ফটাঢোল

গদ্য আৰু পদ্য-ৰক্তাভ কুমাৰ

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তেতিয়া তুংগত। এই অভাজনো ছাত্ৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ যোগ দি দিলোঁ এটি ছাত্ৰ সংগঠনত, লক্ষ্য সেৱা নিশ্চয়কৈ নাছিল; আছিল মাথো এটি বাব লৈ মহাবিদ্যালয়ৰ অন্য চাৰিজনতকৈ অলপমান বেছিকৈ গুৰুত্ব পোৱাটো। এনেই কিশোৰ মন, তাতে আকৌ সৃজনী বিদ্যা বুলি অকল মানুহৰ আগত দুআষাৰ ভালদৰে কথা ক’ব জনাৰ বাদে জীৱনত অন্য একোতেই পাৰদৰ্শিতা দেখুৱাই পোৱা নাই। মহাবিদ্যালয় সপ্তাহৰ তৰ্ক প্ৰতিযোগিতাত উদাত্ত কণ্ঠে এবাৰ বক্তৃতা দিয়া দেখি সেই সংগঠনটোৰ মহাবিদ্যালয়ৰ গোটে আমন্ত্ৰণ জনালে নিৰ্বাচনত প্ৰতিদ্বন্দিতা

Read more

মধ্যবিত্তৰ সপোন-নীলাক্ষী কাকতি

: মা মোক কঁঠালগুটি আৰু দুটা দিয়ানা৷ – পিংকুৱে মাক ইৰাক ক’লে৷ : এই দুটা ল৷ মোৰ ভাগৰপৰাই দিছোঁ৷ গাইপতি চাৰিটাকৈ দিছিলোঁ৷ কঠালগুটিৰ যিহে দাম! বাপৰে! কালি বজাৰৰপৰা এপোৱা ত্ৰিশ টকাকৈ আনিছিলোঁ৷ বজাৰখনত যেনিবা জুইহে লাগিছে৷ দাম সুধিবই নোৱাৰি বেপাৰীক৷ – ইৰাই ভাতৰ পাতত একান্তমনে ভাত খাই থকা গিৰিয়েক তপনক ক’লে৷ : তাকেই৷ যিকেইটাহে দৰমহা পাওঁ মাহৰ শেষলৈ টকাকেইটা নাথাকেই৷ পিংকু সোনকালে খা৷ আজি আমাৰ অফিচত মিটিং এখন আছে৷ সোনকালে অফিচ পাবগৈ লাগিব৷ তোক আকৌ স্কুলতো থ’ব লাগিব৷ – তপনে

Read more

ৰজাৰ বান পৰিদৰ্শন-ৰঞ্জিত কুমাৰ শৰ্মা

এখন দেশৰ পূব প্ৰান্তত থকা এখন ৰাজ্যত প্ৰতি বছৰেই বানপানী হয়৷ চৌদিশে প্ৰজাৰ হাঁহাকাৰ লাগে৷ প্ৰজাগণৰ দুখ-কষ্ট দেখি প্ৰান্তীয় ৰজাৰ বুকুৱেও হাঁহাকাৰ কৰি উঠে৷ আপেল-আঙুৰ, সোমৰস একোকেই খাবলৈ মন নোযোৱা হয় ৰজাৰ৷ প্ৰতি বছৰে ৰজাই বান পৰিস্থিতি পৰিদৰ্শন কৰে, বানৰ কবলত পৰা লোকৰ খবৰ লয়৷ বিভিন্ন প্ৰতিশ্ৰুতিও দিয়ে৷ কিন্তু বানপানীয়েহে ৰজা-প্ৰজাৰ দুখ বুজি নাপায়৷ প্ৰতি বছৰে আহিয়েই থাকে৷ কোনো কোনো বছৰতটো দুই-তিনিবাৰকৈ আহে৷  এবছৰৰ কথা৷ বৰদৈচিলাই মাকৰ ঘৰলৈ বিহু খাবলৈ যোৱাৰ দৰে পৰম্পৰা ৰক্ষা কৰি ৰাজ্যখনত বানপানীয়েও সংহাৰী ৰূপ লৈছে৷

