উদ্যোগপতি – অলকেশ ভাগৱতী
এইটো কোনো গল্প বা কাল্পনিক কাহিনী নহয়৷ মাত্ৰ তিনিদিন আগতে মোৰ লগত হৈ যোৱা সঁচা অভিজ্ঞতা এটাৰ কথাহে লিখিবলৈ ওলাইছোঁ৷
যোৱা ৩০ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত ফটা-ঢোল গ্ৰুপৰ এখন Get Together অনুষ্ঠিত কৰা হৈছিল৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো সদস্যই আহি যোগদান কৰা এই Meet ত যোৰহাটৰ পৰাও কেইবাখনো গাড়ী ভাড়া কৰি বহু সদস্য আহিছিল৷ তেনে এখন গাড়ীতেই আছিল ফটা-ঢোল গ্ৰুপৰ এডমিন বিজয় মহন্ত৷ ইয়াৰ পিছৰ কথাখিনি এনেকুৱা-
সেইদিনা দুপৰীয়া বাৰ মান বজাত শিল্পগ্ৰামত ব্যস্ত থাকোঁতে মোৰ মোবাইললৈ বিজয় মহন্তৰ ফোন আহিল,
“হেল্লো অলকেশ দা, আমি আহি ছয়মাইল পাইছোঁ৷ শিল্পগ্ৰামলৈ যোৱা বাটত এ.টি.এম আছেনে বাৰু?”
“কিয় নাথাকিব, বহু কেইটা আছে৷ নাজিম দাৰ ঘৰৰ সন্মুখতেই দুটা এ.টি.এম আছে৷”
“বঢ়িয়া৷ আচ্ছা হেৰি নহয়, মোৰ টকা বিশ হাজাৰ উলিয়াবলৈ আছিল৷ এবাৰতে ওলাবনে?”
“ওলাবতো লাগে৷ নহ’লে দহ দহকৈ দুবাৰ উলিয়াবা৷”
“গুড আইডিয়া৷ তেন্তে এবাৰ দহ আৰু এবাৰ পোন্ধৰ মাৰি পচিশয়েই উলিয়াই ল’ম৷ ফূৰ্তি কৰিব লাগিব আজি৷ টকানো কি ডাঙৰ কথা, ফূৰ্তিহে আচল৷”
“ঠিক আছে বিজয় আহি যোৱা সোনকালে৷”
ছয়মাইলৰ পৰা শিল্পগ্ৰামলৈ দুই মিনিটৰ বাট৷ কিন্তু মোক ফোন কৰাৰ আধা ঘণ্টা পিছতহে বিজয়হঁত আহি শিল্পগ্ৰাম পালে৷ মাত্ৰ দুই মিনিটৰ বাট অতিক্ৰম কৰিবলৈ ইমান পলম হোৱাৰ কাৰণটো সেইদিনা নুশুধিলোঁ যদিও পিছদিনা একেই গাড়ীতে অহা চবিনাক কথাটো সোধাত চবিনাই ক’লে যে পলমটো আচলতে বিজয়ৰ কাৰণে হ’ল৷ ছইমাইলৰ পৰা শিল্পগ্ৰামলৈ আহোঁতে বাটত সি গাড়ীখন দুই তিনি ঠাইত ৰখালে৷ কৰবাত কোল্ড ড্ৰিংকছ কিনিবলৈ নামে, তাৰ দহ মিনিটমান পিছত গাড়ীলৈ আহি কয় “ধুৰ, নিকিনিলোঁ৷ কাৰেণ্ট নাই বোলে৷ সেয়ে ঠাণ্ডা নাই বটলবোৰ”৷ কৰবাত আকৌ চিপছ্ কিনিবলৈ নামি দহ মিনিট পিছত ঘূৰি আহি কয় “কি ফাল্টু ঠাই বে, লেইজৰ চিপছ্ নাই, সব লোকেল চিপছ্৷ নিকিনিলোঁ৷ মই এই সস্তীয়া বস্তুবোৰ নাখাওঁ ৷” মুঠতে ৰাস্তাত এনেকৈ আধা ঘণ্টা সময় বেকাৰ খৰচ কৰাৰ পিছতহে শেষত তেওঁলোক শিল্পগ্ৰাম পালে৷
গাড়ীৰ পৰা নামিয়েই গেটতে মোক দেখি বিজয় মোৰ ফালে আগুৱাই আহিল৷ বিজয়ৰ মুখত হাঁহিৰ সলনি খঙৰ আভাস৷ মোৰ বুকুখন চিৰিংকৈ গ’ল৷
“গুৱাহাটীখন কি ফাল্টু ঠাইহে অলকেশ দা! চাল্লা, দহটামান এ.টি.এমত সোমালোঁ, এটাৰ পৰাও পইছা নোলাল৷ আমাৰ তিতাবৰত মই ডেইলি পঞ্চাছ হাজাৰ টকা উলিয়াওঁ৷ কাৰ্ডখন ভৰাই দিয়াৰ লগে লগেই ঘটং ঘটং শব্দ কৰি ২৫ খন দুই হাজাৰ টকাৰ নোট ওলাই আহে ইনষ্টেণ্ট৷ নৌ প্ৰব্লেম এট অল৷”
“কি কোৱা হে? সঁচাকৈ কৈছানে? দহটা এ.টি.এমৰ এটাতো পইছা নোলাল?”
এইবাৰ দুগুণ উত্তেজিত হৈ বিজয়ে চিঞৰিলে, “তেন্তে মই মিছা কৈছোনে কি? দেখা নাই নেকি যে দুই মিনিটৰ বাট আহিবলৈ আধা ঘণ্টাৰো বেছি সময় লাগিল মোৰ?”
