ফটাঢোল

99.99 পাৰ্চেণ্ট এজন ‘মর্দ’ৰ কাহিনী- কমলজিৎ মেধি

আমাৰ সৰু ল’ৰাৰ নয়দাখন  ভাল লাগিছে। সি এতিয়া দিল্লী নয়দাৰ বাসিন্দা। ককাক আইতাকক চাবলৈ মাজে মাজে অসমলৈ যাব, কিন্তু আকৌ উভতি আহিব।  তাৰ স্কুলখন,  ফ্রেণ্ডছবোৰ ইয়াতেই থাকে।  লগৰবোৰৰ লগত ক’ভিড কমিলেই আকৌ মস্তি কৰিব পাৰিব। মই অসমলৈ ঘূৰি যাম যাম কৰি থাকিলে ঘৰৰ একমাত্ৰ  এইজন ব্যক্তিয়েই বিৰোধিতা কৰে।  : কিয় অসমলৈ নোযোৱা তুমি? : কাজু (হাজো) মাআইতাৰ (আইতাকক মাআইতা বুলি মতা সম্বোধনটো আমাৰ ডাঙৰ ল’ৰাই আৰম্ভ কৰিছিল) ঘৰত বহুত পৰুৱা আহে। ক’লা-ৰঙা কিমান পৰুৱাৰ লাইন! গুৱাহাটীৰ মাআইতাৰ ঘৰত আকৌ মহ।

Read more

অফাৰ-পৰাগ শৰ্মা

ছুপাৰচনিক বিমান এখন আকাশত উৰি যাওঁতে হোৱা শব্দৰ নিচিনা এটা বিকট শব্দত বৰুৱানী উচপ খাই উঠিল। বৰুৱানীয়ে বেলি থকা ৰুটি আধাতে এৰি কিহৰ শব্দ বুলি বাৰাণ্ডালৈ ওলাই আহিল। ৰাস্তাটোৱেদি ক’লা ধোঁৱা উৰুৱাই কিবা এটা আহি আছে। বস্তুটো যিমানেই ওচৰ চাপি আহিছে শব্দৰ মাত্ৰাও বৃদ্ধি হৈ কাণ ফালো যেন কৰিছে। অসহ্যকৰ বিকট শব্দটোৰ পৰা পৰিত্ৰাণ বিচাৰি সহজ উপায় হিচাপে বৰুৱানীয়ে কাণ দুখন হাতেৰে হেঁচি ধৰিলে। বৰুৱানীক আচৰিত কৰি ক’লা ধোঁৱা উৰুৱাই বিকট শব্দ কৰি আহি থকা বস্তুটো তেওঁলোকৰ পদূলিতে হঠাৎ ৰৈ

Read more

জীৱনত লাভ কৰা কিছুমান ৰসাল অভিজ্ঞতা-জিতা ফুকন

(১)  কলেজৰ দিনতেই এবাৰ মই বৰমাৰ লগত ফুৰিবলৈ গৈছিলোঁ। ঘৰলৈ উভতিবৰ সময়ত বৰমাই ক’লে, : তই ৰিক্সা এখন ৰখাগৈ মই পটককৈ দোকানৰ পৰা বস্তু এটা লৈ লওঁ।  মই ৰিক্সা এখন দেখা পাই ৰখালোঁ আৰু উঠি ল’লোঁ। তেনেতে দেখোঁ বেগ ভৰ্তি বজাৰ লৈ ডেকা এজন জাঁপ মাৰি মোৰ লগতে উঠি বহিল। মই ভয়ত কি কৰোঁ, কি নকৰোঁ হ’লোঁ।  সিফালে ওচৰতে ৰৈ থকা ডেকাৰ বন্ধুবৰ্গৰ উকি কিৰিলি, “ঐ যা যা, আজি মাছে শাকে একেবাৰে ন-ছোৱালী লগত লৈহে ঘৰ সোমাবিগৈ।”  ইফালে বৰমা আহি