Read more

কমপ্লেইন_নট টু এক্সপ্লেইন-মনোজ শৰ্মা

শইকীয়া ছাৰে দৈনিক বাতৰিখন হাতত লৈ জপনাখনৰ সন্মুখত ৰৈ  ইফালে সিফালে চাই আছে৷ ওপৰ মহলাৰপৰা এযোৰ তীক্ষ্ণ চকু তেখেতৰ ওপৰত নিবদ্ধ! “কি হৈছে? ইমান অস্থিৰ হৈ মানুহজনে কি চাই আছে? দেখা যাওক! নতুন আঁচনি ৰূপায়ণৰ নামত এইকেইদিন ক’ভিডক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই ইফালে সিফালে ঘূৰি বা অতিৰিক্ত কামৰ দোহাই দি অফিচৰ পৰাও পলমকৈ ঘৰলৈ উভতিছে৷” শইকীয়া ছাৰ কিন্তু সেই একেই আৱেগতে জপনাখনৰ সন্মুখতে ৰৈ আছে৷   “মানুহজন অস্থিৰ দেখা গৈছে যদিও বেলকনিৰপৰা সেই ত্ৰিশৰ ঘৰৰ অলপ ল’ৰামতীয়া তথা নতুনকৈ পৰিয়ালৰ দায়িত্ব

Read more

শৰ্মা ছাৰৰ আত্মকথন-সিদ্ধাৰ্থ শৰ্মা

(১) ক্লাছ এইটৰ কথা৷ তেতিয়াই বিপৰীত লিংগৰ প্ৰতি কিবা ভালপোৱা এটাই বৰ উকমুকনি দিয়ে। পৃথিৱীত ময়ে যেন ভাব হয়৷ এইখিনি সময়তেই চহী কৰিবলৈও শিকা হ’ল৷ এদিন কোনোবা ভাল লগা এগৰাকীয়ে কৈ দিলে তোমাৰ চহীটো বৰ ধুনীয়া। স্বৰ্গ ধৰালৈ নামিল। তাইৰ ভাল পোৱা জিনিবলৈ চহীটোৱেই মূল অস্ত্ৰ৷ ইয়াক আৰু সুন্দৰ কৰিব লাগিব৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধুনীয়া চহীটো কৰিবলৈ সাধনাত নমা হ’ল৷ বহী পাত কিতাপৰ চুক একো বাকী নাই৷ মুঠতে নৱবৰ্ষৰ গ্ৰীটিং কাৰ্ডত দুইলাইন লিখি সৰ্বশ্ৰেষ্ঠ চহীটো মাৰি তাইক দিম। অভ্যাস অনুশীলন ক্ৰমে

Read more

ৰক্ষকেই ভক্ষক-জয়ন্ত গগৈ

ক্লাচিক 350 বুলেটখন ষ্টেণ্ড কৰিয়েই ৰেয়াৰ ভিউ আইনাখনৰ ওচৰলৈ গৈ চুলিখিনিত বাওঁহাতৰ আঙুলি বুলাই ঠিক কৰি ল’লোঁ। কোনোবাই কথাটো মন কৰি আছে নেকি বুলি চাৰিওফালে চকু ঘুৰাওঁতেই শ্ৰীমতীয়ে মিচিকিয়া হাঁহি এটি মাৰি ক’লেই নহয়, – এঃ হ’ব হ’ব! কি যে মানুহটো আৰু! ইমান ষ্টাইলিচ! ফুলমাস্ক হেলমেট পিন্ধিলে চুলিৰ সন্মুখভাগ তালুৰ লগত লিপিট খাই যায় বাবেই হাতৰ আঙুলি বুলাই চুলিখিনি এটা ভাঁজত উফন্দাই ঠিক কৰি ল’লেহে মোৰ ভাল লাগে। নহ’লে কিবা এটা অশান্তি অনুভৱ কৰি থাকোঁ চুলিখিনিক লৈ। চুলিখিনিৰ বাবেইতো মোৰ

Read more

মূল্যহীন দেহ-কমলা দাস

চান্দনী ৰাত মে, একবাৰ তুযে দে…খা…হে, আজিৱ দাস্তা হে ইয়ে… কাহা চুৰু, কাহা খতম,  ইয়ে মঞ্জিলে হে কৌন চি… এনেদৰে এদিন খুব আনন্দ মনেৰে গান গাই গাই বাথৰূমত গা ধুই আছিলোঁ৷ আৰম্ভণিতে সুন্দৰ ৰোমাণ্টিক গানেই গাই আছিলোঁ। মানে যোৱা কেইদিনমান ধৰি মুখেৰে কেৱল ৰোমাণ্টিক গানেই ওলোৱা হৈছে। অ’ৰ এষাৰ, ত’ৰ এষাৰ গাই আছোঁ আৰু৷ সুন্দৰ সুন্দৰ মজাৰ গানবোৰ আনন্দ মনেৰে গাই থাকোঁতে কেতিয়ানো আহি বিষাদৰ গানত ধৰিলোঁ, গমেই নাপালোঁ। বিষাদৰ গান মানে একেবাৰে, “এক বাৰ হৰি বোলো মন ৰচনা, মানৱ

