ফটাঢোল

পেপে-কেলেকেলীৰ সংসাৰ – অমিতাভ মহন্ত

আজি ৰবিবাৰ। ৰমেন বাবুৰ আজি ছুটি। অলপ পলমকৈ উঠিব বুলি ভাবিছিল। পিছে  পুৱাই পুৱাই নোদোকা মহ কেইটাৰ উপদ্ৰবত সোনকালে উঠিবলৈ বাধ্য হ’ল।

ফলস্বৰূপে ৰমেন বাবু এতিয়া আগফালৰ বাৰাণ্ডাৰ চোফাখনত বহি  দেওবৰীয়া সম্ভাৰখনত চকু ফুৰাই আছে।

এইফালে ৰমেন বাবুৰ পৰিবাৰ স্মিতা দেওবৰীয়া স্পেচিয়েল ব্ৰেকফাষ্ট তৈয়াৰ কৰাত ব্যস্ত। কামৰ মাজে মাজে ল’ৰা-ছোৱালী দুটাক টোপনিৰ পৰা উঠিবলৈ চিঞৰি আছে। সেই দুটা এনেয়ে টোপনি মৰাত ভাল। তাতে আজি আকৌ ৰবিবাৰ। কেতিয়া উঠে ঠিক নাই। কেতিয়াবা সন্দেহেই হয় এই দুটা নিজৰেই সন্তান নে কুম্ভকৰ্ণৰ।

সকলোৰে অৱস্থানবোৰ এবাৰ সাৱধানেৰে চাই আহিল কেলকেলীয়ে।

অ’ কেলকেলীৰ কথা ক’বলৈ পাহৰিছিলোৱেই। কেলকেলী হৈছে ৰমেন বাবুৰ ফ্লেটৰ ভেন্টিলেটৰত থকা মহৰ পৰিবাৰটোৰ গৃহকর্তী। এবছৰ আগতে তাই পেপেৰ সৈতে বিয়া হৈ ইয়ালৈ আহিছে। পেপে বৰ মৰমিয়াল। বিয়াৰ পিছতেই দুয়ো হানীমুন কৰিবলৈ গৈছিল। হোটেল গ্ৰেণ্ড ষ্টাৰলাইনৰ ২০৬ নম্বৰ কোঠাটোৰ বাথৰুমত। কি সুন্দৰ পৰিবেশ।

পেপেই প্ৰায়েই কেলকেলীক ফুৰাবলৈ লৈ যায়। পেপেই সদায়েই ভাল ভাল ঠাইতেই নিয়ে, পিছে কেলকেলীৰ আটাইতকৈ প্ৰিয় ঠাই কনচেপ্ট কোচিং চেন্টাৰ। হেঁপাহ পলুৱাই তেজ পোৱা যায় তাতে। বেচেৰাহঁতে ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোনত চেঁচাপানী পৰাৰ ভয়তে কেলকেলীহঁতৰ কামোৰত কেটকুটেই নকৰে।

আৰু ভেৰাইটী এক্সেলেন্ট!!!!

ঘিউ,মৌ,মাছে,মঙহে খাই প্ৰায় গোটেইবোৰ একোটা একোটা তেজাল চেম্পল।

সিঁহতৰ কথা ভাবিলেই জিভালৈ পানী আহি যায় কেলকেলীৰ।

সাধাৰণতে দুয়ো চিটি বাছতেই ঘুৰে। পিছে এবাৰ তিনি নম্বৰ বাছত উঠি কেলকেলীৰ যিহে অৱস্থা। মানুহ বাদেই, মহৰেই উশাহ বন্ধ হোৱাৰ উপক্ৰম হয় তাতে।

ৰাইনোখন ভাল পিছে এই ক্ষেত্ৰত। আহল বহল।

কিন্তু যেতিয়াৰ পৰা ৰমেন বাবুৰ ফ্লেটৰ ফুলৰ টাবত কেলকেলীৰ ছোৱালী দুজনীৰ জন্ম হ’ল তেতিয়াৰ পৰা ঘুৰাফুৰা কমি গৈছে।

কন্যা ৰাশি পৰিছে। ডাঙৰ জনীৰ নাম ৰাখিছে পেনপেন আৰু সৰুজনীৰ নাম পিনপিন।

দুয়োজনী লাহে লাহে ডাঙৰ হৈ আহিছে। উৰিবলৈও শিকিছে।

মাকক বাহিৰৰ পৰা ঘুৰি অহা দেখি পেনপেনে মাত দিলে, ‘ইমান দেৰি ক’ত গৈছিলা মা? বিৰাট ভোক লাগিছে, ব্ৰেকফাষ্ট কৰি আহো’?