Read more

চাবস্ক্ৰাইবাৰ্ছ -ড° সমাদৃতা গোস্বামী

পৰীয়ে বেজী ল’বলৈ এতিয়া নাযায়৷ নাযায় মানে নাযায়েই৷ ভেক্সিনৰ নামেই নুশুনে৷ চল্লিছৰ ওপৰৰখিনিক দিয়া আৰম্ভ হোৱাৰে পৰা মই তাইক আজি ব’লা, কালি ব’লাকৈ সোঁৱৰাই আছোঁ৷ কিন্তু তাইৰ কাণষাৰ নাই৷ আজি অতবছৰে তাইক মই বেজী ল’বলৈ বুলি ভয় খোৱা দেখা নাই৷ হাতে ভৰিয়ে কিমান দুখ পাই থাকে অথচ অকণো কেট-কুটেই নকৰা পৰীৰ এইবাৰ হ’ল কি? ল’ৰা-ছোৱালীও হালেই চিজাৰিয়ানতে হৈছে৷ তাৰোপৰি ছোৱালীতে তাইৰ গ’ল্ড ব্লাডাৰৰ অপাৰেচনো হৈছে৷ আজিলৈকে কিমান চেলাইনৰ খোঁচ খালে তাৰ হিচাপ নাই৷ এইবাৰ হ’ল কি? “বেজীৰ কথা নহয়৷ বেজীৰ

Read more

অন্য এক যাত্ৰা -অগ্নিভ দত্ত

ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা সময়ৰ কথা। তেতিয়া সাধাৰণতে ঘৰলৈ অহা যোৱা কৰা হয় বিহু পূজা আদিৰ বন্ধৰ সময়ত বা চেমেষ্টাৰ পৰীক্ষা শেষ হোৱাৰ পাছত। পূজা বিহুৰ সময়ত ঘৰলৈ যাওঁতে সাধাৰণতে আগতীয়াকৈ টিকট কাটি যাব লগা হয়। আগতীয়াকৈ টিকট নাকাটিলে সময়ৰ মূৰত ঘৰলৈ যাবলৈ কষ্ট হোৱাৰ সম্ভাৱনা থাকে কাৰণ নাইট চুপাৰেই হওক বা ডে চুপাৰেই হওক সাংঘাটিক ভীৰ হয়। বাকী আন সময়ত ঘৰলৈ যাব হ’লে হোষ্টেলৰ পৰা আহি কাছাৰীত নামি পল্টন বজাৰত গৈ নেটৱৰ্কৰ বাছ ষ্টেণ্ডটোৰ অকণমান আগত ঠিয় হৈ থাকি

Read more

এদিন হঠাতে-অসীমা শইকীয়া দত্ত

সিদিনা পুৱাতে তাই কান্দি কান্দি ঘৰ ওলালহি। ঘটনাটো শুনি মৌণ হৈ পৰিলোঁ। সঁচাই পুৰুষ অৰিজিনেলি পেতকুলি বুলি এনেই নকওঁ। গাড়ীৰ আগচিট এৰা মোৰ সেয়ে বহুদিন হ’ল। লোকে ৰোমাণ্টিক মুডত গান লগাই কথা পাতি পাতি বহি যায়, আমাৰ আকৌ মই চাদা মলি থপৰ থপৰ মাৰি যাব লাগে৷ টিপাটো মানুহজনে নিজে ধৰি খায় বাৰু মলিবলে ষ্টেয়াৰিঙ এৰিব নোৱাৰে যে৷ ভীৰত সোমালে মবাইল বাজিলে মানুহটো কাণত ফোনটো লগাই ধৰি যাব লাগে ময়েই; তাৰোপৰি কথা পাতিলে ওপৰত কথা কওঁ যদি সেই কাজিয়াসোপা আছেই। গিয়েৰডাল

Read more

শ্লট্ -জীমণি গগৈ

নতুনকৈ কিনি অনা জিকা ফুল বৰণীয়া স্লিভলেছ কুৰ্টাটো খঙে-শোকে সোঁট-মোচ কৰি বিছনাৰ এচুকলৈ দলি মাৰি দিলে এঞ্জেলজুলীয়ে। ভৰি-চৰি তুলি চোফাখনত এচোফা হৈ বহি পৰিল। এই পৰোঁ, এই পৰোঁকৈ চকুপানী দুটোপ আহি তাইৰ চকুযুৰিত ওলমি ৰ’ল। জুলীৰ সেই অৱস্থাটো দেখি গিৰিয়েক বেচেৰা জয়ন্তই কি কৰোঁ কি নকৰোঁকৈ লাহেকৈ বিছনাৰ চুক এটাতে বহি পৰিল। সি ঠিক কৰিব নোৱাৰিলে এই মুহূৰ্তত জুলিক “হ’ব দিয়া, নেক্সট্ টাইম ট্ৰাই কৰিম” জাতীয় কিবা এষাৰ সান্তনাবাণী  শুনাব নে চৰকাৰৰ স্বাস্থ্য বিভাগক গালি পাৰি কিবা এষাৰ ক’ব!   গৌতমে

