ফটাঢোল

ফেচবুকৰ সাঁথৰ – ৰিমঝিম বৰঠাকুৰ

ঘনশ্যাম মানে আমাৰ ঘন কাইটিৰ পুতেকে এইবাৰ কাইটিক এটা নতুন ম’বাইল দিছে। আগৰটোত বোলে গান-চান একো শুনিব নোৱাৰি, ফটোও উঠিব নোৱাৰি ৷ সেয়ে পুতেক এইবাৰ ঘৰলৈ আহোতে ‘ইস্মাৰ্ট ফোন’ নে কি সেইটো লৈ আহিছে। ম’বাইলটো বোলে বৰ ভাল ৷ আঙুলিৰে অকণ চুই দিলেই হ’ল৷ মানে আজিকালি ল’ৰা-ছোৱালীবোৰে লৈ থকাৰ নিচিনা। সেইটোত বোলে ফেচবুক নে কি সেইখনো আছে ৷ মুঠতে এইবাৰ কথাই নাই আৰু কাইটিৰ। আমাৰ কাইটি আগতে ইস্মাৰ্ট আছিল নে নাই গুৰুত্বপূৰ্ণ কথা নহয়; কিন্তু এইবাৰ যে ইস্মাৰ্ট হ’ব- সেইটো

Read more

বাঁহৰ তলৰ যখিনী – মৃগাংক শইকীয়া

কঠালগুৰি গাঁৱৰ পূজা-পাতল বুলিলে এজনেই মানুহ-হৰিপদ শৰ্মা। আলিমূৰৰ মুকুন্দ দোকানীৰ ঘৰৰ সত্যনাৰায়ণ পূজাভাগ অঁতাই পূজাৰী ঘৰমুৱা হয় মানে ৰাতি প্ৰায় দুপৰেই হ’ল। হওতে দোকানীৰ পুতেক ৰাজেনে বাইকত উঠাই একেবাৰে ঘৰতে থৈ অহাৰ কথাষাৰ কৈছিল পূজাৰীক। “নালাগে দে অ’ বোপাই,ঈশ্বৰে ভৰি দুখন দিছে যেতিয়া খোজৰেই যাম৷ বাঁহনি-তলেৰে পোনাই দিলে এখন তামোলৰহে বাট৷” ঘৰলৈ বুলি লোৱা মাহ-প্ৰসাদৰ টোপোলাটোৰ গাঁঠিটো মাৰি মাৰিয়েই পূজাৰীয়ে কথাষাৰ ক’লে। চিপচিপকৈ বৰষুণ এজাকো আৰম্ভ হৈছে। নামঘৰটোৰ ওচৰৰ আঘোনী পেহীৰ ভড়াঁলৰ তলত থকা কুকুৰকেইটা বৰ চোকা, দিনতেই মানুহ বাঘে

Read more

ধৰ্মশিলাৰ সাধু – বৈদুর্য্য বৰুৱা

: কেতিয়াবা মহাভাৰত পঢ়িছেনে দাদা? হঠাতে বাসুৱে সোধা প্ৰশ্নটোত উচপ খাই উঠিলো। আচলতে মই বাছৰ বাবে ৰৈ আছিলো বাছ ষ্টপেজটোত। তাতে দেখিলো বাসুও পকাৰ বেঞ্চখনত বহি আছে। বহুদিনৰ মূৰত তাক হঠাতে পাই ভাল লাগিছিল। দুই এটা কুশল মংগলৰ কথা আদান প্ৰদান কৰি ময়ো তাৰ কাষতে বহি আগ গুৰি নোহোৱা লেকচাৰ মাৰি গৈছিলো। তাৰ মাজতে সি অকস্মাৎ মহাভাৰতৰ কথাটো উলিয়ালে। : এনেই আৰু সৰুতে সেই অকণিৰ মহাভাৰতখনহে পঢ়িছিলো। মই কৈ উঠিলো। : অৰিজিনেলখন পঢ়িব না। তাত কিছুমান সৰু সৰু মজা উপ