»» ‘তহত দুয়ো একেবাৰে বাপেৰৰ ফুটতে উঠিছ। কেৱল খোৱাৰ ধান্দা।কতো যাব নোৱাৰ। সেয়া এটোপোলা তেজ থৈ দিয়া আছে। তাৰেই ব্ৰেকফাষ্ট কৰ’।

»» ‘নাখাও মই সেই বাহী তেজবোৰ’।

»» “চা পেনপেন, জেদ নধৰিবি। থলৌ থলৌ মাৰ বহুৱাই দিম। বাপেৰে কৈছিলে নে যে এতিয়া আমাৰ অফ পিক হাৱাৰ। ৰাতি সকলো শুলে আমাৰ পিক হাৱাৰ আৰম্ভ হয়। এই ঘৰৰ মূৰ্খ মানুহবোৰে এচি চলাই আঠুৱাৰ ভিতৰত শুই ভাবে যে আমি সিহতক কামুৰিব নোৱাৰিম। তেতিয়াই তেজ পিবলৈ সুবিধা, মানুহবোৰ ছালানী মাছৰ দৰে পৰি থাকে। তেতিয়া আঠুৱাৰ ফাকেৰে সোমাই হেঁপাহ পলুৱাই তেজ পিব পাৰিবি।”

»» “এই সময়খিনি ভাল নহয় পেনেপেন মা, ক্ষণিক অসতৰ্কতাৰ বাবে গোটেই জীৱন কান্দিব লগা হ’ব পাৰে। এই বেলাটো বাহী তেজেৰেই কাম চলাছোন। ৰাতিলৈ দেখা যাব।”

এইফালে পিনপিনে চিঞৰ আৰম্ভ কৰিলে,

»» “মা, দেউতা ক’ত? আজি আমাক মহ পাৰ্কত লৈ যাম বুলি কৈছিল। কিন্তু ৰাতিপুৱাৰ পৰা দেখোন দেউতাৰ দেখা দেখিয়েই নাই’।

কেলকেলীয়ে অভিমান ভৰা কন্ঠেৰে ক’লে,

»» ‘বাপেৰে “নিৰাপদ জীৱনৰ সন্ধানত” নামৰ কনফাৰেন্সত গৈছে। সংসাৰৰ সমস্ত বোঁজা মোৰ মুৰত দি আজিকালি বাপেৰে সেইবোৰতেই ঘুৰি ফুৰা হৈছে। মই চাইহে আছো, কোনোবাদিনা চোনিয়াৰ ৰুপ লম, বাপেৰে সুৰসুৰাই মনমোহনৰ দৰে ঘৰত সোমাই থাকিবহি। এইফালে বজাৰত ডেঁঙ্গু-মেলেৰিয়া ৰোগৰ জীৱাণুৰ দাম দিনে দিনে বাঢ়িছে, সেইবোৰত মতি গতি নাই বাপেৰৰ। কেইবাৰ যে ক’লো ছোৱালী দুজনীক এনোফিলিছৰ বেজীটো দি আনক, সেইবোৰত খবৰ খাতি নাই। সংসাৰৰ চিন্তা থাকিলেহে’।

তুলনামূলক ভাবে পেনপেনতকৈ পিনপিন ঠাণ্ডা মুণ্ডা। এইফালে শিল্প সংস্কৃতিৰ দিশটো তাইৰ খুব নিচা। যোৱা সপ্তাহত কেলকেলীয়ে “মচকুইটোজ গ’ট টেলেন্ট” প্ৰতিযোগিতাৰ বাবে পিনপিনৰ নাম ৰেজিষ্টাৰ কৰি আহিছে। কাইলৈ তাৰেই অডিচন ৰাউণ্ড। তাকে লৈয়েই পিনপিন ৰাতিপুৱাৰ পৰা গানৰ ৰেৱাজত ব্যস্ত আছিল।

এইবাৰ পিনপিনে লাহেকৈ গৈ মাকক ক’লে,

»» ‘মা মা, ৰমেন বাবুৰ ল’ৰাটো এইমাত্ৰ টোপনিৰ পৰা উঠিছে। তাক এবাৰ গৈ “গুণ গুণ গুণ গুণ গানে গানে”টো শুনাই আহো’?