বিজয়ৰ খং দেখি সেমেনা সেমেনিকৈ ক’লোঁ, “বাৰু বিজয়, খং নকৰিবা৷ প্ৰথমে ভিতৰলৈ সোমাই কিবা এটা খাই লোৱা৷ তাৰ পিছত ময়েই তোমাক এ.টি.এমলৈ লৈ যাম৷”
“ঠিক আছে ব’লক৷ আচ্ছা হেৰি নহয়, মিটৰ আয়োজন সঠিক হৈছেতো? কোনো ক্ষেত্ৰতেই যাতে একো বস্তুৰ নাটনি নহয়৷ পইছা যি লাগে লাগক৷ পইছা ডাঙৰ কথা নহয়৷ মানুহক কোনো ত্ৰুটি নোহোৱাকৈ আদৰ সাদৰ কৰাটোহে আচল কথা৷ পইছা যিমান লাগে মই দিম৷ তিতাবৰ তিনিআলিৰ বীৰেণ পাণদোকানীৰ জীয়েকৰ তোলনি বিয়াত সাত লাখ টকা খৰচ কৰা মানুহ মই৷
বুকুখন দ্বিতীয় বাৰৰ বাবে চিৰিংকৈ গ’ল৷ ভয় আৰু সম্ভ্ৰমেৰে বিজয়ৰ মুখখনলৈ চালোঁ৷ কিমান সৰল লোক! ইমান টকাৰ মালিক হৈয়ো কথাটো আজিলৈ আমাক জানিবলৈ দিয়া নাছিল! সেপ ঢুকি লৈ ক’লোঁ,
“বলা বিজয়, ডাইৰেক্ট ব্ৰেকফাষ্টটোৱেই কৰি লোৱা৷”
“ব’লক৷”
শিল্পগ্ৰামৰ গেটৰ পৰা আমাৰ অনুস্থান স্থলীলৈ খোজকাঢ়ি গৈ আছোঁ৷ এয়া মোৰ কাষত বীৰেণ দোকানীৰ জীয়েকৰ তোলনি বিয়াত সাত লাখ টকা খৰচ কৰা প্ৰখ্যাত উদ্যোগপতি বিজয় মহন্ত৷ সেইজন ব্যক্তিয়ে মোক দাদা বুলি মাতে৷ বুকুখন কেইবা ইঞ্চি বহল হৈ ফুলি গ’ল৷
“এটা কথা কওঁকচোন, এতিয়া মই টেম্প’ৰাৰিলি ফিফটিন এটা দি থ’লে হবনে? সন্ধিয়ালৈ বাকী যিমান টকা ঘাটি হয় সেইবোৰো দি দিম৷”
“ফিফটিন হাণ্ড্ৰেড নালাগে অ বিজয়৷ পাঁচশ টকা দিলেই হ’ব৷ আমি সকলোৰে পৰা পাঁচশ টকাকৈ তুলিছোঁ৷”
“বিজয় মহন্তক সকলোৰে মাজৰ এজন বুলি নধৰিব দাদা৷ আৰু মই ফিফটিন হাণ্ড্ৰেড নহয়, ফিফটিন থাউজেণ্ডৰ কথা কৈছোঁ৷ লাগিলে ফিফটিন লাখচও দিম মই৷ টকা সৰু কথা৷ সকলোৰে আনন্দহে আচল৷”
“ধেই নালাগে অ ইমান টকা৷ আমাৰ টকা উঠিছেতো৷ পাঁচশ দিলেই হৈ যাব৷”
“মোৰ এই অতি সামান্য অনুদানটোক অস্বীকাৰ কৰি মনত দুখ নিদিব অলকেশ দা৷ ফিফটিন দিম বুলি কৈছোঁ যেতিয়া দিমেই৷ এক কথাৰ মানুহ এই তিতাবৰৰ বিজয় মহন্ত৷”
“ঠিক আছে বিজয়, হ’ব৷ প্ৰথমে ব্ৰেকফাষ্টটো খাই লোৱা৷”
“এহ, ব্ৰেকফাষ্ট নাখাওঁ দিয়ক৷ আচলতে ব্ৰেকফাষ্টত মই কৰ্ণফ্লেক্স উইথ এপল স্লাইছ এণ্ড কেছিউ নাটছ্, ইটালীয়ান ব্ৰেড উইথ স্প্ৰেইড কেভিয়াৰ, ৰোষ্টেড এলমণ্ড আদিহে প্ৰিফাৰ কৰোঁ৷ আপোনালোকৰতো তেনে এৰেঞ্জমেণ্ট নাই কিজানি?”
‘কেভিয়াৰ’ কি বস্তু সেয়া ভাৱি ভাৱি লাজত মৃতপ্ৰায় হৈ লাহেকৈ মাত দিলোঁ, “নাই, মানে সেইবোৰ নাই৷ আমাৰ ব্ৰেড-বাটাৰ, বইল কণী, নিমকি আদিহে আছে৷ তথাপিও সেইবোৰৰ কিবা এটাত একামোৰ মাৰি হ’লেও নামটো কৰা প্লিজ৷ নহ’লে আমাৰ নিজৰেই দোষী দোষী ভাৱ হ’ব৷”
“ঠিক আছে বাৰু৷ মই নামটো কৰিবলৈ বানানাৰ বাইট এটা লৈ লওঁ৷ আপুনি আপোনাৰ কাম কৰি আহক৷”
বিজয়ক ব্ৰেকফাষ্টৰ ঠাইত এৰি মই দহ মিনিটৰ কাৰণে বেলেগ কামত লাগিলোঁ৷ ব্ৰেকফাষ্টৰ দ্বায়িত্বত থকা দিম্পলে সন্ধিয়া মোক ক’লে যে সেই সময়ৰ ভিতৰত বিজয়ে সাতটা কণী, দহ টুকুৰামান ব্ৰেড আৰু প্ৰায় তেনে পৰিমাণৰেই নিমকি আৰু কল খালে৷
তাৰ পিছত মই ৰান্ধনিঘৰত ব্যস্ত থাকোঁতে বিজয় হঠাতে মোৰ ওচৰলৈ আহি ক’লে, “হেৰি নহয় অলকেশদা, বৰ্তমান পাঁচশ টকাটো দি ৰেজিষ্ট্ৰেচন কৰি আইকাৰ্ড আৰু বেজটো লৈ লওঁ বুলি ভাৱিছোঁ৷ বাকী ফিফটিনটো মই অলপ পিছত আপোনাৰ লগত গৈ এ.টি.এমৰ পৰা উলিয়াই দিম৷”
“ভাল কথা বিজয়৷ সেইটোৱেই কৰা৷ ব’লা তোমাক ৰেজিষ্ট্ৰেচন ডেস্কলৈ লৈ যাওঁ৷”
ৰেজিষ্ট্ৰেচন ডেস্ক পাই নিজৰ নাম-ধাম সকলো লিখি উঠাৰ পিছত বিজয়ে সুন্দৰকৈ পকেটৰ পৰা গ্ৰামীণ বিকাশ বেংকৰ এ.টি.এমখন উলিয়াই দিলে৷ ডেস্কত পইছা লৈ থকা কংকনাবা আৰু ইৰাণীবাৰ তেতিয়া মুখ মেলি বিজয়ৰ ফালে অবাক হৈ চাই থকাৰ পাল৷
“হেই কি কৰিছা, আমাৰ কাৰ্ড লোৱা মেছিন নাই নহয়৷ কেছ দিয়া প্লিজ৷”
বিজয়ৰ দেহেৰে যেন হাই ভোল্টেজৰ কাৰেণ্টহে পাৰ হৈ গ’ল৷ জিকাৰ খাই উঠি অবাক নেত্ৰেৰে ইৰাণী বাৰ পিনে চাই ক’লে, “কাৰ্ড এক্সেপ্ত নকৰে? হাউ ডিজগাষ্টিং! ইউ পিপুল ৰাণ ইয়োৰ ইকোনমী অন কেছ? আন বিলিভেবল৷ আমাৰ তিতাবৰ তিনিআলিত প্ৰমোদ মুচীৰ তাত কেতিয়াবা মই বুট পলিছ কৰিলেও তাক থাউজেণ্ড ৰুপিছটো কাৰ্ডেৰে পে কৰোঁ৷ এণ্ড ইউ আৰ চেয়িং ডেট ইউ কেণ্ট এক্সেপ্ট কাৰ্ড!”
