ফটাঢোল

শহুৰ দেউতা, ছিয়েৰ্চ! – দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱা মাহত শাহু-শহুৰ আহিছে কেইদিনমান থকাকৈ। শহুৰ দেউতাই সদায় সন্ধিয়া দুই পেগকৈ খায়। সন্ধিয়া হঠাতে তেওঁ দুই-তিনিমিনিটৰ কাৰণে নোহোৱা হয়। সেই নোহোৱা হোৱা সময়খিনি একেবাৰে ‘ছৰ্ট ক’মাৰ্চিয়েল ব্ৰেক’ টাইপৰ বাবে কাৰো চকুত নপৰেই! গমকে নাপায় কোনেও। তাৰ পাছত আহি তেওঁ যেতিয়া ভিন্নস্বাদৰ কথা আৰম্ভ কৰে, জিভাখনে পাক ল’বলৈ ধৰে আৰু গাল-মুখে ৰঙচুৱা বৰণ ল’বলৈ চেষ্টা কৰে, তেতিয়াই মই গম পাই যাও যে তেওঁ কামফেৰা কৰি আহিলে! বটল-গ্লাছ আদি ক’ত ৰাখে সেয়া কোনেও গম নাপায়৷ তেওঁক দেখিলে মোৰো অলপ মন যায়।

Read more

ভালপোৱাৰ এখন নিলিখা পৃষ্ঠা – অঞ্জলি গগৈ বৰগোহাঞি

‘কথাবোৰ মানে সেই ম’বাইল বা লেণ্ডলাইন নথকা দিনৰে বুজিছা! এস্ লেণ্ডলাইন আছিল, পাহৰিহে কিবাখন কৈছোঁ৷ আচলতে পেৰেম-পিৰীতিৰ কথা ক’বলৈ পালে মনটো সেই এতিয়াও ষোল্ল/সোতৰ বছৰীয়া হৈ যায় বুজিছা৷’ ‘এ আইতা আচল কথাবোৰ কোৱাচোন। কিনো সেই কিবা ষোল্ল/সোতৰ বছৰ গাই আছা!’ ‘হেঃহেঃ। ষোল্ল/সোতৰ মানে কি সেয়া বুজি যে পোৱা নাই, তাকেনো নোকোৱা কিয়!’ ‘কি বুলি ভাবিছা মোক! ইংৰাজী মাধ্যমত পঢ়িলোঁ বুলিয়েই নিজৰ মাতৃভাষাটোৰ জ্ঞান নাই নেকি মোৰ! নিজৰ মাতৃভাষাটোও সমানে আয়ত্ত কৰিছোঁ বুজিছা৷ ষোল্ল/সোতৰ মানে ছিক্সটিন/চেভেনটিন! হাঁহা এতিয়া নকলী দাঁত চেলায়৷’

Read more

জ্যোতিৰূপম দত্তলৈ আষাৰচেৰেক – মাধুৰ্য্য গোস্বামী

ডাঙৰীয়া, যোৱামাহত আলোচনীত প্ৰকাশিত আপোনাৰ লেখাত আমাৰ যি ভণ্ড আৰু নাঙঠ স্বৰূপ দেখুৱালে, তাৰপিছত এজন “সৎ বুদ্ধিজীৱী আৰু লেখক” হিচাপে আপোনাৰ শলাগ লৈছোঁ। লগতে জনাই থওঁ যে, আপুনি আৰু আমি একেটা ঘাটৰে পানী খাওঁ, সেয়া আমাৰ দৰে লবীকেন্দ্ৰিক মানুহে ভালদৰে জানে। লবী বুলি কওঁতে আপুনি গোটেইখিনি কথা লিখিছেই, বিশেষকৈ স্তাৱক বাহিনীৰ কথা। কিন্তু আমাৰ আটাইবোৰ সাহিত্যিক, লেখক আৰু বুদ্ধিজীৱী মিলিও যে এটা লবী বা সহজ অৰ্থত “গেং” আছে সেইটো বোধহয় বহুত সাধাৰণ মানুহে নাজানে। মানে ধৰক আপুনি কিবা এটা নক’বলগীয়া