নালাগে পিনু, সি বৰ বদমাছ। মনত নাই সেইদিনা পইতাচোৰা আন্টিৰ ঠেংত ৰচী বান্ধি কেনেকৈ ঘুৰাই ফুৰাইছিল? তাৰ ওচৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। তাতকৈ তুমি ৰমেন বাবুৰ জীয়েকৰ ওচৰলৈ যোৱা। তাই সেই প্ৰকাণ্ড ফোনটো লৈ ফেচবুক কৰি আছে, ইমান মন কাণ নিদিব তাই। তথাপি অলপ দুৰৰ পৰা গাই আহিবা দেই। বিপদ কোনফালৰ পৰা আহে ঠিক নাই।

দুয়োৰে কথা শুনি পেনপেন খেদা মাৰি আহিল। আহিয়েই ভনীয়েকৰ ক’লে,

»» ‘কোনো দৰকাৰ নাই তোৰ গান গাবলৈ যোৱাৰ। মই এইফালে ভোকত ৰ’ব পৰা নাই, আৰু এইফালে তই গান গাবলৈ যাব নালাগে। তোৰ টেলেন্ট চাবলৈ সেইজনী কিৰণ খেৰ নহয় বুজিছ। এক থাপ্পৰত জীউ বাহিৰ কৰি দিব, তেতিয়া গম পাবি।

আগতে মই চুপ চাপ গৈ খাই আহো। তাৰ পিছত তই যি কৰ কৰি থাক। তোৰ সেই হিমেশৰ দৰে মাতটোৰে গান গাই মোৰ ৰাষ্টাটো বন্ধ কৰাৰ দৰকাৰ নাই’।

বায়েকৰ ধমকি খাই পিনপিন তাতেই পেপুৱা লাগিল।

ইতিমধ্যে পেপে আহি সকলো দেখি আছিল। ডেংগুলালৰ ভাষণ শুনি আহি সি ইতিমধ্যে অত্যন্ত সাহসী হৈ আছে। উদাত্ত কন্ঠেৰে পেপে ক’বলৈ আৰম্ভ কৰিলে,

»» ‘ভয় কৰি এই জীৱনত আমি টিকি থাকিব নোৱাৰিম কেলকেলী। সংগ্ৰামেই জীৱন, এই সংগ্ৰামৰ মাজতে আমি জীয়াই থাকিব লাগিব’। যা পেনপেন, ভয় নকৰিবি। তই গৈ ৰমেন বাবুক আক্ৰমণ কৰগৈ। তেওঁৰ এখন হাতত চাহৰ কাপ আৰু আনখন হাতত বাতৰি কাকত। কোনো চিন্তা নাই যা। এনেও এই ৰমেনৰ ওপৰত খং উঠি আছে মোৰ৷ সেইদিনা পেপে বুলি এটাক ৰেড কাৰ্ড দেখুৱাওতে খুব ফুৰ্তি বেটাৰ’৷

»» ‘কিন্তু দেউতা, তুমিয়েই দেখোন সেইদিনা মাক কৈ আছিলা যে ভেটী খাই খাই ৰমেন বাবুৰ চামৰা গঁড় পেহাৰ ছালৰ দৰে হৈ গৈছে। যদি মোৰ শুং ভাঙি যায়? তাতকৈ মই স্মিতা আন্টীৰ তালৈ যাওঁ নেকি’?

»» ‘নালাগে নালাগে। সেইজনী বৰ খৰ। কেতিয়া কি কৰে ধৰিবই নোৱাৰি’।

সেইফালৰ পৰা কেলকেলীয়ে মাত লগালে,

»» ‘বেলেগৰ তিৰোতাৰ খবৰ খুব ৰাখে আজিকালি। মন কৰিহে আছো মই’।

»» ‘হেৰা এনেই যি তি বকি মুৰটো গৰম নকৰিবা হে। এনেই টেনশ্যন কম হৈছেনে জীৱনত। আজি বোলে আকৌ সেই ধোৱা গাড়ীখন আহিব, কলৈ পলাও তাকে ভাবি ত’ত পোৱা নাই’।

»» ‘জানো জানো। কথা সলনি কৰাত কোনেও নোৱাৰে তোমাক’৷

মাক বাপেকৰ কাজিয়াৰ মাজতে পেনপেন উৰি গৈ ৰমেন বাবুৰ সুবিশাল পিঠি খনত লেণ্ড কৰিলে। মজাকৈ তেজ পি আছিল পেনপেনে। আস কি মজা।

হঠাৎ এখন জেট প্লেন অহাৰ শব্দ। চটৌপ চটৌপ। পেনপেনে ধোৱা কোৱা দেখিলে। সৰ্বশৰীৰত তীব্ৰ বিষ অনুভব কৰিলে পেনপেনে। কোনোমতে ধলং পলংকৈ আহি মাক-দেউতাকৰ ওচৰ পালেহি পেনপেন। অজ্ঞান হোৱাৰ আগে আগে চকুৰ আগত ভাহি উঠিল ৰমেন বাবুৰ পাষণ্ড পুতেক।