Read more

পৰচৰ্চা বনাম টাইম পাছ – পৰী পাৰবীন

দৃশ্যপট ১: অনিমেষ চহৰীয়া। ব্যক্তিত্বভৰা মুখখনিৰে ত্ৰিশৰ দেওনা পাৰ নোহোৱা এজন সুদৰ্শন যুৱক। লগতে মোটা দৰমহাৰ এটা চাকৰি। কাজেই বিবাহযোগ্যা অলেখ ছোৱালীৰ চকুত পৰিছিল তেওঁ। তেওঁ বদলি হৈ আমাৰ কাৰ্যালয়ত যোগদান কৰাৰ পিছতে তেওঁক লগ পালো। ভদ্ৰ মাৰ্জিত ব্যৱহাৰ, কামৰ প্ৰতি যোগাত্মক ধাৰণাৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল। তেনে সময়তেই মোৰ মাতৃত্বকালীন ছুটি লোৱাৰো সময় আহি পৰিছিল। গতিকেই উপযুক্ত তথা বিশ্বস্ত সহকৰ্মী হিচাপে তেওঁৰ ওপৰত মোৰ আধৰুৱা কামবোৰ ন্যস্ত কৰি মই নতুনকৈ আহিবলগীয়া আলহীটোৰ বাবে ব্যস্ত হৈ পৰিলো। সন্তানটি

Read more

এটা শ্বহীদ পুখুৰী – বিকাশ শইকীয়া

মানে কেচটো নগেন। নহয়, কেচটো নগেন নে কি নাজানো, কিন্তু কাহিনীৰ নায়কজনৰ নাম নগেন। জাতীয় চেতনাৰে জীৱন উৎসৰ্গা কৰিব বিচৰা আমাৰ নগেন। তেওঁ বহু বছৰৰ আগতে ‘অসম মুক্তি জনগণ পৰিষদ’ নামৰ ৰাজনৈতিক দলটোৰ কৰ্মী আছিল। পিছে কি হ’ব? এই দলটোৱে শাসন কালত কোনো উন্নয়নমূলক কাম কাজ নকৰিলেই। বিধায়ক মন্ত্ৰীসকলে চৰকাৰী ধনৰ শৰাধ পাতি কেৱল নিজৰ পৰিয়ালৰ বাবে সাত পুৰুষলৈ ধন সাঁচি ল’লে। পিছৰ নিৰ্বাচনত তেওঁলোক জিকক বা হাৰক তালৈ পৰোৱা নকৰে। বিদেশী বেংকত ধন। বিদেশত ল’ৰা-ছোৱালীক ৰাখিছে। নিজে বজাৰলৈ যোৱা

Read more

আত্মবিশ্বাস – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈছিলো বুলুক বিচাৰি বিচাৰি। যোৱা ১৫ বছৰে তাৰ লগত দেখাদেখি হোৱা নাই মোৰ। আজি ইমান বছৰৰ মূৰকত তাক দেখা পালে সি মোক চিনি পাব জানো! কি বা কৰে সি আজিকালি? নানানটা প্ৰশ্ন মনত লৈয়েই বুলুুক বিচাৰি গৈছিলো। আজিৰপৰা ১৫ বছৰমানৰ আগতে প্ৰথম বুলুক লগ পাইছিলো মই। তেতিয়া ক্ৰিকেট ফুটবল খেলি অনাই বনাই ঘূৰি ফুৰো। য’তে খেল হয় তাতেই কোনোবা ক্লাবৰ হৈ খেলিবলৈ যাওঁ। বুলুও যায়। তাতেই তাক লগ পাওঁ। সি কিন্তু খেলিবলৈ যোৱা নাছিল, খেল চাবলৈহে যায়

Read more

কুমলীয়া কইনা – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

দাদাজনৰ মনত বৰ দুখ৷ ৰ’ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে৷ মানে তেখেতৰ এটা ফেচবুক একাউণ্ট আছে৷ মাজে মাজে সময় উলিয়াই ফেচবুক কৰে৷ লগৰ ল’ৰাবোৰে (মানুহবোৰে!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা ‘লাইক’ পোৱা যায়৷ লগৰ কোনোবা কোনোবাই চাৰি পাঁচশমান ‘লাইক’ পোৱাও দেখিছে দাদাই৷ মনটো আৱেগিক হৈ উঠে৷ লগতে কমেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায়৷ ‘পাভযোৰা’, ‘মেড ফৰ ইচ্চ আডাৰ’, ‘ভগৱানে বনোৱা যোৰা’, ‘সংসাৰ সুখৰ হৈ