Read more

অক্সিজেন – মৃদুল নাথ

“আই লাভ ইউ!” হঠাতে মোৰ মুখৰ পৰা ওলোৱা শব্দকেইটা শুনি মানুহজনীয়ে “হা” কৈ মুখখন মেলি মোৰ ফালে একেথৰে চাই ৰ’ল। চকুৰ পতাও লৰচৰ নকৰা দেখি বুজি পালোঁ, তেওঁ ভীষণভাবে আচৰিত হৈছে। আচৰিত হ’বলগীয়া কথাই বাৰু, বিয়াৰ পিছত কেতিয়াবা মানুহজনীক মই এইদৰে কৈ পাইছোঁ নে নাই, সেয়া মনত পেলাবলৈ চেষ্টা কৰিলোঁ। ওহোঁ, মনত নপৰে। গতিকে মানুহজনী আচৰিত হৈ মোৰ ফালে এনেদৰে চাই থকাটোত মই অলপো আচৰিত নহ’লোঁ। আচৰিত সিদিনা ময়ো হৈছিলোঁ, যেতিয়া দেখিছিলোঁ হিমাংশুৱে জ্যোতিৰেখাক সমজুৱাকৈ কৈ দিলে, আই লাভ ইউ।

Read more

শেষ-দেবজিত শৰ্মা

“ঐ উৎপল, তোৰ কোঠাটো অলপ ঠিককৈ ৰাখিবি৷ ৰাতিৰ বাছত গুৱাহাটীৰ পৰা কাকতিদা আহিব৷” উৎপল মোৰ ৰূমমেট৷ ঘটনাৰ সময় ২০১২ চন মান হ’ব৷ উৎপল খুবেই অপৰিপাটি, তাৰ কোঠাটো দেখিলে মানুহৰ কোঠা নে চিৰিয়াৰ যুদ্ধস্থলী ধৰিবই নোৱাৰি৷ কোনোবা আলহী আহিম বুলি ক’লে তাৰ কোঠাটোক লৈয়ে মোৰ টেনশ্যন হয়৷ যিহেতু তাৰ কোঠাটো দুৱাৰ খুলিলেই প্ৰথমে প্ৰথমে পায়৷ গতিকে তাক অলপ পৰিপাটি কৈ ৰাখিবলৈ উপদেশ দিলোঁ৷ কাকতিদা যদিও মেডিকেল লাইনৰ মানুহ তথাপি কিবা এটা যোগসূত্ৰত এবাৰ চিনাকি হোৱাৰ পাছত আন বহুতৰ দৰেই মোৰ বাবেও

Read more

নৈশ যাত্ৰা-নীলাক্ষি কাকতি

আস! লিহিৰি হাতখনে চুলিখিনিৰ মাজে মাজে খেলিবলৈ আৰম্ভ কৰিছে৷ এক অব্যক্ত তৃপ্তিত চকুহাল মুদ খাই গৈছে৷ কি যে এক ভাললগা অনুভৱ! হঠাতে- : হেৰি৷ আপুনি গোটেই মানুহজন মোৰ গাৰ ওপৰতেই পৰিছে যে? অথনিৰে পৰা আপোনাৰ ভৰ মই লৈ আছোঁ৷ চাওঁ৷ অলপ সিফালে যাওক৷ মোৰ নামিবৰ হ’ল৷ তপাকৈ ফুটবলহেন মানুহজনে অৰূপক প্ৰায় কান্ধত ঠেলা মাৰি দিয়াৰ দৰে ক’লে৷ : অহ্‌! ক্ষমা কৰিব৷ টোপনি আহি গৈছিল৷ অৰূপ বৰুৱা৷ বয়স প্ৰায় ত্ৰিশ বছৰ৷ ঔষধৰ কোম্পানী এটাৰ চেলচ্‌ এক্‌জিকিউটিভ৷ কোম্পানীৰ কামত তাৰ অসমৰ বিভিন্ন

Read more
1 9 10 11 12 13 72