ফটাঢোল

এটকা দুটকাৰ কাহিনী – বৈদুৰ্য্য বৰুৱা

বৰষুণ যে নেৰাই হ’ল। মানে হুৰ হুৰ হুৰ হুৰ…চিপ চিপ চিপ চিপ…বিভিন্ন আকাৰৰ বৰষুণ। কিমান দিন যে হ’ল বৰষুণ নেৰা। পাহৰিয়েই থাকিলো কেতিয়ানো বৰষুণ আৰম্ভ হৈছিল… আমাৰ নগৰখনত যেনিবা ঈশ্বৰৰ কৃপাত বানপানী নহয়। জাবৰ জোঠৰে নলা জাম কৰি কৃত্ৰিম বানপানী হয়। কোনোবা কোনোবা ৰাস্তাত। বানপানী নিজ চকুৰে দেখা নাই কাৰণে ইয়াৰ আচল ভয়াবহতা অনুভৱ কৰিব নোৱাৰো। কিন্তু তথাপিও টিভিত দেখি,বাতৰি কাকতত পঢ়ি সেই ভয়াবহতাৰ মাজত সোমায়ো পৰো। অসহায় মানুহবোৰ দেখিলে কিবা এটা পাৰিলে সহায়ো কৰিবৰ মন যায়…। টিভিটো অফ কৰি

Read more

গিলিবিলি বোমবোম – সৌমিত্ৰ যোগী

অলপ বুজা হোৱাৰে পৰাই মই বৰ অশান্তিত দিন কটাইছো। ঠিক কি ধৰণৰ অশান্তি মই নিজেই বুজি নাপাওঁ। মাজে মাজে অশান্তিৰ উৎসটোনো কি তাকে অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে কথাটো শৰীৰৰ ভিতৰত যেন লাগিছিল। যেন ডিঙিটোত কিবা এটাই সোপা মাৰি ধৰিছে। যেন ডিঙিটোত বৰালী মাছৰ কাঁইট এডালহে লাগিছে। খেপিয়াই চাওঁ, কিন্তু বাহিৰৰ পৰা একো গম ধৰিব নোৱাৰোঁ, টৰ্ছ মাৰি চালেও একো নেদেখো। লাহে লাহে ভয় লাগিবলৈ ধৰিলে। কথাটো ভয়ে ভয়ে মাকে ক’লো। মায়ে মোক শুকান ভাত খোৱাৰ বুদ্ধি দিলে। খালো। কামত

Read more

ছাৰ্লি চ্যেপলিন আৰু আজিৰ লটকনবোৰ- সঞ্জীত কুমাৰ বৰদলৈ

মি:বিনৰ নাম নুশুনা লোক নিশ্চয় কম ওলাব৷ কণ কণ শিশুহঁতৰ পৰা আৰাম্ভ কৰি জ্যেষ্ঠলোক সকলৈকে অগণন জনে মি:বিনৰ কমিক চিনেমাবোৰ চাই আমোদ পায়৷ আজিৰ তাৰিখত মি:বিন এক বিখ্যাত আৰু জনপ্ৰিয় নাম৷ মই নিজেও মি:বিনৰ চিনেমা চাই আমোদ পাওঁ৷ মি:বিন নামেৰে খ্যাত ৰোৱান এটকিনছন এগৰাকী কেম্ব্ৰিজৰ পৰা উত্তীৰ্ণ অভিযন্তা৷ তেওঁৰ অসাধাৰণ অভিনয়, দক্ষতা আৰু প্ৰায় একক উপস্থাপন শৈলীৰ জবাব নাই৷ মাজে মাজে ভাবো ছাৰ্লি চ্যেপলিনৰ পিছত ৰোৱান এটকিনচনেই হয়তো এনে এজন কমিক নায়ক যিয়ে সমগ্ৰ বিশ্ববাসীৰ মাজত হিমালয় সদৃশ জনপ্ৰিয়াতা লাভ

Read more

জয় আই অসম – ডা° বিকাশ বৰুৱা

এই কাহিনীটো এনে বিচিত্ৰ যে ইয়াৰ লগত কেইবাটাও বছৰ পাৰ হৈ গুচি গ’ল। প্ৰতি বছৰেই ভাবো, লিখি পেলাওঁ। পিচুৱাই থকাটো মুঠেও ভাল কথা হোৱা নাই। পিচে ঠিক লিখিম বুলি লওঁহে, আকৌ কিবা এটা অঘটন ঘটে। কাহিনীটো আকৌ সলনি হৈ যায়। এইবাৰ কিন্তু শেনৰ এজাত। একদম খাটাংকৈ সিদ্ধান্ত লৈছোঁ, লিখিমেই। ইমানতে যদি লিখি নেপেলাওঁ, কোনোবা দিনা ঘপহকৈ চকু দুটা মুদ খাই গ’লে ইও লগতে যাব। কাহিনীৰ আৰম্ভণি ঠিক কেতিয়া হৈছিল বছৰটো সঠিককৈ মনত পেলাব পৰা নাই। পিচে এটা কথা খাটাং যে

