ফটাঢোল

কুমলীয়া কইনা – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

দাদাজনৰ মনত বৰ দুখ৷ ৰ’ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে৷

মানে তেখেতৰ এটা ফেচবুক একাউণ্ট আছে৷ মাজে মাজে সময় উলিয়াই ফেচবুক কৰে৷ লগৰ ল’ৰাবোৰে (মানুহবোৰে!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা ‘লাইক’ পোৱা যায়৷ লগৰ কোনোবা কোনোবাই চাৰি পাঁচশমান ‘লাইক’ পোৱাও দেখিছে দাদাই৷ মনটো আৱেগিক হৈ উঠে৷ লগতে কমেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায়৷ ‘পাভযোৰা’, ‘মেড ফৰ ইচ্চ আডাৰ’, ‘ভগৱানে বনোৱা যোৰা’, ‘সংসাৰ সুখৰ হৈ থাকক’ ইত্যাদি কত যে ধুনীয়া ধুনীয়া মন ভৰাই তোলা মন্তব্য বা আশীৰ্বাদ৷

আচলতে বহু অনুষ্টুপীয়াকৈ পতা হ’ল দাদাৰ বিয়াখন৷ দাদাৰ পৰিয়াল, অফিচৰ মানুহবোৰ বাদ দি বেলেগ মানুহখিনিক খবৰেই দিয়া নহ’ল৷ অৱশ্যে সৰুকৈ বিয়া পাতি ৰাহি কৰা টকাখিনি দাদাই বেছ বুধিয়কৰ দৰে খৰচ কৰিলে, মানে জোৰোণত বৌক কাপোৰ কানি আৰু অলংকাৰেৰে আৱৰি পেলালে৷ ফলস্বৰূপে বৌও খুছ, দাদাও খুছ৷ বাৰু যিয়েই নহওক, দাদাই সিদ্ধান্ত ল’লে যে তেখেতৰো বৌৰ লগত যুগ্ম ফটো এখন ফেচবুকত দিব৷ মানুহবোৰে গম পাব লাগে, তেখেতৰ শ্ৰীমতী যে ইমান ধুনীয়া বা তেখেতসকলৰ সংসাৰ যে ইমান সুখৰ৷ লগতে দাদাক বেয়া পোৱা পানীৰ তলৰ কাঁইট কেইটা যে সেইখন ফটো দেখি জ্বলি পুৰি মৰিব সেইটো খাটাং৷ এই পেট কপটীয়া ঈৰ্ষাকাতৰ কেইটাক জ্বলাব লাগে মাজে মাজে৷ প্লেন ফাইনেল কৰি পেলালে দাদাই, এইবাৰ আৰু কোনো কিন্তু নাই, ফটো এখন দিবই৷ এতিয়া ধুনীয়া ফটো এখন বিচাৰি পোৱাহে কথা৷

বচ, দাদাৰ কাম আৰম্ভ হৈ গ’ল৷ অফিছৰপৰা আহি পায়েই আলমাৰি খুলি এলবামকেইটা নমাই আনিলে৷ দুখনমান ফটো বাছি উলিয়াই ম’বাইল কেমেৰাটোৰে ফটো তুলি চালে, নাই, ভাল নহয়৷ স্কেন কৰি চালে, নাই, সেইটোৱেও ইমান কাম দিয়া নাই৷ ৰিজ’লুশ্বন কমি গৈ কিবা সেই সত্তৰ দশকৰ ফটো হেন লাগে৷ দাদাৰ মনত খেলালে, চেলফি ফটো এখন তুলিয়েই দিব পাৰি দেখোন! আজিকালি যিকোনো পৰিস্থিতিতে চেলফি দিয়াটো যেন এটা ট্ৰেণ্ডত পৰিণত হৈছে৷ বৰ ধুনীয়া ধুনীয়া চেলফি তোলে মানুহবিলাকে৷ বৌক মাতি আনি কেইবাখনো চেলফি তুলিলে, নাই, কোনোখনেই দাদাৰ পচন্দ নহ’ল৷ কোনোবাখন অলপ আন্ধাৰ হ’ল, কোনোবাখনত আকৌ দাদাৰ হাঁহিটোৱেই ফেচেকা৷ বৌক অৱশ্যে গোটেইকেইখন ফটোতে ধুনীয়া লাগিছিল, কিন্তু দাদাকহে কিবা মানে, কি ক’ম আৰু! নিজৰ মনৰ কথাখিনি বৌক কোৱাত বৌয়ে ফটোখনি ভালদৰে চাই ক’লে,

