ফটা-আপদীয়া পদ্য – হেমেন ডেকা
১)
সুৰাময় সন্ধিয়াৰ আছে মাদকতা
সুখ-সন্ধানী দৃষ্টিত কি যে আকুলতা
ভজা বুট-কেঁচা জলকীয়া
অকণমান নিমখো দিয়া
তেতিয়াহে কলিজাত পাম সজীৱতা৷
২)
সেইবিধ খালে দুখ নিমিষতে দূৰ
বেসুৰা গীততো যে বিচাৰি পাওঁ সুৰ
পলাতক নক’ব কিন্তু
ঘৰত মতা নাম জাণ্টু
আনন্দৰ বৰষা নমাওঁ হুৰ হুৰ৷
৩)
নিশা নামিলে আহে যেন একোটা হাতী
নিতৌ যুঁজিবলৈ যুগুত কৰোঁ শকতি
ঘৰে-বাহিৰে সৱতে দেখোঁ দুখ
বজাৰত কিনিব নোৱাৰোঁ সুখ
সেয়েহে সন্ধিয়া হ’লেই গিলোঁ এঘটি৷
৪)
জয়াল জলাশয়ৰ তেৰা ৰাঘ-বৰালি
শাল-শ’লৰ লগতহে কৰে মিতিৰালি
গপত ওফন্দি থাকে সদায়
পাৰেমানে জয়ঢোল কোবায়
পুঠি-খলিহনাৰ আগত মাৰে দম্ভালি৷
☆★☆
5:41 pm
আপোনাৰ কবিতা ফটাঢোলৰ সম্পদ। বৰ ভাল লাগে
9:29 pm
মজা, হেমেন ৷ লিখি থাকা ৷ তীয্যক ব্যংগৰে ভৰপুৰ তোমাৰ কবিতা বোৰ!