এদিন হঠাতে-অসীমা শইকীয়া দত্ত
তাইৰ কান্দোনত মোৰ নিজৰ দৃশ্যবোৰ ভাঁহি আহিল এটা এটাকৈ। বৰ দুখ লাগিল নাৰী জাতিলৈ। তাইৰ কথাটোৰ মিমাংসা কৰিবলৈ ওচৰৰ খুৰাৰ ঘৰলৈ বাট ল’লোঁ। বাটতে পালোঁ চিনাকি বাটৰুৱাজনক। সুধিলে, “ক’ত যায়? ঘপহকে মুখেৰে ওলাল, “নাৰী নিৰ্য্যাতনৰ কেচ এটা মীমাংসা কৰোঁ বুলি ওলালোঁ।” মানুহজনে শলাগি ন’ৰলেই। তুফান গতিৰে গ’লগৈ। খুৰাৰ ঘৰত সবিশেষ গম ল’লোঁ। মীমাংসা কৰিব পৰা পৰ্য্যায়ত নাই কেচটো। চাহ-তাহ খাই তাৰ পিছত ঘৰলে ওভটিলোঁ।
নিজৰ ঘৰ নাপালোঁয়েই বাটতে মোক বৰলে বেৰাদি বেৰি জেৰা কৰিলে দুজনমানে। “এখেতেই ন” বুলি আৰম্ভ কৰি দিলে এজনে। মোক কেমেৰাৰে ভিউ কৰি ফেনাবলে আৰম্ভ কৰিলে,
: হয় আমি উপস্থিত হৈছোঁহি নিৰ্য্যাতিতাৰ পৰিয়ালৰ ওচৰত। এয়া চাওক এইগৰাকীয়েই সেই নাৰী যি থিয় দিছে নিৰ্য্যাতিতাৰ কাষত। সকলো অস্তিত্বৰ সংকটত আজি, এগৰাকী নাৰী আকৌ আজি নিৰ্য্যাতিতা পুৰুষৰ হাতত৷ নিশ্চিতভাৱে ক’ব পাৰি অসমীয়া জীয়ৰী, বোৱাৰী আজি জাতিৰ দৰেই সংকটত। হয় বাইদেউ আপুনি কি ক’ব এই সন্দৰ্ভত? নিৰ্য্যাতনৰ কথা আপোনালোকে ফেচবুকত ফালি থাকে। আজি নিজৰ ঘৰতে আপোনাৰ কেনে অনুভৱ?
অলপ সময় তভক মাৰি কেমেৰাটোলে এবাৰ আৰু সুধি থকাটোলে এবাৰ চালোঁ। অঅঅ…ই মানে সাংবাদিক আছিল, অথনি বাটত পোৱাটো! খা বাপেকে মই কৈছিলোঁ বেলেগ এটা অৰ্থতহে অথনি। তথাপি সুবিধা পাই কৈ গ’লোঁ,
: কি ক’ম নিৰ্য্যাতনৰ বিষয়ে! চৰকাৰে এখন ষ্ট্ৰং আইন বনাব লাগে, যাতে দহবাৰ ভাবে ৰেপিষ্টবোৰে নিজৰ ভৱিষ্যতটোৰ কথা; ফাঁচীৰ ৰছীত নিজক দেখি। অভিভাৱকসকলকো কওঁ, যি কামেই নকৰক ছোৱালীয়ে, আগধৰি নিজক সুৰক্ষিত কৰিব পৰাকৈ সমৰ কলা শিকাটো জৰুৰী বুলি সিহঁতক সৰুৰে পৰা শিকাব লাগে। যাতে চিঞৰি মৰাতকৈ দুই এটাক মেইন পইণ্ট ভাঙি গুৰা কৰিব পাৰে। নহ’লে এনে এটা দিন আহিবগৈ যে নাৰীৰ নামত থকা কেইগৰাকীক খেদি নি চিৰিয়াখানাৰ হৰিণাৰ দৰে বেৰি কুৰি গঁড়ালত থোৱাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। নাইবা গ্লাছৰ মিউজিয়াত যি কেইগৰাকী ভালে কুশলে আছে তেওঁলোকক তেনেকৈয়ে থ’ব লগা গতিলে গৈ আছে৷ আৰু কেৱল ছোৱালীকে নহয় ঘৰৰ ল’ৰা সন্তানটোকো সু-শিক্ষা দিব লাগে, নাৰী শব্দটোক মাংসৰ টোপোলা বুলি ভবাতকৈ শ্ৰদ্ধাৰ চকুৰে চাব পৰাকৈ, দহজনী নাৰীক সহায় কৰিব পৰাকৈ সিহঁতো যেন আগবাঢ়ি আহে।
: হয় বাইদেউ আপুনি ঠিক কথাই কৈছে। জানিব বিচাৰোঁ বাইদেউ আপুনিয়েই নেকি সেই নাৰী যি নিৰ্য্যাতিত গৰাকীৰ আপোন কোনোবা? কওকচোন কেনেকৈ কি হ’বলে পালে। এইক্ষেত্ৰত আপোনাৰ অনুভৱ? কেনে আছে তেখেত। আমাক লৈ যাব পাৰিব নেকি নিৰ্য্যাতিতাৰ কাষলৈ!
এ বাকলি! ইহঁতক অকল মচলা লাগে। মুঠতে অনুভৱ মেইন। হ’লেই যেনিবা ৰেপ তাত অনুভৱটো কেনে হ’ব বুজাবলৈ নিৰ্য্যাতিতাজনীয়ে নিজক সেই মনোকষ্টটোৰ পৰা উলিয়াবলৈ যত্ন কৰক চাৰি, ভাবি ভাবি পগলা হে হ’ব কেনেকে কি হৈছিল বৰ্ণনা কৰিবলে গৈ৷ কাষত থিয়েটাৰ দিছ দে, অনুভৱ কিহ’লে লাগে ইহঁতক?
