মূল্যহীন দেহ-কমলা দাস
চান্দনী ৰাত মে,
একবাৰ তুযে দে…খা…হে,
আজিৱ দাস্তা হে ইয়ে…
কাহা চুৰু, কাহা খতম,
ইয়ে মঞ্জিলে হে কৌন চি…
এনেদৰে এদিন খুব আনন্দ মনেৰে গান গাই গাই বাথৰূমত গা ধুই আছিলোঁ৷ আৰম্ভণিতে সুন্দৰ ৰোমাণ্টিক গানেই গাই আছিলোঁ। মানে যোৱা কেইদিনমান ধৰি মুখেৰে কেৱল ৰোমাণ্টিক গানেই ওলোৱা হৈছে। অ’ৰ এষাৰ, ত’ৰ এষাৰ গাই আছোঁ আৰু৷ সুন্দৰ সুন্দৰ মজাৰ গানবোৰ আনন্দ মনেৰে গাই থাকোঁতে কেতিয়ানো আহি বিষাদৰ গানত ধৰিলোঁ, গমেই নাপালোঁ। বিষাদৰ গান মানে একেবাৰে,
“এক বাৰ হৰি বোলো মন ৰচনা,
মানৱ দেহেৰ গৌৰৱ কৰোঁ না!”
মানৱ দেহা মাটিৰ ভাণ্ড,
ভাঙ্গিলে হৈবে খণ্ড বিখণ্ড!!
ভাঙ্গিলে দেহা জোড়া লাগে না…
পালোঁগৈ৷
মনটোৰ কথানো কি কম! প্ৰতি মুহূৰ্ততে মোট সলায়। বিষাদৰ গান গাই গাই, অলপ আগতে ৰঙীণ হৈ থকা মনটোও কিবা গধুৰ হৈ পৰিল৷ চাবোন সানি সানি ভাবি থাকিলোঁ৷ মানৱ দেহৰ সঁচাকৈ একো ভৰষা নায়েই চাগৈ৷ নহ’লেনো গানৰ মাজেৰেও এনেদৰে বুজাই দিয়েনে! মানৱ দেহাটো তাৰ মানে মাটিৰ পাত্ৰৰ নিচিনা হে! যিটো ভাঙিলে জোড়া লগাব নোৱাৰাকৈ খণ্ড বিখণ্ড হৈ পৰে৷ তাৰ মূল্যই নোহোৱা হৈ পৰে৷ এই মূল্য নথকা দেহটো লৈয়েই আমি ইমান গৌৰৱ কৰোঁ! সোণ, ৰূপেৰে সজাই তৎ নেপাওঁ৷ আলমাৰী ভৰ্তি কাপোৰ থাকিলেও আৰু লাগেহে লাগে৷ বজাৰত নতুন ডিজাইন আহিবই নোৱাৰে। কেতিয়া কিনো, কেতিয়া কিনো কৈ মনটো লকলকাই থাকে৷ মোতকৈ বেলেগে ভাল কাপোৰ, ভাল ডিজাইনৰ পিন্ধিলে হিংসা লাগে। প্ৰতিটো নতুন ডিজাইনৰ গহণা কিনি আনি আলমাৰীত সজাই থ’বলৈ ভাল পাওঁ৷ (গাত চাবোন সানি থাকি মনটোৱে যেনি তেনি ঘূৰি ফুৰিবলৈ ধৰিলে।)
সঁচাকৈ মৃত্যুৰ পাছত দেহটোৰচোন একো মূল্যই নাথাকে৷ মৃত্যুৰ পিছত শৱটো পুৰিহে পেলায়৷ এই মূল্য নোহোৱা দেহটো তেতিয়া হ’লে ইমান যত্ন কৰি কিয় ৰাখিব লাগে? মৰাৰ পাছত পুৰি পেলাবলৈকে গাটোত ইমান তেল, চাবোন সানি চিকচিকিয়া কৰি ৰাকিব লাগেনে! ধেই, মৰাৰ পাছত ছাঁই হৈ যাবলৈকে ইমান চাবোন মাৰি থাকিবৰ একো দৰকাৰ নাই যাহ! বুলি ভাবি চাবোন সানিবলৈ বাকী থকা ভৰিখনত চাবোন নসনাকৈয়ে ভোলৰ জাবৰ থেকেচা মাৰি থৈ গাত পানী ঢালি বাথৰূমৰ পৰা ওলাই আহিলোঁ পুনৰ বেলেগ এটা গান গুণগুণাই,
যদি তোৰ ডাক শুনে কৈ নাই আসে,
তবে একলা চলোৰে….৷
☆ ★ ☆ ★ ☆
8:52 pm
সঁচাকৈ এইবোৰ সৱ মায়া-মোহ।
9:24 pm
দেহৰ ভৰষাই নাই,?
ধন্যবাদ জনালোঁ