন্ত্ৰণী দিয়ে -“ঐ চাৰ,আপোনাৰ ঘৰতে মোৰ সম্পত্তিখোৱাটো জনম

Read more

এনিশাৰ ব্যতিক্ৰমী এসাজ – ৰঞ্জু শৰ্মা

গণেশ উৎসৱৰ সময়তেই পুণেলৈ বৰকৈ মনত পৰে। গোটেই চহৰখন উৎসৱস্থলীলৈ পৰিৱর্তিত হৈ পৰে। চাৰিওফালে ধূপ-বন্তি আৰু ৰঙৰ পোহাৰ। সন্ধিয়াৰেপৰা ৰাস্তাবোৰত মানুহৰ ভিৰত ঠেলা-হেঁচা লগা পৰিস্থিতি। প্রকাণ্ড পেন্দেলবোৰৰ উপৰিও প্রায়ভাগ মানুহে নিজৰ ঘৰতো গণেশ দেৱতাক স্থাপন কৰি লৈ সম্পূর্ণ বিধিগতভাৱে পূজা কৰে। নিয়ম অনুসৰি প্রত্যেকদিনাই পুৱা গধূলি প্রার্থনা, পূজা কৰাৰ উপৰিও সদায় বেলেগ বেলেগ ধৰণৰ ভোগ লগায় আৰু মোৰ বাবে এই সমগ্র পূজা পদ্ধতিৰ মুখ্য আকর্ষণ আছিল সেই ভোগখিনি। পুণেত থকা সময়ৰ কথা। এবাৰ গণেশ পূজাৰ অন্তিম দিনা মোৰ স্বামী মানসৰ

Read more

শৰ্মা-পুৰাণ – নয়নমণি হালৈ

শৰ্মাদা তেতিয়া বেকাৰ৷ বেকাৰ মানে একেবাৰে লাওলোৱা অৱস্থা৷ তামোল এখন খাবলৈও বাপেকৰ লেপ, তুলি, গাৰু ডাঙি ডাঙি দুটকা পইছা বিচাৰি ফুৰা দিনৰ কথা৷ এনেকৈ এদিনাখন লেপখন ডাঙি দিওঁতে লেপখনৰ লগতে বাপেকৰ লুঙিখনো হাতত গুচি আহিল৷ শৰ্মাদাই ঘূণাক্ষৰেও ভবা নাছিল যে ভৰ দুপৰ বেলাও বাপেকে এনেকৈ কাণে-মূৰে লেপ লৈ শুই থাকিব পাৰে৷ লগে-লগে ঠাঁচ-ঠাঁচ, শৰ্মাদাৰ কাণৰ তলত যেন বাপেকে দুটা আলুবোমাহে লগাই দিলে৷ শৰ্মাদাই চকুৰে আবতৰীয়া দেৱালী দেখি গ’ল৷ কিন্তু শৰ্মাদা সেইদিনা ৰৈ নাথাকিল৷ বাপেকৰ আগত ‘ৰজনী-চিখৰ দূৰৰ কথা, তামোল এখন

Read more

চুপাৰমেনৰ বিলৈ – দেবজিৎ শৰ্মা

দাতাই দিলেও পত্নীয়ে নিদিয়ে (বিবাহিত বন্ধু এজনৰ অনুভৱেৰে ) হাতত কফি কাপটো লৈ দীঘল সোহা এটা মাৰি চুপাৰমেনে বেলকনিৰ পৰা দিগন্তলৈ দৃষ্টি দি সন্তুষ্টিৰ হাঁহি এটা বিৰিঙাই নিজৰ নতুন জীৱনটো সম্পৰ্কে পুনৰ এবাৰ ভাবিবলৈ আৰম্ভ কৰিলে৷ নাপাতোঁ নাপাতোঁ কৈ থাকি অৱশেষত বিবাহপাশত আবদ্ধ হ’ব লগা হ’ল৷ বে-চিজিল জীৱনটোৱে অলপ সঠিক পথেৰে গতি কৰক বুলিয়েই বন্ধু স্পাইদাৰমেন, ৰাকু দা, শক্তিমানহঁতৰ কথা পেলাব নোৱাৰি অৱশেষত ভাৰত প্ৰদেশৰ অসম ৰাজ্যৰে এজনী কন্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এদিন আগতে আঠমঙলা খাই এতিয়া কফি একাপ

Read more

পদুমীৰ বিয়া – অনুৰূপ মহন্ত

(কাহিনীৰ পটভূমি ১৯৭০চনৰ) ঐ পদুমী, তোক আমাৰ মায়ে সোনকালে মাতি পঠাইছে। আহিবিচোন এপাক। বাৰীৰ ঢাপৰপৰা চিঞৰ ধৰা শেৱালিৰ মাতত পদুমী উচপ খাই উঠিল। সন্ধিয়াখননো ’বৰমাৰ বা’ কি কাম ওলাল! মনতে ভাবিলে পদুমীয়ে। ’গৈছো বুলি ক’বি যা বৰমাক।’ পদুমীয়ে এহাতে টিপ চাকিটো আৰু আনটো হাতেৰে সৰুজনী ভনীয়েক মালতীৰ হাতত ধৰি কাষৰ ঘৰৰ বৰমাৰ পাকঘৰ পালেগৈ। বৰমাকৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে চ’ৰা ঘৰৰ মাজেৰেই যাব লাগে। পদুমীয়ে মন কৰি গ’ল তাত কোনোবা দুজন আলহী বহি আছে। বৰমা, কিয় মাতিছিলে? আৰু কোন আলহী

Read more

ভাৱৰীয়া – মৌচুমী গগৈ

স্কুল ছুটী হোৱাৰ লগে লগে মুকুলে চাইকেলখন লৈ ঘৰলৈ বুলি ওলাই আহিল। আজি সোনকালে ঘৰ গৈ পাবগৈ লাগিব। গাঁৱৰ নামঘৰত আজি ভাওনা আছে।তাতে সি অৰ্জ্জুনৰ ভাৱত অভিনয় কৰিব। ধেমালি নেকি! কিমান কষ্টৰ মূৰকত সি নিজৰ সপোনৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ সুযোগ পাইছে। ভাওনা হোৱাৰ কথা ওলোৱাৰপৰাই সি অৰ্জ্জুনৰ ভাও টোৰ কাৰণে লাগি আছিল। ইফালে গাঁৱৰে বিমানেও সেই ভাওটো বিছাৰিছিল। শেষত যেনিবা মুকুলেই অৰ্জ্জুনৰ ভাওটো পালে। বিমানক নকুলৰ ভাওটো দিয়া হ’ল। ইয়াৰ বাবে অৱশ্যে মুকুলে ভাওনাখনৰ ছেক্ৰেটেৰী দাইটিৰ ঘৰত কেইবাটাও ঘৰত লগা

Read more
1 54 55 56 57 58 70