: হয় এখেত চিন্তাত পৰিছে। বুজিব পাৰিছোঁ মনৰ ধুমুহাখিনি। বাইদেউ এষাৰ কওক দৰ্শকসকলক যাতে নিৰ্য্যাতন কৰাজন সকলোৰে চকুত পৰে, প্ৰশাসনৰো সুবিধা হ’ব ধৰিবলৈ।
: ক’ব মানে লাগিবই ন? শুনক কেমেৰা পোনালেই যেতিয়া। আজি মানে আমাৰ তাইৰ গিৰিয়েকটো খুৰাহঁতৰ ঘৰৰ নতুন ভাড়াতীয়াজনীৰ লগতলৈ গুচি গ’ল। চাব দেই দুৰ্ভগীয়া তাই আজি বিচাৰি গ’ল কি কৰিলে, সিহঁতহালে গোট খাই চোতালতে দগৰাজাৰণ দিলে ন-কইনা আৰু পুৰণা দৰাই মিলি। খুৰাৰ পুতেকৰ চিঞৰ, “বৌ বেগাই আহক সৰ্বনাশ৷” তাকে চাবলে আহি অথনি আপোনাক বাটত পালোঁ। এতিয়া এয়া৷ চাওকচোন বাৰু ফেচবুক বা হোৱাট্চআপো নাই ক’ত মিলালে ইহঁতে অঙ্কটো। তাইক ঘৰলে আনি বুজালোঁঁ, “চা আই দুখ নকৰিবি সৱ মতা একেই পৃথিৱীত। মোৰটো হ’বপায় ভাল বুলি ভাবিছ৷ মোৰ চকু ডাঙৰ বাবেহে তাপ মাৰি আছে। এদিন বৰলে খাই চকুৰ বাদু ওলমি নেদেখা হওঁচোন, চাবি বপুৰাই কি কৰে মোক।”
“কাট কাট”
কেমেৰা অফ কৰিবলৈ সাংবাদিকৰ চিঞৰ।
: অ’ বাইদেউ সেইবোৰ কি বুজালে বাদ দিয়ক৷ ঘটনাটো আঁতিগুৰি মাৰি কওক কিহৰ পৰা কি হ’ল। মূল অভিযুক্ত ক’ত? নিৰ্য্যাতিতাগৰাকী ক’ত?
অফ কেমেৰা আকৌ অন হ’ল৷ সাংবাদিকজন আৰম্ভ পুনৰ,
: হয় এইটো এটা বৰ হৃদয় বিদাৰক কাহিনি। এয়া নিৰ্য্যতিতাৰ মাক। আমি জানিব পাৰোঁঁ নেকি আপুনি যাৰ বিষয়ে কৈছে তেখেতৰ বয়স , নাম……… ঘটনাটোৰ মূল কাৰণ কি?
ইই বাকলি এইপাতলে চা। ক’ত পঢ়িছিলি হেৰৌ সাংবাদিক। এডোখৰ অথনি শুনিয়েই স্ক্ৰিপ্ট নিজৰ মতে বনাই পেলালি।
: নিৰ্য্যাতিতা নাই নহয়। তাই ঘৰ এৰি গুচি গ’ল৷ নিজৰ হাজবেণ্ডৰে আৰু সতিনীজনীৰে দগৰা জাৰণ খোৱাৰ পিছত বেয়া লাগি তাইক লৈ গৈছিলোঁ দাদাহঁতৰ ঘৰৰ চকু কণাটোৰ ওচৰলৈ৷ স্বভাৱে চৰিত্ৰই গুণাকৰ সি৷ সেই তেতিয়াৰ পৰা মৰতী, সংকটৰ সময়ত সমষ্টিৰ বিধায়ক লুকোৱাদি যি লুকাল এতিয়ালৈ ঘৰ ওলোৱাহিয়েই নাই। কণাটোলে নেযায়। নামটো আলিয়া, বৰ কিউত তাই। পিচে মই জন্ম দিয়া মাক নহয় যদিও মৰমতে তুলিছিলোঁঁ৷
সাংবাদিক বেহুঁচ হওঁ হওঁ গতিলে গৈ আছে।
: বাইদেউ হয় কি তাই, কোন নো তেখেত?
: আমাৰ পোহনীয়া মেকুৰীটো। তইনো কোন বুলি ভাবিছিলি? ৰৌতে ঢৌ কৰি ফুৰাটো জাৰ্নেলিজমৰ পাঠ্যক্ৰমতে শিকা নে, এক্সট্ৰা কিবা সৰুতে শিকি আহিছিলি হেৰৌ? ফেচবুক হোৱাট্চআপ নকৰা বুলি কওঁতেই গম পাব লাগে। আজিৰ যুগত সিহঁত জীৱ জন্তুবোৰেহে সৈবোৰ নকৰাকে আছেগে। তাকো নেজানেনে? মূল অভিযুক্ত হাল আছে ধান খেৰৰ মেজিত নতুন সংসাৰ কৰি। সিহঁতৰে ফটোকে ল গৈ যা৷ মোৰ কাম ঢেৰ আছে।
কেমেৰামেনজন বহি আছে মূৰে কপালে হাত দি।সিজনে বটল এটাৰ পৰা কোট-কোটকে কিবা পি আছে। পানী নে সিবিধ নেজানো আই। তহঁতেহে পাৰ নি লোকৰ মাথা চোবাব। আমিও পাৰোঁ।
☆ ★ ☆ ★ ☆
4:53 pm
ভাল জাৰণ দিলে দেই।মজা…..