বুট পলিছ কৰোঁতেই একহাজাৰ টকা দিয়া বিজয়ৰ মুখলৈ চাই কাৰ্ড ল’বলৈ অক্ষম হোৱা কথাটোত আয়োজক হিচাবে নিজৰেই লাজ লাগিল৷
কিছু সময় মনে মনে থকাৰ পিছত বিজয়ে মোক ক’লে, ” অলকেশদা, চাইডলৈ আহকচোন৷ কথা এটা আছে …..”
ৰূমটোৰ এটা কোণলৈ মাতি নি অনুচ্চ কণ্ঠৰে ক্ষোভ মিহলি সুৰত বিজয়ে মোক ক’লে, “অলকেশদা, আপোনালোকৰ লং-লুকৰ অভাৱৰ বাবেই আজি মই জীৱনত প্ৰথমবাৰৰ বাবে কৰবাত কিবা এক পেমেণ্ট কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হ’ল৷ মই Cash কেৰী নকৰোঁ৷ আৰু ইয়াত আপোনালোকে কাৰ্ড নলয়৷ এটা কাম কৰকচোন৷ টকা পাঁচশ দিয়কচোন৷ ইয়াত পেমেণ্টটো কৰি উঠি আপোনাৰ লগত সাউতকৈ এ.টি.এমলৈ গৈ ফিফটি এটা উলিয়াই ল’ম৷”
“লং-লুক মানে কি বিজয়?”
“দূৰদৰ্শীতা৷” একেই গহীন কণ্ঠেৰে বিজয়ৰ উত্তৰ৷
“এইবোৰ বাজে প্ৰশ্ন সুধি সময় নষ্ট নকৰিব, পাঁচশটো দিয়ক৷ তাৰ পিছত ফটাফট মোক এ.টি.এমলৈ লৈ ব’লক৷”
বিজয়ৰ কথা শুনি মোৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা৷ মোৰ স্পষ্টকৈ মনত আছে যে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে মোৰ পকেটত ৫৭০ টকা আছিল৷ তাৰ পিছত টেবুলত এটা পাঁচ টকীয়া কইন পাই সেইটোও পকেটত লৈ আহিলোঁ৷ মানে মোৰ পকেটত মুঠ ৫৭৫ টকা আছিল৷ এতিয়া ইয়াত আহি ৰেজিষ্ট্ৰেচনৰ টকাটো দিয়াৰ পিছত মোৰ পকেটত ৭৫ টকাহে আছে৷ বুট পলিছ কৰোঁতেই ১০০০ টকা দলি মাৰি দিয়া বিজয় মহন্তক এতিয়া মই কেনেকৈ কওঁ যে মোৰ পকেটত ৫০০ টকা এটাও নাই!
কিন্তু বিপদৰ সময়ত ধৈৰ্য্য নেহেৰুৱাই মই বিজয়ক ক’লোঁ, “ইচ ৰাম! মোৰ হাতত চাৰিখন দুই হাজাৰ টকীয়া নোটহে আছে৷ তুমি এক মিনিট ইয়াতেই ৰোৱা, মই তৎক্ষণাৎ এখন নোট খুচুৰা কৰি আনো৷”
এইবুলি কৈয়েই বিজয়ৰ উত্তৰলৈ ৰৈ নাথাকি মই বাহিৰলৈ দৌৰ দিলোঁ৷ বাহিৰত আহি খৰখেদাকৈ হেমন্ত কাকতিদাৰ ওচৰলৈ গৈ ক’লোঁ, “দাদা, মোক পাঁচ মিনিটমানৰ বাবে পাঁচশ টকা এখন দিয়কচোন৷ অলপ পিছতে এ.টি.এমলৈ গৈ আপোনাক উলিয়াই দি আছোঁ৷”
কোনো প্ৰশ্ন নকৰি দাদাই লগে লগেই নিজৰ ৱালেটটো খুলিলে৷
“অলকেশ, মোৰ লগত পাঁচশ খুচুৰা নাই অ’৷ তিনিশ টকামানহে আছে৷ আৰু বাকীবোৰ সকলো ২০০০ টকীয়া নোট৷ এটা কাম কৰা, এই দুইহাজাৰখনেই লৈ যোৱা৷”
দাদাৰ পৰা ২০০০ খন লৈ এইবাৰ মই বিজয়ৰ ওচৰলৈ দৌৰিলোঁ৷ ভগৱানৰ কৃপাত এইবাৰলৈ বিজয়ৰ আগত মোৰ সন্মানটো বাচিল৷
বিজয় আগৰ ঠাইতেই ৰৈ আছিল৷ ওচৰলৈ গৈ পকেটৰ পৰা দুই হাজাৰখন উলিয়াই ক’লো, “বিজয়, বাহিৰত কোনো খুচুৰা নাপালোঁ৷ মোৰ লগত থকা দুই হাজাৰখনকে লোৱা এতিয়া৷ কংকনা বাৰ ওচৰত খুচুৰা পাবাই৷”
মুখত কিছু বিৰক্তি প্ৰকাশ কৰি বিজয়ে ক’লে, “এই খুচুৰা-টুচুৰাৰ প্ৰব্লেমবোৰৰ বাবেই মই কেছ প্ৰিফাৰ নকৰোঁ৷ বাৰু দিয়ক৷”
মোৰ পৰা টকাটো লৈ বিজয় ৰেজিষ্ট্ৰেচন ডেস্কলৈ গ’ল আৰু দুই হাজাৰখন আগবঢ়াই দিলে৷ দূৰৰ পৰাই মই দেখিলোঁ যে ইৰাণী বাই বিজয়ক পাঁচশ টকীয়া তিনিখন ঘূৰাই দিছে আৰু বিজয়ে সেই নোট কেইখন আলফুলে ভাঁজ কৰি পেণ্টৰ বাওঁ পকেটত সুমুৱাই লৈছে৷
তাৰ পিছত বিজয় মোৰ ওচৰলৈ আহি ক’লে, “অলকেশদা বলক৷ এ.টি.এমৰ পৰা ফিফটি এটা উলিয়াই আনো৷”
“ব’লা৷”