Read more

পিৰিতি মিঠা চিৰা দৈ – নয়নমণি হালৈ

পাঁচ বছৰে প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি জুৰুলা-জুপুৰি হৈ ডিঙিলৈকে ডুব যোৱাৰ পিছত যেতিয়া হ’বলগীয়া বিয়াখনো নহওঁ নহওঁ অৱস্থালৈ আহিল, তেতিয়া মই বোলো আৰু দেৰি কৰিব নোৱাৰি, এইবাৰ হয় গড়গাওঁ নহয় ৰঙামাটি। হ’ল বুলি ইমান খাটিৰ কৰিব নোৱাৰি। ছোৱালীৰ নৈষ্ঠিক ব্ৰাহ্মণ বাপেকৰ লগত দুবছৰে ইমান তললৈ নামিলো যে, বোপাককাৰ ‘ৰাজবংশী’ উপাধিতো সলাই ‘শৰ্মা’ লিখি লগুণ এডাল আঁৰিবলৈহে বাকী। তথাপিও বাপেকক বহু ফলা পঢ়ুৱালো, পৃথিৱীখন যে এতিয়া বহু আগবাঢ়ি গ’ল, জাত-পাত এইবোৰ যে আধুনিক মানুহৰ বস্তু নহয় এইবোৰ বহুত বুজাই বুজাই কিবাকৈ মেনেজ

Read more

নিস্পত্তি – অনন্ত বৰা

জীৱন মিস্ত্ৰীৰ জীয়েক তৰুলতাক চাবলৈ দৰা আহিছে। দৰাই বোলে মিলিটেৰিৰ চাকৰি কৰে। কথাটো শুনি গজেনৰ মনটো বেয়া। আজি অত দিনে খগেনৰ দোকানৰ মৰ্টন চানা খুৱাই খুৱাই গজেনে তৰুলতাৰ মনটো নাপালে। কেতিয়াবা তাইৰ কথা বতৰাবোৰত তাৰ প্ৰতি মৰম চেনেহ আছে যেনও লাগে। কেতিয়াবা আকৌ এনেকুৱা কৰে যেন তাক তাই চিনিয়েই নাপায়। খং উঠে গজেনৰ। সঁচাকৈয়ে দেই, নাৰী চলনাময়ী বুলি এনেই নকয়। যোৱাবাৰ পূজাত ধাৰ ঋণ কৰি হ’লেও গজেনে তাইৰ মনটো পাবলৈকে সাত হেজাৰ টকীয়া এণ্ড্ৰইড মোবাইল এটাও তাইক উপহাৰ দিছে। নাই

Read more

অভ্যাস – মৃগাংক শইকীয়া

“দেখিছনে, জলপানকেইটা খাই চামুচখন কেনেকৈ গপচত জেপত ভৰাই লৈ গুছি গ’লগৈ দেখিলি? আহিবি এইবাৰৰপৰা খোৱাম জলপান তোক বুঢ়ীমাৰে।” সুতুলী পেহী খঙত জকজকাই উঠিল। এৰা, কণ্ঠী চোৰৰ কথাই কৈছো। কঠালগুৰি গাঁৱৰ নামজ্বলা চোৰ এই কণ্ঠীৰাম। গাঁৱৰ ৰাইজৰ কিবা বস্তু হেৰালে প্ৰথমে কণ্ঠীৰ ঘৰতেই খানাতালাছী চলে। তামোলখন খাবলৈ দিলেও তামোলৰ বটাটো চকুৰ আগতেই কোন পলকত চুৰিয়াৰ তলত পাক মাৰি ভৰাই লয় কোনেও টলকিবই নোৱাৰে। সেই কণ্ঠী চোৰেই তিনিআলিৰ বকুলজোপাৰ তলত কেঁচা শাক পাচলিৰ দোকান দিয়া আৰম্ভ কৰিছে কেইদিনমানৰপৰা। গোটেই গাঁৱৰ ৰাইজৰ বাবেই

Read more
1 66 67 68 69 70 78