ফটাঢোল

অখিলৰ কল – বৈদুৰ্য্য বৰুৱা

অসহ্য গৰমৰ পৰা কিছু হ’লেও মুক্তি পোৱাৰ দৰে লাগিছে৷ ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিললৈ দিনকেইটা মুটামুটি ঠিকেই আছে৷ কিন্তু এই মে’ৰ পৰা আগষ্ট লৈকে দিনকেইটা মই বৰ এটা ভাল নাপাওঁ৷ বিশেষকৈ জুনৰ পৰা আগষ্ট লৈকে মহা অশান্তি৷ পিছে অকল মই কিয়; কোনেও এইকেইটা দিন পচন্দ নকৰে৷ ঘৰত অকলে আছিলো৷ দুদিন হ’ল৷ পৰিয়াল গ’ল মাক আৰু মোমায়েকৰ ঘৰলৈ৷ বিয়া এখন আছে৷ মই ব্যস্ততাৰ বাবে নগ’লো৷ গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খিচিৰিয়েই চলিছে৷ খিচিৰিৰ কাৰবাৰটো সহজ পাওঁ৷ চাউল, ডাইল, আলু, কচু, নিমখ, হালধি য’ত

Read more

ইনফেকচ্যন – উৎপলা কৌৰ

শইকীয়াই কাক কাক যে কোৱা নাই, কাক কাক যে অনুৰোধ কৰা নাই আজি নমাহে। ক’তনো নমাহ? ডাক্তৰে ভাল খবৰটো দিয়াৰ পৰাই আচলতে অনুসন্ধান, মানুহক অনুৰোধ কৰাৰ পৰ্বটো আৰম্ভ হৈছিল। কিন্তু পোৱা জানো ইমান সহজ? অফিচৰ পিয়ন, অফিচৰ বাহিৰত চাহ বেচা দোকানী, অফিচ সৰা-মোচা কাম কৰিবলৈ অহা বাইগৰাকী, যিমান চিনাকি ড্ৰাইভাৰ, পিয়নজাতীয় গ্ৰাম্যমূলৰ মানুহ আছে সকলোকে দেখিলেই ক’য় শইকীয়াই। কেইজনক হাজাৰ-বাৰশ টকা দিলেও গাঁৱলৈ গৈ বিচাৰিবলৈ। অনাৰ পাছত আকৌ উপহাৰৰ টোপ! কিন্ত্ত নাই। দৰৱত দিবলৈও নাই। সকলোৰে উত্তৰবোৰ এনেকুৱা, বোলে ইমান দূৰলৈ নাহে, স্কুলতে আজিকালি

Read more

পেডেল মাৰি মাৰি… – তৃপ্তি বৰা

লেভেন্দাৰ ফুলবোৰৰ মাজে মাজে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন উৰুৱাই গৈ আছে। সি বিমুগ্ধ দৃষ্টিৰে তাইক অনুসৰণ কৰিছে। লেভেন্দাৰৰ মিঠা সুবাস আৰু ৰিব ৰিব বতাহ জাকে ৰোমাণ্টিক কৰি তুলিছে পৰিবেশটো। দুয়ো চঞ্চল হৈ পৰিছে। এপাকত তাই বতাহত এৰি দিলে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন। বতাহত উৰি আহি দুপাট্টাখনে সাৱটি ধৰিলেহি তাৰ গালে মুখে…. : এনেকৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।পঢ়া শুনাৰটো নাম গোন্ধই নাই।হেৰৌ সময়মতে কলেজখনলৈকে যাচোন…. মাকৰ বকনি আৰু হাত সমানে চলিল।বকি বকি দেবু শুই থকা বিছনাখনৰ আঠুৱাখন খুলি দিলে। আঠুৱাখনে তাৰ

Read more

ধৌখা – মণিষা কাকতি

অৱশেষত সেই দিনটো আহিছিল৷ কলেজীয়া জীৱনত প্ৰথমটো খোজ পেলোৱাৰ দিন৷ নতুন কলেজ, নতুন উদ্যম, নতুন পৰিবেশ, নতুন কিছুমান মুখ.. মুঠতে কিবা এটা অবুজ ভাললগা ভাৱে সেইদিনা মোৰ চাৰিওফালে ক্ৰীড়া কৰিবলৈ ধৰিছিল৷ সময় যোৱাৰ লগে লগে অনুভৱ কৰিছিলোঁ, স্কুলীয়া জীৱনৰ সজাত বন্দী পখীটি যেন এতিয়া মুকলি আকাশৰ বুকুত দূৰ-দিগন্তলৈ উৰা মাৰিছে নতুনত্বৰ দানা বিচাৰি৷ মনৰ আনন্দত উলাহে নধৰা হিয়া.. যেন উৰিয়েই থাকিম, উৰিয়েই থাকিম.. হেঁপাহ নপলোৱালৈকে৷ কলেজৰ ক্লাছৰুম, জিৰণিকোঠা, কেণ্টিনৰ বতাহত যেন কোনোবাই কিবা মিহলাই দিছিল আৰু তাৰ বেৰবোৰে নতুনকৈ প্ৰাণ