গেটলৈ দুয়ো খোজকাঢ়ি গৈ থাকোঁতে বিজয়ে বাটতে মাত লগালে, “অলকেশদা, ইয়াত Nike ৰ শ্বোৰূম ক’ত আছে? মোক পাঁচ মিনিটৰ বাবে হ’লেও টকা এটা দি হেল্প কৰিলে যেতিয়া আপোনাৰ কাৰণে ভাল টি-চাৰ্ট এটাও কিনিম মই চিক্সটিন-চেভেনণ্টিন থাউজেণ্ডমানৰ৷ মই আজিলৈ কাৰোবাৰ পৰা সহায় লোৱাৰ পিছত বিনিময়ত একো নিদিয়াকৈ কেতিয়াও থকা নাই ৷
“হেই, কি কোৱাহে বিজয়৷ নালাগে অ’ একো৷ এইটোও কিবা সহায় হ’ব পাৰে নেকি? আৰু মই আজিলৈ তিনিশ টকাতকৈ দামী টি-চাৰ্ট পিন্ধিয়েই পোৱা নাই৷ তেনে টি-চাৰ্ট চোহমতহে পায় কিজানি৷ ইয়াৰ পৰা বহু দূৰ৷ বাদ দিয়া সেইবোৰ৷ এতিয়া সোনকালে এ.টি.এম গৈ আহোঁ৷ ইয়াত বহুত কাম বাকী আছে৷”
“নাই নহ’ব৷ বিজয় মহন্তই নিজৰ উচুলৰ লগত কম্প্ৰোমাইজ নকৰে৷ নেভাৰ৷ তেনে টি-চাৰ্ট এটা আজি মই কিনিমেই৷ মই ওৱান স্পীকৰ মানুহ৷”
মই একো নক’লোঁ৷ এনেদৰে মনে মনে কিছুদূৰ আগবাঢ়ি গৈ থকাৰ পিছত হঠাতে থমকি ৰৈ বিজয়ে মাত দিলে “এটা কথা হ’ল নহয়৷ আমি এতিয়া গ’লে শ্বপিং-তপিং কৰি ঘূৰি আহোঁতে আমাৰ দুঘণ্টা লাগিব৷ তেতিয়ালৈ ভাত খোৱাৰ সময়ো পাৰ হৈ যাব৷ ইফালে মই এতিয়ালৈ কাকো মাতো দিব পৰা নাই৷ এটা কাম কৰিলে কেনে হয়? আমি ভাতটো খাই লৈ একেবাৰে ফ্ৰি হৈ ওলাই যাওঁ৷ তেতিয়ালৈ মানুহবোৰক মাত দিয়াও হৈ যাব৷”
“অ, সেইটোৱেই ভাল হ’ব যেন পাওঁ৷ এতিয়া কেবল এ.টি.এমলৈ গৈয়েই ঘূৰি আহোঁ৷”
“ধেই নালাগে৷ দুবাৰ কিয় আপ-ডাউন কৰিব লাগে? শ্বপিঙলৈ যাওঁতেই বাটত টকাটো উলিয়াই ল’ম পিছত৷ এতিয়া অডিট’ৰিয়ামলৈ ব’লক৷ মানুহবোৰক মাত দিওঁ৷”
“ঠিক আছে বলা” বুলি কৈ এইবাৰ দুয়ো আকৌ ঘূৰি আহিলোঁ৷”
অডিট’ৰিয়ামত আহি গেটতেই হেমন্তদাক পালোঁ৷ তেওঁক চকুৰ ইংগিতেৰে বুজাই দিলোঁ যে টকাটো মই দুঘণ্টাৰ পিছতহে দিম৷ তেৱোঁ চকুৰে “নৌ প্ৰব্লেম” টাইপ ইংগিত এটা দিলে৷
অডিট’ৰিয়ামত বিজয় সকলোৰে লগত চেলফি উঠা কামত ব্যস্ত হৈ গ’ল৷
দুপৰীয়া ভাত-চাত খাই উঠি বিজয়ক বহুত বিচাৰ খোচাৰ কৰি পালোঁ৷
“বিজয়, এ.টি.এমৰ ফালে গৈ আহোঁ আহা৷ এতিয়া মোৰ বিশেষ কাম নাই৷
“অলকেশদা আৰু আধাঘণ্টা পিছতেই গৈ আছোঁ৷ ভাতটো খাই উঠি ভাগৰেই লাগিছে অ’৷”
এঘণ্টা পিছত বিজয়ক আকৌ এবাৰ লগ পোৱাত ক’লে, “ইমান দিনৰ পিছত আপোন মানুহবোৰক লগ পাই তামাম ভাল লাগিছে অলকেশদা৷ পাঁচ মিনিটৰ কাৰণেও এৰি যাবলৈ মনেই যোৱা নাই৷ এটা কাম কৰোঁ দিয়ক, আজি মীট শেষ হোৱাৰ পিছত একেলগে দুয়ো ওলাই যাম৷ তাৰ পিছত শ্বপিং কৰি উঠি ৰাতি দুয়ো পাৰ্টি কৰিম৷ মই আজি এনেও যোৰহাটলৈ ঘূৰি নাযাওঁ৷ টায়াৰড্ ফিল হৈছে৷ সেয়ে মই তাজ ভিভাণ্টাৰ চ্যুট এটা বুক কৰিছোঁ৷ আজি তাতে থাকি কালি দুপৰীয়া ১২:৩০ ত ফ্লাইট ধৰিম যোৰহাটলৈ৷”
“ৱাঃ! সঁচাকৈয়ে তুমি আজি গুৱাহাটীত থাকিবা? বিৰাট ভাল লাগিল শুনি৷ একেলগে মস্তি কৰিম তেন্তে আজি৷”
“কিন্তু এই কথাটো আপুনি কাকো নক’ব দেই৷ কেবল আপোনাকহে কৈছোঁ৷ আপোনাক কিবা এক আপোন যেন লাগে৷ সেয়ে কেবল আমি দুটাই মনে মনে পাৰ্টি কৰিম৷ মইতো ড্ৰিংকছ নকৰোঁ৷ আপুনি যি খায়, যিমান খায় খাই ল’ব৷ ফাইভ ষ্টাৰ হোটেলত এনেকৈ খোৱাৰ এক্সপেৰিয়েন্স এটাও হ’ব আপোনাৰ৷”
“কাকো নকওঁ বিজয়৷ কচম !”