জ্ঞান পাই পেনপেনে নিজকে মাকৰ কোলাত আৱিস্কাৰ কৰিলে। পাখী এখনত বেণ্ডেজ। ডাঃ মাখি বৰদেউতা ড্ৰেছিং কৰাত ব্যস্ত। কেলকেলী আৰু পিনপিন কান্দোনত ভাঙি পৰিছে। পেনপেনে মনে মনে প্ৰতিজ্ঞা কৰিলে আৰু কেতিয়াও জেদ নধৰে, সদায় মাকৰ কথা মানি চলিব।

এইফালে ডেংগুলালৰ দ্বাৰা প্ৰভাবিত পেপেয়ে দাৰ্শনিকৰ দৰে মাত দিলে,

»» ‘এনেকৈয়েই হেৰাই যায় ক’ত নিষ্পাপ জীৱন। ৰাতিপুৱাই ওলাই যোৱা কিমান মহ এনেদৰে কোনোবা পাষণ্ডৰ হাতৰ চেপাত এই সংসাৰৰ মায়া এৰি যাব লগীয়া হয়। এক থাপ্পৰৰ আয়ুস আমাৰ, এয়াই জীৱন। ভয় নকৰিবি মা, জীৱন মাঁনেই যন্ত্রনা। সংগ্ৰাম কৰি বাঁচি থকাটোকেই জীৱন বুলি কয়। সংগ্ৰামেই নকৰিলে কিহৰ জীৱন?  এনেকৈয়ে আমি আগবাঢ়ি যাব লাগিব, জীয়াই থাকিব লাগিব।

কেলকেলীৰ ফালে চাই পেপেয়ে কলে, ‘চিন্তা নকৰিবা পেনপেনৰ মা৷ আমাক দুৰ্বল জ্ঞান কৰি আমাক এই মানুহবোৰে অত্যাচাৰ কৰে৷ কিন্তু আমি তলে তলে কি মাষ্টাৰ প্লেন তৈয়াৰ কৰিছো ইহতে গমেই নাপায়৷ মছকুইটো কইল, লিকুইডেটৰৰ বিৰুদ্ধে আমি ইতিমধ্যে জয় সাব্যস্ত কৰিছো৷ চাইনীজ মালৰ দৰে ডেংগু, মেলেৰীয়া, জাপানী এনকেফেলাইটিছ আদিৰে আমি বেমাৰৰ বজাৰত কব্জা কৰিছোৱেই৷ অতি সোনকালেই আৰু নতুন টেকন’লজী লৈ আমি আহি আছো৷ ইহতে আমাক এতিয়াও চিনিবলৈ বহু বাকী’৷

কথা কৈ কৈ উত্তেজিত হৈ পৰিল পেপে৷ উদাত্ত কণ্ঠৰে ডেংগুলাল ষ্টাইলত চিঞৰিবলৈ ধৰিলে

— তুম মুঝে খুন দো, মে তুমহে আজাদী দুংগা…..■■

16 Comments

  • Dhananjoy Nath

    সুন্দৰ ।

    Reply
  • সুন্দৰ গল্প । ভাল লাগিল ।

    Reply
  • গীতালি শইকীয়া দত্ত

    কথা-নিনাদ পঢ়ি আপোনাৰ ফেন হৈছিলো।

    এইটো পঢ়ি অকলে হাঁ‌হি আছো। সুন্দৰ ব্যংগ দাদা

    Reply
  • ৰিণ্টু

    সাংঘাতিক, খুব ভাল লাগিল পঢ়ি। টিপিকেল অমিতাভ ষ্টাইল, সেইবাবেই তোমাৰ ফেন

    Reply
  • Plabon

    ছুভানআল্লাহ

    Reply
  • গুণজিৎ বৰ্মণ

    মজা

    Reply
  • Anuradha bordoloi

    Hahaha moja lagil. Mohor sansaror bixoye porhi..

    Reply
  • বঢ়িয়া লাগিল ৷

    Reply
  • লোকনাথ ফুকন

    পঢ়ি ভাল লাগিল ।

    Reply
  • Nitul Kalita

    সুন্দৰ । পাৰিলে দক্ষিণ কামৰূপৰ কথিত ভাষালৈ ব্যংগ ৰচনা কৰিবছোন।

    Reply
    • Amitabh

      এবাৰ লিখিছিলোঁ৷ চেষ্টা কৰিম আকৌ৷

      Reply
  • জ্ঞানশ্ৰী বৰা

    অকলে অকলে হাঁহি আছোঁ পঢ়ি।

    Reply
  • Rajib

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *