খতিয়ান – জ্যোতিৰূপম দত্ত
: হেৰা! শুনাচোন! সেলেঙি লগাই তামোলখন পাগুলি থাকোতেই পিছৰ পৰা চিনাকি মাত এটা শুনিলো৷ ৰত্ন খুড়া! হে প্ৰভু! আজি কাৰ মুখ চাই বাহিৰ ওলাইছিলো বাৰু? তথাপিও উপাই নাই, মাতষাৰ দিবই লাগিব৷ : অ’ অ’, খুড়াদেউ! ক’ৰ পৰা? বজাৰ কৰিলে নেকি? ৰত্ন খুড়াৰ হাতত প্ৰকাণ্ড বেগ এটা৷ : এইটো ধৰাচোন৷ মোক আজি ঘৰলৈ অলপ আগবঢ়াই দিব লাগিব৷ সিদিনালৈ মোৰ চাইকেলৰ কেৰিয়াৰত উঠি ফুৰা পেন্দুকণাটো আজি এশ চাব্বিছজনীয়া সভাখনৰ বিয়াগোম সদস্য হ’লগৈ৷ এয়াও মোৰ বাবে কম আনন্দৰ কথা নহয়৷ খুড়াই মৰাপাটৰ বজাৰ
Read more