ফাইভ ষ্টাৰ হোটেলত চিংগল মল্ট হুইস্কি খোৱাৰ কথা শুনিয়েই মোৰ জিভাৰ পানী পৰিবলৈ ধৰিলে৷ কেনে বা লাগে তেনে দামী হোটেলত গান শুনি শুনি সুৰাপান কৰি! আৰু মাত্ৰ তিনি ঘণ্টামান পিছতেই নিজেই গম পাম৷ সন্ধিয়া সাত বজালৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি নিজৰ কামবোৰ কৰি যাবলৈ ধৰিলোঁ৷
আবেলি চাহ খাই উঠি চিগাৰেট এটা টানিবলৈ অলপ দূৰলৈ গৈ থকাত দেখিলোঁ যে সঞ্জীৱো খৰখেদাকৈ মোৰ পিনে আহি আছে৷
“অলকেশদা, চিগাৰেট আছেনে?”
“আছে,আহা৷”
দুয়ো দুটা চিগাৰেটত টান দিয়াৰ পিছতেই সঞ্জীৱে আৰম্ভ কৰিলে৷
“অলকেশদা, কথা এটা কওঁ, কাকো নক’ব কিন্তু৷ একদম টপ চিক্ৰেট৷”
“নকওঁ সঞ্জীৱ৷ কি কথা?”
“আজি বিজয় ৰাতি মোৰ ঘৰত থাকিব৷ সি আমাক দুয়োজনকে এটা চিভাজ ৰিগেল খুৱাব হেনো৷ বস্তুটো কিনিবলৈ মানুহ অলৰেডি গৈছেই৷”
সঞ্জীৱৰ কথা শুনি মনে মনে হাঁহিলোঁ৷ বেচেৰাই গমেই নাপায় যে বিজয় আজি তাজত থাকিব আৰু তাত কেবল মোকহে পাৰ্টি দিব৷ সঞ্জীৱক হয়তো বস্তুটো হাতত তুলি দিয়াৰ পিছতেই বিজয়ে ক’ব “সঞ্জীৱ, মোৰ হঠাতে বিৰাট দৰকাৰী কাম এটা ওলাল৷ সেয়ে মই এতিয়াই যোৰহাটলৈ যাব লাগিব৷ এইটো লোৱা৷ আজি তোমালেকেই খাই ল’বা৷ মই পিছে পৰে এদিন তোমালোকক কম্পেনী দিম৷ ”
আৰু সঞ্জীৱক এনেকৈ বস্তুটো দিয়েই বিজয় মনে মনে মোৰ লগত ভিভাণ্টালৈ যাব৷
“বস্তুটো কিনিবলৈ কোন গৈছে?”
“ৰান্ধনীঘৰৰ হেল্পাৰটোক পঠাব বোলে৷ পিচে তাৰ হাতত ইমান বেছি বেংক বেলেঞ্চ থকা কাৰ্ডখন দিবলৈ ভয় খালে৷ সেয়ে মোৰ পৰা পাঁচ হাজাৰ টকা লৈ গৈছে তাক দিবলৈ৷ আবেলি নিজে এ.টি.এমলৈ গৈ মোক উলিয়াই দিব৷
“হয় নেকি? ভাল কথা৷ ব’লা ফাংচনলৈ যাওঁ৷”
“ব’লক৷”
মিটিং শেষ হ’বলৈ ওলাইছে মোটামোটি৷ ষ্টেজত তেতিয়া সকলোৰে উদ্দাম নৃত্য৷ মই পিচে তাত মন বহুৱাব পৰা নাই৷ সোনকালেই মিটিংখন শেষ হ’লেই ৰক্ষা পৰোঁ৷ তথাপি মনক বান্ধি লৈ কিবাকে ষ্টেজত থিয় হৈ আছোঁ৷ ষ্টেজত বিজয় নাই৷ হয়তো বাহিৰত আছে৷
এনেতে কাকতিদাই মোক অলপ অকলশৰীয়াকৈ মাতি লৈ গৈ ক’লে, “অলকেশ টকাটো দিব পাৰিবানে এতিয়া? মই পেমেণ্টবোৰ কৰিব লাগে৷ এনেই দুই হাজাৰৰ কাৰণে প্ৰব্লেম নহ’লহেঁতেন৷ পিচে অলপ আগতে বিজয়ে মোৰ পৰা টকা দহ হাজাৰ ধাৰলৈ নিলে৷ এ.টি.এমখন ব্লক হ’ল বোলে বেচেৰাৰ৷ কালি যোৰহাট গৈ পাই মোক দি দিব৷ তুমি কথাটো কাকো নক’বা৷ সি ৰিকুৱেষ্ট কৰিছে নক’বলৈ৷ সকলোৱে জানিলে সি লাজ পাব৷”
“নকওঁ দাদা৷ কিয় কম?”
( বিজয়ৰ এ.টি.এম ব্লক হ’ল? সি দেখোন এতিয়ালৈ এ.টি.এমলৈ যোৱাই নাই! গাটো অলপমান চেবালে৷ তথাপি বৰ বিশেষ একো নাভাৱিলোঁ৷)
“আচ্চা, তুমি এটা কাম কৰাচোন৷ আমাৰ মাছ মাংস বহুত ৰৈ গৈছে৷ সেইবোৰ তুমি গৰম কৰিবলৈ ৰান্ধনিটোক কোৱা৷ আমি ৰাতিৰ ভাতটো ইয়াতেই খাই যাব পাৰিম৷
“ঠিক আছে দাদা৷ এতিয়াই কৈছোঁ৷ পইছাটোও অলপ পিছত দি আছোঁ আপোনাক৷”
ৰান্ধনি ঘৰলৈ গৈ থাকোঁতে মনে মনে মিচিকিয়াই হাঁহিলোঁ৷ এই দিনত ৰৈ যোৱা বাহী ভাত, মাংস আদিবোৰ কিবা খোৱা বস্তু হ’ব পাৰে নেকি? ধুৰ! নাখাওঁ এইবোৰ৷ আমি ফাইভ ষ্টাৰ হোটেলত খোৱা মানুহ৷ বিজয় মহন্তৰ দাদাক হয় মই৷ তিতাবৰৰ প্ৰখ্যাত ব্যৱসায়ী বিজয় মহন্ত৷ বাটত খোজকাঢ়ি যাওঁতে বিজয়ক কৰবাত দেখা পাওঁ নেকি চালোঁ৷ নাই৷ হয়তো বিজয়ে এতিয়া মঞ্চত নাচি আছে৷ ধনী মানুহবোৰৰ মুডবোৰ ধৰিব নোৱাৰি৷
ৰান্ধনীঘৰ পাই দেখোঁ তাত গৌৰিশংকৰদা বহিয়েই আছে৷
“দাদা, খানা কিমান ৰৈ গ’ল চাওঁ আহক৷”
“বহুত ৰৈ গৈছে হে৷ চাওঁ ব’লা৷”
“ঐ, মাটন কিমান ৰৈছে?”
ৰান্ধনিঘৰৰ ল’ৰাটোৱে মাটনৰ বাচনটোৰ ঢাকনিখন দাঙি দিলে৷ প্ৰায় চাৰি কিলোমান আছে৷
“মাছ?”
“দুই কিলোমান আছে৷”
“চিকেন?”
“চিকেন নাই দাদা৷ প্ৰায় শেষ৷”
“আৰু হাঁহ?”
“হাঁহ দেখোন আপোনাৰ ওচৰতেই আছে৷”
“মানে? কি মোৰ ওচৰতেই আছে? দাদা, চিদানন্দ দাই মোক নিজে কৈছে যে হাঁহ প্ৰায় দুটা ৰৈ গৈছে৷”
“হয় নেকি? ঐ কি কৰিলি হাঁহকেইটা?”
ৰান্ধনি ল’ৰাটোৱে মোলৈ আঙুলিয়াই গৌৰিশংকৰদাক ক’লে, “ছাৰ, এঘণ্টামান আগতে আপোনালোকৰ এজন দাদা আহি এইজন দাদাই হাঁহখিনি খোজা বুলি কৈছিল৷ মই দুটা টিফিনত পেকিং কৰি গোটেইখিনি হাঁহ দি দিছোঁ৷
“কি? কাণ তলীয়া চৰ দিম, চিনি পোৱা নাই? দাদা, ই মিছা কথা কৈছে৷ মই আকৌ হাঁহ কিয় টিফিনত ভৰাম? ইয়াক চাল্লা ইয়াতেই পিঠি বহল কৰি দিওঁ মই৷”
“হেই, ৰ’বা ৰ’বা৷ খং নকৰিবা৷ ঐ, তোক কোনে কৈছিল যে এই দাদাই হাঁহখিনি টিফিনত ভৰাবলৈ কৈছিল?”
“দাদা, শকত আবত ল’ৰা এজন আহিছিল৷ মই বাৰু কেনেকৈ চিনি পাম?”
“তোক চাল্লা মই ইয়াতেই ফালিম৷ নিজে হাঁহ চুৰ কৰি বেলেগক বদনাম দিবলৈ আহ?”
“অলকেশ ৰ’বা ৰ’বা৷ মোক ভাবিবলৈ দিয়া৷”
কিছুসময় ভৱাৰ পিছত জিএছটিদাই নিজৰ মোবাইলটো অন কৰি ল’ৰাটোৰ আগত ডাঙি ধৰিলে৷
“এইজন ল’ৰা নেকি?”
