ফটাঢোল

অণুগল্প – পৰিস্মিতা বৰদলৈ

১)ব্ৰহ্মাস্ত্ৰ
মানুহজনীয়ে কোনোদিনেই মানুহজন অফিচৰ পৰা আহি পোৱাৰ পাছত একাপ চাহ দি পোৱা নাই! সদায় কাম কৰা ছোৱালীজনীকে দিবলৈ দিয়ে৷ কেতিয়াবা চাহকাপ সেৰেকা হয় কেতিয়াবা মাত্ৰাধিকভাৱে কাঢ়া৷ সেয়েহে মানুহজনে আজিকালি নিজৰ চাহকাপ নিজেই বাকি লয়হি৷ একেবাৰে নিৰ্জু মানুহ তেওঁ, পিছে বুদ্ধিতো একেবাৰে পিছপৰা নহয়৷ এদিন গধুলি অফিচৰ পৰা আহিয়েই তেওঁ চাহ নবকাকৈয়ে টি ভি টো খুলি বহি ল’লে৷ আলেখ লেখ চাই থকা পত্নীয়ে তাকে দেখি সুধিলে, “কি হ’ল, আজি চাহ নোখোৱা?”
উত্তৰত মানুহজনে ক’লে, “এহ্ নক’বা আৰু, আজি সহকৰ্মী বৰুৱাৰ ঘৰত সোমাই আহিব লগা হ’ল বিশেষ কাৰণবশতঃ তেওঁৰ পৰিবাৰে যিকাপ চাহ খুৱালে, এতিয়ালৈ লাগি আছে অ’ তাৰ সোৱাদ৷ এতিয়া বেলেগে চাহ কৰি খাই মুখৰ সোৱাদটো নষ্ট নকৰোঁ৷”
তাৰ পাছদিনাখনৰ পৰা হেনো না মানুহজনে অফিচৰপৰা আহি চাহ বাকিব লগা হৈছে না বনকৰা ছোৱালীজনীয়ে৷
২)সুলক্ষণী নাৰী
মানুহজন কামৰ পৰা ভাগৰে-জোগৰে আহি  পত্নীক চৰবত এগিলাছ খুজিলে। প্ৰাইভেট কোম্পানীৰ চাকৰি, লক্ষী পূজা বুলিও বন্ধ নাই।মানুহজনীয়ে মানুহজনক উদ্দেশ্যি ক’লে, “মই নোৱাৰোঁ এতিয়া চৰবত দিব, দেখা নাই নেকি মই লক্ষ্মী চৰিত্ৰখন পঢ়িবলৈ লৈছোঁ।” মানুহজনীৰ কথাত মানুহজনে তভক মাৰি নিজেই চৰবত গিলাছ বনাই ল’বলৈ গ’ল।তেতিয়া গোসাঁই ঘৰৰ পৰা ভাঁহি আহিছিল পত্নীৰ মাত,
“সকল দেৱক পূজি যিটো ফল পায় ।
স্বামী সেৱা ততোধিক ফল সমুদায় ।।
স্বামী বিনে স্ত্ৰীৰ আৰ নাহিকে দেৱতা ।
স্বৰুপে কহিলোঁ প্ৰভু ইটো সত্য কথা ।।
শুদ্ধমতি নাৰী যিটো সুন্দৰ বদনী ।
স্বামী সেৱা কৰে যিটো ঘৰৰ ঘৰণী ।।
৩)সন্দেহ
প্ৰথম মহিলা : মোৰ আমাৰ এওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ মোক কেতিয়াও প্ৰতাৰণা নকৰে৷
দ্বিতীয় মহিলা : মতা মানুহক ইমানো বিশ্বাসত ল’ব নাপায় দেই৷ কেনেকৈনো জানিলে তেওঁ দিনটো ক’ত কি কৰে? আজিকালি ছ’চিয়েল মিডিয়াৰ কিমান কেলেংকাৰী শুনা যায়৷ আপোনাৰ আছে জানো ফেচবুক একাউণ্ট?
প্ৰথম মহিলা : মোৰ নাথাকিলে কি হ’ল৷তেওঁৰ পাচৱৰ্ড মোৰ জনা আছে৷
দ্বিতীয় মহিলা নিমাত৷
৪)পাপ
বাতৰি কাকতখনত চকু ফুৰাই ফুৰাই কেৰাণীজনে সহকৰ্মীজনক কৈ গ’ল, “ভাল হৈছে এই ঘোচখোৰ পাপীবোৰে এসেকা পাব লাগে৷”
তেনেতে সহকৰ্মী বৰুৱাই তেওঁক ফাইলটোৰ কাম কিমান আগবাঢ়িছে সুধিলে৷ উত্তৰত তেওঁ ক’লে, “ৰ’বহে চাহ তামোল খাবলৈ একো এটা নোলোৱাকে মই ফাইল হাতত লোৱাত নাই দেই৷”
৫)বাহ্যিকতা
:ইচ্ মই যে ফুটপাথত ৰৈ ৰৈ খাবলৈ ইমান লাজ পাওঁ নহয়৷ আচ্ছা, এটা কাম কৰোঁ ড্ৰাইভাৰজনক পঠিয়াই দিওঁ সিয়েই আনি দিয়ক নহ’লে কাৰৰ ভিতৰতে খাওঁ৷
☆★☆★☆

2 Comments

  • ৰিণ্টু

    কম শব্দত বহুত কিবা-কিবি ক’লে, ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *