ফটাঢোল

মৰ্ণিংৱাক – মনোজ নেওগ

ধনদাৰ মগজুত মাজে মাজে কিবা এটায়ে কামোৰে, আৰু তাৰ পিছতে ধনদায়ে মোক বখলিয়াবলৈ লয়৷ সদ্যহতে ধনদাক ’মৰ্ণিংৱাক’ নামৰ পোকটোৱে কামুৰিলে, এইকেইদিন সেয়েহে মই পলাইহে ফুৰিছো তেওঁৰ পৰা! পিছে সিদিনা পৰি গ’লো ফান্দত৷ সোধ নাই, পোচ নাই তেওঁ ক’লে- ’ব’ল, মৰ্ণিংৱাক কৰিম৷’ মই বোলো- ’ধেই!’ তেতিয়া আবেলি পাঁচমান বাজিছিল কিজানি৷ মোৰ ভেকাহি শুনি ধনদায়ে ক’লে- -গৰু, এতিয়া নহয় মৰ্ণিংৱাক ৰাতিপুৱাহে কৰে, কাইলৈ কৰিম৷ এতিয়া ব’ল, কিবাকিবি কিনি আনো বজাৰৰ পৰা৷ মই বোলো ভাল পাল্লাত পৰিলোঁ৷ একোবত ধনদায়ে ধৰিয়ে ল’লে নহয় মোৰ

Read more

মুম্বাই ডায়েৰী -মাধুৰ্য্য গগৈ

মায়ানগৰী মুম্বাইৰ এটা বিশেষত্ব, ’নাইট লাইফ’। মানে ৰাতিৰ জীৱন৷ হয়, আধা দিনটো ট্ৰেফিক জামত ফচি মানুহবোৰে ৰাতি অলপ এনজয় কৰিবই দিয়কচোন৷ এই ’নাইট লাইফ’ৰে এটা অন্যতম ব্যৱস্থা ’পাব’। বাহঁগছৰ পাব বুলি ভুলতেও নাভাবিব৷ এই ’পাব’ অৰ্থাৎ ডিস্ক’বোৰ হৈছে মুম্বাইৰ নাইট লাইফৰ অন্যতম আকৰ্ষণ৷ মুম্বাইলৈ অহাৰ পিছৰে পৰাই শ্ৰীমতীৰ ’পাব’ প্ৰীতি দিনক দিনে বাঢ়ি গৈ থাকিল৷ পিছে ময়ো এলা-পেছা ভকত নহয়তো৷ গতিকে এই ’পাব’ জাতীয় বস্তুবোৰৰ পৰা এওঁক আঁতৰাই ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছিলো৷ এনেকুৱা নহয় যে মই ’পাব’লৈ গৈ পোৱা নাই, বা ’পাব’ মই বেয়া পাওঁ৷ আচলতে

Read more

এযোৰ হেৰুৱা চেণ্ডেলৰ কাহিনী – গীতিকা শইকীয়া

ককাজনে দশমীৰ দিনা তেওঁৰ আপুৰুগীয়া হাৱাই চেণ্ডেলযোৰ হেৰুৱাই পেলালে৷ মানে ককাৰ বৰ্তমান হাহাকাৰ৷ মানসিক কষ্টত জীয়াই আছে৷ সেই দশমীৰ সন্ধিয়া কেইবাখনো পূজাথলীত অনাই বনাই ঘূৰি জেলেপীৰ দোকানবোৰত আধা ভঙা, গ্ৰাহকে কিনিব নোখোজা জেলেপীৰ টুকুৰাবোৰ ফ্ৰিতে মস্ত পেটটোত সুমুৱাই আৰু কেইবাদিনলৈ খাব পৰাকৈ নিজৰ লগত নিয়া মোনাখনত ভৰাই লৈ ঘৰলৈ উভতি আহে মানে কানি-মুনি বেলিকাই হৈ গ’ল৷ এনেয়ে থকাত সেই ৰাস্তাত গাড়ী-মটৰৰ সুবিধা আছে যদিও ককাই তেনেকৈ পইচা-পাতি খৰচৰ পক্ষপাতি নহয়৷ টকা-পইচা অনৰ্থক খৰচৰ ককাই মুঠেই সমৰ্থন নকৰে৷ অৱশ্যে অহা-যোৱা কৰোঁতে চিনাকি