(দাদাই জানে যে বিজয় মহন্ত হাঁহ বুলি শুনিলেই বলিয়া হৈ যায়৷)
“অ, ছাৰ হয় হয়৷ এইজনেই নিছে৷”
“হাঃ হাঃ হাঃ! অলকেশ বাদ দিয়া৷ এইটো আমাৰ বিজয়ৰ কাম৷ বেচেৰাই হাঁহ বৰ ভাল পায়৷ খাবলৈ দিয়া ঘৰ গৈ পাই৷ ভাল ল’ৰা সি৷ একো নাই৷”
“হেইৎ, দাদা বিজয়ে কিয় নিব? সি আজি ঘৰ নাযায়েই৷”
“সি ঘৰ গ’লেই অলকেশ৷”
“কি কথা কয়হে দাদা? সি আজি গুৱাহাটীত থাকিম বুলি হোটেলো বুক কৰিছে৷ বিজয়ৰ কথা আপুনি মোতকৈ বেছি গম পায় নেকি? নিজৰ দাদাকৰ দৰে সন্মান কৰে মোক৷”
“অলকেশ, তাৰ বেচেৰাৰ আজি ৱালেটটো হেৰাল৷ সেইকাৰণে মোৰ পৰা টকা চাৰি হাজাৰ ধাৰ লৈ যোৰহাটলৈ গৈছে৷ মোক কালি ঘূৰাই দিব৷ মই নিজে তাক গাড়ীত উঠাই দি বাই বাই কৰি আহিছোঁ৷ তুমি কিন্তু সি মোৰ পৰা ধাৰ লোৱা কথাটো কাকো নকবা৷”
“কি?” তাৰ পিছত গৌৰিশংকৰদাৰ কোনো কথাই মই নুশুনিলোঁ৷ মূৰটো আচন্দ্ৰাই কৰি উঠিল৷ একো নোকোৱাকৈ বহু কষ্টেৰে ভৰিখন চোঁচোৰাই চোঁচোৰাই ৰান্ধনিঘৰৰ বাহিৰলৈ ওলাই আহি গছ এডালৰ তললৈ গৈ ধমকৈ বহি পৰিলোঁ৷ দুয়োহাতেৰে মূৰটোত হেঁচি ধৰি বিজয়ৰ ফটাঢোল মীটৰ বাজেটখন আওৰাবলৈ ধৰিলোঁ –
মোৰ পৰা ২০০০
হেমন্তদাৰ পৰা ১০০০০
সঞ্জীৱৰ পৰা ৫০০০
গৌৰিশংকৰদাৰ পৰা ৪০০০
সৰ্বমুঠ ২১ হাজাৰ টকা মাৰি বিজয় মহন্ত পলাই পত্ৰং৷ লগতে দুই টিফিন হাঁহৰ মাংস৷ মীটত খোৱা সাত আঠ পেকেট ব্ৰেকফাষ্ট আৰু চাৰি কাঁহী ভাতৰ কথা নক’লোঁৱেই বাৰু৷
তাজ ভিভাণ্টাৰ সপোন চূড়মাৰ হৈ যোৱাৰ লগে লগেই মই বাস্তৱৰ পৃথিবীলৈ ঘূৰি আহিলোঁ৷ এতিয়া মই হেমন্তদাক দুই হাজাৰ ক’ৰ পৰা দিম? পকেটত আছে ৭৫ টকা মাত্ৰ৷ কথাটো মনত পৰাৰ লগে লগেই কাকো মাত নিদিয়াকৈ সুৰসুৰাই ওলাই আহি ঘৰলৈ পলালোঁ৷ হেমন্তদাই সেইদিনাৰ পৰা এতিয়ালৈ মোক বিশ বাৰমান ফোন কৰিলে৷ কিন্তু মই তেওঁৰ ফোনটোও উঠাব পৰা নাই৷
বৰ্তমান মই আৰু বিজয় মহন্ত দুয়ো পলাতক৷ কিন্তু বিজয় ২১ হাজাৰ টকা আৰু দুই টিফিন হাঁহ মাৰি পলাতক আৰু মই দুই হাজাৰ টকা লোকচান খাই পলাতক৷ এজন সফল উদ্যোগপতি আৰু এজন বিফল ব্যৱসায়ীৰ মাজৰ পাৰ্থক্যও হয়তো সেইটোৱেই!
এই মুহূৰ্তত মোৰ এনে লাগিছে যেন মই বেংকৰ ঋণ ঘূৰাব নোৱাৰি আত্মহত্যা কৰা কৃষকবোৰৰ প্ৰতিনিধিহে৷ কেইটামান টকা ধাৰলৈ লৈ এতিয়া ঘূৰাই দিব নোৱাৰি বিপাঙত পৰিছোঁ৷
আৰু বিজয়? বিজয় সঁচাকৈয়েই বিজয়৷ বিজয় মহন্ত, বিজয় মাল্য, নীৰৱ মোডী, সঞ্জয় ভাণ্ডাৰি আৰু আন বহুতো….
হেমন্তদা, সঞ্জীৱ, গৌৰিশংকৰদা আদিবোৰ বেংকৰ মেনেজাৰ ৷ তাৰ মাজতো সঞ্জীৱ এনে এজন মেনেজাৰ যি বিনিময়ত কিবা এটা পোৱাৰ আশাতহে বিজয়ক সহায় কৰিছিল৷ বাকী দুজন মেনেজাৰেও বিজয়ক কোনো সন্দেহ নকৰাকৈয়েই লোন দি দিছে৷
মোক দুই হাজাৰ টকা বিচাৰি দিনটোত দহবাৰ ফোন কৰা হেমন্তদাক মই এতিয়া কেনেকৈ বুজাওঁ যে মই যিদিনাই পাৰোঁ সেইদিনাই ল’গে ল’গে তেওঁৰ দুই হাজাৰটো ঘূৰাই দিম? মই ক’লেও তেওঁ এই কথা বিশ্বাস কৰিব জানো? কাৰণ মইতো পাঁচশ টকা ধাৰ বিচাৰি যোৱা ডালদৰিদ্ৰ৷ কিন্তু সেই একেই হেমন্তদাই এই কথা এক মূহুৰ্তৰ বাবে কল্পনাও কৰিব নোৱাৰে যে বিজয়ে কিন্তু তেওঁক কোনোকালেই টকা ঘূৰাই নিদিয়ে৷ কিয়? কাৰণ বিজয় কোনো সাধাৰণ ব্যক্তি নহয়৷ তেওঁ তিতাবৰ চাৰিআলিৰ বীৰেণ পাণদোকানিৰ জীয়েকৰ তোলনি বিয়াত সাত লাখ টকা খৰচ কৰা, প্ৰমোদ মুচীৰ ওচৰত বুট পলিছ কৰোৱাই এক হাজাৰ টকা দলিয়াই দিয়া প্ৰখ্যাত উদ্যোগপতি বিজয় মহন্ত৷
জয় বিজয়ৰ জয়! জয় উদ্যোগপতিৰ জয় !!
*****
10:44 am
বঢ়িয়া ।
1:51 pm
অশেষ ধন্যবাদ ৷
1:32 pm
তামাম , অলকেচ, লাষ্টৰ কমপাৰিচনটো বঢ়িয়া দিলা৷ বহু বিজয় মহন্তই বুকু ফিন্দাই ঘুৰি ফুৰিছে এতিয়া ৷
2:30 pm
ধন্যবাদ দাদা ৷
1:41 pm
বহুত ভাল লাগিলে।
2:29 pm
অশেষ ধন্যবাদ ৷?
1:46 pm
খাৰুৱা তেলৰ দাম কমিলে এইটো বিজিনেচ ময়ো আৰম্ভ কৰিম বুলি ভাবিছো।
সাংঘাতিক
2:31 pm
বৰ্তমান এইটোৱেই আটাইতকৈ ভাল ব্যৱসায় ৷
2:06 pm
চৰিত্ৰ নিৰ্মান, সংলাপ পৰিবেশ উপস্থাপন সাংঘাটিক ৷
4:07 pm
ধন্যবাদ ?
