লাভ লেটাৰ: ফাৰ্ষ্ট টু দ্যা লাষ্ট – দিম্পল কলিতা
প্ৰতি,
হ’ব লগা মানুহজনী
মাকৰ ঘৰ, গৈ নোপোৱা গাওঁ৷
বিষয়: প্ৰেম নিবেদনৰ আবেদন পত্ৰ
মৰমৰ,
মৰমৰ তুমিজনি৷ চিঠিৰ ভাজত গৰমে গৰমে পঠোৱা মৰমবোৰ ল’বা৷ দুই এদিনৰ পিছত আমাৰ দুয়োৰে নামত দিম্পল উইদচ ………বুলি বিয়াৰ চিঠিয়ে ওলাব৷ গতিকে এই সময়ত ঘৰ কা মুৰ্গী ডাল বৰাবৰ বুলি ভাবি চিঠিখন নপঢ়াকে নাথাকিবা৷ প্ৰেম পত্ৰ লিখি টেণ্ডাৰ পেলোৱা হেবিট একেবাৰে নাই, আগতে যি দুই এখন কাৰোবাক দিছিলো যদিও আনে লিখা কপি পেষ্ট হে কৰিছিলো৷ ৷ “সাগৰৰ পানী যিমান তোমালৈ মোৰ মৰম সিমান, তুমি যদি কোৱা জোনটো আনি দিম, তৰাবোৰ দলিয়াই দিম, আকাশ ফালি দিম জাতীয় কথাবোৰ বা তুমি মোৰ পিয়াহৰ দমকল, ভোকৰ ভিমকল, ঠাণ্ডা দিনৰ কম্বল“ এইবোৰ সকলোৱে একেই লিখে গতিকে তোমাৰ পুৰনা অমুক দা তমুক দাৰ দৰে ময়ো আকৌ একে সোপাকে লিখিছো বুলি ভাবিব পাৰা বুলি নিলিখিলো৷ যি কি নহওক দুই এটা আখৰ পলিও বেমাৰ লগা দৰে হ’ব পাৰে তুমি বুজি লয় পঢ়ি ল’বা৷ চিঠিখন মোৰ দেহৰ কেঁচা তেজেৰেই লিখি পঠাব মন আছিল কিন্তু যোৱা সপ্তাহত মোৰ এক্স গৰাকীৰ মাকক ব্লাড দিৱ লগিয়া হোৱাত নিজৰ তাত পৰিমাণতো কম আছে বাবে নিলিখিলো বেয়া নাপাবা৷
প্ৰিয়তমা, তোমাৰ ভাল চাগে, চৰকাৰৰ কৃপাত আমাৰ ঘৰতো সকলোৰে ভালেই৷ কালি ভাতৰ পাতত তোমাৰ কথা ওলাইছিল৷ মা য়ে তোমাৰ চুলি সৰি থকা কথাতো কিবাকৈ গম পালে৷ মা য়ে কৈছে বোৱাৰীৰ সৰি যোৱা চুলিবোৰ সাঁচি ৰাখিব কবি, আজিকালি বোলে বেপাৰীয়ে সেইবোৰ লৈ তাৰ বিনিময়ত ধুনীয়া এলুমিনিয়ামৰ কাঁহি বাতি দিয়ে বোলে৷ এনেকে হ’লে বিয়াৰ পিছত আমাৰে কামতে আহিব দিয়াচোন৷ আগৰ কেইগৰাকীৰ নামত বহুত টকা উৰুৱালো সেয়ে এতিয়া ৰাহি কৰিব শিকিছো৷
মৰমজান, তুমি সঁচাই আগৰ জীৱনত বহুত ভাল কাম কৰিছা বুলি মোৰ দৃঢ় বিশ্বাস আছে নহ’লেনো আৰু মোৰ দৰে ইমান হেন্দচাম, ইচমাৰ্ট ল’ৰা এটা পোৱানে? তুমি মোৰ জীৱনত অহাৰ আগতে কৰা প্ৰেম বোৰ এক সাথঁৰ, এক অবিশ্বাসী শব্দহে আছিল, কিন্তু এতিয়া প্ৰেমক বুজিব শিকিছো৷ জীৱনত এটা বছৰতে তিনি চাৰিজনীয়ে এৰি যোৱাৰ পিছত মই ল’ৰাজন বৰ ভাগি পৰিছিলো৷ কিন্তু এতিয়া কঠালৰ এঠাৰ দৰে তোমাৰ ভালপোৱাই কলিজাখন জোৰা লগালে৷ তুমি যিমান খিনি মোৰ পৰা আশা কৰা সিমান খিনি মই সুখী কৰি তুলিব পাৰিম নে নাই চিন্তাত ভাত পানীৰ পৰিমাণ কম, আৰু ডাইবেটেছ ৰোগীৰ দৰে কামফেৰাৰ পৰিমাণ বাঢ়িব ধৰিছে, সেইখিনিলে ঠিকে থাকে কিন্তু যেতিয়া কিছুমান ঠাইত মুখেৰে মাতটো ওলিয়াই কামফেৰা কৰিব লাগে মানুহে ঘূৰি ঘূৰি চাই, , কিনো কৰিম সৰুৰে পৰা অভ্যাস “চি..চি“ বুলি নোকোৱালৈকে স্বাধীন নোপোৱাতো৷
তুমি চিন্তা নকৰিবা, বিয়া নকৰালেও ৰভা তলিত বঢ়ি পাইছো, গাৱঁৰ আটাইবোৰ সমনীয়াৰ মই চৰকাৰী ছাতি ধৰা সখীৰ দায়িত্ব লৈ লৈ এতিয়া বামুণৰ মন্ত্ৰ পৰ্য্যন্ত মুখষ্ট কৰি পেলাইছো, গতিকে প্ৰেমৰ শিখৰতম জখলাডাল বগাই মই তোমাৰ গাত গোলাপৰ কোমল পাহি ছতিয়াব পাৰিম বুলি বিশ্বাস আছে৷ অ’ শুনিছে বা অমুকৰ দেউতাক শুনিছে বুলি মাতিবলৈ প্ৰেকটিচ কৰি ল’বা৷ পিছে “হেৰি শুনিছে” বুলি নামাতিবা৷ “হেৰি” শব্দতো অসমীয়া গানত শুনিহে ভাল লাগে৷
অ’ মৰমী, সেইদিনা লাডেন আছিল পলাই গৈ পাকিস্তান, তোমাক পিছে পলাই লয় যাম ৰাজস্থান আকৌ শুনিলো৷ সেই গানটো আমাৰ অতীতৰ কথাবোৰ সজীৱ হৈ আছে নহয় নে? মৰমজান, তুমি বোলে ফেচবুকৰ ফটাঢোল বুলি হাস্য ব্যংগ গোটত খুব কমেডি লিখা৷ চাবা আকৌ ফটাঢোলৰ বুঢ়া মখাক মই ভালদৰে জানো৷ তেওঁলোকে তোমাক মোতকৈ বেছিকৈ মৰম কৰে বুলি নাভাবিবা, তেওঁলোকৰ বয়স হৈছে যে ভৰি আৰু মন ধুনীয়া দেখিলেই অত তত পিছলিয়েই থাকে৷ তুমি এটা দুৰত্ব বজাই ৰাখিবা৷ বিয়াত সকলোকে মাতিবা বাৰু কিন্তু উপহাৰ দিওতে অলপ চাই চিতি ল’বা, দুনীয়াৰ চিকটা কেইটা তাতেই আছে৷ কোনে কি দিছে ডাঙৰ পেকিংত কি ভৰাই দিব একো পাত্তা নাই৷ পিছত লেবেল দিব ……… অমুক দিলে বুলি৷
বিয়াত আমি কাকতি দা, দিগন্ত দা, বিজয় দাক সেৱা এটি কৰিব লাগিৱ দুয়োজনে-এনে মানুহৰ আৰ্শীবাদ কামত নাহিলেও শনী নাইকিয়া কৰাত কামত আহে বোলে৷ বাকি সকলো ঠিকে ঠাকে হৈ গলেই হ’ল আৰু, মাত্ৰ তোমাৰ আগৰ আচিকটোক বিয়াত জেনেৰেটৰতোৰ ওচৰত বনাই দিয়া ষ্টেজত গান গাবলৈ বা আই পি এলৰ চিয়েৰ লিৰ্ডাচৰ দৰে নাচিবলৈ নিমন্ত্ৰণ দিব নাপাঢ়ৰিবা৷ বাকি মহিলা সমাজক মই য়ে লগত নিম দিয়া৷ জোৰোণত তেওঁলোক গ’লে তোমাৰো ভাল লাগিব৷ অ শুনাচোন জোৰোণত তোমাৰ লগৰ পৰীক ৰঙা ৰঙৰ পাটৰ কাপোৰযোৰ পিন্ধি আহিব দিবাচোন, তাইক সেইযোৰ সাজেৰে বৰ মৰম লাগে৷ সেই দিনতো সোনকালে আহঁক৷ মোৰ আকাশৰ জোনতিৰ ওচৰত তৰা বোৰে ওমলক৷ সেইয়া অপেক্ষা৷ দেউতা মা লৈ মোৰ সেৱা জনাৱা সোণৰ আঙূঠি দুটা আৰু চেইনদাল অকন ভালকে দিব কবা,
চিঠিৰ উত্তৰ দিবা৷
আজিলৈ আহো৷ এজনীয়ে অথনিৰ পৰা মিচকল দি আছে৷ এতিয়াৰ পৰা সকলো শেষ বুলি তাইক জনাই দিও ৰ’বা৷ তুমিও ম’বাইলৰ পৰা পুৰণি কণ্টেকবোৰ ডিলিটাই দিবা৷ ফেচবুকতো তোমাৰ নামৰ পিছত মোৰ উপাধি দি নতুন একাউণ্ট এটা খুলি ল’বা নহ’লে তোমাৰ পুৰণি বেমাৰ বোৰ মাজে মাজে উকাই অসুবিধা দিব পাৰে৷ বাৰু এতিয়া আহো
।
ইতি
চকলেট খোৱাৰ বয়সত প্ৰেমৰ সাগৰখনত নাও মেলি দিয়া ল’ৰা জন৷
8:21 am
ৱাহ ফল ,মজ্জা
10:37 am
ধন্যবাদ ককাই
7:41 pm
ইমান সুন্দৰ ভাষা,প্ৰাঞ্জল ভাব যাক কব পাৰি।আগলৈয়ো লিখিবা।
10:38 am
ধন্যবাদ বাইদেউ।
লিখিম লিখিম
10:52 pm
তামাম
10:38 am
আপোনালোকৰ আৰ্শীবাদতে দাদা
11:32 pm
উফ: ইমান হাঁহিলো। আশীৰ্বাদ কৰিলো– সুকলমে, সোনকালে সম্পন্ন হওঁক।
10:40 am
সেইটো আৰ্শীবাদ গাত লাগিলে বেচি সোনকালে সম্পন্ন হবগে বাইদেউ
7:14 am
আচ্চা
10:40 am
এই কেচ
7:18 am
মজ্জা হৈছে বন্ধু . . .
10:45 am
ধন্যবাদ দেই দোষ্টি
7:51 am
মজ্জা লাগিল ভাই
10:49 am
ধন্যবাদ ভাই
8:40 am
ককাইদেউ মজ্জা লাগিল দেই ।
11:07 am
ধন্যবাদ ভনী
9:16 am
Borhiya.
11:08 am
ধন্যবাদ দেই
1:45 pm
Mojjjaaaa
11:09 am
ধন্যবাদ
4:49 pm
o dada tamam dekhun
11:09 am
হেহে পাৰিচো নহ
5:26 pm
Mjjjaaaa
11:10 am
ধন্যবাদ ভাই
10:17 pm
আয়ৌ, এইখন পঢ়ি কেইজনী পতি গল ঠিক নাই দেই। ইমান হোজা সৰল মানুহ আজিকালিৰ দুনীয়াত নোলাব আৰু।
11:10 am
হিহি হোজা মই নহ
11:07 pm
তামাম ডিম্পল, ফালি দিছা!
11:21 am
গুৰুৰ কৃপাত সকলো ।
ধন্যবাদ দাদা
2:42 pm
Ati hundar likhisa Dimple…. Keep it up….
3:55 pm
বহুত বহুত ধন্যবাদ বাইদেউ।
12:57 pm
পঢ়ি বৰ ভাল লাগিলে৷ভাল লিখিছা দিম্পল৷
6:23 pm
ৱাহ! কি মজা মৰমৰ চিঠিখন পঢ়ি হাঁহি হাঁহি আনন্দ ললো????