“মই দেখোন ঠিকেই দেখিছোঁ ফটোকেইখন৷ আপুনি দেখিবলৈ যেনেকুৱা, তেনেকুৱাই ওলাইছে৷ একোতো বেয়া হোৱা নাই৷ বাহ্যিক সৌন্দৰ্য্যৰ পিছত আপুনি কেতিয়াৰপৰা দৌৰিবলৈ আৰম্ভ কৰিলে? মোৰ মতে ভাল হৈছে৷ ইয়াতকৈ ভাল কৰিবলৈ হ’লে ফটোশ্বপ কৰিব লাগিব৷”

বৌয়ে সঁচা কথা ক’লে যদিও দাদাৰ মনটো সেমেকি উঠিল৷ অপ্ৰিয় সত্য একোটা হজম কৰিবলৈ যে বৰ কষ্ট হয়৷

“ৰ’বাচোন ৰ’বা, আৰু দুখনমান ফটো তুলি চাওঁ৷”

“এহ, হৈছে আৰু৷ পৰীক্ষাৰ টেনচনৰ মাজত ফটো উঠাৰ নামত জোৰ কৰি হাঁহোতে হাঁহোতে মুখ বিষাই গৈছে৷ আৰু নহ’ব দেই, তাৰোপৰি ভাত বনাবলৈ আছেই৷ মই পঢ়োগৈ এতিয়া৷ ফটো চেছন পৰীক্ষাৰ পাছত৷”

দাদাইও আপত্তি নকৰিলে৷ কিছুদিন সময় পাইছে যেতিয়া ভালদৰে ভাবিব পৰা যাব, কেনে ফটো দিলে বেছি ‘লাইক’ পাব৷ প্ৰথমতে বিয়াৰ পোচাকত ফটো উঠাৰ কথা ভাবিলে৷ নাই, কিবা আউটডেটেদ যেন লাগিব পাৰে৷ তাৰোপৰি বিয়া হোৱা দুবছৰ হ’লেই৷ মানুহে এইমাত্ৰ বিয়া হোৱা বুলি ভুল ভাবিব পাৰে৷ অলপ আধুনিক পোচাকত ফটো উঠিব লাগিব৷ ভবা মতেই কাম৷ দাদাৰ বাবে ব্লেকবেৰীৰ ছুট এযোৰ আৰু বৌৰ বাবে আঁঠুৰ অলপ ওপৰত শেষ হোৱা স্কাৰ্ট এটা আৰু টপ এটা কিনি দাদাৰ মন প্ৰসন্ন৷ বৌক একো নজনোৱাকৈ আগ্ৰহেৰে অপেক্ষা কৰিলে বৌৰ পৰীক্ষা শেষ হোৱা দিনটোলৈ৷

ৰ’ব, আপোনালোকক কোৱাই হোৱা নাই৷ বৌৱে বি.এ. ফাইনেল পৰীক্ষা দি আছে৷ বয়স একৈশ বছৰ৷ মোতকৈ প্ৰায় তেৰ বছৰ সৰু এই বৌজনী৷ দেখাত পিছে বৌক ওঠৰ বছৰীয়া যেনহে লাগে৷ দাদাৰ বয়স চৌৰাল্লিশ৷ মানে দাদাতকৈ বৌ তেইশ বছৰ সৰু৷ দাদাক পিছে প্ৰকাণ্ড পেটটোৰে সৈতে দেখাত পঞ্চাছ বছৰীয়া যেন লাগে৷ নাজানো কি ভাবি বৌ দাদাৰ লগত বিয়াত বহিল৷ কয় নহয়, প্ৰেম অন্ধ, বোধহয় একেবাৰে সত্য৷ বিয়াৰ খবৰ আমি জনাই নাছিলো, পিছত এদিন যেতিয়া তেওঁলোক দুয়োজন আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল, তেতিয়াহে গম পাইছিলো। তেওঁলোক দুজনৰ প্ৰেমে অৱশ্যে লাইলা মজনুকো লাজ পোৱাই দিব৷

বৌৰ পৰীক্ষা শেষ হোৱাৰ দিনা, আগতেই বন্দবস্ত কৰি থোৱা প্ৰফেছনেল ফটোগ্ৰাফাৰ এজন দাদাই ঘৰলৈ যোৱাৰ বাটতে গাড়ীত বহাই ল’লে৷ নিজে ফটো তুলি ঠগন খোৱাৰ অভিজ্ঞতাটো পাই থৈছেই নহয় আগতে৷ ঘৰ পাই নতুন কাপোৰ পিন্ধি তিনিওজন ব্যস্ত হৈ পৰিল৷ বাহ, ফটোগ্ৰাফাৰজন কিন্তু মানিব লাগিব৷ বহুত ভাল ফটো তোলে৷ নিৰ্দিষ্ট সময়ত দাদাৰ লেপটপলৈ ফটোখিনি ট্ৰেন্সফাৰ কৰি ফটোগ্ৰাফাৰজন গ’লগৈ৷ দাদা আৰু বৌয়ে ফটোখিনিৰপৰা বাছি বাছি তিনিখন ফটো উলিয়ালে৷ দাদাই ভাবিলে, তিনিওখনেই দি দিয়া যাওক৷ বৌৱে মানা কৰিলে, একে ঠাইতে তোলা একে পোচাকৰ এখন ফটোৱেই যথেষ্ট৷ মানুহবোৰ নহ’লে ব’ৰ হৈ যাব৷ কোনখন ফটো দিয়া যায় ভাবোতে ভাবোতেই নিশা দহ বাজিলগৈ৷ দাদাই ক’লে,

“হেৰা, এতিয়াই দিম জানো? কোনেনো চাব এই সময়ত?”

“এ, আপুনি সঁচাকৈ একেবাৰে বুৰ্বক হয়৷ বহুত মানুহে শোৱাৰ সময়ত ফে’চবুক খুলি চায়, দিনটো সময় নাপায় যে৷ বাকীখিনিয়ে কালি দেখা পাব৷”

বৌৰ কথা শিৰোধাৰ্য কৰি দাদাই ফটোখন ম’বাইলটোত ভৰাই ফেচবুকত আপলোড কৰিলে৷ নেট শ্ল’৷ ফটো নাযায়হে নাযায়৷ বৌৱে ক’লে,

“শুই থাকক এতিয়া, নেটৰ স্পীড ভাল হ’লে নিজে নিজে গুছি যাব৷ দিনটো তিনিঘণ্টা, তিনিঘণ্টাৰ দুটা পৰীক্ষা দি আহি তাৰপিছত আপোনাৰ ফটোছেছন কৰি বৰ ভাগৰ লাগিছে৷ কৈছিল চিনেমা দেখুৱাবলৈ নিব, কৰালে ফটোগ্ৰাফী!”

দাদাৰ পিনে পিঠি দি বৌৱে বেড চুইছটো অফ কৰি দিলে৷ অগত্যা দাদাও শোবলৈ বাধ্য হৈ পৰিল৷ ৰাতিপুৱা শুই উঠিয়েই দাদাৰ ফটোখনলৈ মনত পৰিল৷ ফে’চবুক খুলিলে৷ নটিফিকেছন দেখি দাদাৰ আনন্দৰ সীমা নাই৷ বৌক জগালে,

“হেৰা, উঠাচোন উঠা, আমাৰ ফটোখন ১৩২ জনে ‘লাইক’ কৰিলেই ইতিমধ্যে৷”

বৌৱে চকু মোহাৰি মোহাৰি ম’বাইলটোলৈ চাই মিচিকিয়াই হাঁহি ক’লে,

“মই কোৱা নাছিলোনে আপোনাক? এতিয়া ক’মেণ্টবোৰ পঢ়ি চাওক, মনটো ভাল লাগি যাব৷ মই আৰু অলপ শুই লওঁ৷ পিছত নিজে পঢ়িম৷”