Read more

মেটামৰফছিছ অৱ মিছ দুৰ্গা এণ্ড কোম্পানী – গীতিকা শইকীয়া

শাৰদীয় দুৰ্গা পূজাৰ মণ্ডপবোৰ চালে চকু ৰোৱা হৈ পৰিছে। কোনেও কাকো বেছি ভাল হ’বলৈ নিদিয়াৰ কম্পিটিশ্বনত পৰি প্ৰত্যেকখন মণ্ডপেই আটকধুনীয়া হোৱা দেখা গৈছে। সেইদৰে দেখা গৈছে ৰংচঙীয়া দেৱী দুৰ্গাৰ মূৰ্ত্তি তথা আন আন দেৱ-দেৱতাৰ মূৰ্ত্তিবোৰ। শাৰী, ধুতী আৰু বিভিন্ন আ-অলংকাৰেৰে মূৰ্তিবোৰো ব্ৰাইট এণ্ড বিউটিফুল। পিচে দেৱী দুৰ্গাৰহে মন বৰ মুকলি নহয়। বেষ্ট ফ্ৰেইণ্ড সৰস্বতীয়ে কথাটো অনুভৱ কৰি সুধিয়েই পেলালে কি হ’ল বুলি। ’আজি কালি এই শৰতৰ সময়ত মৰতলৈ আহিবলৈ মনেই নাযায় দেখোন! সকলোফালে কেৱল আৰ্টিফিচিয়েল কাণ্ড-কাৰখানা। অৱশ্যে মোৰ নামত, আই

Read more

চিত্ৰগুপ্ত সংবাদ – দেবজিৎ শইকীয়া

(দিনৰ ১১ বাজিছে৷ যম ৰজাৰ অফিচৰ বাহিৰত কোলাহল৷ চিত্ৰগুপ্ত কম্পিউটাৰত ব্যস্ত, যম ৰজাৰ আসন খালী।) চিত্ৰ:- আস নোৱাৰি আৰু দেই৷ কেৰাণী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে? (এনেতে ঘামি-জামি যমৰাজ সোমাই আহে৷ ) যম:- উফ নকবা বুজিছা, অলপ দেৰিহৈ গ’ল৷ চিত্ৰ:- দেৰি মানে? এঘাৰ বাজিল, এইটো আপুনি কি অসমৰ চৰকাৰী কাৰ্যালয় বুলি ভাবিছে নেকি? ২৪×৭ অফিচ হয় এইটো, ইমান দেৰিকৈ আহিলে মই অকলে কেনেকৈ কাম চলাম কওকচোন? আৰু মই টেট পাছ কৰা নাই নহয় যে, অকলেই এখন এল পি

Read more

মণিকুন্তল(তৃতীয় খণ্ড) – গীতাশ্ৰী কলিতা

দ্বিতীয় খণ্ডত: “মণিৰো মন গলিছে। মনতে ভাবিছে এইবাৰ চাপৰিৰ পৰা আহিলে কুন্তলক মনৰ কথা কব লাগিব। কিন্তু ভবা মতেই সকলোবোৰ নহয়, তাৰ আগতেই সম্পৰ্কীয় নবৌয়েকৰ ককায়েক প্ৰভাতৰ ঘৰৰ পৰা মণিলৈ বিয়াৰ প্ৰস্তাৱ আহিল। চহৰত চাকৰি কৰা ল’ৰা, তাকো চিনাকি পৰিয়ালৰ। ঘৰৰ মানুহে না কৰাৰ কথাই নাহে। মণিৰ অলেখ আপত্তিৰ পাছতো বিয়া সিদ্ধান্ত হ’ল প্ৰভাতৰ লগত। তেনেতে ঘটিল এক ঘটনা, যাৰ পাছত প্ৰভাতে বিয়াৰ কথা নাকচ কৰিলে। হয়তো ভগৱানে হতাশাগ্ৰস্ত মণিৰ কপালত আন কিবাহে লিখি থৈছিল।”   মণিকুন্তল-গীতাশ্ৰী কলিতা   কুন্তলৰ

Read more

লাভ লেটাৰ: ফাৰ্ষ্ট টু দ্যা লাষ্ট – দিম্পল কলিতা

প্ৰতি, হ’ব লগা মানুহজনী মাকৰ ঘৰ, গৈ নোপোৱা গাওঁ৷ বিষয়: প্ৰেম নিবেদনৰ আবেদন পত্ৰ মৰমৰ, মৰমৰ তুমিজনি৷ চিঠিৰ ভাজত গৰমে গৰমে পঠোৱা মৰমবোৰ ল’বা৷ দুই এদিনৰ পিছত আমাৰ দুয়োৰে নামত দিম্পল উইদচ ………বুলি বিয়াৰ চিঠিয়ে ওলাব৷ গতিকে এই সময়ত ঘৰ কা মুৰ্গী ডাল বৰাবৰ বুলি ভাবি চিঠিখন নপঢ়াকে নাথাকিবা৷ প্ৰেম পত্ৰ লিখি টেণ্ডাৰ পেলোৱা হেবিট একেবাৰে নাই, আগতে যি দুই এখন কাৰোবাক দিছিলো যদিও আনে লিখা কপি পেষ্ট হে কৰিছিলো৷ ৷ “সাগৰৰ পানী যিমান তোমালৈ মোৰ মৰম সিমান, তুমি যদি

Read more

ভেড়াছাগলী আৰু কুকুৰনেচীয়া বাঘ – মূল কাহিনীঃ হৰিশংকৰ পৰছাই (অনুবাদ: পূৰৱী কটকী)

এবাৰ এখন হাবিত পশুবোৰে অনুভৱ কৰিলে যে, তেওঁলোক সভ্যতাৰ উচ্চ শিখৰত অবস্থান কৰিলে৷ য’ত তেওঁলোকে এটা ভাল শাসন ব্যৱস্থা স্থাপন কৰিব লাগে৷ আৰু তাত সকলোৰে একমতত নিৰ্দ্ধাৰিত কৰা হ’ল যে বন-প্ৰদেশত প্ৰজাতন্ত্ৰ স্থাপন কৰা হওক৷ কথামতেই শীঘ্ৰেই এখন সমিতি গঠন কৰি বিধান মতে পঞ্চায়ত নিৰ্মাণৰ ঘোষণা কৰা হ’ল৷ য’ত বনৰ সমূহ পশুৰদ্বাৰা নিৰ্বাচিত প্ৰতিনিধি থাকিব, যি বন-প্ৰদেশৰ বাবে আইন আৰু শাসন কৰিব৷ পশুসমাজত এই “ক্ৰান্তিকাৰী“ পৰিবৰ্তনৰ পৰা আনন্দৰ জোৱাৰ উঠিল৷ কাৰণ সুখ, সমৃদ্ধি আৰু সুৰক্ষাৰ যেন স্বৰ্ণযুগ আহিবলৈ ধৰিছে৷ যিখন

Read more

মধুমিতাৰ হাঁহি – নয়নমনি হালৈ

কেইমাহমান আগতে মোৰ শাহুআয়ে এটা ম’বাইল ফোন ল’লে৷ নতুন ফোন, নতুন নং৷ গতিকে খুলশালী আৰু চিৰচেনেহী মোৰ ভাষা জননী, অহ ছ’ৰি, চিৰচেনেহী মোৰ পত্নী জনীয়ে মোৰ লগত অলপ ধেমালী কৰাৰ মানস কৰিলে৷ কাজেই সংসাৰবোৰত এতিয়া ধেমালী-ধুমুলা নোহোৱা হৈ পৰিছে৷ কি পত্নী, কি পুত্ৰ সকলো মায়া এই ‘মুখপুথি’ৰ ওচৰত হাৰ মানি গৈছে৷ সেইবাবেই হয়তো গতানুগতিকতা এৰি অলপ মোৰ লগতেই ধেমালী কৰোঁ বুলি ভাবিলে৷ কিন্তু ইয়াৰ মাজত যদি ‘কেঁচু খান্দি সাপ উলিওৱা’ৰ দৰে কিবা ন্যস্ত স্বাৰ্থ আছিল, তেন্তে সেয়া মোৰ সৰলচিতীয়া মানুহটোৱে

Read more
1 15 16 17 18 19 42