Read more

এটা মহৰ অপঘাতী মৃত্যুত – বাসৱদত্ত দাস

এটা মহে আপোনাৰ কাণৰ কাষত কুন্‌কুনাই আপোনাক আমনি কৰি আছে। মহটোৱে আপোনাৰ ইখন কাণৰপৰা সিখন কাণলৈ কুঁ-কুঁৱাই আপোনাক সুস্থিৰ হৈ থাকিবলৈ দিয়া নাই, আৰু এনেতে- ‘চেটেপ’! আপোনাৰ দুহাতৰ চাপৰিৰ মাজত চেপেটা লাগি আপোনাৰেই তেজ বঁতিয়াই মহটোৰ কৰুণ মৃত্যু ঘটিল। কাহিনী খতম? নাঃ এইখিনিতে কাহিনীটোৰ আৰম্ভণিহে। মহটোক হত্যা কৰি আপুনি হয়তো আশ্বস্ত হৈ বহি আছে – এতিয়া আৰু আমনি নাই। হয়তো নতুনকৈ মহৰ আগমন ৰুধিবলৈ অল-আউটটো অন কৰি লৈছে। কিন্তু আপুনি জানেনে, আপুনি এইমাত্ৰ এটা জীৱন নাশ কৰিলে; আপুনি দৰাচলতে এটা

Read more

ও.আৰ.এছ.যুক্ত ডালি – ৰক্তাভ কুমাৰ

চাকৰিত সোমোৱাৰ আগতে জীৱনত খুব কম সুবিধা পাইছিলোঁ পাকঘৰত সোমাই গেছৰ লগত প্ৰণয়ত লিপ্ত হোৱাৰ; যিমানখিনি আত্মীয়তা আছিল গোটেইখিনি ডাইনিং টেবুলখনৰ কম প্ৰস্থৰ ঠাইটুকুৰাত টিভিৰ মুখামুখিকৈ সজাই থোৱা সেই চকীখনৰ লগতেই আছিল। ৰাতিপুৱা উঠি চাহকাপ খোৱাৰ পৰা স্কুললৈ বুলি সাজু হৈ সেইখন চকীতেই বহি মাৰ হাতেৰে ভাত খোৱালৈকে, দুপৰীয়াৰ ভাত, গধূলিৰ চাহ,ৰাতিৰ ভাত আনকি বন্ধৰ দিনত টিভিৰ আগত বহিবলৈও সেই ঠাইটুকুৰা মোৰ কাৰণে অঘোষিতভাৱে সংৰক্ষণ কৰি থোৱা আছিল। মাজে মাজে কেতিয়াবা মাৰ দাবি-ধমকি পাই উপায়ন্তৰ হৈ চেনী চাহপাতৰ টেমাৰ লগত

Read more

অণুগল্প – পৰিস্মিতা বৰদলৈ

১)ব্ৰহ্মাস্ত্ৰ মানুহজনীয়ে কোনোদিনেই মানুহজন অফিচৰ পৰা আহি পোৱাৰ পাছত একাপ চাহ দি পোৱা নাই! সদায় কাম কৰা ছোৱালীজনীকে দিবলৈ দিয়ে৷ কেতিয়াবা চাহকাপ সেৰেকা হয় কেতিয়াবা মাত্ৰাধিকভাৱে কাঢ়া৷ সেয়েহে মানুহজনে আজিকালি নিজৰ চাহকাপ নিজেই বাকি লয়হি৷ একেবাৰে নিৰ্জু মানুহ তেওঁ, পিছে বুদ্ধিতো একেবাৰে পিছপৰা নহয়৷ এদিন গধুলি অফিচৰ পৰা আহিয়েই তেওঁ চাহ নবকাকৈয়ে টি ভি টো খুলি বহি ল’লে৷ আলেখ লেখ চাই থকা পত্নীয়ে তাকে দেখি সুধিলে, “কি হ’ল, আজি চাহ নোখোৱা?” উত্তৰত মানুহজনে ক’লে, “এহ্ নক’বা আৰু, আজি সহকৰ্মী বৰুৱাৰ

Read more

চি এম চাৰৰ হেলিকপ্টাৰ – ৰিমঝিম বৰঠাকুৰ

ৰ ৰ আজি মোৰ একেবাৰে সময় নাই। কি মোৰ হ’বলা সময় আছে। ইহ, কথা কয় চোৱা। তেওঁৱেইহে যেন অকল চাবলৈ যাব। আমিও যাম হেৰৌ। হ’ব হ’ব। কোন ক’ত যায় নাজানো, এতিয়া সদ্যহতে মোৰ ৰাস্তাৰ পৰা গুচ। কেৰকণক দম এটা দি ভোলা কাইটি চাইকেলখনৰ টিলিঙা বজাই বজাই গ’লগৈ। কেৰিয়াৰতে টুল এখনো বান্ধি লৈছে। আচলতে ভঙা ৰাস্তাটোৰ গাঁতবোৰত চাইকেলৰ চকাটো পৰি পিছফালৰ টুলখন ঠেকেচা খাই যিহে শব্দ হৈছে, টিলিঙাৰ প্ৰয়োজনেই নাই। পকা ৰাস্তা বুলিবলৈ মাটিৰ ওপৰত শিল দুটামান আৰু মস্ত মস্ত খায়ৈ