Read more

শিল-পি- মানসজ্যোতি বৰা

কথা নাই বতৰা নাই, একেকোবে নদীখনৰ কাষ পালোঁগৈ। কাঠৰ ভূৰ এখন আছিল পাৰতে বন্ধা। জাঁপমাৰি উঠিলোঁ আৰু মেলি দিলোঁ সোঁতত। ভটিয়নি সোঁতত ভূৰখন ভালদৰেই আগুৱাই গৈছে। চাৰিওফালে আৰণ্যক পৰিবেশ, ভাল লাগিছে! গছ-বনৰ মাজেদি আগবাঢ়িছে মোৰ ভূৰখন। অচিন চৰাই কিছুমানৰ কিচিৰ-মিচিৰ শব্দ। নদীখনৰ ওপৰলৈকে গছ-গছনিবোৰৰ ডাল-পাতবোৰ হাত মেলিলেই ঢুকি পোৱাত আছে। বনৰীয়া আঙুৰৰ লতাবোৰৰ পৰা কিছুমান আঙুৰৰ থোপা ওলমি আছে। তাৰে দুথোপামান ছিঙি মই মুখত ভৰাই গৈ আছোঁ এই নদীখনৰ সুন্দৰ পৰিবেশ চাই চাই।   মূৰৰ ওপৰত হঠাৎ এটা বান্দৰজাতীয় প্ৰাণীয়ে কেক-কেককৈ

Read more

মৰ্ণিং ৱাক-কনচেং বৰগোহাঁই

এইডোখৰত মানুহ-দুনুহ নেদেখি মুখাখন তললৈ নমাই থুতৰিত ৰাখিলোঁ যাতে দৰকাৰ হ’লেই, মানে মানুহ অহা দেখিলে পুনৰ নাকৰ ওপৰত লগাই ল’ব পাৰোঁ৷ মুখাখন আঁতৰাই কিমান যে ভাল লাগিছে, আহ্ উশাহ দুটামান ভালকৈ লৈ লওঁ৷ এই পুৱাৰ বেলি ওলোৱাৰ আগৰ সময়কণ মোৰ বৰ ভাল লাগে৷ এতিয়া এইঠাইডোখৰৰ ৰাস্তাৰ দুয়োকাষে নিমগছ আৰু মাজৰ ডিভাইডাৰডোখৰতো কিবা ফুল ফুলিছে৷ মুঠৰ ওপৰত পৰিবেশটো বৰ সুন্দৰ লাগিছে। তাতে এই সময়ছোৱাত ঠাইডোখৰত মানুহৰ আহ যাহ তেনেই সেৰেঙা৷ নিম গছকেইজোপা ইমান জোপোহা হৈ হালি পৰিছে যে  ৰাস্তাটো ক’লা ৰংটোৰ

Read more

ৰং-লোনা ডেকাবৰুৱা বৰা

– হেৰা, অহা সপ্তাহত আমাৰ মেৰিজ এনিভাৰচেৰি নাই জানো? – নাই জানো মানে! পাহৰিলা নে কনফিউজ হৈছা? – হেই, সব কথাতে কিয় উভতি ধৰা? কথাটো কৈছোঁহে। – অ’ আই, প্ৰশ্নবোধকটো দেখ দেখকে ওলাই পৰিছে, আকৌ বোলে কৈছেহে এখেতে। – এঃ তোমাৰপৰা মানে, ভাল কথা এটা ভাবি সুধিছিলো, পণ্ড কৰি দিলা। হাজৰিকা হাজৰিকানীৰ অহা সপ্তাহত বিশ বছৰীয়া বিবাহ বাৰ্ষিকী। এনেয়ে কোনো দিনেই তেওঁলোকে এইবোৰ পালন কৰি পোৱা নাই, কিন্তু এইবাৰ ঘৰৰপৰা প্ৰথম ওলাই গৈ হোষ্টেলত থাকি পঢ়া জীয়েকে কেতিয়াবাৰপৰাই কৈ আছে

Read more
1 21 22 23 24 25 72