Read more

চাৰ – নয়নমণি হালৈ

– চাৰ.. চাৰ ৰজনীৰ পেকেটটো খুলি তাত তুলসী পেকেট ঢালি এক বিশেষ ভংগীত মই মিশ্ৰণটো জোকাৰি আছিলোঁ৷ এনে সময়তে ল’ৰাজনে মোৰ ফালে চাই চিঞৰিলে৷ মই ওচৰে-পাজৰে ‘চাৰ’ৰ চেহেৰাৰ কোনজন মানুহকনো চিঞৰিছে চালোঁ৷ কিন্তু দেখাত দেখোন কোনো নাই৷ ই আকৌ চিঞৰিছে কাক! মোৰ ৰাতিপুৱাৰ পৰা সন্ধিয়া হয় অফিচত দহজনক চাৰ বুলি মাতোতে, ই আকৌ মোক চাৰ বুলি মাতিবনে! ইতিমধ্যে বাইকত ষ্টেণ্ডডাল দি ল’ৰাজন মোৰ কাষ পালেই৷ দেখাত পালোৱান যেন লাগিলেও বয়সত যে তেনেই ফুকলিয়া হৈ আছে ধৰিব পাৰি৷ নতুনকৈ গজা দাঢ়িকেইডাল

Read more

যাত্ৰা শুভ হওক – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘হেভ এ চেফ জাৰ্ণি…’ – ব’ৰ্ডিং পাছ দুখন হাতত লৈ মই নৰহৰি দাৰ ওচৰ পালোঁ৷ ‘কি ক’লে ও সেইজনীয়ে হাঁহি মাৰি?’ ‘নাই, হেপী জাৰ্ণি দিছে৷ আৰু এয়া লোৱা তোমাৰ টিকেট৷ এইখন দেখুৱালেহে তুমি ফ্লাইটত সোমাব পাৰিবা৷’ এক গভীৰ প্ৰশান্তিত উজ্জ্বল হৈ উঠা নৰহৰি কাইৰ দুচকুত জিলিকি উঠিল ব’ৰ্ডিং পাছখন৷ ‘বহুদিনৰ আশা আছিল উৰাজাহাজত উঠি চোৱাৰ, আজি পূৰণ হ’ব!’ -ফুচফুচাই ক’লে মোক। নৰহৰি কাই আমাৰ একে গাঁৱৰে৷ সৰু গেলামালৰ দোকান এখন আছে তেওঁৰ৷ পঞ্চাশোৰ্ধৰ নৰহৰি কায়ে বিয়া বাৰু কৰোৱা নাই৷ নাৰীজাতিৰ

Read more

ফটা-আপদীয়া পদ্য – হেমেন ডেকা

১) সুৰাময় সন্ধিয়াৰ আছে মাদকতা সুখ-সন্ধানী দৃষ্টিত কি যে আকুলতা ভজা বুট-কেঁচা জলকীয়া অকণমান নিমখো দিয়া তেতিয়াহে কলিজাত পাম সজীৱতা৷   ২) সেইবিধ খালে দুখ নিমিষতে দূৰ বেসুৰা গীততো যে বিচাৰি পাওঁ সুৰ পলাতক নক’ব কিন্তু ঘৰত মতা নাম জাণ্টু আনন্দৰ বৰষা নমাওঁ হুৰ হুৰ৷   ৩) নিশা নামিলে আহে যেন একোটা হাতী নিতৌ যুঁজিবলৈ যুগুত কৰোঁ শকতি ঘৰে-বাহিৰে সৱতে দেখোঁ দুখ বজাৰত কিনিব নোৱাৰোঁ সুখ সেয়েহে সন্ধিয়া হ’লেই গিলোঁ এঘটি৷   ৪) জয়াল জলাশয়ৰ তেৰা ৰাঘ-বৰালি শাল-শ’লৰ লগতহে কৰে

Read more

অসমীয়া গালি-শপনিবোৰ – বিজয়া বৰুৱা

সংস্কৃতি হ’ল মানুহৰ সামাজিক আচৰণৰ মূৰ্ত প্ৰকাশ৷ সংস্কৃতিৰ এটা ভাগ হ’ল লোক-সংস্কৃতি৷ অসমৰ লোক-সংস্কৃতিৰ পথাৰখন অতি সাৰুৱা৷ অসমীয়া সমাজ জীৱনত বিভিন্ন অঞ্চলত প্ৰচলিত গালি শপনিবোৰৰ লোক সংস্কৃতিত এক সুকীয়া স্থান আছে৷ এই গালি শপনিবোৰৰ আৰম্ভণি ক’ত কেনেকৈ হ’ল তাক কোৱা টান৷ গালি শপনিবোৰৰ মূল আধাৰ হ’ল কাজিয়া৷ কাজিয়া নকৰিলেও ’গোৱাল গালি’ৰ প্ৰচলন আমাৰ সমাজত আছে৷ অসমীয়া সাহিত্যতো কাজিয়াৰ বৰ্ণনা পোৱা যায়৷ পৌৰাণিক সাহিত্যত ইয়াৰ বৰ্ণনা আছে৷ মহাপুৰুষ শংকৰদেৱৰ “পাৰিজাত হৰণ“ত শচী আৰু সত্যভমাৰ কাজিয়া, “চোৰধৰা পিম্পৰা গুচোৱা“ত যশোদাই গুৱালিনীসকলক উদ্দেশ্যে

Read more

ডিগ্নিটী অৱ লেবাৰ – পাৰ্থ প্ৰতিম বৰকটকী

অৰ্ণৱ, তোমাক ছাৰে মাতিছে৷ কিয়? কিয়, মই কেনেকৈ জানিম! মোৰ কাম আছে, মই যাওঁ৷ হ’ল আৰু৷ অৰ্ণৱৰ মূৰটো এনেই গৰম হৈ থাকে, তাতে এই ছাৰৰ নিমন্ত্ৰণ পালে উতলি উঠে৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ কণা বিধিৰো যদি হৃদয় বোলা অংশবিধ কেনেবাকৈ ক’ৰবাত আছে, এই ছাৰৰ নাই৷ ছাৰ, সোমাইছোঁ৷ আৰে, অৰ্ণৱ৷ আহা, আহা৷ এই কেবিনৰ হাস্যবদন আৰু প্ৰফুল্লচিত্তৰ আদৰণি আৰু সিহঁতৰ ঘৰৰ কাষৰ থানখনত বলি দিবলৈ অনা ছাগলীটোক মানুহে কৰা শুশ্ৰূষাৰ মাজত অৰ্ণৱে কোনো পাৰ্থক্য বিচাৰি নাপায়৷ ছাৰ,

Read more

ভুল-ভুলইয়া – অভিজিত কলিতা

মূল অসমীয়া লিখনি- ডেৱিড্ ডেটচ্ বজৰুৱা, নষ্টযোৱা অসমীয়া ভাষালৈ অনুবাদ- নিম্ন-স্বাক্ষৰকাৰী জ্ঞান-বুদ্ধিবিহীন অসমবাসী ৰাইজ! আপোনালোকে জানেই যে, মোৰ দৰে বুদ্ধিমান, সৰ্বগুণাকৰ, সৰ্বজ্ঞানী, ত্ৰিকালজ্ঞ, আৰু সচেতন লোক এই অসমতে নেলাগে, এই ভূ-ভাৰস্ততে নাই৷ আপোনালোকে আৰু জনা উচিৎ যে, অসম তথা সমগ্ৰ মানৱজাতিৰ বাবে, কি ভাল, কি বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, এইবিলাক নিৰ্ণয় কৰাৰ সমগ্ৰ দ্বায়িত্ব মই Usurp (ইউজাৰ্‌প্; আজিকালি “জহনীত যোৱা, মাউৰত মৰা“ সংবাদ মাধ্যমে লিখাৰ দৰে আচাৰ্প নহয়) কৰিছো আৰু সেইমতে সকলোকে দিক্ (ডিক নহয়, সেইটোৱে বেলেগ অৰ্থ বুজাব)

Read more

হলকান্ত অভিধানৰ আঁত ধৰি – পল্লৱী হাজৰিকা

হলকান্ত অভিধানৰ নাম শুনিছেনে…? যদি শুনা নাই আজি মই হলকান্ত অভিধানৰ কথা ক’ম শুনিব… হলকান্ত সভাপণ্ডিতৰ “ হলকান্ত অভিধান “ ৰ প্ৰেমত মই ভালকৈয়ে পৰিলো৷ আচলতে মই ইমান সহজে কাকো ভাল বুলি নকওঁ আৰু কাৰো প্ৰেমত সহজে নপৰো৷ কিন্তু ”হলকান্ত অভিধানৰ “ প্ৰেমতনো পৰিলো কেনেকৈ? ইয়ো এটা ডাঙৰ কাহিনী৷ প্ৰথমতে সেইটো কথা কৈ লওঁ৷ মই ব্যাকৰণত বৰ গাধা৷ বিশেষ্য কি…বিশেষণ কি…তাৰ উত্তৰ যদি কোনোবাই বিচাৰে মই উলোটাই প্ৰশ্ন কৰো খৱৰ ভালনে? বাক্য ৰচনা কৰা…জটুৱা ঠাঁচ এইবোৰ মোৰ বাবে একোটা বিয়াগোম

Read more
1 8 9 10 11 12 42