Read more

শৈশৱ সোঁৱৰণ – দেৱাংগ পল্লৱ শইকীয়া

(১) শৈশৱৰ কিছুমান ঘটনাই আজিও নি:সংগ সময়ত হঁহুৱাই। তাৰে গোটাছেৰেক মগজুৰ পৰা বাহিৰলৈ আনি লিপিবদ্ধ কৰিবলৈ আমাৰ এক হাবিয়াস বহুদিনৰ। তাৰেই প্ৰথম প্ৰচেষ্টা হিচাবে এইবেলি সেই দিনৰ দুটা ঘটনা আগবঢ়ালো। ৰাইজে আদৰিলে ভৱিষ্যতে আৰু আগবঢ়াবলৈ উৎসাহ পাম। শৈশৱ সোঁৱৰণ মানে আচলতে নিঃসংগ সময়ৰ আটাইতকৈ শ্ৰেষ্ঠ সংগী। বাৰু, পঢ়কচোন! বহুতেই মোৰ এই ঘটনাটো জানে। তৃতীয় নে চতুৰ্থমানত দে’তাই হেলিকপ্তাৰ এখন আনি দিছিল। সৰু। চাবি পকোৱা। অনাৰ দিনাই ৰাতি সেইখন মাটিত চলাই মেলি এবাৰত চাবিটো পকাই মূৰত লগাই দিলো। মোৰ চুলিবোৰ ভালুকৰ

Read more

ভেজ পাৰ্লাৰ! – জ্যোতিৰূপম দত্ত

আজিকালি য’তে ততে বিউটি পাৰ্লাৰ৷ এযুগ আগলৈ বিউটি পাৰ্লাৰসমূহত মহিলাসকলৰহে একছত্ৰী ৰাজত্ব চলিছিল৷ আমাৰ দৰে নিমাখিত পুৰুষসকলৰ বাবে চ’কত অহৰ্নিশে ধেপধেপীয়া মাতৰ ৰেডিঅ’ এটাত ‘বিবিধ ভাৰতী’ বাজি থকা বিহাৰী ৰামপ্ৰসাদৰ বোম্বে চেলুনৰ শৰণাপন্ন হোৱাৰ বাদে আন একো গত্যন্তৰ নাছিল৷ দেৱালত শ্ৰীদেৱী-অমিতাভৰ পোষ্টাৰ, প্ৰকাণ্ড আইনাখনৰ তলত থকা এবেগেতমান বহল কাঠ এচটাত দাঁত ভগা ফণি, কেঁচি, খুৰ, বাটি এটাত চাবোন পানীত জুবুৰিয়াই থোৱা মটীয়া ৰঙৰ বুৰুজ এডাল আৰু একাষত খৈনীৰ টেমাটো৷ ৰামপ্ৰসাদৰ বোম্বে চেলুনৰ সম্পত্তি বুলিবলৈ সেয়াই আছিল৷ পিছে আজি কালি সেই

Read more

সংখ্যাটোৰ আঁৰৰ কথা – চবিনা ইয়াচমিন

ব্যংগ লেখা সকলোৰে বাবে সম্ভৱ নহয়৷ দেখাত সহজ যেন বোধ হ’লেও ই আচলতে অতি জটিল বিষয়৷ হয়তো ব্যংগ লিখিবলৈ সেয়েহে মই অপাৰগ৷ আজিৰ পৰা চাৰিমাহ পূৰ্বে দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু কেতিয়াবা বিৰক্তিকৰ হৈ পৰা সময়বোৰৰ মাজত হাঁহিৰ খোৰাক বিচাৰিয়েই ফেচবুকৰ হাস্য-ব্যংগ গোট “ফটাঢোল”ৰ সদস্য হৈছিলো৷ এই গোটৰে মাহেকীয়া আলোচনীখনৰ তৃতীয় সংখ্যাটি সম্পাদনা কৰাৰ গুৰু দায়িত্ব অৰ্পণ কৰা হ’ল মোৰ ওপৰত৷ ইয়াৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞ৷ ভয় আৰু শংকাৰ মাজেৰে আলোচনীখন সম্পাদনাৰ দায়িত্ব পালন কৰাৰ পথত এয়া মোৰ অপৈণত

Read more

সাহিত্যৰ ৰাজনীতি আৰু দ্বিধাগ্ৰস্ত পাঠক– কমলজিত মেধি

এজন বিশিষ্ট অসমীয়া লেখকৰ মুখত এবাৰ এষাৰ কথা শুনিছিলো, যিষাৰ কথা আজিও মোৰ কাণত বাজি আছে “তেওঁক যদি মাতাই তেনেহলে তেনে সভালৈ মোক নামাতিবা৷” মোৰ প্ৰিয় সেই লেখকজনৰ মুখত এনে ধৰণৰ কথা এষাৰ শুনাৰ বাবে মই কেতিয়াও প্ৰস্তুত নাছিলো৷ এজন লেখকৰ লিখনি পঢ়ি এজন সচেতন পাঠক ৰোমাঞ্চিত হৈ পৰাৰ লগে লগে লেখকজনৰ প্ৰতিও অনুভৱ কৰে অকৃত্ৰিম শ্ৰদ্ধা আৰু আন্তৰিকতা৷ পাঠকজনৰ কল্পনাত তেওঁ হৈ পৰে এজন আদৰ্শ ব্যক্তি৷ যদিও কোনো ব্যক্তিৰে ব্যক্তিগত জীৱনৰ প্ৰতি অনুসন্ধিৎসু হোৱা গ্ৰহণযোগ্য নহয়, তথাপিও এজন লেখকৰ

Read more

শংকৰী যুগৰ সাহিত্য – চাহিন জাফ্ৰি

শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত ৰচিত সাহিত্যৰাজিৰ কথাই বুজা যায়।  এই সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ বাবে আটাইতকৈ সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে শিষ্য মাধৱদেৱৰ সৈতে লগ লাগি গীত-মাত, কাব্য, নাট, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, অনুবাদমূলক গ্ৰন্থ আদি সাহিত্যৰ বিভিন্ন ধাৰা সৃষ্টি কৰিলে। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলন খ্ৰীঃ পঞ্চদশ শতিকাৰ আৰম্ভণিৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত আলোড়িত হোৱা ভক্তি আন্দোলনৰেই ফল। অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা পাত ধৰিছিল

Read more
1 2 3 7