Read more

ঐশ্বৰিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: আপুনি ঈশ্বৰ বিশ্বাস কৰে, নহয় জানো? : হয় কৰোঁ, কিয় সুধিলে? : নহয় মানে, পাৰ হৈ অহা বাছ আস্থানটোত থকা ডাঙৰ আঁহত গছডাল দেখি আপুনি মূৰ দোঁৱাওঁতেই মোৰ সন্দেহ হৈছিল, এইমাত্ৰ মন্দিৰটো পাৰ হওঁতে আপুনি পুনৰবাৰ মূৰ দোঁৱালে গতিকে মই নিশ্চিত হ’লোঁ যে আপুনি এজন ঈশ্বৰ বিশ্বাসী লোক। : এইবোৰ কি বকিব ধৰিছেহে ডাঙৰীয়া, মই নিজেই ক’লোঁ যে মই এজন ঈশ্বৰ বিশ্বাসী লোক, তাৰপিছত আপুনি নিশ্চিত হোৱা নোহোৱাৰ প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। আপুনি এশ শতাংশ নিশ্চিত থাকক যে

Read more

ঘটিৰামৰ বৰতাল বাদন – খগেশ সেন ডেকা

ঘটিৰাম৷ আমাৰ অসম মুলুকৰ এখন ভিতৰুৱা গাঁৱত তাৰ ঘৰ৷ আজিৰ জগতৰ আওভাও বুজি নোপোৱা তেনেই সহজ-সৰল ল’ৰা৷ সৰুতেই বাপেক ঢুকাইছে৷ বাঁৰী দুখুনী মাকজনীয়ে বৰ কষ্টেৰে তাক ডাঙৰ-দীঘল কৰিছে৷ ঘৰুৱা জঞ্জালৰ বাবে প্ৰাইমেৰীৰ তিনিটা শ্ৰেণী পঢ়িয়ে সি শিক্ষা-জীৱন সামৰি খেতি-খোলাত ধৰিছে৷ হওঁতে বাপেকৰ দিনৰ ৰূপিত মাটি-বাৰী অলপ আছে৷ সেইখিনিকে চলাই মেলি মাক-পুতেকহাল কোনো ৰকমে চলি আছে৷ হালোৱা গৰু এহাল আৰু খীৰতী গাই এজনী আছে৷ মাকজনী কামিলা৷ বোৱা-কটাকে ধৰি সকলো বিদ্যাত পাকৈত৷ মুঠতে ঘটিৰামৰ বিশেষ আকালো নাই ভঁড়ালো নাই৷ ঘটিৰামৰ আচল নাম

Read more

সন্ধিয়াৰ দুঃচিন্তা – অভিজিত মেধি

ফুট-গধূলি হোৱাতহে বাৰাণ্ডাত চাহকাপ আৰু দুখন বিস্কুট লৈ আপোনমনে বহিবলৈ সাহস কৰিছোঁ। এনেয়ে আবেলিহে বাৰাণ্ডাত বহি চাহ-বিস্কুট খোৱা মোৰ পুৰণি অভ্যাস। কিন্তু এই বিহুৰ দিনকেইটাত পোহৰ থাকোতেই, বাটৰ মানুহৰ চকুত পৰাকৈ বাৰাণ্ডাত বহিব নোৱাৰি। গাঁৱৰ ডেকা-চেঙেলীয়াই চিকাৰী চকু লৈ ঘূৰি আছে। ঘৰত থকাৰ উমান পালেই চান্দা খুজিবলৈ আহি যাব। যোৱা দুটা বছৰে মানুহজনীয়ে “এওঁ এতিয়া ঘৰত নাই নহয়, হাতত যি আছিল তাকে দিলোঁ” বুলি কম পইচাতে লেঠাবোৰ মাৰি আহিছে। বিহুৰ দিনকেইটাত মই ঘৰত নাই। মানে আছোঁ, কিন্তু নাই। শ্ৰীমতীক এশ

Read more
1 48 49 50 51 52 78