6:11 pm
বহুত ভাল লাগিল।
2:35 pm
সাংঘা দাদা
4:08 pm
ধন্যবাদ ?
2:43 pm
ভাল লাগিল….
5:52 pm
ধন্যবাদ ?
2:46 pm
সুন্দৰ অলকেশ দা। বঢ়িয়া লাগিল। বিজয় মহন্তৰ দৰে মানুহবোৰৰ পৰা সাৱধান।
4:09 pm
ধন্যবাদ ?
2:54 pm
এনেকুৱা বিজয়ৰ contact nও বহুত থাকে ।
ভাল লাগিল ।
4:10 pm
একদম সত্য কথা ৷ ধন্যবাদ?
2:57 pm
যথেষ্ট ভাল লাগিলে ৷ আপোনাৰ অভিজ্ঞতাখিনি সুন্দৰকৈ লিখি আমাক পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ জনালোা ৷ লগতে পুনৰ এনে লিখনি পোৱাৰ অপেক্ষাত –
4:11 pm
ধন্যবাদ ?
3:01 pm
ভাল লাগিল।
4:11 pm
ধন্যবাদ ?
3:07 pm
???
5:53 pm
???
3:07 pm
জয় বিজয়ৰ জয়— বিজয়ে জয়ঢোলটো কোবাই কোবাই ফালি দিলে এইদৰে ধপ মাৰি মাৰি,,,,
এইবাৰ চাৰি-পাঁচজন ধৰাসায়ী হ’ল। হাঃ হাঃ বঢ়িয়া লাগিল।
5:17 pm
ধন্যবাদ বাইদেউ ?
3:16 pm
ভাল লাগিল
5:53 pm
ধন্যবাদ ?
3:18 pm
Hats off to bijay mahanta for the big hat
5:54 pm
???
3:19 pm
Bohut moza…..tulanatmak bohut dhunia dile
3:29 pm
বৌম।?
5:54 pm
??
4:01 pm
গোগ্ৰাসে গিলিলো। দুবাৰ । বুজিলে নহয়। বেলেগ নকও। অতি সুন্দৰকৈ সকলোখিনি সাঙুৰি দিলে।
5:55 pm
অশেষ ধন্যবাদ?
4:05 pm
আগতে পঢ়িছিলোঁ যদিও মদিফাইদ ভাৰ্চনটো তামাম হৈছে৷
5:55 pm
ধন্যবাদ?
4:14 pm
সাংঘাতিক
4:32 pm
হাহি হাহি অবস্থা নাই। বাস্তৱত এনে বহুত মানুহ আছে। Bijoy is bijoy. Great Manager.
5:56 pm
???
4:33 pm
হাহি হাহি অবস্থা নাই। বাস্তৱত এনে বহুত মানুহ আছে। Bijoy is bijoy. Great Manager.
5:56 pm
বাস্তৱত এনে বহুত বিজয়ক লগ পোৱা যায় ?
4:38 pm
Bhal lagil, bikhekh koi Khekhor khini..
5:57 pm
ধন্যবাদ?
4:39 pm
Bhal lagil, bikhekh koi Khekhor khini..
4:44 pm
Brhya
5:58 pm
ধন্যবাদ?
4:45 pm
Bechara Bijay.. Tar lotighoti dekhihe bea lagil.. Khub xundar likhisa Alakesh..
5:58 pm
ধন্যবাদ?
5:33 pm
মি. ফটা ধুৰন্ধৰ বিজয় মহন্ত ?
5:58 pm
???
5:42 pm
Superb
7:34 pm
ধন্যবাদ?
8:07 pm
দাদা আকৌ পঢ়িলোঁ,শেষৰ উদাহৰণ খিনি জাগাত দিছে। বহুত ভাল লাগিল।
10:05 pm
ধন্যবাদ?
3:47 am
সাংঘাটিক লিখিছে ..মানিছো দেই…
11:48 am
ধন্যবাদ?
5:44 am
বৰ ধুনীয়া লাগিল
11:50 am
ধন্যবাদ ?
9:19 am
Agote pohisilu… Tothapiu modified version Tu… Pastor comparison Tu Vaal lagil… Hundor
11:49 am
ধন্যবাদ ?
10:18 am
বঢ়িয়া ৷
11:49 am
ধন্যবাদ ?
11:54 am
তামাম লিখিলে দাদা
1:39 pm
ধন্যবাদ?
4:03 pm
আগতে পঢ়িছিলোঁ । পাছৰ সংযোজন খিনি খুব ভাল লাগিল ।
1:26 am
ধন্যবাদ ?
9:46 pm
প্ৰখ্যাত উদ্যোগপতি বিজয় মহন্ত । বাপৰে, বঢ়িয়া লিখিলে ।
1:26 am
ধন্যবাদ ?
7:04 am
বাস্তবিক, বৰ ভাল হৈছে ৷ অবিকল
3:11 pm
ধন্যবাদ ?
1:18 pm
চুপাৰ্ব দাদা।হেট্চ অফ ইউ।
3:10 pm
ধন্যবাদ ?
9:27 pm
Bahut dhunia……jorhat r mane …..moi u…….Bijoy ….r nisina . ….bahut val lagil dada…..
4:01 pm
ধন্যবাদ ?
9:27 pm
Bahut dhunia……jorhat r mane …..moi u…….Bijoy ….r nisina . ….bahut val lagil dada…..
4:02 pm
ধন্যবাদ ?
1:46 am
মজ্জা
4:02 pm
ধন্যবাদ ?
12:43 am
মজা লাগিল । ??????
6:35 pm
ধন্যবাদ ?
12:46 pm
কাহিনীতো চিটী বাছত পঢ়ি থাকোতে হাঁহি ৰখাব নোৱাৰিলোঁ। সকলোৱে ঘূৰি ঘূৰি চাইছে কি ভাবিছে ভাবক আৰু।?
2:16 pm
ধন্যবাদ ?
3:58 am
তিতাবৰ তিনিআলি হব লাগিছিল।বাকী কি কম আল্টীমেট।
1:41 am
পিছৰ খিনিৰ সোৱাদ আজিহে পালোঁ ৷
জাক্কাচ্