দাদাই এফালৰপৰা মন্তব্যবোৰ পঢ়ি গ’ল৷

‘মজ্জা’, ‘বঢ়িয়া’, ‘ধুনীয়া ফটো’ আদি মন্তব্যবোৰ পঢ়ি দাদাৰ বুকুখন ফুলি উঠিল৷ হওক তেওঁ, অৱশেষত মিছন চাক্সেছফুল৷

তাৰ পিছৰ কমেণ্টটো পঢ়িলে দাদাই৷ স্কুলীয়া সহপাঠী এজনে পঠাইছে,

“আৰে, তই কেতিয়া বিয়া পাতিলি ৰে, গমেই পোৱা নাছিলো।”

এইজনে আগতে দাদাক কম হাৰাশাস্তি কৰিছিলনে? দাদাই মনে মনে ভাবিলে, “বেটা, দেৰি হ’ব পাৰে, কিন্তু বহুত ভাল ঘৈণী এজনী পাইছোঁ৷”

তাৰ পিছত আন এজনৰ মন্তব্য,

“বাপৰে বাপ, তই বিয়া পতাৰ কথাই নাজানিলো, তই দেখোন ছোৱালীৰ বাপেক হৈ গ’লি৷”

ছোৱালীৰ বাপেক? তাক চাগে কোনোবাই ভুলকৈ খবৰ দিলে, “আৰে ভাই, মোৰ ল’ৰা ছোৱালী হোৱাই নাই এতিয়ালৈ৷ কিন্তু হ’ব ৰ’হ৷” আকৌ ভাবিলে, “যি ভাব ভাবি থাক, ফটোখন দেখিলিতো?”

আন এজনৰ মন্তব্য,

“বাপ বেটী বৰ ধুনীয়া দেখিছে৷”

মানে? তাৰ পিছৰ মন্তব্যবোৰ কেৱল দাদা আৰু দাদাৰ জীয়ৰীক লৈ কৰা৷ দাদাৰ মূৰত যেন সৰগ ভাঙি পৰিল৷ আকাশ পাতাল ভাবি ড্ৰয়িং ৰুমত বহি থাকোতেই মই গৈ পালোগৈ দাদাৰ ঘৰ৷ বৌ তেতিয়া পাকঘৰত ব্ৰেকফাষ্ট বনোৱাত ব্যস্ত৷ দাদাই দুখমনেৰে মোলৈ বুলি ম’বাইলটো আগবঢ়াই দিলে৷ মই ক’লো,

“একো নাই দাদা, তেওঁলোকে নাজানে যে৷ আচলতে আপুনি ফটোখনত ‘ৱিথ মাই লাভলী ৱাইফ’ বুলি লিখি দিব লাগিছিল৷ আপুনি একো চিন্তা নকৰিব৷ বয়সটো এটা সংখ্যাহে মাত্ৰ৷ আপোনালোক দুয়োজনৰ মাজৰ মৰম, ভালপোৱা আৰু বুজাবুজিহে আচল কথা৷”

দাদাই বৰ দুখ কৰি ক’লে,

“পিছে এটা কথা অ’ প্ৰিয়ংকৰ৷ ভুলটো মোৰেই৷ মোকনো কি খেতৰে পাইছিল, বুঢ়া বয়সত কুমলীয়া বয়সৰ কইনা এজনী বিয়া পাতি আনিবলৈ৷ এতিয়া ফটো এখনো দিব নোৱাৰা হ’লো।

বৌ আহি পালে৷

“চাওঁ, ম’বাইলটো মোক দিয়কচোন, ময়ো পঢ়ি চাওঁ, কোনে কি লিখিছে৷”

দাদাই ক’লে,

“নক’বা বুজিছা, জানাই নহয় টাছ্স্ক্ৰীণ ম’বাইল৷ কিবা টিপোটে দেখোন ফটোখনেই ডিলিট হৈ থাকিল৷”

“আপোনাৰো যে কাম আৰু!”

দাদাহঁতৰ ঘৰৰপৰা উভটি আহিলোঁ৷ দাদাৰ দুখৰ সময়তো কিন্তু “কুমলীয়া বয়সৰ কইনা” কথাষাৰিয়ে কিবা এক সাংঘাটিক আমেজ দিলে৷ বেয়া নাপাব দাদা, আপুনি হয়তো ঠিক কথাই কৈছে৷

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *